SEBA Class 11 Assamese Chapter 1 Part 2 বিয়াৰ প্ৰেজেন্ট Short Answer | চমু প্ৰশ্ন উত্তৰ |

বিয়াৰ প্ৰেজেন্ট

অধ্যায় ১

চমু প্ৰশ্নউত্তৰঃ

১১। অপাৰেচন শব্দৰ অৰ্থ কি?

উত্তৰঃ অপাৰেচন শব্দৰ অৰ্থ হৈছে-অস্ত্ৰোপচাৰ।

২। চৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম লিখা ৷

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান উপন্যাসৰ নাম- ৰথৰ চকৰি ঘূৰে, সূৰুযমুখীৰ স্বপ্ন, পহুমৰা হাবিৰ বাট, জেতুকা পাতৰ দৰে, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নৰ তনু ভাল, ‘অঘৰী আত্মাৰ কাহিনী’,  ‘ৰূপাবৰিৰ পলস’ আদি ৷

৯। বাছ ষ্টেচন শব্দৰ অৰ্থ কি?

উত্তৰঃ বাছ ষ্টেচন শব্দৰ অৰ্থ হৈছে বাছ আস্থান।

৩। চৈয়দ আব্দুল মালিকৰ কেইখনমান চুটিগল্প সংকলনৰ নাম লিখা ৷

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান চুটিগল্প সংকলন- এজনী নতুন ছোৱালী, ৰঙাগড়া, প্ৰাণাধিকা, মৰম মৰম লাগে আদি ৷

৪। চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কেইখনমান গৱেষণামূলক গ্ৰন্থৰ নাম- অসমীয়া জিকিৰ আৰু জাৰি, আজান ফকীৰ আৰু সুৰীয়া জিকিৰ, চুফী আৰু চুফীবাদ আদি ৷

৫। চৈয়দ আব্দুল মালিকে কিমান চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল?

উত্তৰঃ চৈয়দ আব্দুল মালিকে ১৯৬৫ চনত “চোভিয়েট দেশ নেহৰু বঁটা” লাভ কৰিছিল ৷

৬। চৈয়দ আব্দুল মালিকে কিমান চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ৷

১। চৈয়দ আব্দুল মালিক ক’ত আৰু কিমান চনত জন্ম গ্ৰহণ কৰে?

উত্তৰঃ চৈয়দ আব্দুল মালিক গোলাঘাট জিলাৰ নাহৰণি গাঁৱত ১৯১৯ চনৰ ১৫ জানুৱাৰীত জন্ম গ্ৰহণ কৰে।

৭। চৈয়দ আব্দুল মালিকৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ মৃত্যু ২০০০  চনত হৈছিল ৷ 

৮।  প্ৰেজেন্ট শব্দৰ অৰ্থ কি?

উত্তৰঃ প্ৰেজেন্ট শব্দৰ অৰ্থ হৈছে- উপহাৰ।

১০। ৰিলীজ শব্দৰ অৰ্থ কি?

উত্তৰঃ ৰিলীজ শব্দৰ অৰ্থ হৈছে- ছুটী, অব্যাহতি, মুকলি।

১২। চৈয়দ আব্দুল মালিকে মহাপুৰুষ শংকৰদেৱৰ জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা উপন্যাসখনৰ নাম কি?

উত্তৰঃ চৈয়দ আব্দুল মালিকে মহাপুৰুষ শংকৰদেৱৰ জীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা উপন্যাসখনৰ নাম- ‘ধন্য নৰ তনু ভাল’।

১৩। ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটো কোনখন আলোচনীৰ পৰা প্ৰকাশ পাইছিল?

উত্তৰঃ ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটো ‘অধিনায়ক’ নামৰ আলোচনীত প্ৰকাশ পাইছিল।

১৪। ”বিয়াৰ প্ৰেজেন্ট পাঠটো ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ ”এখন নিলিখা চিঠিৰ কখাখিনি’ নামৰ গল্প সংকলনৰ পৰা   ”বিয়াৰ প্ৰেজেন্ট পাঠটো” নামৰ গল্পটো সংগ্ৰহ কৰা হৈছে।

১৫। ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত সৃষ্টি হোৱা পৰিস্থিতি দুটা কি কি? 

