SEBA Class 11 Assamese Chapter 7 Part 3 এখন চিঠি Short Answer | চমু প্ৰশ্ন উত্তৰ |

এখন চিঠি

অধ্যায় ৭

চমু প্ৰশ্নউত্তৰঃ

৫। হেম বৰুৱাই ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম লিখা। 

উত্তৰঃ হেম বৰুৱাই ৰচনা কৰা এখন ভ্ৰমণ কাহিনীৰ নাম- The Read River and Blue Hill.

২। হেম বৰুৱাৰ কাব্য পুথিকেইখনৰ নাম লিখা।

উত্তৰঃ হেম বৰুৱাৰ কাব্য পুথিকেইখন হৈছে- ‘বালিছন্দা’, ‘মন-ময়ূৰী’ আৰু হেম বৰুৱাৰ কবিতা’।

৩। ‘এখন চিঠি’ কবিতাটো কাৰ অন্তৰ্গত?

উত্তৰঃ ‘এখন চিঠি’ কবিতাটো ‘মন-ময়ূৰী’ কাব্যপুথিৰ অন্তৰ্গত।

৪। হেম বৰুৱা সম্পাদনা কৰা দৈনিক ইংৰাজী কাকত খনৰ নাম লিখা।

উত্তৰঃ হেম বৰুৱা সম্পাদনা কৰা দৈনিক ইংৰাজী কাকত খন হৈছে- ‘আসাম এক্সপ্ৰেছ’ ।

৬। ‘এখন চিঠি’ কবিতাটোৰ ৰচক কোন?

উত্তৰঃ ‘এখন চিঠি’ কবিতাটোৰ ৰচক হেম বৰুৱা।

৭। হেম বৰুৱাই কোনখন অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল?

উত্তৰঃ হেম বৰুৱাই ধুবুৰী অধিবেশনৰ সভাপতি আছিল (১৯৭২) ।

৮। হেম বৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা।

উত্তৰঃ হেম বৰুৱাই সম্পাদনা কৰা আলোচনীখন হৈছে- পছোৱা।

১। হেম বৰুৱা  কিমান চনত জন্ম হয়?

উত্তৰঃ ১৯১৫ চনত তেজপুৰত হেম বৰুৱাৰ জন্ম হয়।

৯। ‘কিউপিড আৰু ছাইকী’ গ্ৰন্থখনৰ ৰচক কোন?

উত্তৰঃ ‘কিউপিড আৰু ছাইকী’ গ্ৰন্থখনৰ ৰচক হেম বৰুৱা ৷১০।’ সৈনিকজনে তেওঁৰ সন্তান দুটিক কি কথা জনাবলৈ পত্নীক অনুৰোধ কৰিছে?

উত্তৰঃ সৈনিকজনে তেওঁৰ সন্তান দুটিক জনাবলৈ কৈছে যে দেশ তথা দহৰ বাবে বৰণ কৰা মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।১১। হেম বৰুৱাদেৱে অসম সাহিত্য সভাৰ কোন অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল ?

উত্তৰঃ হেম বৰুৱাদেৱে ১৯৭২ চনত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত সভাপতিৰ পদ অলংকৃত কৰিছিল।১২। সৈনিকজনে স্বগৃহৰ পৰা বিদায় লোৱা মুহূৰ্তত পত্নীৰ বেদনাসিক্ত অৱস্থাক বুজাবলৈ কবিয়ে কি উপমাৰ প্ৰয়োগ কৰিছে?

উত্তৰঃ সৈনিকজনে স্বগৃহৰ পৰা বিদায় লোৱা মুহূৰ্তত পত্নীৰ বেদনাসিক্ত অৱস্থাক বুজাবলৈ কবিয়ে লিখিছে— “তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল”। ইয়াত কবিয়ে প্ৰয়োগ কৰা উপমাটো হৈছে ‘বাৰিষাৰ বান’।১৩। হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘এখন চিঠি’ শীর্ষক কবিতাটো তেওঁৰ কোনখন কাব্যগ্রন্থৰ অন্তৰ্গত ?

