Class 9 Part- 3 Political Science Chapter 2 চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ

Chapter 2

১. প্লেটো আৰু এৰিষ্টটলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তি কৰি কেইটামান শ্ৰেণীত ভাগ কৰিছে কি কি লিখা ?

উত্তৰঃ প্লেটো আৰু এৰিষ্টটলে চৰকাৰক শাসকৰ সংখ্যা আৰু লক্ষ্যৰ ভিত্তি কৰি কেইটামান শ্ৰেণীত ভাগ কৰিছে সেইকেইটা হ’ল- জনকল্যাণৰ হকে হোৱা এজনৰ শাসনক ৰাজতন্ত্র (Monarchy), কেইজনমানৰ শাসনক অভিজাততন্ত্র (Aristocracy) আৰু বহুজনৰ বা ৰাইজৰ শাসনক ৰাজ্য ব্যৱস্থা (Polity) বুলি নামকৰণ কৰিছিল।

২. কোন কোন ৰাষ্ট্ৰত এতিয়াও  ৰজা ৰাণী  আছে ?

উত্তৰঃ ইংলেণ্ড, নেপাল আৰু ভূটান আদি  ৰাষ্ট্ৰত এতিয়াও  ৰজা ৰাণী  আছে যদিও শাসন নচলে। 

৩. সীমিত ৰাজতন্ত্ৰ কাক বোলে ?

উত্তৰঃ ৰজাৰ হাতত একো ক্ষমতা নাথাকে বাবে এই ব্যৱস্থাক সামিত ৰাজতন্ত্ৰ বোলা হয়।

৪. লীককে আধুনিক যুগৰ চৰকাৰক কেইটা ভাগত ভাগ কৰিছে আৰু কি কি  ?

উত্তৰঃ লীককে আধুনিক যুগৰ চৰকাৰক দুটা ভাগত ভাগ কৰিছে আৰু সেইকেইটা হ’ল- একনায়কতন্ত্ৰ বা স্বৈৰতন্ত্ৰ আৰু গণতন্ত্ৰ।

৫. একনায়কতন্ত্ৰ কাক বোলে ?

উত্তৰঃ কিছুমান দেশত এতিয়াও একোজন ব্যক্তিৰ বা এটা ৰাজনৈতিক দলৰ একচ্ছত্ৰী শাসন চলি আছে। এনেকুৱা শাসন ব্যৱস্থাক একনায়কতন্ত্র বোলা হয়।

৬. গণতন্ত্ৰ কাক বোলে ?

উত্তৰঃ গণতন্ত্র হ’ল জনসাধাৰণৰ কল্যাণৰ বাবে জনসাধাৰণে চলোৱা শাসন।

৭. পৰোক্ষ গণতন্ত্ৰ কাক বোলে ?

উত্তৰঃ আধুনিক যুগত গণতন্ত্ৰত প্ৰতিনিধিৰ যোগেদিহে সৰ্বসাধাৰণে শাসনত অংশগ্ৰহণ কৰিব পাৰে বাবে এনে গণতন্ত্ৰক পৰোক্ষ গণতন্ত্র (Indirect Democracy) বোলে।

৮.  সংসদীয় পদ্ধতিৰ চৰকাৰ কাক বোলে ?

উত্তৰঃ কার্যপালিকা আৰু বিধানমণ্ডলৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি এই চৰকাৰক সংসদীয় পদ্ধতিৰ চৰকাৰ বোলা হৈছে।

৯. সংসদীয় পদ্ধতিৰ চৰকাৰ  জন্মস্থান ক’ত আৰু এই চৰকাৰক আন কি নামেৰে জনা যায় ?

উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰ  জন্মস্থান ইংলেণ্ড আৰু এই চৰকাৰক আন ৱেষ্ট মিনিষ্টাৰ মডেল চৰকাৰ নামেৰে জনা যায়।

১০. সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা ?

উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল- 

১।  দুজন মুৰব্বীঃ এই চৰকাৰৰ দুজন মুৰব্বীৰ ব্যৱস্থা আছে। এজন প্ৰকৃত কাৰ্যপালিকা আৰু আনজন নামমাত্ৰ কাৰ্যপালিকা। প্রধানমন্ত্ৰীৰ নেতৃত্বত মন্ত্ৰী পৰিষদখন হ’ল প্রকৃত কার্যপালিকা আৰু ৰাষ্ট্রপ্রধানজন (ৰজা/ ৰাণী/ ৰাষ্ট্ৰপতি) নামমাত্র কার্যপালিকাহে।

২। কার্যপালিকাৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য : এই চৰকাৰত কাৰ্যপালিকা অর্থাৎ মন্ত্ৰীপৰিষদৰ সদস্যসকল বিধানমণ্ডলৰো সদস্য।

৩। বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ ওচৰ সম্বন্ধ : সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিধানমণ্ডল আৰু কাৰ্যপালিকাৰ সম্পৰ্ক নিবিড়।

৪। মন্ত্ৰীপৰিষদ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ : সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা সকলো কাম কৰাৰ বাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে। বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে মন্ত্ৰীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য হয়।

৫। মন্ত্ৰীপৰিষদৰ সামূহিক দায়বদ্ধতা : এই চৰকাৰত মন্ত্ৰীপৰিষদখন সামূহিকভাৱে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হয়। মন্ত্ৰীপৰিষদৰ এজন সদস্যৰ ব্যৰ্থতাৰ বাবে সকলো সদস্য দায়বদ্ধ হয়।

১১.  সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণবোৰ লিখা ?

উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ গুণবোৰ হ’ল- 

১। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সু-সম্পৰ্ক আৰু সহযোগিতা থাকে। ফলত যিকোনো সমস্যা আইনৰ সহায়ত সহজে সমাধান কৰিব পাৰি।

২। এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে দেশ আৰু জনগণৰ স্বাৰ্থৰ বিপৰীতে যোৱা কোনো কাম চৰকাৰখনে কৰিব নোৱাৰে।

৩। সংসদীয় পদ্ধতিৰ চৰকাৰত কাৰ্যপালিকাই (মন্ত্ৰীপৰিষদ) স্বেচ্চাচাৰীভাৱে কাম কৰিব নোৱাৰে। ক্ষমতাত থকা ৰাজনৈতিক দলে যদি স্বেচ্চাচাৰীভাৱে কাম কৰে। তেতিয়া বিধানমণ্ডলে অনাস্থা প্ৰস্তাৱযোগে তেনে চৰকাৰক ক্ষমতাৰ পৰা আঁতৰ কৰিব পাৰে।

৪। সংসদীয় পদ্ধতিৰ চৰকাৰে জনমতক সদায় গুৰুত্ব দি কার্য সম্পাদন কৰে। অন্যথা বিৰোধী পক্ষৰ কঠোৰ সমালোচনাৰ সন্মুখীন হয়।

৫। এই চৰকাৰ নমনীয় চৰিত্ৰৰ। এই চৰকাৰত কাৰ্যপালিকা পৰিৱৰ্তনৰ প্ৰক্ৰিয়া সহজ।

১২।  সংসদীয় পদ্ধতিৰ চৰকাৰৰ দোষ লিখা ?

উত্তৰঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দোষবোৰ হ’ল-

১। সংসদীয় পদ্ধতিৰ চৰকাৰত যদি কোনো এটা ৰাজনৈতিক দলেও বিধানমণ্ডলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব নোৱাৰে, তেতিয়া মৰ্চা চৰকাৰ গঠিত হয়। মৰ্চা চৰকাৰ অস্থায়ী আৰু যিকোনো সময়তে ৰাজনৈতিক সংকট সৃষ্টি হ’ব পাৰে।

২। এই চৰকাৰত মন্ত্ৰীসকল বিভাগীয় কাম-কাজত প্ৰায়েই অনভিজ্ঞ হোৱাৰ বাবে বহু সময়ত আমোলাসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ফলত চৰকাৰৰ কাম কাজত আমোলাসকলৰ প্ৰভাৱ বেছি হয় আৰু চৰকাৰখনে আমোলাতান্ত্ৰিক চৰকাৰৰ ৰূপ লয়।