উত্তৰঃ ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত সমান্তৰালভাৱে দুটা পৰিস্থিতিৰ সৃষ্টি হৈছে। এটা হ’ল নাজিয়াৰ পৰিয়ালৰ আৰ্থিক সীমাবদ্ধতাৰ বাবে প্ৰতিটো খোজতে অত্যাধিক হিচাপ-নিকাচৰ মাজেৰে চলিবলগীয়া অৱস্থা। আনহাতে আন এটা পৰিস্থিতি হ’ল কনকেশ্বৰ ঠাকুৰৰ ছোৱালী বিনীতাৰ কঠিন নৰিয়া।

১৭। ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোৰ মূল বাৰ্তা কি?

উত্তৰঃ মানৱতাবোধ। 

১৮। চৈয়দ আব্দুল মালিকৰ গল্পৰ প্ৰধান বৈশিষ্ট্য কি? 

উত্তৰঃ ভাষাৰ প্ৰাঞ্জলতা, সুখপাঠ্যতা আৰু মানৱতাবোধ।

১৯। চুটিগল্প কি?

উত্তৰঃ চুটিগল্প মূলতে মানৱ মনৰ আশা-আকাংক্ষা, হর্ষ-বিষাদ আদি বিবিধ অনুভূতিৰ সুসংহত শৈল্পিক প্রকাশ।

২০। অসমীয়া গল্প সাহিত্যত সৰ্বাধিক গল্পৰ ৰচয়িতা কোন? 

উত্তৰঃ চৈয়দ আব্দুল মালিক।

১৬। নাজিয়াই কনকেশ্বৰ ঠাকুৰক বিনীতাৰ অপাৰেচনৰ বাবে কিমান টকা দিছিল?

উত্তৰঃ এশ টকা।

২২। নাজিয়াই কিয় বিয়ালৈ যোৱাৰ বিপৰীতে কনকেশ্বৰ ঠাকুৰক সহায় কৰাটো কিয় গুৰুত্বপূৰ্ণ বুলি ভাবিলে?

উত্তৰঃ নাজিয়াৰ পৰিয়ালটো যদিও আর্থিক ভাৱে দুৰ্বল তথাপিও তেওঁৰ অন্তৰখন বৰ কোমল আৰু বিপদত পৰা মানুহক সহায় কৰিবলৈ নাজিয়া সদাপ্রস্তুত হৈ থাকে। সেইকাৰণেই নাজিয়াই যেতিয়া মোমায়েকৰ ছোৱালীৰ বিয়াখাবলৈ গৈ টাউনত থকা বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰ লগ পাইছিল তেতিয়া নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ দুখ বুজি পাইছিল। আৰু একমাত্র মানৱতা খাতিৰত নাজিয়াই একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক সহায় কৰিছিল।

২৩। নাজিয়াই বিয়ালৈ নোযোৱাৰ কাৰণটো তেওঁৰ স্বামীক কোৱাত স্বামীৰ প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিল?

উত্তৰঃ নাজিয়াই যেতিয়া মোমায়েকৰ জীয়েকৰ বিয়ালৈ নোযোৱাৰ কাৰণটো ঘৰলৈ আহি তেওঁৰ স্বামীক সবিস্তাবে বুজাই ক’লে তেতিয়া তেওঁৰ স্বামীয়ে মোমায়েকে বিয়ালৈ নোযোৱ কাৰণে বেয়া নাপাবনে বুলি নাজিয়াক প্ৰশ্ন কৰিছিল। আনহাতে কনকেশ্বৰ ঠাকুৰৰ হাতত আম বা কিমান টকা আছে, আনহাতে বিনীতাক লৈ আহিবলৈ টকাই বা জুৰিবনে এইবোৰ চিন্তাও নাজিয়াৰ স্বামীয়ে কৰিছিল। আৰু লগতে পাৰিলে কৰবাৰ পৰা টকা পঞ্চাছটামান যোগাৰ কৰি দি অহাৰ কথাও ভাবিছিল। ইয়াৰ পৰাই বুজা যায় যে নাজিয়াৰ দৰে তেওঁৰ স্বামীৰো মানব দৰদী মন এটা আছে আৰু ইয়েই মানবতাবোধৰ এক ডাঙৰ উদাহৰণ।

২১। নাজিয়াই কেই বজালৈ হস্পিতালত আছিল?

 উত্তৰঃ নাজিয়াই পাঁচ বজালৈ হস্পিতালত আছিল।

Author: Pompi Hazarika

Post ID: DABP005868