SEBA Class 11 Geography Chapter 2 পৃথিৱী ইয়াৰ উৎপত্তি আৰু বিকাশ Short Answer | চমু প্ৰশ্ন উত্তৰ |

  Chapter-2 

পৃথিৱী ইয়াৰ উৎপত্তি আৰু বিকাশ

৯। নীহাৰিকাৰ পৰা সৌৰজগতৰ উৎপত্তি হোৱা তাৰ ভাঙোন আৰু কেন্দ্ৰ গঠন কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰঃ নীহাৰিকাৰ পৰা সৌৰজগতৰ উৎপত্তি হোৱা তাৰ ভাঙোন আৰু কেন্দ্ৰ গঠন আৰম্ভ হৈছিল  – ৫-৫.৬ বিলিয়ন (মহাপদ্ম) বছৰৰ আগতে ।

২। কোন দুজন পণ্ডিতে আগৰ নীহাৰিকা মতবাদটোক সংশোধন বা পুনৰীক্ষণ কৰি আগবঢ়াছিল ?

 উত্তৰঃ ১৯৫০ চনত, ৰাছিয়াৰ অটো স্কিডিট (Otto Schmidt) আৰু জাৰ্মানীৰ কাৰ্ল উইজাচকাৰে (Carl Weizascar) আগৰ নীহাৰিকা মতবাদটোক সংশোধন বা পুনৰীক্ষণ কৰি আগবঢ়াছিল ।

৩। পোহৰৰ গতি প্ৰতি ছেকেণ্ডত কিমান কিলোমিটাৰ ?

 উত্তৰঃ পোহৰৰ গতি প্ৰতি ছেকেণ্ডত ৩০০,০০০ কিলোমিটাৰ।

৪। এক পোহৰ বৰ্ষ কাক বোলে ?

উত্তৰঃতীব্ৰ গতিত গৈ পোহৰে এক বছৰত যিমান কিলোমিটাৰ পথ অতিক্ৰম কৰিব পাৰিব তাকে এক পোহৰ বৰ্ষ বোলে।

৫। এক পোহৰ বৰ্ষ মানে কিমান কিলোমিটাৰ পথ ?

উত্তৰঃ এক পোহৰ বৰ্ষ মানে ৯.৪৬১ × ১০১২ কিলোমিটাৰ পথ।

৬। পৃথিৱী আৰু সূৰ্যৰ গড় দূৰত্ব কিমান ?

উত্তৰঃ পৃথিৱী আৰু সূৰ্যৰ গড় দূৰত্ব হ’ল – ১৪৯,৫৯৮,০০০ কিঃমিঃ।

৮। আমাৰ সৌৰজগতত গ্রহ কেইটা ?

উত্তৰঃ আমাৰ সৌৰজগতত গ্রহ ৮ টা ।

১০। গ্রহবোৰৰ উৎপত্তি কেতিয়া হৈছে ?

উত্তৰঃ গ্রহবোৰৰ উৎপত্তি প্ৰায় ৪.৬ বিলিয়ন বছৰ আগতে হৈছিল।

১১। আমাৰ সৌৰজগতত কি কি আছে ?

উত্তৰঃআমাৰ সৌৰজগতত আছে সূর্য (প্রধান), ৮ টা গ্ৰহ, ৬৩ টা চন্দ্ৰ, নিযুতৰ ওপৰত সৰু সৰু অংশ যাক গ্ৰহাণুপুঞ্জ কোৱা হয়, বহুতো ধূমকেতু আৰু অগণন ধূলিৰ কণিকা আৰু গেছীয় পদার্থ।

১২। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি ?

উত্তৰঃ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম হ’ল – চন্দ্ৰ ।

১৩। ১৮৩৮ চনত আৰম্ভণিতে পৃথিৱী আৰু চন্দ্ৰৰ বিষয়ে ছাৰ জৰ্জ ডাৰউইনে কি কৈছিল ?

উত্তৰঃ ১৮৩৮ চনত ছাৰ জৰ্জ ডাৰউইনে আৰম্ভণিতে পৃথিৱী আৰু চন্দ্ৰ এটা গ্ৰহ হিচাপে অতি বেগাই ঘূৰি আছিল। গোটেই জ্যোতিষ্কটো (গ্ৰহটো) ঘূৰোতে ঘূৰোতে ইয়াৰ দুটা মূৰ গধুৰ আৰু ডাঙৰ হৈ (dumb-v bell-shaped) মাজটো ক্রমে নিশকটীয়া হৈ পৰে আৰু শেষত ছিঙি যায়। প্ৰমাণ হিচাপে তেওঁ এইটোও কৈছে যে প্রশান্ত মহাসাগৰৰ এই খালটোৰ ঘাটি পদাৰ্থবোৰেৰে চন্দ্ৰটোৰ গাটো তৈয়াৰ হৈছে।

১। বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি সম্পর্কে খুব জনপ্রিয় মতবাদটোৰ নাম কি ? ইয়াৰ আন এটা নাম কি ?

