SEBA Class 11 Assamese Chapter 2 Part 3 বৰগীতঃ জয় জয় যাদৱ জলনিধিজা Short Answer | চমু প্ৰশ্ন উত্তৰ |

বৰগীতঃ জয় জয় যাদৱ জলনিধিজা

অধ্যায় ২

চমু প্ৰশ্নউত্তৰঃ

১১। কোনে শংকৰদেৱৰ বৰগীতসমূহ আওৰাবলৈ নিওঁতে বৰগীতসমূহ জুইত পুৰি নষ্ট হৈছিল?
উত্তৰঃ
 কমলা বায়নে।

২। শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি কি?

উত্তৰঃ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি ‘কীৰ্তন ঘোষা’ ৷

৩। শংকৰদেৱ ৰচিত চাৰিপ্ৰকাৰৰ গীত কি কি?

উত্তৰঃ শংকৰদেৱ ৰচিত চাৰিপ্ৰকাৰৰ গীত-বৰগীত, ভটিমা, টোটয়, চপয় ৷

৪। শংকৰদেৱ ৰচিত ছয়খন নাট কি কি?

উত্তৰঃ শংকৰদেৱ ৰচিত ছয়খন নাট- পত্নীপ্ৰসাদ, কালিয় দমন, কেলিগোপাল, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম-বিজয় ৷

৫। শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ কি কি?

উত্তৰঃ শংকৰদেৱৰ অনুবাদমূলক গ্ৰন্থ- ভাগৱত, উত্তৰাকাণ্ড ৰামায়ণ ৷

৬। শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ শংকৰদেৱে ৰচনা কৰা দুখন নাম-প্ৰসংগমূলক গ্ৰন্থৰ নাম- কীৰ্তন ঘোষা আৰু গুণমালা ৷

১। সংগীত কিহৰ মাধ্যম?

উত্তৰঃ সংগীত হ’ল এক বলিষ্ঠ গণমাধ্যম।

৭। শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ কি কি?

উত্তৰঃ শংকৰদেৱে ৰচনা কৰা কাব্যসমূহ- হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ কাব্য, বলি-ছলন, অমৃত-মন্থন, অজামিল উপাখ্যান, কুৰুক্ষেত্ৰ ৷

৮। শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম লিখা ৷

উত্তৰঃ শংকৰদেৱ ৰচিত ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থকেইখনৰ নাম- ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমি নৱসিদ্ধ সংবাদ, অনাদিপাতন ৷

৯। শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতবোৰৰ প্ৰধান বক্তব্য কি?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতবোৰৰ প্ৰধান বক্তব্য হৈছে- দুৰ্লভ মানৱ জীৱনৰ ক্ষণস্থায়ীত্ব, সংসাৰৰ অনিত্যতা, জীৱৰ উদ্ধাৰত হৰিভক্তিৰ মহিমা আদিবোৰেই সাধাৰণতে শ্ৰীমন্ত শংকৰদেৱৰ বৰগীতবোৰৰ প্ৰধান বক্তব্য।
১০।  শংকৰদেৱৰ ৰচিত “জয় জয় যাদৱ জলনিধিজা” বৰগীতটোত কাৰ মহিমা প্ৰকাশ কৰিছে?

উত্তৰঃ ভগৱান শ্ৰীকৃষ্ণৰ।

১২। শ্রীকৃষ্ণক কিয় “জগত বন্ধু বিধু’ বুলি কোৱা হৈছে?
উত্তৰঃ
 কেশী মধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ দূৰ কৰা বাবে শ্রীকৃষ্ণক জগত বন্ধুবিধু বুলি কোৱা হৈছে।
১৩।  বেদসমূহে কৃষ্ণক স্তুতি কৰা কথাৰে কীৰ্ত্তনত সংযোজিত হোৱা অধ্যায়টোক কি বুলি কোৱা হয় ?

উত্তৰঃ বেদস্তুতি।

১৫। বৰগীতটোত লক্ষ্মীক কিয় জলনিধিজা বুলি সম্বোধন কৰিছে?