৩। ক্ষমতাৰ পৃথকীকৰণ নীতি নথকাৰ বাবে সংসদীয় পদ্ধতিৰ চৰকাৰত মন্ত্ৰী পৰিষদৰ হাতত বিধায়িনী আৰু কাৰ্যকৰী ক্ষমতা ন্যস্ত থাকে। যাৰ ফলত মন্ত্ৰী পৰিষদে একনায়কত্ববাদী শাসন চলোৱাৰ সম্ভাৱনা থাকে।

৪। এনে শাসন ব্যৱস্থাত দলীয় প্রথাই বিশেষ গুৰুত্ব লাভ কৰে। দলবিলাকৰ মাজত থকা অন্তঃকন্দলে ৰাজনীতি বিষাক্ত কৰে আৰু চৰকাৰৰ কাম-কাজৰ ওপৰত বিৰূপ প্রভাব পেলায়। 

৫। সংসদীয় পদ্ধতিৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপিত হোৱা অনা এটা অভিযোগ হ’ল এনে চৰকাৰত বিধানমণ্ডলৰ সদস্যসকল এবাৰ নির্বাচিত হৈ অহাৰ পিছত তেওঁলোকে জনস্বার্থ অৱজ্ঞা কৰিলেও পুনৰ নিৰ্বাচন নহালৈকে ভোটাৰসকলে। কোনো কাৰ্যকৰী ব্যৱস্থা হাতত ল’ব নোৱাৰে। ফলত ভোটাৰসকলে তেওঁলোকৰ দ্বাৰা নিৰ্বাচিত প্রতিনিধিসকলৰ কুকৰ্ম বহুদিন ধৰি সহ্য কৰিবলৈ বাধ্য হয়।

১৩। ৰাষ্ট্ৰপতি চৰকাৰ কাক বোলে ?

উত্তৰঃ যি চৰকাৰত ক্ষমতাৰ পৃথকীকৰণ নীতিৰ দ্বাৰা কাৰ্যপালিকা আৰু বিধানমণ্ডল দুয়ো নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীন আৰু য’ত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়, তেনে চৰকাৰকে ৰাষ্ট্ৰপতি চৰকাৰ বোলে।

১৪। ৰাষ্ট্ৰপতি চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ কি কি লিখা?

উত্তৰঃ ৰাষ্ট্ৰপতি চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ হ’ল-

১। ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধানৰ মাজত পাৰ্থক্য নাইঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰ প্ৰধান বুলি দুজন ব্যক্তি নাথাকে। ইয়াত ৰাষ্ট্ৰপতিজন ৰাষ্ট্ৰপ্ৰধানৰ লগতে চৰকাৰ প্ৰধানো।

২। ক্ষমতাৰ পৃথকীকৰণ নীতিঃ ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয়। দুয়োৰে স্থিতি সম্পূর্ণ স্বাধীন। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ’ব নোৱাৰে। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দৰে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকাৰ সদস্যই বিধানমণ্ডলৰ কাৰ্যক্ৰমণিকাত অংশ ল’ব নোৱাৰে।

৩। ৰাষ্ট্ৰপ্ৰধানৰ নিৰ্দিষ্ট কার্যকালঃ  ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এক নির্দিষ্ট কার্যকালৰ বাবে নির্বাচিত হয়। সংবিধান অৱমাননাৰ দোষত তেওঁৰ বিৰুদ্ধে মহাভিযোগ প্রস্তাৱ গৃহীত হোৱাৰ বাহিৰে আন কোনো কাৰণত ৰাষ্ট্ৰপতিজনক তেওঁৰ কাৰ্য্যকালত পদবীৰ পৰা আঁতৰ কৰিব পৰা নাযায়। এজন ৰাষ্ট্ৰপতিক মহাভিযোগ প্ৰস্তাৱৰ জৰিয়তে ক্ষমতাৰ পৰা আঁতৰ কৰা প্ৰক্ৰিয়া অতি জটিল।

৪। বিধানমণ্ডলৰ নিৰ্দিষ্ট কাৰ্যকালঃ ৰাষ্ট্ৰপতীয় চৰকাৰত বিধানমণ্ডলৰ নিৰ্দিষ্ট কার্যকাল শেষ হোৱাৰ আগতে কোনো কাৰণত ভংগ নহয়। ৰাষ্ট্ৰপতিয়ে বিধানমণ্ডল ভংগ কৰাৰ ক্ষমতা এই চৰকাৰত নাই।

