SEBA Class 11 Geography Chapter 4 জলবায়ু Short Answer | চমু প্ৰশ্ন উত্তৰ |

চতুৰ্থ অধ্য়ায়

জলবায়ু

১৪) ভাৰতত শীতকাল কেতিয়াৰ পৰা আৰম্ভ হয়?

উত্তৰঃ নবেম্বৰ মাহৰ মাজভাগৰ পৰা।

২) লু বতাহ কেনেকুৱা?

উত্তৰঃ লু বতাহ গৰম, শুকান আৰু কষ্টদায়ক।

৩) ব্ৰহ্মপুত্ৰ উপত্য়কা আৰু কাষৰীয়া পৰ্বতবোৰত বৰষুণৰ মাত্ৰা কিমান?

উত্তৰঃ ২০০ ছে.মিটাৰতকৈও কম।

৪) ভাৰতবৰ্ষত গড় বৰষুণৰ পৰিমাণ কিমান?

উত্তৰঃ ১২৫ ছে.মি.।

৫) ফুল-ফুলা বৰষুণৰ ফলত কি হয়?

উত্তৰঃ ফুল-ফুলা বৰষুণৰ ফলত কেৰালা আৰু ইয়াৰ কাষৰীয়া ঠাইবোৰত থকা কফি গছবোৰে ফুল ফুলে আৰু কলি ধৰে।

৬) দিল্লীত শীতকালী গড় বৰষুণৰ পৰিমাণ কিমান হয়?

উত্তৰঃ ৫৩ মি.মিটাৰ।

৭) শীতকালী অৰুণাচল প্ৰদেশ আৰু অসমত বৰষুণৰ পৰিমাণ কিমান মিটাৰৰ ভিতৰত থাকে?

উত্তৰঃ ২৫-৫০ মি. মিটাৰৰ ভিতৰত থাকে।

৮) আৰব সাগৰেদি অহা মৌচুমী বতাহ কেইটা ভাগ হৈ ভাৰতত প্ৰৱেশ কৰে?

উত্তৰঃ তিনিটা ভাগ হৈ ভাৰতত প্ৰৱেশ কৰেহি।

৯)  অধিক বৰষুণ হোৱা অঞ্চল কেইটাৰ নাম লিখা।

উত্তৰঃ পশ্চিম উপকূল, পশ্চিম ঘাট পৰ্বত, হিমালয়ৰ নামনি অঞ্চল, উত্তৰ-পূব পাৰ্বত্য় অঞ্চল আৰু মেঘালয় মালভূমি।

১০) প্ৰত্য়াবৰ্তন মৌচুমী ঋতুত উত্তৰ ভাৰতৰ বতৰ কেনেকুৱা হয়?

উত্তৰঃ শুকান হয়।

১) ক্ৰান্তীয় ঘূৰ্ণীবতাহ ক’ত উৎপত্তি হয়?

উত্তৰঃ বংগ উপসাগৰ আৰু ভাৰত মহাসাগৰৰ পৃষ্ঠীয় অঞ্চলত উৎপত্তি হয়।

১১) বতৰ কাক বোলে?

উত্তৰঃ বায়ুমণ্ডলৰ দৈনিক গড় অৱস্থাক বতৰ বোলে।

১২) ইষ্টাৰ্লী জেট বতাহে ভাৰতত কি সৃষ্টি হৈছে?

উত্তৰঃ ক্ৰান্তীয় নিম্নচাপৰ সৃষ্টি কৰে।

১৩) ভাৰতত কেইটা বৰষুণ ধাৰণ প্ৰক্ৰিয়া দেখা যায়?

উত্তৰঃ ভাৰতত দুটা বৰষুণ ধাৰণ প্ৰক্ৰিয়া দেখা যায়।

২০) পশ্চিমা বতাহ ঘাইকৈ ক’ত প্ৰবাহিত হয়?

উত্তৰঃ অসম আৰু পশ্চিমবংগত।

১৫) ডিচেম্বৰ মাহৰ শেষৰফালে সূৰ্ষৰ ৰশ্মি দক্ষিণ গোলাৰ্দ্ধৰ ক’ত পৰে?

উত্তৰঃ দক্ষিণ গোলাৰ্দ্ধৰ মকৰ ক্ৰান্তি ৰেখাৰ ওপৰত লম্বভাৱে পৰে।

১৬) মৌচুমী বতাহে ভাৰতত কি হৈ প্ৰৱেশ কৰে?

উত্তৰঃ দুই ভাগত ভাগ হৈ প্ৰৱেশ কৰে। 

১৭) কিহৰ ওপৰত ভিত্তি কৰি জলবায়ু অঞ্চলবোৰ চিনাক্ত কৰা হৈছে?

উত্তৰঃ বতৰৰ ওপৰত ভিত্তি কৰি জলবায়ু অঞ্চলবোৰ চিনাক্ত কৰা হৈছে।

১৮) প্ৰত্য়াগমন মৌচুমী বতৰ বুলি কাক কোৱা হয়?

উত্তৰঃ অক্টোবৰ আৰু নবেম্বৰ মাহক মৌচুমী বতৰ বুলি কোৱা হয়।

১৯) খাচিয়া আৰু জয়ন্তীয়া পাহাৰৰ কোনো কোনো অংশত বৰষুণৰ পৰিমাণ কিমান হয়?