উত্তৰঃ হেম বৰুৱাৰ দ্বাৰা ৰচিত ‘এখন চিঠি’ শীর্ষক কবিতাটো তেওঁৰ ‘মন-ময়ূৰী’ শীৰ্ষক কাব্যগ্রন্থৰ অন্তৰ্গত।

১৪। ওখ পর্বতবোৰত কেনে ধৰণৰ স্মৃতিৰ প্ৰতিধ্বনি শুনিবলৈ পাইছে?উত্তৰঃ ওখ পৰ্বতবোৰত তেওঁ আৰু তেওঁৰ পত্নীৰ বুকুৰ তেজৰ ঢেঁকুৰা, অন্তৰৰ জুই-শিখা আৰু মৰমৰ মৰিশালিবোৰৰ স্মৃতিৰ প্ৰতিধ্বনি শুনিবলৈ পাইছে।
১৫। চিঠিখন লিখি থকা সময়ত সেইবোৰ কথাক সৈনিকগৰাকীয়ে ‘কি কথা’ বুলি ভাবিছে? তেওঁৰ অন্তৰত সেইবোৰ কিহৰ ৰূপত আছে?

উত্তৰঃ চিঠিখন লিখি থকা সময়ত সেইবোৰ কথাক সৈনিকগৰাকীয়ে ‘অনাৰী কথা’ বুলি ভাবিছে। তেওঁৰ অন্তৰত সেইবোৰ কথা পৰ্বতীয়া বনপোৰা জুইৰ ৰূপত আছে।

১৬। সৈনিক জীৱনৰ ঘটনা প্রবাহক কিহৰ লগত তুলনা কৰা হৈছে?উত্তৰঃ সৈনিক জীৱনৰ ঘটনা প্রবাহক এখন মহাকাব্য তথা পৰ্বতৰ মৌন ভাষাই লিখি যোৱা তেজৰ বুৰঞ্জীৰ লগত তুলনা কৰা হৈছে।

১৭। কবিতাটিত মৃত্যুক কিহৰ লগত তুলনা কৰা হৈছে?উত্তৰঃ কবিতাটিত মৃত্যুক দেৱতাৰ আশীৰ্বাদপুষ্ট পাৰিজাত ফুলৰ লগত তুলনা কৰা হৈছে। যি মৃত্যুয়ে দহক জীৱন দিয়ে সেই মৃত্যুক কবিয়ে আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে।১৮। কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম কি ? তেওঁ পত্নীক কি বুলি অনুৰোধ কৰিছে?

উত্তৰঃ কবিতাটিত সৈনিকজনৰ পত্নীৰ নাম হৈছে মমতা। সৈনিকজনে নিজৰ পত্নীক অনুৰোধ কৰিছে যাতে তেওঁলোকৰ ল’ৰা দুটাক পিতৃৰ অভাৱ অনুভৱ হ’বলৈ নিদিয়ে। দেশ আৰু দহৰ বাবে বৰণ কৰা মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি ক’বলৈও পত্নীক সৈনিকে কৈছে।

৩৩।চেলা গিৰিপথ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ চেলা গিৰিপথ শব্দটোৰ অৰ্থ হৈছে- অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ।

১৯। স্বগৃহৰ পৰা বিদায় বেলিকা সৈনিকজন কিয় নিৰুত্তৰ হৈছিল ?

উত্তৰঃ স্বগৃহৰ পৰা বিদায় বেলিকা সৈনিকজনৰ পত্নী শোকত কাতৰ হৈ পৰিছিল। তেওঁৰ দুচকুৰে দুখ চকুলো হৈ বৈছিল। মৌন হৈ ৰৈছিল দুয়ো। বিদায়ৰ সেই মুহূৰ্তত শোকে খুন্দা মাৰি ধৰাত সৈনিকজন নিৰুত্তৰ হৈ ৰৈছিল।

২০। ‘মৰমৰ মৰিশালিবোৰ”— বাক্যাংশৰ দ্বাৰা কবিয়ে কবিতাটোত কি কথা ব্যক্ত কৰিব বিচাৰিছে?

উত্তৰঃ যুদ্ধভূমিত সৈনিকসকলে তেওঁলোকৰ মৰম, স্নেহ দমাই ৰাখিব লগা হয়। কবিতাটোত সৈনিকজন পৰ্বতৰ মাজত আছে, তাত কেৱল কামানৰ গৰ্জন আৰু ধোঁৱাহে আছে। সেই ঠাইত মৰমৰ কোনো স্থান নাই ; ‘মৰমৰ মৰিশালিবোৰ’ বাক্যাংশৰে কবিয়ে এই কথাই ব্যক্ত কৰিব বিচাৰিছে।

২১। দেশমাতৃৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ সৈনিকজনে ভবিষ্যত প্রজন্মক কিদৰে আহ্বান জনাইছে?

