SEBA Class 11 Assamese Chapter 5 গিবন Short Answer | চমু প্ৰশ্ন উত্তৰ |

গিবন

অধ্যায় ৫

চমু প্ৰশ্ন উত্তৰঃ

৯। এডৱাৰ্ড গিবনে প্ৰেমত পৰা ছোৱালীজনীৰ নাম কি?

উত্তৰঃ এডৱাৰ্ড গিবনে প্ৰেমত পৰা ছোৱালীজনীৰ নাম- ছুজান কাৰচদ্।

১। এডৱাৰ্ড গিবন কোন ?

উত্তৰঃ এডৱাৰ্ড গিবন এগৰাকী প্ৰখ্যাত বুৰঞ্জীবিদ আৰু সাংসদ আছিল । তেওঁ ১৭৮১ চনৰ পৰা ১৭৮৪ চনলৈ ব্ৰিটিছ সংসদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল । গিবনৰ অমৰ কীৰ্তি হ’ল ‘The History of the Decline and Fall of the Roman Empire’ । শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবে গিবন আজিও বিখ্যাত ।

৩। হোমেন বৰগোহাঞি লিখা কেইখনমান উপন্যাসৰ নাম লিখা।

উত্তৰঃ হোমেন বৰগোহাঞি লিখা কেইখনমান উপন্যাসৰ নাম- ‘সুবালা’, ‘পিতাপুত্ৰ’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘তিমিৰ তীৰ্থ’, ‘অস্তৰাগ’ আদি উপন্যাস উল্লেখযোগ্য।

৪। হোমেন বৰগোহাঞি আত্মজীৱনীমূলক ৰচনা সমূহ কি কি?

উত্তৰঃ হোমেন বৰগোহাঞি আত্মজীৱনীমূলক ৰচনাকেইখন হৈছে- ‘আত্মানুসন্ধান’, ‘ধুমুহা আৰু ৰামধেনু’ আদি।

৫। হোমেন বৰগোহাঞি লিখা চুটিগল্পৰ পুথিকেইখনৰ নাম লিখা।

উত্তৰঃ হোমেন বৰগোহাঞি লিখা চুটিগল্পৰ পুথিকেইখনৰ নাম হৈছে- ‘বিভিন্ন কোৰাচ’, ‘বিভিন্ন নৰক’, আদি।

৬। হোমেন বৰগোহাঞি সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা।

উত্তৰঃ হোমেন বৰগোহাঞি সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম হৈছে- ‘সাপ্তাহিক নীলাচল’, ‘নাগৰিক’ আৰু অসমবাণী’ বাতৰি কাকত সম্পাদনা কৰিছিল।

২। হোমেন বৰগোহাঞি জন্ম কিমান চনত হৈছিল?

উত্তৰঃ হোমেন বৰগোহাঞি জন্ম ১৯৩২ চনত হৈছিল।

৭। কি গ্ৰন্থৰ বাবে বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ‘পিতাপুত্ৰ’ গ্ৰন্থৰ বাবে ১৯৭৮ চনত বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

১০। গিবনৰ জীৱনৰ সোতৰটা বছৰৰ, জীৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰবোৰৰ একমাত্ৰ ধ্যান-জ্ঞান কি আছিল?

উত্তৰঃ গিবনৰ জীৱনৰ সোতৰটা বছৰৰ, জীৱনৰ  সৰ্বশ্ৰেষ্ঠ বছৰবোৰৰ একমাত্ৰ ধ্যান-জ্ঞান আছিল ‘ডিক্লাইন এণ্ড ফল’।

১১। ‘গিবন’ নামৰ পাঠটি হোমেন বৰগোহাঞিৰ কোনখন গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে?

উত্তৰঃ ‘গিবন’ নামৰ পাঠটি হোমেন বৰগোহাঞিৰ ‘স্বৰ্গ আৰু নৰক’ নামৰ গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে।

১২।  মাডাম দ্য ষ্টেল কাৰ সন্তান?

উত্তৰঃ নেকাৰ আৰু ছুজানৰ একমাত্ৰ কন্যা হ’ল মাডাম দ্য ষ্টেল।

১৬। অভিপ্ৰেতৰ অৰ্থ কি?

উত্তৰঃ অভিপ্ৰেতৰ অৰ্থ হৈছে- মনেৰে ভবা বা ইচ্ছা কৰা, বুজাব খোজা।

১৩। Adolphe আত্মজীৱনীমূলক উপন্যাসখন কাৰ ৰচনা?

উত্তৰঃ Adolphe আত্মজীৱনীমূলক উপন্যাসখন বেঞ্জামিন কঁষ্টাটৰ ৰচনা।

৮। হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ কোন বৰ্ষৰ সভাপতিৰ আাসন অলংকৃত কৰিছিল?

উত্তৰঃ হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ ২০০১-২০০২ বৰ্ষৰ সভাপতিৰ আাসন অলংকৃত কৰিছিল।

১৪। অবিনাশী অৰ্থ কি?

উত্তৰঃ অবিনাশী অৰ্থ হৈছে- কেতিয়াও নষ্ট নোহোৱা, শাশ্বত।

১৫। অমানুষিক অৰ্থ কি?