 উত্তৰঃ বিশ্বব্ৰহ্মাণ্ডৰ উৎপত্তি সম্পর্কে খুব জনপ্রিয় মতবাদটোৰ নাম হ ‘ল –  বিগ বেং মতবাদ (Big Bang Theory)। ইয়াৰ আন এটা নাম হ’ল ‘বর্ধিত বিশ্বব্রহ্মাণ্ড মতবাদ’ (Expanding Universe Hypothesis)।

১৪। বিগ বেং মতবাদৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

(i) আৰম্ভণিতে বিশ্বব্রহ্মাণ্ডত থকা সকলো পদার্থই এটা সৰু বলৰ ৰূপত একে ঠাইতে থুপ খাই আছিল ৷ কল্পনাতিত ভাৱে ইয়াৰ আকাৰ সৰু আছিল যদিও ইয়াৰ উত্তাপ আৰু ঘনত্ব একেধৰণে বেছি আছিল ৷ (ii) এই সৰু বলটোৰ প্ৰবল শক্তিত বিস্ফোৰণ ঘটে। ফলত ইয়াৰ আকাৰ সাংঘাটিকভাৱে বাঢ়ি যায়। এতিয়া এহকথাটো সকলোৰে বাবে গ্ৰহণযোগ্য হৈছে যে বিগ বেং ঘটনা আজিৰ পৰা ১৩.৭ বিলিয়ন (মহাপদ্ম) বছৰৰ আগতে সংঘটিত হৈছিল। ইয়াৰ বহলি যোৱা কার্য (expansion) আজিও চলি আছে। ই যেতিয়া আকৃতিত বাঢ়ি গ’ল কিছুমান শক্তি পদাৰ্থলৈ ৰূপান্তৰ হ’ল । বিস্ফোৰণ ঘটাৰ এক ছেকেণ্ডতকৈও হাজাৰভাগ কম সময়ৰ ভিতৰত বহলি যোৱা কাৰ্য ধীৰ হৈ পৰে । বিগ বেং সংঘটিত হোৱাৰ প্ৰথম তিনি মিনিটৰ ভিতৰত প্রথম অণুটো গঠন হ’বলৈ ধৰে।

(iii) বিগ বেং সংঘটিত হোৱাৰ ৩০০,০০০ হাজাৰ বছৰৰ ভিতৰত উত্তাপ কমি হ’লগৈ মাত্র 4,500k (kelvin) বা কেলভিন আৰু এই সময়তে আনৱিক পদাৰ্থৰ সৃষ্টি হয়। বিশ্বব্ৰহ্মাণ্ড তেতিয়া স্বচ্চ আছিল ৷ বিশ্বব্ৰহ্মাণ্ডৰ বৃদ্ধি হোৱা মানে হ’ল তৰাৰ থুপবোৰৰ মাজৰ দূৰত্ব বাঢ়ি যোৱা। এইটো মতবাদৰ ঠিক ওলোটা মতবাদটো হ’ল ‘স্থিৰ অৱস্থাত থকা মতবাদ’। এই মতবাদটো হাউলিৰ মতবাদ (Hoyle’s Concept)। এই মতবাদ মতে বিশ্বব্রহ্মাণ্ড সকলো সময়তে প্রায় একে আছে। বৈজ্ঞানিকসকলে কিন্তু বিশ্বব্রহ্মাণ্ড বহলি থকা সম্পর্কে অধিক তথ্য প্রমাণ সংগ্ৰহ কৰিব পাৰিছে আৰু সেইকাৰণে বৈজ্ঞানিক মহলে (community) পৰিবৰ্দ্ধিত বিশ্বব্ৰহ্মাণ্ডৰ মতবাদটো অধিক গ্রহণীয় বুলি মানি ল’ব খোজে ।

১৫।পাৰ্থিব আৰু জোভিয়ান গ্ৰহবোৰৰ পাৰ্থক্য় লিখা ।

উত্তৰঃপাৰ্থিব আৰু জোভিয়ান গ্ৰহবোৰৰ পাৰ্থক্য় তলত উল্লেখ কৰা হ’ল -(i) পার্থিব গ্রহবোৰ সূৰ্যৰ ওচৰত থকা কাৰণে, অধিক উত্তাপ পায় যাৰ ফলত গেছবোৰ গোট মাৰিব নোৱাৰে। জোভিয়ান গ্রহবোৰ সূৰ্যৰ পৰা যথেষ্ট আঁতৰত অৱস্থান কৰিছে।

(ii) সূৰ্যৰ ওচৰত সৌৰ বতাহৰ প্রবলতা অতি বেছি আৰু সেই কাৰণে ই পার্থিব গ্রহবোৰৰ পৃষ্ঠভাগৰ পৰা বহু পৰিমাণৰ গেছ আৰু ধূলি উৰুৱাই লৈ যায় ৷ কিন্তু জোভিয়ান গ্রহবোৰ অতি বেছি দূৰত্বত থকা কাৰণে তাত এনে ঘটনা নঘটে । (iii) পার্থিব গ্রহবোৰ সৰু আকৃতিৰ হোৱা কাৰণে তাৰ মাধ্যাকর্ষণ শক্তি কম। সেয়েহে সৌৰবতাহে উৰুৱাই নিয়া গেছবোৰ ধৰি ৰাখিব নোৱাৰে ।

৭। পোহৰ বছৰত প্ৰকাশ কৰিলে ই কিমান হ’ব ?

উত্তৰঃ পোহৰ বছৰত প্ৰকাশ কৰিলে ই হ’ব ৮ ৩১১ ।

Post Id: DABP003411

Prabal konwar