SEBA Class 11 Geography Chapter 5 প্ৰাকৃতিক উদ্ভিদ Short Answer | চমু প্ৰশ্ন উত্তৰ |

 প্ৰাকৃতিক উদ্ভিদ

পঞ্চম অধ্য়ায়


১৩) নন্দাদেবী জৈৱ সংৰক্ষিত অঞ্চলটো ক’ত আছে?

উত্তৰঃ উত্তৰাঞ্চল ৰাজ্য়ত।

২) ক্ৰান্তীয় কাইটীয়া হাবি ক’ত দেখা যায়?

উত্তৰঃ যিবোৰ অঞ্চলত বৰষুণৰ মাত্ৰা ৫০ চে.মি.তকৈ কম, সেইবোৰ অঞ্চলত ক্ৰান্তীয় কাইটীয়া হাবি দেখা যায়।

৩) দক্ষিণৰ পাৰ্বত্য় হাবিত কেইটা প্ৰধান অঞ্চল দেখিবলৈ পোৱা যায়?

উত্তৰঃ তিনিটা প্ৰধান অঞ্চল দেখিবলৈ পোৱা যায়।

৪) হাতী প্ৰকল্প কিমান চনত আৰম্ভ হৈছিল?

উত্তৰঃ ১৯৯২ চনত।

৫) ব্যঘ্ৰ প্ৰকল্প কিমান চনৰ পৰা প্ৰজোয্য় কৰা হৈছে?

উত্তৰঃ ১৯৭৩ চনৰ পৰা প্ৰযোজ্য় কৰা হৈছে।

৬) ৰাজস্থানৰ মৰু আৰু অৰ্দ্ধমৰু অঞ্চলত কেনেধৰণৰ উদ্ভিদ আছে?

উত্তৰঃ কাইটীয়া গছ, সৰু জোপোহা গছ আৰু কেক্টাছ জাতীয় উদ্ভিদ আছে।

৭) ভাৰতবৰ্ষত মুঠতে জলাহ হাবিয়ে কিমান কিলোমিটাৰ ঠাই আগুৰি আছে।

উত্তৰঃ ৬৭৪০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি আছে।

৮) পাৰ্বত্য় হাবিক কেই প্ৰকাৰত ভাগ কৰিব পাৰি আৰু কি কি? 

উত্তৰঃ পাৰ্বত্য় হাবিক দুই প্ৰকাৰত ভাগ কৰিব পাৰি- উত্তৰৰ পাৰ্বত্য় হাবি আৰু দক্ষিণৰ পাৰ্বত্য় হাবি।

৯)  আন্তৰ্জাতিক সন্মিলন কাক বোলে?

উত্তৰঃ ইউনাইতেড্ নেচনৰ সদষ্য ৰাষ্ট্ৰবোৰৰ মাজত হোৱা চুক্তিক আন্তৰ্জাতিক সন্মিলন বোলা হয়।

১) চাৰিটা সংৰক্ষিত অঞ্চলৰ নাম লিখা।

উত্তৰঃ নিলগীৰি, নন্দাদেবী, সুন্দৰবন আৰু মান্নাৰ উপসাগৰীয় অঞ্চল।

১১) ভাৰতবৰ্ষৰ জলাহ ভূমিক কেইটা ভাগত ভগোৱা হৈছে?

উত্তৰঃ ভাৰতবৰ্ষৰ জলাহ ভূমিক ৮ টা ভা্গত ভগোৱা হৈছে।

১২) কিহৰ কাৰণে হাতী প্ৰকল্প আৰম্ভ কৰা হৈছিল?

উত্তৰঃ হাতীৰ জনসংখ্যা বৃদ্ধি কৰিবৰ কাৰণে হাতী প্ৰকল্প আৰম্ভ কৰা হৈছিল।

৪০) ভাৰতত কিমানখন বনৰীয়া জীৱৰ সংৰক্ষিত অঞ্চল আছে?

উত্তৰঃ ৪৯২ খন।

১৪) সুন্দৰবন জৈৱ সংৰক্ষিত অঞ্চলৰ মুঠ মাটিকালি কিমান?

উত্তৰঃ সুন্দৰবন জৈৱ সংৰক্ষিত অঞ্চলৰ মুঠ মাটিকালি হৈছে-  ৯৬৩০ বৰ্গ কিলোমিটাৰ।

১৫) ভাৰতবৰ্ষত আটাইতকৈ বেছিকৈ থকা হাবিয়নি কি?

উত্তৰঃ ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদ।

৩৭) সুন্দৰ বনত পোৱা হেৰিটিয়াম ফম নামৰ গছবোৰ কিহৰ কাৰণে বৰ মূল্য়বান?

উত্তৰঃ কাঠৰ কাৰণে বৰ মূল্য়বান।

১৭) জলাহ ভূমিৰ মুঠ পৰিমাণ কিমান?

উত্তৰঃ ৩.৯ নিযুত হেক্টৰ।

১৮) বনৰীয়া জীৱ-জন্তুৰ সংখ্যা কমি যোৱা এটা মূখ্য় কাৰণ লিখা।

উত্তৰঃ শিল্প আৰু প্ৰযুক্তিবিদ্য়াৰ উন্নতিৰ ফলত, হাবিবোৰৰ পৰা অধিক সম্পদ আহৰণ কৰিবলৈ লোৱা কাৰ্য।

১৯) সুন্দৰবন জৈৱ সংৰক্ষিত অঞ্চল ক’ত অৱস্থিত?

উত্তৰঃ সুন্দৰবন জৈৱ সংৰক্ষিত অঞ্চল পশ্চিমবংগৰ গংগা নদীৰ মোহনাত অৱস্থিত।

২০) ভাৰতবৰ্ষথ মুঠতে কেইখন সংৰক্ষিত অঞ্চল আছে?

