SEBA Class 11 Geography Chapter 5 মনিক আৰু শিলা Short Answer | চমু প্ৰশ্ন উত্তৰ |

 Chapter 5

মনিক আৰু শিলা

১২। অস্তৰীভূত শিলা কাক বোলে ?

উত্তৰঃ আগ্নেয় শিলাৰ পৰাই অন্যান্য শিলাসমূহ সৃষ্টি হয়। এই শিলাত কোনো স্তৰ (strata) নাথাকে। সেয়েহে ইয়াক অস্তৰীভূত শিলা বোলে।

১। পৃথিৱীৰ প্ৰধান উপাদানবোৰ কি কি 

উত্তৰঃ পৃথিৱীৰ প্ৰায় ৯৮ শতাংশই আঠবিধ প্রধান উপাদানেৰে গঠিত। সেইবোৰ হ’ল— অক্সিজেন, চিলিকন, এলুমিনিয়াম, লৌহ, কেলছিয়াম, ছ’ডিয়াম, পটাছিয়াম আৰু মেগনেছিয়াম,। বাকী ২ শতাংশ টিটেনিয়াম, হাইড্ৰ’জেন, ফচফ’ৰাচ, মেংগানিজ, গন্ধক (Sulphur), কাৰ্বন, আৰু অন্যান্য উপাদানেৰে গঠিত।

২। মানিক কাক বোলে ?

উত্তৰঃ ভূ-পৃষ্ঠৰ কোনো উপাদানেই শুদ্ধ ৰূপত পোৱা নাযায়, এইবোৰ অন্যান্য উপাদানৰ স’তে যৌগ হৈ থাকে । এই উপাদানবোৰক মনিক (minerals) বোলে।

৩। মানিক কি ?

উত্তৰঃ মনিক হ’ল – প্রাকৃতিকভাৱে উপলব্ধ জৈৱিক আৰু অজৈৱিক উপাদানেৰে গঠিত, ক্ৰমাগতভাৱে পৰমাণুযুক্ত, নিৰ্দ্দিষ্ট ৰাসায়নিক গঠন সমৃদ্ধ আৰু প্রাকৃতিক বৈশিষ্ট্যযুক্ত পদার্থ। মণিক দুটা নাইবা ততোধিক উপাদানেৰে গঠিত। কিন্তু কেতিয়াবা একক উপাদান যুক্তও হব পাৰে । যেনে – গন্ধক তাম , ৰূপ, সোণ, গ্ৰাফাইট ইত্য়াদি ।

৪।পৃথিৱীৰ খোলাটোত বৰ্তমানলৈ কিমান বিধ মণিক চিনাক্তকৰণ কৰা হৈছে আৰু কি কি ?

উত্তৰঃ পৃথিৱীৰ খোলাটোত বৰ্তমানলৈ প্ৰায় ২০,০০০ বিধ মণিক চিনাক্তকৰণ কৰি নামাকৰণ কৰা হৈছে, কিন্তু ইয়াৰ , ভিতৰত প্ৰায় ৬ বিধমান মূখ্যতঃ শিলা গঠনৰ স’তে জড়িত।

৫। মনিকৰ মূল উৎস কি ?

উত্তৰঃ মনিকৰ মূল উৎস হ’লপৃথিৱীৰ অভ্য়ন্তৰ ভাগত থকা মেগমা । মেগমা – চেঁচা হ’লে ইয়াত মনিকৰ স্ফটিক গঠন হয় আৰু পৰ্যায়ক্রমে সেইবোৰ গোটমাৰি শিলা গঠনত সহায়ক হয়। কয়লা, খনিজ তেল আৰু প্ৰাকৃতিক গেছ জৈৱিক পদাৰ্থ আৰু এইবোৰ ক্ৰমে গোটা, জুলীয়া আৰু গেছীয় অৱস্থাত পোৱা যায়।

২০। স্পর্শ সংযোগ ৰূপান্তৰ কাক বোলে ?

উত্তৰঃ উত্তাপজনিত কাৰকৰ প্ৰভাৱত শিলাৰ ধৰণৰ ৰূপান্তৰক তাপ জনিত ৰূপান্তৰণ বা স্পর্শ সংযোগ ৰূপান্তৰ বোলে।

৭। শিলা কাক বোলে ? উদাহৰণ দিয়া ।

উত্তৰঃ যিবোৰ কঠিন পদাৰ্থ ভূত্বক গঠিত সেইবোৰক সামগ্ৰিকভাৱে শিলা বুলি কোৱা হয়।

    উদাহৰণস্বৰূপে – মাৰ্বল ।

৮। উৎপত্তিৰ ওপৰত নিৰ্ভৰ কৰি শিলাক কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ উৎপত্তিৰ ওপৰত নিৰ্ভৰ কৰি শিলাক তিনিটা ভাগত ভাগ কৰা হৈছে । সেইবোৰ হৈছে –

(ক) আগ্নেয় বা প্ৰথামিক শিলা ( Igneous or primary rocks ).

(২) গোদী বা স্তৰীভূত শিলা ( Sedimentary rocks ).

