SEBA Class 11 Assamese Chapter 6 কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Short Answer | চমু প্ৰশ্ন উত্তৰ |

কে’ম্ব্ৰিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান

অধ্যায় ৬

চমু প্ৰশ্ন উত্তৰঃ

৯।  ড॰ হীৰেন গোহাঁই কিমান চনত জন্ম হয়?

উত্তৰঃ ড॰ হীৰেন গোহাঁই ১৯৩৯ চনত জন্ম হয়।

২। মাধৱ কন্দলিয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল?

উত্তৰঃ মাধৱ কন্দলিয়ে বৰাহী  ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ৷

৩। ড॰ হীৰেন গোহাঁইৰ এখন সাহিত্য সমালোচনামূলক গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ড॰ হীৰেন গোহাঁইৰ এখন সাহিত্য সমালোচনামূলক গ্ৰন্থ হৈছে- ‘সাহিত্যৰ সত্য’।

৪। প্ৰথমতে বিশ্ববিদ্যালয়বোৰক কি বোলা হৈছিল?

উত্তৰঃ প্ৰথমতে বিশ্ববিদ্যালয়বোৰক স্কুল বোলা হৈছিল। 

৫। কেম্ব্ৰিজ বিশ্ববিদ্যালয় কোন চনত স্থাপিত হৈছিল?

উত্তৰঃ কেম্ব্ৰিজ বিশ্ববিদ্যালয় ১২০৯ চনত স্থাপিত হৈছিল।

১। প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবিগৰাকীৰ নাম কি?

উত্তৰঃ প্ৰাক্ শংকৰী যুগৰ শ্ৰেষ্ঠ কবিগৰাকীৰ নাম- মাধৱ কন্দলি।

১২। কোনখন গৱেষণা গ্ৰন্থৰ জৰিয়তে ড॰ হীৰেন গোহাঁই ডক্টৰেট ডিগ্ৰী লাভ কৰে?

উত্তৰঃ Tradition and Paradise Lost’ নামৰ গ্ৰন্থৰ জৰিয়তে ডক্টৰেট ডিগ্ৰী লাভ কৰে।

৬। ভাৰতত কেতিয়া প্ৰথম বিশ্ববিদ্যালয় স্থাপন হয়।

উত্তৰঃ ভাৰতত ১৮৫৭ চনত প্ৰথম বিশ্ববিদ্যালয় স্থাপন হয়।

৭। ড॰ হীৰেন গোহাঁই কোনখন কলেজৰ পৰা এম. এ. ডিগ্ৰী লাভ কৰে ?

উত্তৰঃ ড॰ হীৰেন গোহাঁই দিল্লী বিশ্ববিদ্যালয় পৰা এম. এ. ডিগ্ৰী লাভ কৰে।

৮। ড॰ হীৰেন গোহাঁই ৰচনা কৰা মনোৰম গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ড॰ হীৰেন গোহাঁই ৰচনা কৰা মনোৰম গ্ৰন্থখনৰ নাম- ‘সপোনৰ দিক্চৌ বনত’ ।

১০। ড॰ হীৰেন গোহাঁই আত্মকথামূলক গ্ৰন্থকেইখনৰ নাম কি কি?

উত্তৰঃ ড॰ হীৰেন গোহাঁই আত্মকথামূলক গ্ৰন্থকেইখনৰ নাম – ‘লস্ত লাগিজ’, ‘বতাহত ক’ৰ গধূলি গোপাল’, ‘হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী’, ‘সপোনৰ দিক্চৌ বনত’, ‘ইমান তিতা সাগৰৰ পানী’ আৰু ‘উৰণীয়া হাঁহৰ মাত’।

১১। ড॰ হীৰেন গোহাঁই কোনখন গ্ৰন্থৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ ড॰ হীৰেন গোহাঁই ‘অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা’ নামৰ গ্ৰন্থখনৰ বাবে তেওঁ সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

১৩। ড॰ হীৰেন গোহাঁই কোনখন বিশ্ববিদ্যায়ৰ পৰা পি এইচ. ডি. ডিগ্ৰী লাভ কৰে?

উত্তৰঃ ড॰ হীৰেন গোহাঁই ইংলেণ্ডৰ প্ৰখ্যাত কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সন্মানীয় পি এইচ. ডি. ডিগ্ৰী লাভ কৰে।

১৫। টমাছ আকুৱাইনাছ কোন?

উত্তৰঃ টমাজ আকুৱাইনাছ  Saint Thomas Aquinas, মধ্যযুগৰ ইউৰোপীয় (ইটালীৰ) এগৰাকী প্ৰখ্যাত দাৰ্শনিক।

১৬। পিয়েৰ আবে’লাৰ কোন?

উত্তৰঃ পিয়েৰ আবে’লাৰ মধ্যযুগৰ পাশ্যত্যৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক, পণ্ডিত, কবি।

১৭। ৰজাৰ বেইক্ন্ কোন?