উত্তৰঃ অসুৰ আৰু দেৱগণে লগ হৈ সাগৰ মন্থন কৰোঁতে লক্ষ্মীৰ উৎপত্তি হৈছিল, সাগৰৰ পৰা জন্ম হোৱা বাবেই বৰগীতটোক লক্ষ্মীক জলনিধিজা বুলি সম্বোধন কৰা হৈছে।

১৬। কেশী কোন আছিল? কোনে তেওঁক বধ কৰিছিল?
উত্তৰঃ কেশী এজন অসুৰ আছিল। কেশী ঘোঁৰাৰ আকৃতিৰ আছিল। শ্রীকৃষ্ণই কেশীক বধ কৰিছিল।

২৪। অসমীয়া সাহিত্যত বৰগীত আৰু অংকীয়া নাটৰ প্ৰৱৰ্তন প্রথমে কোনে কৰিছিল?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে।

১৭। “জনার্দন” শব্দৰ অৰ্থ কি? শ্রীকৃষ্ণক কিয় “জনার্দন” বুলি কোৱা হয়?
উত্তৰঃ ‘জনাৰ্দন’ শব্দৰ অৰ্থ হ’ল মায়াই বশ কৰিব নোৱাৰাজন। শ্রীকৃষ্ণ মায়াৰ অধীন নহয়, মায়াই বশ কৰিব নোৱাৰে তেওঁক। সেয়ে শ্রীকৃষ্ণক ‘জনার্দন’ বুলি কোৱা হয়।

১৮। বৰগীত কাক বোলে?
উত্তৰঃ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু তেওঁৰ প্ৰিয় শিষ্য শ্রী মাধৱদেৱে ৰচনা কৰা একশ্রেণীৰ ওখ আধ্যাত্মিক ভাব সম্বলিত গীতকেই ‘বৰগীত’ বোলে। অন্য গীততকৈ ই বৰ অৰ্থাৎ শ্রেষ্ঠ।

১৯। শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা চাৰিখন উল্লেখযোগ্য কাব্যৰ নাম লিখা।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা চাৰিখন উল্লেখনীয় কাব্য হৈছে—হৰিশ্চন্দ্ৰ উপাখ্যান, ৰুক্মিণী হৰণ, বলি-ছলন আৰু অমৃত-মন্থন।

২০। শংকৰদেৱৰ কেইধৰণৰ গীত ৰচনা কৰিছিল আৰু এইকেইটা কি কি আছিল?
উত্তৰঃ শংকৰদেৱে চাৰি শ্ৰেণীৰ গীত ৰচনা কৰিছিল— বৰগীত, ‘ভটিমা, টোটয় আৰু চপয়।

২১।  ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটো ক’ৰ পৰা লোৱা হৈছে?

উত্তৰঃ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটো হৰি নাৰায়ণ দত্তবৰুৱা সম্পাদিত ‘বৰগীত’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।২২। শ্ৰীমন্ত শংকৰদেৱে সমাজৰ পৰা কিদৰে অস্পৃশ্যতা দূৰ কৰিবলৈ চেষ্টা কৰিছিল?

১৪। শ্ৰীকৃষ্ণৰ কোনটো নাম স্মৰণ কৰিলে মনোকামনা সিদ্ধি হয়?

উত্তৰঃ বেদত্রাতা বা শ্রুতত্রাতা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে অসমত নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি সমাজৰ পৰা অস্পৃশ্যতা দূৰ কৰিবলৈ প্ৰয়াস কৰিছিল।

২৩। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ উজ্জ্বল নিদর্শন কি?

উত্তৰঃ ‘কীৰ্তন ঘোষা”।

২৫। কিমান বয়সত শ্রীমন্ত শংকৰদেৱে ইহলীলা ত্যাগ কৰিছিল?

উত্তৰঃ ১১৯ বছৰ বয়সত।

২৭। শ্রীকৃষ্ণক কিয় ‘জগত বন্ধুবিধু’ বুলি কোৱা হয় ?
উত্তৰঃ শ্ৰীকৃষ্ণই কেশী, মধু, মুৰ আদি অসুৰক বধ কৰি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই তেওঁক ‘জগত বন্ধুবিধু’ বুলি কোৱা হয়।

২৮। ‘জলনিধি’ শব্দৰ অৰ্থ কি?

উত্তৰঃ জলনিধি শব্দৰ অৰ্থ হৈছে- সাগৰ (জল-পানী, নিধি- আকৰ, ভাণ্ডাৰ: পানীৰ ভাণ্ডাৰ, এতেকে সাগৰ।)

২৯। জলনিধিজা শব্দৰ অৰ্থ কি?