উত্তৰঃ অমানুষিক অৰ্থ হৈছে- পাশৱিক।

১৭। আত্মজৈৱনিক অৰ্থ কি?

উত্তৰঃ আত্মজৈৱিক অৰ্থ হৈছে- আত্মজীৱনীমূলক।

১৮। হেন্দোলনিৰ অৰ্থ কি?

উত্তৰঃ হেন্দোলনিৰ অৰ্থ হৈছে- পানীৰ খলকনি, দোলন।

১৯। চমুটোকা লিখা।

(১) গিবন

উত্তৰঃ গিবনঃ সম্পূৰ্ণ নাম এডৱাৰ্ড গিবন (১৭৩৭-১৭৯৪)। জন্ম ইংলেণ্ডত। ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰা পৰিলক্ষিত হয়। তেওঁৰ অমৰ কীৰ্তি হ’ল ”The History of the Decline and Fall of the Roman Empire”। শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবেও তেওঁ বিখ্যাত।

(২) শ্বপেনহাৱাৰ

উত্তৰঃ শ্বপেনহাৱাৰঃ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক (১৭৮৮-১৮৬০)। তেওঁৰ নন্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহে ঊনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। ‘The World as Will and Representation’ তেওঁৰ বিখ্যাত ৰচনা।

(৩) লৰেঞ্চ ডাৰেল

উত্তৰঃ লৰেঞ্চ ডাৰেলঃ লৰেঞ্চ জৰ্জ ডাৰেল (১৯১২-১৯৯০) এগৰাকী প্ৰসিদ্ধ বৃটিছ ঔপন্যাসিক, কবি, নাট্যকাৰ আৰু ভ্ৰমণ কাহিনী লেখক। ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ তেওঁৰ বিখ্যাত উপন্যাস।

(৫) অক্সফোৰ্ড বিশ্ববিদ্যালয়

উত্তৰঃ অক্সফোৰ্ড বিশ্ববিদ্যালয়ঃ একাদশ শতিকাতে স্থাপন হোৱা ইংলেণ্ডৰ এখন বিখ্যাত বিশ্ববিদ্যালয়। ইউৰোপৰ প্ৰাচীন প্ৰখ্যাত বিশ্ববিদ্যালয়সমূহৰ ভিতৰত এইখনেই সম্ভৱতঃ প্ৰথম। প্ৰাচীন কালৰেপৰা বৰ্তমানলৈ মানৱ সভ্যতাৰ বিকাশত এই বিশ্ববিদ্যালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

(৯) ৰোম

উত্তৰঃ ৰোমঃ প্ৰাচীন ৰোমান সাম্ৰাজ্যৰ ৰাজধানী আৰু এখন ধুনীয়া নগৰ। ৰোমক কেন্দ্ৰ কৰি প্ৰাচীন ৰোমান সভ্যতাৰ উত্থান ঘটিছিল। এই নগৰক পাশ্চাত্য সভ্যতাৰ জন্মভূমি বুলি গণ্য কৰা হয়। বৰ্তমান ই ইটালিৰ ৰাজধানী।

(৬) ৰুছো

উত্তৰঃ ৰুছোঃ ৰুছো (১৭১২-৭৮) এগৰাকী ফৰাছী দাৰ্শনিক আৰু চিন্তাবিদ। তেওঁৰ লেখাসমূহে ফৰাছী বিপ্লৱৰ যোদ্ধাসকলক ‘সাম্য-মৈত্ৰী-ভ্ৰাতৃত্ব’ৰ বাণীৰে অগ্ৰসৰ হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল। মানুহে প্ৰকৃতিৰ বুকুলৈ উভতি যাব লাগে বুলি তেওঁ প্ৰকৃতিবাদৰ জয়গান গাইছিল। তেওঁৰ প্ৰখ্যাত গ্ৰন্থখনৰ নাম ‘The Social Contract’ আৰু আত্মজীৱনীৰ নাম ‘Confessions’।

(৭) ভল্তেয়াৰ

উত্তৰঃ ভল্তেয়াৰঃ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ বিখ্যাত লেখক-দাৰ্শনিক। তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ। সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ। ‘কান্দিদ’ তেওঁৰ দ্বাৰা ৰচিত ব্যংগাত্মক উপন্যাস। তেওঁ ফৰাছী বিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী।

(৮) Age of Reason

উত্তৰঃ Age of Reason: টমাছ পেইনৰ দ্বাৰা ৰচিত এখন বিখ্যাত গ্ৰন্থ। অষ্টাদশ শতিকাৰ এই গ্ৰন্থৰ মাজেৰে সমকালীন ইংলেণ্ডৰ ধৰ্মীয় আনুষ্ঠানিকতা আৰু বাইবেলৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনোৱা হৈছে।

(৪) মিল্টন আৰু পেৰাডাইজ লষ্ট

উত্তৰঃ মিল্টন আৰু পেৰাডাইজঃ জন মিল্টন (১৬০৮-১৬৭৪) ইংৰাজী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি। ‘পেৰাডাইজ লষ্ট’ তেওঁৰ অমৰ মহাকাব্য। অমিত্ৰাক্ষৰ ছন্দত এই মহাকাব্য ৰচিত। মিল্টনৰ গদ্যশৈলীও আকৰ্ষণীয়।

Author: Pompi Hazarika

Post ID: DABP005549