৫। কেবিনেট মাথোঁ পৰামৰ্শদানকাৰী গোটঃ এই চৰকাৰত ৰাষ্ট্ৰপতিক সহায় কৰিবলৈ থকা কেবিনেটখন এটা পৰামর্শদানকাৰী গোটহে। ৰাষ্ট্ৰপতিয়ে কেবিনেটৰ সদস্য (ছেক্ৰেটাৰী/সচিব) সকলৰ পৰামৰ্শ গ্রহণ কৰিবলৈ বাধ্য নহয়। কেবিনেটৰ সদস্যসকলৰ কাৰ্যকাল ৰাষ্ট্ৰপতিৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰশীল।

৬। অনমনীয় সংবিধানঃ এই চৰকাৰৰ সংবিধানখন অনমনীয় হয়। সংবিধানখন সহজে সংশোধন কৰিব নোৱাৰি। 

১৫। ৰাষ্ট্ৰপতি চৰকাৰৰ গুণ কি কি লিখা ?

উত্তৰঃ ৰাষ্ট্ৰপতি চৰকাৰৰ গুণবোৰ হ’ল- 

১। ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজন এটা নিৰ্দিষ্ট কার্যকালৰ বাবে নিৰ্বাচিত হোৱা বাবে আৰু সহজে তেওঁক পদবীৰ পৰা আঁতৰ কৰিব নোৱাৰাৰ বাবে চৰকাৰখন স্থায়ী হয়। ইয়াত বিধানমণ্ডলৰো নিৰ্দিষ্ট কার্যকাল থাকে। 

২। ক্ষমতাৰ পৃথকীকৰণ ব্যৱস্থাৰ বাবে চৰকাৰৰ তিনিওটা অংগই স্বাধীনভাবে কাম কৰাৰ সুযোগ পায়। উল্লেখযোগ্য যে এই চৰকাৰত ‘অৱৰোধন আৰু সন্তুলন ( Checks and balance) নীতি থকা বাবে চৰকাৰৰ কোনো অংগই স্বেচ্চাচাৰী হ’ব নোৱাৰে।

৩। এনে চৰকাৰ জৰুৰীকালীন অৱস্থাৰ বাবে অতি উপযোগী। যিহেতু চৰকাৰৰ প্ৰকৃত ক্ষমতা ৰাষ্ট্ৰপত্ৰিজনৰ ওচৰত কেন্দ্ৰীভূত হৈ থাকে, গতিকে জৰুৰীকালীন অৱস্থাত অতি সহজে যিকোনো সিদ্ধান্ত ক্ষিপ্রভাৱে লোৱাতো সহজ হয়।

৪। কার্যপালিকা শক্তিশালী হোৱা বাবে এনে চৰকাৰে দেশৰ ঐক্য আৰু সংহতি সহজে ৰক্ষা কৰিব পাৰে।

৫। যুক্তৰাষ্ট্ৰীয় চৰকাৰ ৰাজনৈতিক দলৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা বাবে ৰাষ্ট্ৰপতিজনে কাৰ্য্য সম্পাদন কৰাৰ ক্ষেত্ৰত সংসদৰ সংখ্যা গৰিষ্ঠতাৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে।

১৬। ৰাষ্ট্ৰপতি চৰকাৰৰ দোষ কি কি লিখা ?

উত্তৰঃ  ৰাষ্ট্ৰপতি চৰকাৰৰ দোষবোৰ হ’ল-

১। ৰাষ্ট্ৰপতীয় চৰকাৰত ৰাষ্ট্ৰপতিজনক বিধানমণ্ডলে নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ আশংকা থাকে।

২। ক্ষমতাৰ পৃথকীকৰণ নীতিৰ বাবে ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সহযোগিতা নাথাকে। সামগ্রিকভাৱে ই দেশৰ প্ৰশাসনত বিৰূপ প্রভাৱ পেলায়।

৩। ৰাষ্ট্ৰপতীয় চৰকাৰৰ অন্যতম বৈশিষ্ট্য হৈছে ইয়াৰ অনমনীয় সংবিধান। সংবিধানখন অনমনীয় হ’লে পৰিৱৰ্তিত পৰিৱেশ আৰু পৰিস্থিতিত সংবিধানখন সংশোধন কৰাত জটিলতা আহে।