উত্তৰঃ দেশমাতৃৰ প্ৰতি দায়িত্ব পালন কৰিবলৈ সৈনিকজনে ভৱিষ্যত প্রজন্মক আহ্বান জনাইছে। দেশৰ বাবে প্ৰাণত্যাগ কৰাটোক দেৱতাৰ আশীৰ্বাদ লাগি থকা পাৰিজাত ফুলৰ দৰে বুলি কৈছে। দহৰ বাবে বৰণ কৰা মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। সেয়ে মৃত্যুলৈ ভয় নকৰি দেশ ৰক্ষাৰ বাবে ওলাই আহিবলৈ সৈনিকজনে উত্তৰপুৰুষক আহ্বান জনাইছে।

২২। “দীঘলীয়কৈ চিঠি লেখিবলৈ আজৰি নাই” – সৈনিকজনে কি পৰিস্থিতিত পত্নীক তেনেকৈ ক’বলগীয়া হৈছে?

উত্তৰঃ সৈনিকজনে তেওঁৰ পত্নীলৈ চিঠি লিখাৰ সময়ত তেওঁ যুদ্ধভূমিত আছিল। শত্ৰুৰ কামানৰ গৰ্জন আৰু ধোঁৱাৰ মাজত অকণমান সময় উলিয়াই তেওঁ চিঠি এখন লিখিছিল যদিও যুদ্ধৰ আহ্বানে তেওঁক আজৰি সময় নিদিয়ে। সেয়ে দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই’ বুলি সৈনিকজনে দুখেৰে পত্নীক জনাইছিল।

২৩। সৈনিকগৰাকী পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নীৰ মানসিক অৱস্থা কেনেকুৱা আছিল? সেই সময়ত সৈনিকগৰাকীয়ে কি কৰিছিল?

উত্তৰঃ সৈনিকগৰাকীয়ে পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহাৰ সময়ত পত্নীৰ মন বিষাদেৰে ভৰি পৰিছিল। দুখৰ উকমুকনিত তেওঁ মৌন হৈ পৰিছিল। তেওঁৰ দুচকুৰে বৈ আহিছিল চকুলোৰ বন্যা। বিদায়ৰ কাৰুণ্যই তেওঁক নিথৰ কৰি পেলাইছিল। পত্নীৰ এই কৰুণ ৰূপত ভাগি পৰি সৈনিকগৰাকী মাথোঁ নিৰুত্তৰ হৈ পৰিছিল। তেওঁৰ মুখৰ মাত হেৰাই গৈছিল।

২৪। সৈনিক জীৱনৰ মৃত্যু সম্পৰ্কত কবিতাটিৰ পৰা কি বুজিব পাৰিছা – চমুকৈ লিখা।

উত্তৰঃ সৈনিক জীৱনৰ মৃত্যুক কবিতাটিত দেৱতাৰ আশীৰ্বাদ লাগি থকা পাৰিজাত ফুল বুলি কোৱা হৈছে। অৰ্থাৎ সৈনিকৰ মৃত্যুত সৰগৰ স্পৰ্শ লাগি থাকে। কিয়নো সৈনিকসকলে দেশৰ বাবে, দেশৰ জনতাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰে। যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ। কবিতাটিত সৈনিকৰ মৃত্যুক উচ্চ স্থান দিয়া হৈছে।

২৫। সৈনিকজনৰ কোনবোৰ স্মৃতিক বনপোৰা জুইৰ সতে তুলনা কৰা হৈছে? সেইবোৰক কিয় বনপোৰা জুইৰ সতে তুলনা কৰা হৈছে?

উত্তৰঃ সৈনিকজনে স্বগৃহ ত্যাগ কৰাৰ সময়ত তেওঁৰ পত্নী শোকত কাতৰ হৈ পৰিছিল। দুচকুৰে ধাৰাসাৰ চকুলো নামিছিল অথচ মুখেৰে ফুটাই একো ক’ব পৰা নাছিল। সৈনিকৰ এইবোৰ স্মৃতিকে বনপোৰা জুইৰ সতে তুলনা কৰা হৈছে। হাবিত কেতিয়াবা নিজে নিজে জুই লাগে আৰু নিজেই নুমাই যায় – এনে জুইক বনপোৰা জুই বুলি কোৱা হয়। অর্থাৎ বনপোৰা জুই এনে জুই যি নিজৰ বাহিৰে আনক কষ্ট নিদিয়ে । সৈনিকজনৰ অন্তৰৰ বেদনাই তেওঁকহে দুখত অধীৰ কৰিছে, অন্য কাৰো ক্ষতি কৰা নাই৷ সেয়ে তেওঁৰ স্মৃতিক বনপোৰা জুইৰ সৈতে তুলনা কৰা হৈছে।

২৭। মোহনা শব্দটোৰ অৰ্থ কি?

