SEBA Class 12 Education Book Chapter 2 অগতানুগতিক শিক্ষা Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

অগতানুগতিক শিক্ষা

Chapter 2

১। শিক্ষাৰ ভাগ কেইটাৰ নাম লিখা। 

উত্তৰঃ আনুষ্ঠানিক , অনানুষ্ঠানিক আৰু অগতানুগতিক শিক্ষা।

২। অনানুষ্ঠানিক শিক্ষাৰ প্রধান মাধ্যম কি আছিল? 

উত্তৰঃ পৰিয়াল। 

৩। অগতানুগতিক শিক্ষা শিক্ষাকেন্দ্রীক নােহােৱাৰ কাৰণ কি আছিল? 

উত্তৰঃ শিক্ষার্থীকেন্দ্রীক হােৱাৰ কাৰণে। 

৪। দূৰ শিক্ষা আৰু শিক্ষাৰ কোনটো প্ৰকাৰৰ অন্তর্ভুক্ত? 

উত্তৰঃ অগতানুগতিক শিক্ষাৰ। 

৫। আনুষ্ঠানিক শিক্ষা ব্যৱস্থাৰ দ্বাৰা উপকৃত হ’ব নােৱাৰাসকলৰ বাবে ভাৰত চৰকাৰে উদ্ভাৱন কৰা সমান্তৰাল শিক্ষা ব্যৱস্থাৰ নাম কি? 

উত্তৰঃ অগতানুগতিক শিক্ষা। 

৬। আনুষ্ঠানিক শিক্ষাৰ প্রধান কাৰণ দুটা কি কি? 

উত্তৰঃ অপচয় আৰু স্থবিৰতা। 

৭। নাগালেণ্ডৰ মুক্ত বিশ্ববিদ্যালয়খনৰ নাম কি আছিল?

উত্তৰঃ গ্লোবেল অপেন ইউনিভার্সিটি। 

৮। নেতাজী সুভাষ মুক্ত বিশ্ববিদ্যালয় ক’ত অৱস্থিত ? 

উত্তৰঃ কলকতা, পশ্চিমবংগ। 

৯। ৰাজস্থানৰ মুক্ত বিশ্ববিদ্যালয়খন কোন চহৰত অৱস্থিত হয়?

উত্তৰঃ কোট চহৰত। 

১০। ইন্দিৰা গান্ধী জাতীয় মুক্ত বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হয়? 

উত্তৰঃ ১৯৮৫ চনত। 

১১। মুক্ত বিদ্যালয়ৰ শিক্ষার্থী কোন হ’ব পাৰে? 

উত্তৰঃ আগ্রহী অথচ শিক্ষা আধৰুৱা কৰি কৰ্মত ব্যস্ত হােৱা প্ৰতিগৰাকী ব্যক্তিয়ে মুক্ত বিদ্যালয়ৰ শিক্ষার্থী হ’ব পাৰে।

১২। দূৰত্ব শিক্ষাত মুখামুখি সংযােগ কাৰ্যসূচীৰ অৱকাশ আছেনে ? 

উত্তৰঃ আছে। 

১৩৷ দূৰ শিক্ষা বুলিলে কি বুজা? 

উত্তৰঃ দূৰ শিক্ষা বুলিলে দূৰৰ পৰা প্ৰদান কৰা শিক্ষাকে বুজায়। 

১৩। কিমান বয়সৰ পাছত কোনাে ব্যক্তিয়ে মুক্ত বিশ্ববিদ্যালয়ত শিক্ষার্থী হ’ব পাৰে ? 

উত্তৰঃ ২১ বছৰৰ পাছত। 

১৫। অগতানুগতিক শিক্ষা ব্যৱস্থাত কিমান বছৰ বয়সৰ পৰা ল’ৰা – ছােৱালীক ধৰা হয়  

উত্তৰঃ ৮ বছৰৰ পৰা ১৪ বছৰ বয়সলৈ। 

১৬। দূৰ শিক্ষাৰ ধাৰণা প্রথমতে ব্যৱহাৰ কৰিছিল 

উত্তৰঃ কিগান (Keegan) নামৰ চিন্তাবিদগৰাকীয়ে ।

১৭। দূৰত্ব শিক্ষাত ৰেডিঅ’ আৰু টেলিভিচনৰ ব্যৱহাৰ কৰা হয়নে? 

উত্তৰঃ কৰা হয়। 

১৮। অনানুষ্ঠানিক শিক্ষাৰ এটা বৈশিষ্ট্য লিখা। 

উত্তৰঃ ইয়াত প্ৰৱেশ কৰিবলৈ কোনাে নির্ধাৰিত সময় আৰু ওলাবলৈ কোনে নির্ধাৰিত সময় বান্ধি দিয়া নাথাকে। 

১৯। নালন্দা মুক্ত বিশ্ববিদ্যালয় কোনখন চহৰত অৱস্থিত? 