৪। ৰাষ্ট্ৰপতীয় চৰকাৰত কাৰ্যপালিকা আৰু বিধানমণ্ডল ভিন্ন ৰাজনৈতিক দলৰ হ’লে ৰাজনৈতিক সংকট সৃষ্টিৰ সম্ভাৱনা অধিক।

৩। এই চৰকাৰত মন্ত্ৰীত্ব ( ছেক্ৰেটাৰী/সচিব) লাভৰ ক্ষেত্ৰত ব্যক্তিগত আনুগত্যই যোগ্যতা আৰু অভিজ্ঞতাতকৈ অধিক গুৰুত্ব লাভ কৰাৰ সম্ভাবনা থাকে।

১৭। এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ লিখা ?

উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যসমূহ হ’ল-

১। শক্তিশালী কেন্দ্রীয় চৰকাৰঃ এনে চৰকাৰত সংবিধানে সকলো ক্ষমতা কেন্দ্রীয় চৰকাৰৰ ওচৰত ন্যস্ত কৰে। ফলত ইয়াত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি অতি শক্তিশালী।

২। লিখিত অথবা অলিখিত সংবিধানঃ এককেন্দ্ৰীয় চৰকাৰত সংবিধানখন লিখিত বা অলিখিত হ’ব পাৰে। উদাহৰণস্বৰূপে ইংলেণ্ডৰ সংবিধানখন অলিখিত আৰু নেদাৰলেণ্ডৰ সংবিধানখন লিখিত।

৩। একক নাগৰিকত্ব : একক নাগৰিকত্ব এককেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য। যুক্তৰাষ্ট্ৰত থকাৰ দৰে দ্বি-নাগৰিকত্বৰ ব্যৱস্থা ইয়াত নাই।

৪। দুর্বল ন্যায়পালিকা : এককেন্দ্রীয় চৰকাৰত আইন সভাৰ প্ৰাধান্য পৰিলক্ষিত হয়। আইন সভাই প্ৰস্তুত কৰা আইন সমগ্ৰ দেশৰ বাবে প্ৰযোজ্য হয় আৰু তেনে আইনৰ ওপৰত ন্যায়িক পুনৰীক্ষাৰ ব্যৱস্থা নাথাকে। আইন সভাই প্ৰণয়ন কৰা আইনক ন্যায়পালিকাই অসাংবিধানিক বুলি ঘোষণা কৰিব নোৱাৰে।

৫। নমনীয় সংবিধানঃ এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান সাধাৰণতে নমনীয় হয়। কেন্দ্রীয় চৰকাৰে নিজৰ প্ৰয়োজনত সংবিধানখন সংশোধন কৰিব পাৰে।

১৮। এককেন্দ্ৰীয় চৰকাৰৰ গুণবোৰ লিখা  ?

উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ গুণবোৰ হ’ল-

১। এককেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশৰ বাবে একেধৰণৰ প্ৰশাসন ব্যৱস্থা প্রয়োগ আৰু কার্যকৰী কৰাৰ বাবে প্রশাসন শক্তিশালী হয়। ইয়াত জটিলতা নাথাকে।

২। যিহেতু কেন্দ্ৰীয় চৰকাৰেই সমগ্ৰ দেশৰ শাসন চলায় সেইবাবে যিকোনো ভুলৰ বাবে কেন্দ্ৰীয় চৰকাৰ দায়ী হয়। কেন্দ্ৰীয় চৰকাৰে স্থানীয় চৰকাৰক নিজৰ ভুলৰ বাবে জগৰীয়া কৰিব নোৱাৰে।

৩। এককেন্দ্ৰীয় চৰকাৰত চৰকাৰ পৰিচালনাৰ বায় কম। ফলত উন্নয়নমূলক কামত অধিক ধন ব্যয় কৰাৰ সুযোগ থাকে। 

৪। জৰুৰীকালীন অৱস্থাত এককেন্দ্ৰীক চৰকাৰ বিশেষ উপযোগী। অতি ক্ষীপ্ৰভাৱে এনে চৰকাৰ যিকোনো অৱস্থাৰ সম্মুখীন হ’ব পাৰে। 