উত্তৰঃ জলনিধিজা শব্দৰ অৰ্থ হৈছে- লক্ষ্মী (জলনিধি অৰ্থাৎ সাগৰত জন্ম যাৰ সিয়েই জলনিধিজা। দেৱাসুৰে লগ লাগি সাগৰ মন্থন কৰোঁতে লক্ষ্মীৰ উৎপত্তি হৈছিল। সেইবাবে লক্ষ্মী সাগৰৰ কন্যা।

২৬। জলনিধিজা বুলি কাক কোৱা হয় ?

উত্তৰঃ লক্ষ্মীক।

৩০। ধৱ শব্দৰ অৰ্থ কি?

উত্তৰঃ ধৱ শব্দৰ অৰ্থ হৈছে- পতি, স্বামী (জলনিধিজা ধৱ মানে লক্ষ্মীৰ পতি অৰ্থাৎ শ্ৰীকৃষ্ণ)।

৩২। শ্ৰুত শব্দৰ অৰ্থ কি?

উত্তৰঃ শ্ৰুত শব্দৰ অৰ্থ হৈছে- শুনা, শ্ৰৱণ কৰা: (অন্য অৰ্থত শ্ৰুত মানে বেদসমূহ)।

৩৩। শ্ৰুতমাত্ৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ শ্ৰুতমাত্ৰ শব্দৰ অৰ্থ হৈছে- শুনা বা শ্ৰৱণ কৰা মাত্ৰকে (অন্য অৰ্থত বেদ পৰ্যন্ত)।

৩৪। অখিল শব্দৰ অৰ্থ কি?

উত্তৰঃ অখিল শব্দৰ অৰ্থ হৈছে- পৃথিৱী।

৩৫। ত্ৰাতা শব্দৰ অৰ্থ কি?

উত্তৰঃ ত্ৰাতা শব্দৰ অৰ্থ হৈছে- উদ্ধাৰ কৰোঁতা।

৩৯। জগজনজীৱন শব্দৰ অৰ্থ কি?

উত্তৰঃ জগজনজীৱন শব্দৰ অৰ্থ হৈছে- জগতৰ সকলোৰে জীৱন স্বৰূপ।

৩১। ধাতা শব্দৰ অৰ্থ কি?

উত্তৰঃ ধাতা শব্দৰ অৰ্থ হৈছে- নাৰায়ণ।

৩৬। শ্ৰুতমাত্ৰাখিলত্ৰাতা শব্দৰ অৰ্থ কি?

উত্তৰঃ শ্ৰুতমাত্ৰাখিলত্ৰাতা শব্দৰ অৰ্থ হৈছে- শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰোঁতা। আন অৰ্থত বেদক উদ্ধাৰ কৰোঁতা।

৩৭। সিদ্ধি শব্দৰ অৰ্থ কি?

উত্তৰঃ সিদ্ধি শব্দৰ অৰ্থ হৈছে- কামনা পূৰ্ণ হোৱা।

৩৮। মুকুতি শব্দৰ অৰ্থ কি?

উত্তৰঃ মুকুতি শব্দৰ অৰ্থ হৈছে- মুক্তি; বৈষ্ণৱ আদৰ্শত ভক্তৰ পৰম কাম্য হ’ল মুক্তি।

৪০। অজন শব্দৰ অৰ্থ কি?

উত্তৰঃ অজন শব্দৰ অৰ্থ হৈছে- অজন শব্দৰ অৰ্থ হৈছে- যাৰ জন্ম নাই; নিত্য সনাতন, চিৰন্তন।

৪১। জনাৰ্দন শব্দৰ অৰ্থ কি?

উত্তৰঃ জনাৰ্দন শব্দৰ অৰ্থ হৈছে- যি মায়াৰ অতীত অৰ্থাৎ মায়াই যাক বশ কৰিব নোৱাৰে; শ্ৰীকৃষ্ণ।

৪২। দনুজ শব্দৰ অৰ্থ কি?

উত্তৰঃ ৰাক্ষস, দক্ষ ৰজাৰ কন্যা দনুক কাশ্যপ ঋষিয়ে বিয়া কৰাইছিল। দনুৰপৰা জন্ম হোৱা সন্তানক দনুজ বুলি কোৱা হয়।

৪৩। মহদানন্দ শব্দৰ অৰ্থ কি?

উত্তৰঃ মহাদানন্দ শব্দৰ অৰ্থ হৈছে- মহৎ+আনন্দ; পৰম আনন্দ।

৪৫। মহদানন্দকন্দ শব্দৰ অৰ্থ কি?

