Class 9 Science Chapter 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ Short Question | চমু প্ৰশ্ন উত্তৰ |

আমাৰ চাৰিওকাষৰ বস্তুবোৰ

Chapter 1

১)ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক কেইটা মৌলিক কণিকাৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল ?

উত্তৰ ঃ পাঁচটা।

২) বিশ্বব্ৰক্ষাণ্ডৰ সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত হৈছে তাক বজ্ঞানিক সকলে কি বুলি নামাকৰণ কৰিছিল ?

উত্তৰ ঃ পদাৰ্থ ।

৩) আধুনিক যুগৰ  বিজ্ঞানী সকলে পদাৰ্থ বিলাকক সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক গুনাগুনৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত শ্ৰেণীবিভাগ কৰিছিল ?

উত্তৰ ঃ দুটা।

৪) কোনবিধ গোটা পদাৰ্থ?

উত্তৰ ঃ কাঠৰ টুকুৰা।

৫) আমাৰ চাৰিওপাশৰ বস্তুবোৰ কেইটা ভৌতিক অৱস্থাত আছে?

উত্তৰ ঃ তিনিটা।

৬) কোনবিধ জুলীয়া পদাৰ্থ?

উত্তৰ ঃ কেৰাচিন তেল।

৭) কোনবিধ গেছীয় পদাৰ্থ

উত্তৰ ঃ কাৰ্বন ডাই অক্সাইড।

৮) পানী কেইটা অৱস্থাত থাকে ?

উত্তৰ ঃ তিনিটা।

৯) জুলীয়া পদাৰ্থৰ নিজা আকৃতি আছেনে?

উত্তৰ ঃ নাই।

১০) তাপ পালে বা উষ্ণতা বাঢ়িলে কঠিন পদাৰ্থৰ কণিকাবোৰৰ কি শক্তি বৃদ্ধি পায়?

উত্তৰঃ গতি শক্তি।

১১) কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?

উত্তৰ ঃ বিগলন।

১২) বৰফৰ গলনাংক কিমান?

উত্তৰ ঃ 273.16 K*।

১৩) আমি কিহৰ তাৰতম্য় ঘটাই পদাৰ্থৰ অৱস্থা পৰিবৰ্তন কৰিব পাৰো?

উত্তৰ ঃ উষ্ণতাৰ।

১৪) গৰম দিনত আমি কেনেধৰণৰ বস্ত্ৰ বা কাপোৰ পিন্ধা উচিত?

উত্তৰ ঃ কপাহৰ।

১৫) এস. এন. বোস ৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ ঃ 1894 চনত।

১৬) বায়ুত থকা জলীয় বস্পৰ পৰিমাণটোক কি বোলে?

উত্তৰ ঃ অৰ্দ্ৰতা।

১৭) বাস্পীভৱনৰ ফলত কি হ্ৰাস হয়?

উত্তৰ ঃ উষ্ণতা।

১৮) ভৰৰ SI একক কি ?

১৯) উষ্ণতাৰ SI একক কি ?

উত্তৰ ঃ কেলভিন

উত্তৰ ঃ কিলোগ্ৰাম (kg)।

২০) আয়তনৰ SI একক কি ?

উত্তৰ ঃ কিউবিক মিটাৰ।

Type: Dimpi Bora