উত্তৰঃ মোহনা শব্দটোৰ অৰ্থ হৈছে- নদীৰ মুখ।

২৮। নিবিড় শব্দটোৰ অৰ্থ কি?

উত্তৰঃ নিবিড় শব্দটোৰ অৰ্থ হৈছে- বৰ ঘন বা ডাঠ, একান্ত।

৩৯। নিথৰ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ নিথৰ শব্দটোৰ অৰ্থ হৈছে- নিশ্চল, নিস্তব্ধ।

৩০। অনাখৰী শব্দটোৰ অৰ্থ কি?

উত্তৰঃ অনাখৰী শব্দটোৰ অৰ্থ হৈছে- প্ৰকাশ কৰিব নোৱৰা; আখৰেৰে নিলিখা; নিৰক্ষৰ।

৩১। বনপোৰা জুই শব্দটোৰ অৰ্থ কি?

উত্তৰঃ বনপোৰা জুই শব্দটোৰ অৰ্থ হৈছে- নিজে জ্বলি নিজেই নুমাই যোৱা হাবিৰ জুই।

৩২। অবিনশ্বৰ শব্দটোৰ অৰ্থ কি?

উত্তৰঃ অবিনশ্বৰ শব্দটোৰ অৰ্থ হৈছে- অবিনাশী, অক্ষয়।

৩৪। সৈনিকজনৰ অন্তৰৰ কথাখিনি চমুকৈ প্ৰকাশ কৰা।উত্তৰঃ ‘এখন চিঠি’ নামৰ কবিতাটোত এজন সৈনিকৰ অন্তৰ্বেদনা তথা স্বদেশৰ প্ৰতি থকা তেওঁৰ প্ৰেম স্পষ্টভাৱে ফুটি উঠিছে। ঘৰৰ পৰা যুদ্ধভূমিলৈ অহাৰ সময়ত দুখত কাতৰ হোৱা তেওঁৰ পত্নীৰ মুখখনে তেওঁক বৰকৈ আমনি কৰে। সেই মুহূৰ্তৰ যন্ত্ৰণালৈ মনত পৰিলে যুদ্ধভূমিৰ পৰ্বতৰ মাজতো তেওঁ দুখত ভাঙি পৰে। অথচ সেই ঠাইত শত্ৰুৰ কামানৰ গৰ্জন আৰু ধোঁৱাৰ বাহিৰে আন কথাৰ ঠায়েই নাই। তেজৰ ঢেঁকুৰাৰ মাজত কল্পনাবোৰ ছাই হৈ যায় ৷ অনিশ্চিত জীৱনৰ আতংকই অহৰহ সৈনিকক খেদি ফুৰে। প্রিয়জনক লগ পোৱাৰ সৌভাগ্য তেওঁৰ হয়তো নহ’বও পাৰে। তথাপি দেশৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈ তেওঁআজীৱন সাজু। কিয়নো আনৰ বাবে মৃত্যুবৰণ কৰাটো দৈৱিক কাম সমাধা কৰাৰ লেখীয়া। অৱশ্যে সাংসাৰিক দায়িত্ববোধে তেওঁক বিচলিত নকৰা নহয়। কিন্তু অন্তৰত থকা দেশপ্রেমে তেওঁক শক্তি দিয়ে আৰু তাৰেই মন বান্ধি তেওঁ নিজৰ সন্তানলৈও সেই বাৰ্তাই প্ৰেৰণ কৰিব বিচাৰে। সৈনিকৰ অন্তৰৰ এই ভাবেই কবিতাটোত বিয়পি আছে।

২৬। মেঘাচ্ছন্ন শব্দটোৰ অৰ্থ কি?

উত্তৰঃ মেঘাচ্ছন্ন শব্দটোৰ অৰ্থ হৈছে- মেঘেৰে ঢকা।

Author: Pompi Hazarika