(৩) ৰূপান্তৰিত শিলা ( Metamorphic rocks ).

৯। আগ্নেয়শিলা সৃস্টিৰ তাৰতম্য় অনুসৰি কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ আগ্নেয়শিলা সৃস্টিৰ তাৰতম্য় অনুসৰি দুই প্ৰকাৰৰ আৰু

(ক) বহিৰ্ভেদী আগ্নেয়শিলা ।

(খ) অন্তৰ্ভেদী আগ্নেয়শিলা ।

১০।আগ্নেয় শিলা কাক বোলে ?

উত্তৰঃ কেতিয়াবা জ্বালামুখী বা বিদৰেদি উষ্ণ আৰু গলিত পদাৰ্থ বাহিৰলৈ নিৰ্গত হৈ ভূ-পৃষ্ঠত প্রবাহিত হয়। এয়াই হ’ল লাভা। এই লাভা বায়ুমণ্ডলৰ সংস্পৰ্শলৈ আহি ঘনীভূত হৈ শীতল হয় আৰু শিলালৈ ৰূপান্তৰিত হয়। সেয়েহে এই শিলাক আগ্নেয় শিলা বোলে।

১১। অন্তর্ভেদী আগ্নেয়শিলা কাক বোলে ?

উত্তৰঃ জ্বালামুখী বা গভীৰ বিদৰেদি ভূগৰ্ভৰ পৰা ওলাই অহা গলিত পদাৰ্থ ভূপৃষ্ঠলৈ ওলাই আহিব নোৱাৰি ভূগৰ্ভতেই শিলৰ ফাকত জমা হয় আৰু লাহে লাহে শীতল আৰু কঠিন হৈ শিলাত পৰিণত হয়। ইয়াকেই অন্তর্ভেদী আগ্নেয়শিলা বোলে।

৬। পৃথিৱীৰ ওপৰৰ স্তৰটোৰ নাম কি ?

উত্তৰঃ পৃথিৱীৰ ওপৰৰ স্তৰটোৰ নাম হ’ল – খোলা বা ভূত্বক ।

১৩। শিলাকৰণ কাক বোলে ?

উত্তৰঃ কালক্ৰমত ওপৰৰ অৱক্ষেপনৰ চাপ, ভূ-গৰ্ভৰ উত্তাপ আৰু জীৱদেহৰ অৱশিষ্ট অংশৰ উপৰিও চূণশিল, চিলিকা, লৌহ পদার্থ আদিৰ সংযোজনৰ ফলত গেদবোৰ কঠিন হৈ শিলাত পৰিণত হয়। এই সমগ্ৰ প্ৰক্ৰিয়াটোক প্ৰস্তৰীভৱন বা শিলাকৰণ (Lithification) বোলা হয়।

১৪। বহিৰ্ভেদী আগ্নেয় শিলা কাক বোলে ?

উত্তৰঃ অগ্ন্যুৎপাতৰ সময়ত উতপ্ত আৰু গলিত মেগমা ভূ-গৰ্ভৰ পৰা ওলাই আহি ভূ-পৃষ্ঠত সঞ্চিত হয় আৰু উন্মুক্ত পৰিৱেশত স্বাভাৱিক তাপ আৰু চাপৰ প্ৰভাৱত ক্ৰমে শীতল হৈ শিলাত পৰিণত হয়। ইয়াকেই বহির্ভেদী আগ্নেয় শিলা বোলে।

১৫। গঠনৰ ধৰন অনুযায়ী গোদীয় শিলাক কেইটা ভাগত ভাগ কৰা হৈছে ?

উত্তৰঃ গঠনৰ ধৰন অনুযায়ী গোদীয় শিলাক তিনিটা ভাগত ভাগ কৰা হৈছে ।

সেইবোৰ হৈছে –

(i) ভৌতিক প্ৰক্ৰিয়াৰে গঠিতঃ যেনে বালিশিল, চূণশিল, কংগ্ল’মাৰেট, ছেল (Shale), ল’ৱেছ ইত্যাদি।

(ii) জৈৱিক প্ৰক্ৰিয়াৰে গঠিতঃ যেনে কয়লা, চূণশিল, চ’ক, গেইচৰাইট ইত্যাদি ।

(iii) ৰাসায়নিক প্ৰক্ৰিয়াৰে গঠিতঃ চার্ট, চূণশিল, হেলাইট, পটাচ আদি শিলা ৰাসায়নিক প্ৰক্ৰিয়াৰে গঠিত হোৱা শিলাৰ উদাহৰণ ।

১৬। স্তৰীভূত শিলা কাক বোলে ?

উত্তৰঃ আৰম্ভণিতে গেদবোৰ তৰপা – তৰপে জমা হয় কাৰণে শিলা গঠনৰ পিছতো এই তৰপবোৰ থাকি যায়। গেদীয়শিলাৰ স্তৰায়নতল সু – নিৰ্দ্দিস্ট থাকে । সেয়েহে ইয়াক স্তৰীভূত শিলা বোলে ।

১৭।গঠন আৰু দানাৰ আকৃতি অনুযায়ী গেদীয় শিলাক কেইটা ভাগত ভাগ কৰিবপাৰি ?