৫। এনে চৰকাৰৰ সংবিধানখন নমনীয় চৰিত্ৰৰ হোৱা বাবে পৰিৱেশ আৰু পৰিস্থিতি সাপেক্ষে সহজে সংশোধন কৰিব পৰা যায়।

৬। কেন্দ্ৰীয় চৰকাৰৰ প্ৰাধান্য থকাত আঞ্চলিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সংঘাত অথবা বিৰোধৰ সম্ভাৱনা কম। ফলত চৰকাৰখন শক্তিশালী হয়।

১৯। এককেন্দ্ৰীয় চৰকাৰৰ দোষবোৰ লিখা ?

উত্তৰঃ এককেন্দ্ৰীয় চৰকাৰৰ দোষবোৰ হ’ল- 

১। এক বৃহৎ আকাৰৰ ৰাষ্ট্ৰৰ বাবে এই চৰকাৰ উপযুক্ত নহয়।

২। এককেন্দ্ৰীয় চৰকাৰত জনসাধাৰণে সক্রিয়ভাৱে দেশৰ শাসন কাৰ্য্যত অংশগ্ৰহণৰ সুযোগ নাপায়। ফলত জনসাধাৰণৰ ৰাজনৈতিক সক্ৰিয়তা কম হয়।

৩। এখন মাত্ৰ চৰকাৰ থকা বাবে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত অধিক কামৰ বোজা পৰে। ফলত আঞ্চলিক সমস্যাসমূহে গুৰুত্ব নাপায়। যদিও স্থানীয় প্রশাসনিক গোট থাকে তথাপি এই গোটবিলাকে স্বতন্ত্ৰতাৰ অভাৱত সমস্যা সমাধানত ব্যর্থ হয়।

৪। এককেন্দ্ৰীয় চৰকাৰ অধিক আমোলাতান্ত্রিক। এনে চৰকাৰত আমোলাসকলেই প্রকৃততে শাসন চলায়।

৫। এককেন্দ্ৰীয় চৰকাৰ স্বেচ্ছাচাৰী হোৱাৰ আশংকা প্ৰৱল। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দৰে এনে চৰকাৰত কেন্দ্ৰ আৰু অংগ চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ ব্যৱস্থা নথকাত এনে চৰকাৰে নিজ ইচ্ছাৰে শাসন চলায়।

২০। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য সমূহ লিখা ?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ বৈশিষ্ট্য সমূহ হ’ল-

১। ক্ষমতাৰ বিকেন্দ্রীকৰণ কেন্দ্ৰীয় চৰকাৰ আৰু অংগৰাজ্যবিলাকৰ চৰকাৰৰ মাজত ক্ষমতাৰ ভাগ-বিতৰণ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ প্ৰধান বৈশিষ্ট্য।

২। ক্ষমতাৰ পৃথকীকৰণঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰত চৰকাৰৰ তিনিটা অংগ- কাৰ্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা নিজৰ নিজৰ কৰ্মক্ষেত্ৰত স্বাধীন। এটা আনটোৰ পৰিপূৰক নহয়। 

৩। লিখিত আৰু দৃঢ় সংবিধানঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন হ’ল লিখিত সংবিধান। এই সংবিধানখন অনমনীয় অথবা দৃঢ়। এই সংবিধানখন সংশোধন কৰা পদ্ধতিও অতি জটিল।

৪। দুই প্রকাৰৰ চৰকাৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰত দুই ধৰণৰ চৰকাৰ থাকে। এবিধ কেন্দ্ৰীয় চৰকাৰ আৰু আনবিধ ৰাজ্য চৰকাৰ। দুয়োবিধ চৰকাৰৰে নিজা নিজা সংবিধান থাকে। 

৫। দ্বৈত নাগৰিকত্বঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰত জনসাধাৰণে দুবিধ নাগৰিকত্ব উপভোগ কৰিব পাৰে। সমগ্ৰ ৰাষ্ট্ৰখনৰ নাগৰিক হোৱাৰ লগতে ইয়াৰ নাগৰিকসকলে বাস কৰা ৰাজ্যখনৰ নাগৰিক হিচাপেও সুকীয়া মর্যাদা লাভ কৰে।

