Sankardev Class 7 Social Science Chapter 19 গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

গণতন্ত্ৰ আৰু প্ৰচাৰ মাধ্যম

অধ্যায় ১৯

১। প্ৰচাৰ বুলি কলে কি বুজা?

উত্তৰঃ প্ৰচাৰ বুলি কলে কোনো খবৰ – বাতৰি, ঘটনা – পৰিঘটনী, আদেশ – উপদেশ আদি এজনৰপৰা আন এজনলৈ বা এঠাইৰপৰা আন এঠাইলৈ বিস্তাৰ হোৱা প্ৰত্ৰুিয়াকে প্ৰচাৰ বুলি কোৱা হয়।

২। সমাজ পৰিৱৰ্তন মূল আধাৰ কি?

উত্তৰঃ সমাজ পৰিৱৰ্তন মূল আধাৰ হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা।

৩। কিমান শতিকাত জাৰ্মানীৰ জোহন গুটেনবাৰ্গে  ছপাশালৰ আৱিষ্কাৰ কৰি ছপা বা মুদ্ৰিত মাধ্যমৰ প্ৰসাৰ সাধন কৰে?

উত্তৰঃ ১৬শ শতিকাত জাৰ্মানীৰ জোহন গুটেনবাৰ্গে ছপশালৰ আৱিষ্কাৰ কৰি ছপা বা মুদ্ৰিত মাধ্যমৰ প্ৰসাৰ সাধন কৰে।

৪। প্ৰচাৰ মাধ্যমসমূহৰ ভিতৰত অন্যতম মাধ্যম কি?

উত্তৰঃ প্ৰচাৰ মাধ্যমসমূহৰ ভিতৰত অন্যতম মাধ্যম হল গণমাধ্যম।

৫। গণমাধ্যম কাক বোলে?

উত্তৰঃ যিবোৰ প্ৰচাৰ মাধ্যমৰ পৰিসৰ বেছি আৰু অতি কম সময়ৰ ভিতৰত বহু লোকৰ খবৰ-বাতৰি যোগান ধৰিব পাৰে তাকে গণমাধ্যম বোলা হয়।

৬। ঢপলীয়া গাঁৱৰ বৰুৱা ছাৰ এজন কি শিক্ষক?

উত্তৰঃ ঢপলীয়া গাঁৱৰ বৰুৱা ছাৰ এজন বৰ আদৰ্শ শিক্ষক।

৭। কিমান শতিকাত ইংৰাজ বিজ্ঞানী চাৰ্লজ বেবেজ কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ ঊনবিংশ শতিকাত ইংৰাজ বিজ্ঞানী চাৰ্লজ বেবেজ কম্পিউটাৰ আৱিষ্কাৰ কৰিছিল।

৮। ইন্টাৰনেট আৰু ই-মেইন আদিৰ দ্বাৰা কি সংৰক্ষণ কৰিব পাৰে?

উত্তৰঃ বাৰ্তা বা তথ্যৰ আদান-প্ৰদানৰ সংৰক্ষণ কৰিব পাৰে।

৯। গোলকীয় গাঁও বুলি কাক বোলে?

উত্তৰঃ বিশাল পৃথিৱীখনক আজিৰ সময়ত গোলকীয় গাওঁ বুলি কোৱা হয়।

১০। কম্পিউটাৰক কি যন্ত্ৰ বুলি কোৱা হয়?

উত্তৰঃ পৰিকলন যন্ত্ৰ বুলি কোৱা হয়।

১১। ইন্টাৰনেট কি?

উত্তৰঃ ইন্টাৰনেট হৈছে এক নিৰ্দিষ্ট সংযোগ ব্যৱস্থাৰ মাধ্যমেদি বিশ্বৰ যিকোনো প্ৰান্তত থকা কম্পিউটাৰেৰে সংযোগ কৰিব পৰা এক উত্তম যোগাযোগ ব্যৱস্থা।

১২। কিমান চনত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল?

উত্তৰঃ ১৯৪২ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিছিল।

১৩।  কিমান চনত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে?

উত্তৰঃ ১৯৪৭ চনত ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে।

১৪। গণতন্ত্ৰ চৰকাৰ কি?

উত্তৰঃ গণতন্ত্ৰ চৰকাৰ হৈছে জনসাধাৰণ প্ৰতিনিধি।

১৫। জনমত কি?

উত্তৰঃ জনমত হৈছে গণতন্ত্ৰৰ মূল ভেটি।

১৬। কাৰ অবিহনে গণতন্ত্ৰ বৰ্তি নাথাকে?

উত্তৰঃ সমতা আৰু নিষ্ঠাৰ অবিহনে গণতন্ত্ৰ বৰ্তি নাথাকে।

১৭। নিৰপেক্ষ আৰু সুস্থ প্ৰচাৰ মাধ্যমৰ সহায়ত কি প্ৰতিষ্ঠা কৰিব পাৰি?

উত্তৰঃ নিৰপেক্ষ আৰু সুস্থ প্ৰচাৰ মাধ্যমৰ সহায়ত এক সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব পাৰি।

১৮। এটা দেশপ্ৰেমমূলক গীতৰ নাম লিখা?

উত্তৰঃ বন্দে মাতৰম।

১৯। বিনোদনৰ অন্যতম মাধ্যম হিচাপেও আজিকালি কাক জনা যায়?

উত্তৰঃ কম্পিউটাৰক জনা যায়।

২০। প্ৰচাৰ মাধ্যমক কি স্তম্ভ বুলি কোৱা হয়?

উত্তৰঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ।

Type Susmita Kakati

Post ID: DABP005791