উত্তৰঃ মহদানন্দকন্দ শব্দৰ অৰ্থ হৈছে- মহৎ বা পৰম আনন্দৰ যি মূল কাৰণ, অৰ্থাৎ ভগৱান বিষ্ণু।

৪৬। নন্দ নন্দন শব্দৰ অৰ্থ কি?

উত্তৰঃ নন্দ নন্দন শব্দৰ অৰ্থ হৈছে- নন্দৰ পুত্ৰ; শ্ৰীকৃষ্ণ।

৪৭। বিবিধ বিহাৰ শব্দৰ অৰ্থ কি?

উত্তৰঃ বিবিধ বিহাৰ শব্দৰ অৰ্থ হৈছে- নানাবিধ ক্ৰীড়া।

৪৮। বিশাৰদ শব্দৰ অৰ্থ কি?

উত্তৰঃ বিশাৰদ শব্দৰ অৰ্থ হৈছে- নিপুণ।

৪৯। শাৰদ শব্দৰ অৰ্থ কি?

উত্তৰঃ শাৰদ শব্দৰ অৰ্থ হৈছে- শৰৎ কালৰ।

৪৪। কন্দ শব্দৰ অৰ্থ কি?

উত্তৰঃ কন্দ শব্দৰ অৰ্থ হৈছে- মূল।

৫০। ইন্দুনিন্দি শব্দৰ অৰ্থ কি?

উত্তৰঃ ইন্দুনিন্দি শব্দৰ অৰ্থ হৈছে- ইন্দু মানে চন্দ্ৰ; নিন্দি- নিন্দা কৰা, হীন অৰ্থাৎ য’ত চন্দ্ৰৰ সৌন্দৰ্যও কম দেখি।

৫১। শাৰদ ইন্দু নিন্দি শব্দৰ অৰ্থ কি?

উত্তৰঃ শাৰদ ইন্দু নিন্দি শব্দৰ অৰ্থ হৈছে- শৰত কালৰ চন্দ্ৰতকৈও অধিক সুন্দৰ।

৫৩। শেষ শয়ন শব্দৰ অৰ্থৰ কি?

উত্তৰঃ শেষ শয়ন শব্দৰ অৰ্থ হৈছে- অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা; শ্ৰীকৃষ্ণ।

৫৪। শিৱ শব্দৰ অৰ্থ কি?

উত্তৰঃ শিৱ শব্দৰ অৰ্থ হৈছে- মহাদেৱ, ইয়াত মংগলময় অৰ্থত ব্যৱহাৰ হৈছে।

৫৫। কেশী বিনাশন শব্দৰ অৰ্থ কি?

উত্তৰঃ কেশী বিনাশন শব্দৰ অৰ্থ হৈছে- কেশী নামৰ ঘোঁৰাৰ আকৃতিৰ এটি অসুৰক শ্ৰীকৃষ্ণই বধ কৰিছিল বাবে শ্ৰীকৃষ্ণক কেশী বিনাশন বুলি কোৱা হয়।

৫৭। সৰোৰুহ শব্দৰ অৰ্থ কি?

উত্তৰঃ সৰোৰুহ শব্দৰ অৰ্থ হৈছে- পদুম ফুল।

৫২। পৰকাশী শব্দৰ অৰ্থ কি?

উত্তৰঃ পৰকাশী শব্দৰ অৰ্থ হৈছে- প্ৰকাশিত হোৱা।

৫৪। জগতবন্ধুবিধু শব্দৰ অৰ্থ কি?

উত্তৰঃ জগতবন্ধুবিধু শব্দৰ অৰ্থ হৈছে- জগত বন্ধু ভগৱান শ্ৰীকৃষ্ণ ‘বিধু’ অৰ্থাৎ চন্দ্ৰটোৰ দৰে। চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে তেনেদৰে  ভগৱানে জগতৰ পাপ হৰণ কৰে ।

৫৫। মধুৰিপু শব্দৰ অৰ্থ কি?

উত্তৰঃ মধুৰিপু শব্দৰ অৰ্থ হৈছে- মধু নামৰ অসুৰৰ যিজন ৰিপু বা শত্ৰু তেৱেঁই মধুৰিপু; অৰ্থাৎ শ্ৰীকৃষ্ণ।

৫৬। মুৰনাশী শব্দৰ অৰ্থ কি?

উত্তৰঃ মুনাশী শব্দৰ অৰ্থ হৈছে- মুৰ নামৰ অসুৰক নাশ কৰোঁতা; অৰ্থাৎ শ্ৰীকৃষ্ণ।

Author: Pompi Hazarika

Post ID: DABP005888