উত্তৰঃ ১০০০ ছে.মি. পৰ্য্য়ন্ত হয়।

১৯) জলবায়ু কাক বোলে?

উত্তৰঃ দীৰ্ঘকালজুৰি কোনো এখন ঠাইৰ বতৰৰ গড় অৱস্থাক জলবায়ু বোলে।

২৯) দক্ষিণ পশ্চিম মৌচুমী বতাহৰ দ্বাৰা হোৱা বৰষুণৰ পৰিমাণ ক’লকাটাত কিমান ছে.মি. হয়?

উত্তৰঃ ১১৯ ছে.মি. হয়।

২১) কোন অঞ্চলত লো বতাহৰ প্ৰকোপ বেছি হয়?

উত্তৰঃ দিল্লী আৰু পাটনাৰ মাজৰ অঞ্চলত লো বতাহৰ প্ৰকোপ বেছি হয়।

২২) বঙ্গোপসাগৰেদি অহা মৌচুমীবতাহজাকে প্ৰথমে ক’ত খুন্দা মাৰে?

উত্তৰঃ প্ৰথমে দক্ষিণ-পূব বাংলাদেশত থাকে। 

২৩) প্ৰত্য়াগমন দক্ষিণ-পশ্চিম মৌচুমী ঋতুৰ লক্ষণ কি?

উত্তৰঃ ফৰকাল আকাশ আৰু উত্তাপ বৃদ্ধি।

২৪) ভাৰতবৰ্ষৰ কৃষিৰ উন্নতি কাৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ সময়মতে আৰু পৰ্য্যপ্ত পৰিমাণে হোৱা বৰষুণৰ বিতৰণৰ ওপৰত।

২৫) পশ্চিম উপকূল, পশ্চিমঘাট পৰ্বত, উত্তৰ-পূব উপদ্বিপ আদিত বৰষুণৰ পৃথকতা কিমান?

উত্তৰঃ ২৫% তকৈ কম।

২৬) ভাৰতীয় কৃষিয়ে কি বতাহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰঃ দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ওপৰত নিৰ্ভৰ কৰে।

২৭) ভাৰতৰ বিভিন্ন অঞ্চলত থকা জলবায়ুৰ ভিন্নমতাই কিহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে?

উত্তৰঃ মানুহৰ খাদ্য়, পোছাক আৰু ঘৰৰ প্ৰকাৰবোৰ ভিন্ন হোৱাত প্ৰভাৱ বিস্তাৰ কৰিছে।

২৮) ভাৰতৰ জনসংখ্য়াৰ শতকাৰ ৬৪ ভাগে জীৱিকাৰ কাৰণে কিহৰ ওপৰত নিৰ্ভৰশীল?

উত্তৰঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল।

৩৪) সমমণ্ডলীয় ঘূৰ্ণীবতাহৰ ফলত উত্তৰ ভাৰতত শীতকালীন বৰষুণে কি হয়?

উত্তৰঃ ৰবি খেতিৰ বহুত উপকাৰ কৰে।

৩০) কোনখন ঠাইত পৃথিৱীৰ ভিতৰতে গড় বৰষুণৰ পৰিমাণ বেছি?

উত্তৰঃ খাচিয়া পাহাৰত অৱস্থিত মৌচিনৰাম।  

৩১) ভাৰতত পৰম্পৰামতে বছৰটোক কিহত ভাগ কৰা হৈছে?

উত্তৰঃ ছয়টা ঋতুত ভাগ কৰা হৈছে।

৩২) কোন অঞ্চলত তুষাৰ পৰে?

উত্তৰঃ অকল হিমালয় পাৰ্বত্য় অঞ্চলত তুষাৰ পৰে।

৩৩) হঠাতে অহা মৌচুমী বতাহৰ ফলত ভাৰতত কি হয়?

উত্তৰঃ ধাৰসাৰ বৰষুণ হৈ ভাৰতৰ অনেক ঠাইত মাটি খহনীয়াৰ সৃষ্টি কৰে। 

৪০) ভাৰতৰ জলবায়ু কিহৰ দ্বাৰা নিয়ন্ত্ৰিত হয়?

উত্তৰঃ বহুতো কাৰকৰ দ্বাৰা নিয়ন্ত্ৰিত হয়।

৩৫) দক্ষিণ-পশ্চিম মোচুমী বতাহৰ দ্বাৰা হোৱা বৰষুণৰ পৰিমাণ এলাবাদত কিমান হয়?

উত্তৰঃ ৭৬ ছে.মি.।

৩৭) কালবৈশাখী বতাহক অসমত কি বুলি কোৱা হয়?

উত্তৰঃ বৰদৈচিলা।

৩৮) শীতকালত ভাৰতৰ ওপৰত অহা বতৰৰ অৱস্থা কেনেকুৱা হয়?

উত্তৰঃ অতি আমেজ লগা হয়।

৩৯) সেউজ গৃহ গেছ কাক বোলে?

উত্তৰঃ যিবিলাক গেছে বায়ুমণ্ডলৰ তাপ শোষণ কৰে সেই গেছবিলাকক সেউজ গৃহ গেছ বোলা হয়।

৩৬) গ্ৰীষ্ম ঋতুত দক্ষিণ ভাৰতৰ বতৰৰ অৱস্থা কিমান হয়?

উত্তৰঃ মৃদু।

Type- Chinmay Kakati

(Morigaon Assam)

Post ID : DABP003484