উত্তৰঃ ভাৰতবৰ্ষত মুঠতে ১৪খন সংৰক্ষিত অঞ্চল আছে।

২১) মান্নাৰ উপসাগৰ জৈৱ সংৰক্ষিত অঞ্চলৰ ভিতৰত কেইটা দ্বীপ আছে?

উত্তৰঃ মান্নাৰ উপসাগৰ জৈৱ সংৰক্ষিত অঞ্চলৰ ভিতৰত ২১টা দ্বীপ আছে।

২২) কিমান চনত এখন সম্পূৰ্ণ বনৰীয়া জীৱ-জন্তু আইন প্ৰৱৰ্তন কৰা হৈছিল?

উত্তৰঃ ১৯৭২ চনত।

২৩) গ্ৰাম্য় বনানীকৰণৰ জৰিয়তে কি কৰা হৈছে?

উত্তৰঃ বনজ কৃষি আৰু জনগোষ্ঠীয় হাবিৰ বৃদ্ধি কৰা হৈছে।

২৪) জাতীয় কৃষি আয়োগে কিমান চনত সমাজিক বনানীকৰণক তিনিটা ভাগত বিভক্ত কৰিছিল?

উত্তৰঃ ১৯৭৬ চনত।

২৫) পৌৰ বনানীকৰণৰ দ্বাৰা কি কৰা হয়?

উত্তৰঃ পৰি থকা ৰাজহুৱা মাটিত আৰু ব্যক্তিগত মাটিত গছ ৰোৱা আৰু পৰিচালনা কৰা কাৰ্য্যত মনোনিবেশ কৰা হয়।

২৬) ১৯৭২ চনত ভাৰতত বাঘৰ সংখ্যা কিমান আছিল?

উত্তৰঃ ১৮২৭।

২৭) ভাৰতবৰ্ষত মুঠতে কিমানখন সংৰক্ষিত অঞ্চল আছে?

উত্তৰঃ ১৪ খন।

২৮) কিমানখন ৰাজ্য়ত হাতী প্ৰকল্প চলোৱা হৈছে?

উত্তৰঃ ১৩খন ৰাজ্য়ত হাতী প্ৰকল্প চলোৱা হৈছে।

২৯) মৌচুমীয় হাবি কাক বোলা হয়?

উত্তৰঃ ক্ৰান্তীয় পৰ্ণপাতী উদ্ভিদক মৌচুমীয় হাবি বোলা হয়।

৩০) ৰাজস্থান ৰাজ্য়ৰ পশ্চিম আৰু দক্ষিণ অংশত উদ্ভিদৰ আবৰণ অতি পাতল কিয়?

উত্তৰঃ বৰষুণ আৰু অধিক চৰণীয়া কাৰ্য্য়ৰ কাৰণে।

৩১) ক্ৰান্তীয় কাইটীয়া গছৰ হাবি থকা অঞ্চলবোৰৰ নাম লিখা।

উত্তৰঃ দক্ষিণ পশ্চিম পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, গুজৰাট, মধ্য় প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ অৰ্দ্ধ-শুষ্ক অঞ্চলবোৰ।

৩২) ভাৰতবৰ্ষৰ কিমান শতাংশ জলাহ বনত ধান খেতি কৰা হয়?

উত্তৰঃ ৭০ শতাংশত।

৩৩) জলাহ হাবিবোৰ ক’ত উৎপত্তি হয়?

উত্তৰঃ জলাহ হাবিবোৰ লুণীয়া পানীৰ ঠাইত, জোৱাৰভাটাৰ ঠাইত, বোকাময় ঠাইত আৰু নদীমোহনাত উৎপত্তি হয়।

৩৪) গোষ্ঠীয় বননীকৰণৰ দ্বাৰা কি কৰা হয়?

উত্তৰঃ গোষ্ঠীয় বননীকৰণৰ দ্বাৰা গোষ্ঠীৰ সমূহ জনতাকে উপকৃত কৰিবলৈ যত্ন কৰা হয়।

৩৫) সুন্দৰবন জৈৱ সংৰক্ষিত অঞ্চলত কি কি আছে?

উত্তৰঃ জলাহ হাবি, জলাহ ঠাই, আৰু হাবিয়নী দ্বীপবোৰ আছে।

৩৬) দক্ষিণ ভাৰতত থকা ফুল থকা গছবোৰৰ কিমান  শতাংশ অকল নিলগিৰি জৈৱ সংৰক্ষিত অঞ্চলতে আছে?উত্তৰঃ ৮০ শতাংশ।

১০) পৰ্ণপাটী উদ্ভিদবোৰ ক’ত আছে?

উত্তৰঃ পৰ্ণপাটী উদ্ভিদবোৰ হিমালয়ৰ পাদদেশত আছে।

৩৮) নন্দাদেবী জৈৱ সংৰক্ষিত অঞ্চলে সামৰি লোৱা ঠাইবোৰৰ নাম লিখা।

উত্তৰঃ চামল, আলমোৰা, পিথোৰগৰ, বাগেশ্বৰ।

৩৯) কিহৰ ওপৰত নিৰ্ভৰ কৰি ভাৰতবৰ্ষৰ প্ৰাকৃতিক উদ্ভিদ অঞ্চলভেদে বেলেগ বেলেগ হয়?

উত্তৰঃ জলবায়ু আৰু মাটিৰ ওপৰত নিৰ্ভৰ কৰি।

১৬) হিমালয়ৰ পশ্চিম অংশত দেখা পোৱা এবিধ মূল্য়ৱান গছৰ নাম লিখা।

উত্তৰঃ দেৱদাৰু।


Author: Chinmay Kakati

Post Id: DABP003664