উত্তৰঃ বিহাৰৰ পাটনা। 

২০। অগতানুগতিক শিক্ষাই শিক্ষার্থীৰ সৰ্বাংগীণ বিকাশ সাধন কৰিব নোৱাৰে । 

উত্তৰঃ শুদ্ধ। 

অগতানুগতিক শিক্ষাৰ কোনাে নির্ধাৰিত পাঠ্যক্রম নাই । 

উত্তৰঃ অশুদ্ধ। 

২১। অগতানুগতিক শিক্ষা সকলােধৰণৰ অনমনীয়তাৰ পৰা মুক্ত।

উত্তৰঃ শুদ্ধ।

২২। দূৰ শিক্ষা হ’ল শিক্ষার্থীকেন্দ্রিক । 

উত্তৰঃ শুদ্ধ। 

২৩। অগতানুগতিক শিক্ষাই স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত শিশুসকলক শিক্ষা দিয়াৰ সুবিধা আগবঢ়াইছে । 

উত্তৰঃ শুদ্ধ।

২৪। অগতানুগতিক শিক্ষা প্রয়ােজনভিত্তিক শিক্ষা নহয় । 

উত্তৰঃ অশুদ্ধ। 

২৫। অগতানুগতিক শিক্ষা হ’ল জীৱনব্যাপী চলা প্ৰক্ৰিয়া।

উত্তৰঃ অশুদ্ধ। 

২৬। দূৰ শিক্ষা হ’ল সদায় মুক্ত। 

উত্তৰঃ শুদ্ধ। 

(b) চমু উত্তৰ দিয়া (এটা বাক্যৰ ভিতৰত)ঃ 

১। বিশ্বৰ ভিতৰত দ্বিতীয় বৃহৎ বিশ্ববিদ্যালয়খনৰ নাম লিখা? 

উত্তৰঃ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়, নতুন দিল্লী। 

২। আনুষ্ঠানিক আৰু অগতানুগতিক শিক্ষাৰ মাজৰ এটা পার্থক্য উল্লেখ কৰা। 

উত্তৰঃ আনুষ্ঠানিক শিক্ষাৰ পৰিসৰ সীমিত আনহাতে, অগতানুগতিক শিক্ষাৰ পৰিসৰ বহল। 

৩। অসমৰ প্ৰথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা। 

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়। 

৪। বিশ্বৰ ভিতৰত আটাইতকৈ বৃহৎ মুক্ত বিশ্ববিদ্যালয়ৰ নাম কি আছিল? 

উত্তৰঃ চীন দেশৰ টেলিভিছন মুক্ত বিশ্ববিদ্যালয়। 

৫। দিল্লী বিশ্ববিদ্যালয়ে কিমান চনত যােগাযােগ পাঠ্যক্রম প্ৰৱর্তন কৰা হৈছিল ? 

উত্তৰঃ ১৯৬২ চনত প্ৰৱর্তন কৰে । 

৬। প্রথমখন মুক্ত বিশ্ববিদ্যালয়ৰ নাম লিখা। 

উত্তৰঃ অন্ধ্রপ্রদেশ মুক্ত বিশ্ববিদ্যালয় বা আন্নামালাই মুক্ত বিশ্ববিদ্যালয়। 

৭। SLM- ৰ সম্পূর্ণ অর্থ কি? 

উত্তৰঃ SLM- ৰ সম্পূর্ণ অর্থ হৈছে– Self Learning Material অর্থাৎ আত্ম শিক্ষণ সঁজুলি । 

৮। অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্রিক হয়নে? 

উত্তৰঃ অগতানুগতিক শিক্ষা অনুষ্ঠানকেন্দ্রিক বা বিদ্যালয়ৰ চাৰিসীমাত আৱদ্ধ নহয়।  

৯। দূৰ শিক্ষাক কোনে ‘ telematic teaching ‘ বুলি কৈছিল । 

উত্তৰঃ দূৰ শিক্ষাক মৰে (Moore) ‘telematic teaching’ বুলি কৈছিল।

১০। IGNOU ৰ সম্পূর্ণ অর্থটো কি ? 

উত্তৰঃ IGNOU ৰ সম্পূর্ণ অর্থ হ’ল ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (Indira Gandhi National Open University)। 

১১। তুমি জনা এখন মুক্ত বিদ্যালয়ৰ নাম লিখা। 

উত্তৰঃ দিল্লী মুক্ত বিদ্যালয়।

১২। কোনখন দেশত প্ৰথমতে দূৰ শিক্ষাৰ আৰম্ভণি কৰা হৈছিল? 

উত্তৰঃ ইউৰােপত প্ৰথমতে দূৰ শিক্ষাৰ আৰম্ভণি হয়। 

১৩। দূৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত সম্বন্ধ কি পদ্ধতিৰে হয় উল্লেখ কৰা হয়। 

উত্তৰঃ দূৰ শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষার্থীৰ মাজত সম্বন্ধ পৰােক্ষ পদ্ধতিৰে হয়।

Type : Priyam Jyoti Patar