উত্তৰঃ ৰজাৰ বেইক্ন্ ত্ৰয়োদশ শতিকাৰ ইংলেণ্ডৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক।

১৮। এলবেৰ্টাছ মেগ্লাছ কোন?

উত্তৰঃ এলবেৰ্টাছ মেগ্লাছ মধ্যযুগৰ পাশ্চাত্যৰ এগৰাকী দাৰ্শনিক, পণ্ডিত।

১৯। উইলিয়াম অব অকে’ম কোন?

উত্তৰঃ উইলিয়াম অব অকে’ম ত্ৰয়োদশ শতিকাৰ ইংলণ্ডৰ প্ৰখ্যাত দাৰ্শনিক।

২২। কলন অৰ্থ কি?

উত্তৰঃ কলন অৰ্থ হৈছে- Column, এখন চহৰৰ নাম।

১৪। প্ৰথমতে পণ্ডিতসকলক কি বোলা হৈছিল?

উত্তৰঃ প্ৰথমতে পণ্ডিতসকলক ‘স্কলাৰ’ বোলা হৈছিল।

২০। জন ডান্স স্কটাছ কোন?

উত্তৰঃ জন ডান্স স্কটাছ ত্ৰয়োদশ শতিকাৰ স্কটলেণ্ডৰ এগৰাকী প্ৰখ্যাত দাৰ্শনিক।

২১। লাতিন অৰ্থ কি?

উত্তৰঃ লাতিন অৰ্থ হৈছে- Latin, ইউৰোপৰ এটা চহকী ভাষা।

২৩। ৰিম অৰ্থ কি?

উত্তৰঃ ৰিম অৰ্থ হৈছে- Rheims, জাৰ্মানীৰ এখন চহৰ।

২৪। নট্ ৰ্ ডাম অৰ্থ কি?

উত্তৰঃ নট্ ৰ্ ডাম অৰ্থ হৈছে- Notre Dame, এটা গীৰ্জা।

২৫। গথিক স্থাপত্য অৰ্থ কি?

উত্তৰঃ গথিক স্থাপত্য অৰ্থ হৈছে- Gothic Architecture, এবিধ স্থাপত্য কলা শৈলী। মধ্যযুগৰ ইউৰোপত ইয়াৰ বিকাশ হৈছিল। গিৰ্জাবোৰৰ স্থাপত্যত এইবিধ শৈলী দেখা গৈছিল।

২৭। কুঠৰী অৰ্থ কি?

উত্তৰঃ কুঠৰী অৰ্থ হৈছে- সৰু কোঠা।

২৮। নিহপালী অৰ্থ কি?

উত্তৰঃ নিহপালী অৰ্থ হৈছে- গভীৰ টোপনি।

৩১। ধীমান অৰ্থ কি?

উত্তৰঃ ধীমান অৰ্থ হৈছে- বুদ্ধিমান।

২৯। পৰ্টাৰ অৰ্থ কি?

উত্তৰঃ পৰ্টাৰ অৰ্থ হৈছে- Porter, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত থকা এক শ্ৰেণীৰ কৰ্মচাৰী, নিৰাপত্তাৰক্ষী।

৩৬। ড॰ হীৰেন গোহাঁই আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ ড॰ হীৰেন গোহাঁই আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম- ‘লন্ত লাগিজ’।

২৬। চাৰ্চ অৰ্থ কি?

উত্তৰঃ চাৰ্চ অৰ্থ হৈছে- Church, গিৰ্জা।

৩০। স্কলাৰ অৰ্থ কি?

উত্তৰঃ স্কলাৰ অৰ্থ হৈছে- Scholar, পাণ্ডিত্যৰ অধিকাৰী ছাত্ৰ বা শিক্ষক।

৩৩। ৱাৰ্ছিতি অৰ্থ কি?

উত্তৰঃ ৱাৰ্ছিটি অৰ্থ হৈছে- Varsity, University শব্দৰ সংক্ষিপ্ত ৰূপ, কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰা প্ৰাচীনতম সাপ্তাহিক পত্ৰিকা।

৩৪। টাৰ্ম অৰ্থ কি?

উত্তৰঃ টাৰ্ম অৰ্থ হৈছে- Term, সীমিত কাল, কোনো কামৰ বাবে নিৰূপিত সময়।

৩৫। চেইন্ট টমাছ আকুৱাইছে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ চেইন্ট টমাছ আকুৱাইছে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম- ছুম্মা থিঅ’লজিকা।

৩২। শুষ্কং কাষ্ঠং অৰ্থ কি?

উত্তৰঃ শুষ্কং কাষ্ঠং অৰ্থ হৈছে- শুকান বা নিৰস কাঠ।

Author: Pompi HazarikaPost ID DABP005738