৬। স্বাধীন ন্যায়পালিকাঃ যুক্তরাষ্ট্রীয় শাসন ব্যবস্থাত এখন স্বাধীন আৰু নিৰপেক্ষ আদালতৰ ব্যৱস্থা থাকে, যিয়ে সংবিধানৰ চৰম কাৰ্যকৰ্তা আৰু অভিভাৱক হিচাপে দায়িত্ব পালন কৰে।

২১। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণবোৰ লিখা ?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ গুণবোৰ হ’ল-

১। যুক্তৰাষ্ট্ৰীয় চৰকাৰত প্ৰতিখন ৰাজ্যই স্বায়ত্ত শাসনৰ সুবিধা লাভ কৰাৰ লগতে এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অংগৰাজ্যও হয়। ফলত আঞ্চলিক স্বায়ত্ব শাসন আৰু জাতীয় একতা দুয়োটাৰে সুবিধাসমূহ লাভ কৰা দেখা যায়।

২। ভিন্ন ধর্ম, জাতি আৰু ভাষিক গোষ্ঠী বসবাস কৰা এখন বিশাল ৰাষ্ট্ৰৰ বাবে যুক্তৰাষ্ট্ৰীয় চৰকাৰ বেছি ফলপ্রসূ হয়।

৩। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতাৰ বিভাজনে স্থানীয় তথ্য ৰাজ্যিক সমস্যাসমূহৰ সমাধানৰ দায়িত্বৰ পৰা কেন্দ্ৰীয় চৰকাৰক ৰেহাই দিয়ে। ইয়াৰ ফলত জাতীয় গুৰুত্ব থকা বিষয়বিলাকত অধিক গুৰুত্ব দিবলৈ কেন্দ্রীয় চৰকাৰে সুবিধা পায়।

৪। যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাত ক্ষমতার বিকেন্দ্ৰীকৰণৰ ব্যৱস্থা থকাত অন্তবিপ্লৱৰ শংকা কম থাকে আৰু কেন্দ্ৰীয় চৰকাৰ স্বেচ্চাচাৰী হোৱাৰ প্ৰৱণতা নাথাকে। 

৫। যুক্তৰাষ্ট্ৰীয় চৰকাৰ অধিক গণতান্ত্রিক। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ বিতৰণ তথা বিকেন্দ্ৰীকৰণে সকলোকে গণতন্ত্ৰত অংশলোৱাৰ সুবিধা প্ৰদান কৰে।

২২। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দোষবোৰ লিখা ?

উত্তৰঃ যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ দোষবোৰ হ’ল-

১। যুক্তৰাষ্ট্ৰীয় চৰকাৰৰত থকা ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ ফলত কেন্দ্ৰ আৰু ৰাজ্য অথবা ৰাজ্যবিলাকৰ নিজৰ ভিতৰত ক্ষমতাৰ প্ৰয়োগক লৈ বিৰোধ হোৱাৰ সম্ভৱনা থাকে। ফলত প্রশাসন দুর্বল হৈ পৰাৰ শংকা থাকে।

২। এই চৰকাৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰাত জটিলতাৰ সৃষ্টি হয়।

৩।যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ সংবিধানখন দৃঢ় তথা অনমনীয় হোৱাৰ বাবে সময় আৰু পৰিস্থিতি সাপেক্ষে সংবিধান সংশোধন কৰাত জটিলতা আহে। ফলত প্রগতিত বাধা আহে।

৪। যুক্তৰাষ্ট্ৰীয় চৰকাৰত ক্ষমতাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিৰোধ হোৱাৰ সম্ভাৱনা থাকে।

৫। যুক্তৰাষ্ট্ৰীয় চৰকাৰত আঞ্চলিকতাবাদ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে। আঞ্চলিকতাবাদে যুক্তৰাষ্ট্ৰক দুর্বল কৰে।

৬। যুক্তৰাষ্ট্ৰীয় চৰকাৰত অৰ্থ ব্যয় অধিক। বিভিন্ন ধৰণৰ চৰকাৰ থকাৰ ফলত ৰাজহুৱা ধন অধিক খৰছ হয়।

Type & Answered by : Himashree Bora.