উত্তৰঃগঠন আৰু দানাৰ আকৃতি অনুযায়ী গেদীয় শিলাক প্ৰধানকৈ পাঁচটা ভাগত ভগাব পাৰি ।

সেইবোৰ হ’ল –

(i) চূর্ণময় শিলা (Calcareous rocks), যেনে চূণশিল, ড’ল’মাইট ইত্যাদি। (ii) কার্বনযুক্ত শিলা (carbonaceous rocks) যেনে- পিট, লিগনাইট, বিটুমিনাচ, এনথ্রাচাইট আদি ৷ (iii) মৃন্ময় শিলা (Argillaceous rocks) বালিশিল, ছেল ইত্যাদি (iv) বালিময় শিলা (Sandstone) আৰু (v) স্থূলশিলা (Rudaceous rocks) – কংগ্ল’মাটে, ব্রেচিয়া ইত্যাদি।

১৮।ৰূপান্তৰিত শিলা কি ?

উত্তৰঃৰূপান্তৰিত শব্দৰ অৰ্থ হ’ল ৰূপৰ পৰিৱৰ্তন (Change of form)। আগ্নেয় আৰু গেদীয় শিলা যদি ভূ-আন্দোলন বা আন কিবা কাৰণত ভূ-ত্বকত বহুবছৰ ধৰি চেপা খাই থাকে তেন্তে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন হয় আৰু একপ্ৰকাৰ নতুন শিলালৈ ৰূপান্তৰিত হয়। বিৱৰ্ত্তনিক শক্তি নাইবা অগ্ন্যুৎপাতৰ ফলত সৃষ্টি হোৱা তাপ আৰু চাপেও শিলাক ৰূপান্তৰিত কৰিব পাৰে। কেতিয়াবা আকৌ ৰূপান্তৰিত শিলাও ৰূপান্তৰ প্ৰক্ৰিয়াৰ ফলত এক নতুন শিলালৈ পৰিৱৰ্তন হয়। যেনে— গ্ৰেনাইটৰ পৰা নিছ (gnciss), চিষ্ট; বোকাশিলৰ পৰা শ্ৰেট (slate); কোৱাৰ্টজাইট, জৈৱিক দ্ৰব্যৰ পৰা গ্লেফাইট ইত্যাদি।

১৯। স্থানীয় ৰূপান্তৰ কাক বোলে ?

উত্তৰঃ অগ্ন্যুৎপাতৰ সময়ত উদগীৰণ হোৱা মেগমা আৰু লাভাৰ তাপ আৰু চাপৰ প্ৰভাৱত পার্শ্বস্থিত শিলাৰ ৰূপান্তৰ ঘটে। স্বল্পস্থানত সীমাবদ্ধ হোৱা হেতুকে ইয়াক স্থানীয় ৰূপান্তৰ (Local metamorphism) বোলে।

২৫। ভূত্বকৰ কিমান শতাংশ পাইৰ ‘ ক্সিনেৰ উপাদানৰে গঠিত ?

উত্তৰঃ ১০ শতাংশ ।

২১।তাপজাতীয় ৰূপান্তৰ কাক বোলে ?

উত্তৰঃগিৰিজনি আন্দোলনৰ সময়ত শিলাৰ দুয়োকাষে উদ্ভৱ হোৱা প্ৰবল পীড়ন (Stress) শক্তি বা বলৰ প্ৰভাৱত শিলাত ৰূপান্তৰ ঘটে। এনেধৰণৰ তাপ আৰু চাপৰ প্ৰভাৱত হোৱা ৰূপান্তৰক তাপজাতীয় ৰূপান্তৰবোলে।

২৩। শৈল তৰপ কাক বোলে ?

উত্তৰঃ কোনো ক্ষেত্ৰত স্ব-বর্গীয় খনিজাত দ্রব্য বা পদার্থসমূহ ইটোৰ পিছত সিটোক পাতল বা ডাঠ তপা তৰপে বিন্যাস হোৱা দেখা যায়। এনে স্ব-বৰ্গীয় তৰপবোৰ পাতল নাইবা ডাঠ চিহ্ন হিচাপে শিলাত স্পষ্টকৈ দেখা যায়। ইয়াকেই শৈল তৰপ বোলে।

২৪। এমফিব ‘ লৰ মূল উপাদান কি ?

উত্তৰঃ এমফিব ‘ লৰ মূল উপাদানহ’ল – কেলছিয়াম , চিলিকা , লৌহ , মেগনেছিয়াম আৰু এলুমিনিয়াম ।

২২। ফ’লিয়েচন কাক বোলে ?

উত্তৰঃ ৰূপান্তৰণৰ সময়ত অত্যাধিক চাপৰ প্ৰভাৱত আগ্নেয় আৰু গেদীয় শিলাৰ দানা বা খনিজ দ্রব্য বিলাক পিষ্ট হৈ তৰপ বা ৰৈখিকভাৱে অৱস্থান কৰা দেখা যায়। ইয়াকেই বালিশিল, পত্ৰিত বা ফ’লিয়েচন বোলে।

Post Id: DABP003667

Prabal konwar