SEBA Class 12 Education Book Chapter 4 শিক্ষণ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

শিক্ষণ (Learning) 

Chapter 4

(a) শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰাঃ 

1. উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষণ প্ৰচেষ্টা আৰু ভুল  পদ্ধতি  ফলদায়ক।

উত্তৰঃ শুদ্ধ।

2. পৰিপক্কতা হ’ল এক গতানুগতিক প্ৰক্ৰিয়া।

উত্তৰঃ শুদ্ধ।

3. অন্তৰ্দৰ্শন পদ্ধতি হ’ল শিক্ষণৰ এক যান্ত্ৰিক পদ্ধতি।

উত্তৰঃ অশুদ্ধ।

4. অন্তৰ্দৰ্শন শিক্ষণ এক যান্ত্ৰিক প্ৰকাৰৰ শিক্ষণ। 

উত্তৰঃ অশুদ্ধ।

5.অভিৰোচন শিক্ষণৰ ক্ষেত্ৰত অত্যাৱশ্যকীয়।

উত্তৰঃ শুদ্ধ।

6. অসুস্থ কাৰ্যৰ অৱস্থাই শিক্ষণত বাধা প্ৰদান কৰে।

উত্তৰঃ শুদ্ধ।

7. খুব অস্থায়ীভাৱে আচৰণ পৰিৱৰ্তন হোৱাকে শিক্ষণ বোলা হয়।

উত্তৰঃ অশুদ্ধ।

8. ক্লান্তয়েশিক্ষণৰ কাৰ্যক্ষমতা হেৰুৱাব পাৰে।

উত্তৰঃ শুদ্ধ।

9. প্ৰচেষ্টা আৰু ভুল শিক্ষণত ভুলৰ শৈক্ষিক মূল্য আছে।

উত্তৰঃ শুদ্ধ।

10. প্ৰকৃতিগতভাৱে পৰিপক্কতা হ’ল জৈৱিক।

উত্তৰঃ শুদ্ধ।

11. শিক্ষণ হ’ল সমস্যা সমাধান কৰিব পৰা কাৰ্যবিশেষ।

উত্তৰঃ শুদ্ধ।

12. শিক্ষণ হ’ল এক জীৱনজোৰা প্ৰক্ৰিয়া।

উত্তৰঃ শুদ্ধ।

13. শিক্ষণৰ প্ৰতি থকা ইচ্ছাই আধা শিক্ষণ সম্ভৱ কৰে। 

উত্তৰঃ শুদ্ধ।

14. শিক্ষণৰ অনুবন্ধন তত্ত্বৰ বাবেই ক’লাৰ বিখ্যাত।

উত্তৰঃ অশুদ্ধ।

15.  অন্তৰ্দৰ্শন শিক্ষণৰ উচ্চ স্তৰৰ পদ্ধতি।

উত্তৰঃ শুদ্ধ।

16. শিক্ষণে আচৰণ সংশোধণ কৰে ভাল ক্ষেত্ৰতহে; বেয়াৰ ক্ষেত্ৰত নয়।

উত্তৰঃ অশুদ্ধ।

17. শিক্ষণ কাৰ্য সচেতন আৰু অসচেতন দুই ধৰণে হ’ব পাৰে।

উত্তৰঃ শুদ্ধ।

18. ছন্দবদ্ধ আবৃত্তিকৰণ উত্তম অৱস্থা।

উত্তৰঃ শুদ্ধ।

19. প্ৰচেষ্টা আৰু ভুল পদ্ধতি শিক্ষণৰ এক সমস্যা সমাধান প্ৰক্ৰিয়া।

উত্তৰঃ অশুদ্ধ।

20. শিক্ষণে পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে।

উত্তৰঃ অশুদ্ধ।

(b) উপযুক্ত শব্দৰে খালী ঠাই পূৰণ কৰাঃ

1. অন্তৰ্দৰ্শনৰদ্বাৰা শিক্ষণক সমৰ্থন কৰিছিল______স্কুল অব্ চাইক’লজী।

উত্তৰঃ গেষ্টাল্ট।

2. গেষ্টাল্ট এটা ______ শব্দ।

উত্তৰঃ জাৰ্মান।

3. ________ তত্ত্বটো পেভলভে উদ্ভাৱন কৰিছিল।

উত্তৰঃ অনুবন্ধনবাদ।

4. শিক্ষণ হ’ল অভিজ্ঞতাৰ যোগেদি _______ সাংশোধন হোৱা কাৰ্য্য।

উত্তৰঃ আচৰণ।

5. উদ্দীপকৰ সলনিতকৰণ হ’ল শিক্ষণৰ ________ তত্ত্বৰ মূল বিষয়বস্তু।

উত্তৰঃ অনুবন্ধবাদ।

6. টেনিৰিফ দ্বীপত ক’হলাৰে সৰ্বাধিক পৰীক্ষা-নিৰীক্ষা চলোৱা জন্তুবিধৰ নাম আছিল _________।

উত্তৰঃ চিম্পাঞ্জী।

7. শিক্ষণ হ’ল ________ আয়ত্তকৰণ।

উত্তৰঃ অভিজ্ঞতাৰ।

8. শাস্তি আৰু পুৰস্কাৰৰ নীতিটো শিক্ষণৰ _____ নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

উত্তৰঃ ফলাফল।

9. শিক্ষণৰ অনুশীলন নীতি গুৰুত্ব প্ৰদান কৰে ______ ওপৰত।

উত্তৰঃ পুনৰাবৃত্তিৰ ওপৰত।

10. স্কীনাৰ মতে一 ”অভ্যাস, জ্ঞান আৰু______ৰ আয়ত্তকৰণ আৰু সংৰক্ষণেই হ’ল শিক্ষণ।”

উত্তৰঃ মনোভংগীৰ।

12.গেষ্টাল্ট স্কুল অব চাইক’ল’জীৰ প্ৰতিষ্ঠাপক আছিল ______।

উত্তৰঃ ক’হলাৰ।

13. থৰ্ণডাইকৰ মতে শিক্ষণ হ’ল ______ আৰু ______ মাজত সংযোগ স্থাপন।

উত্তৰঃ উদ্দীপক, প্ৰতিক্ৰিয়া।

14. কৃত্ৰিম উদ্দীপকৰ দ্বাৰা স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হ’লে তাক _____ বুলি কোৱা হয়।

উত্তৰঃ অনুবন্ধনবাদ।

15. পৰিপক্কতা সংঘটিত হয় _____ আৰু _____ বিকাশৰ কাৰণে।

উত্তৰঃ দৈহিক, মানসিক।

16. বাৰে বাৰে প্ৰচেষ্টা কৰি, বহু সময়ত বিৰতিৰ পিছত শিশু এটাই অংক এটা সমাধান কৰিলে। এই ধৰণে শিকাক শিক্ষণৰ _______ তত্ত্বই সমৰ্থন কৰে।

উত্তৰঃ সংযোগবাদ।

17. ” অতিজ্ঞতা আৰু প্ৰতিশণৰ যোগেদি হোৱা আচৰণ সংশোধন কাৰ্যই হ’ল শিক্ষণ” এই মতামতৰ লগত জড়িত ব্যক্তিগৰাকী নাম _______।

উত্তৰঃ গেইট্ (Gates)।

18. গেষ্টাল্ট মনোবিজ্ঞানৰ মতে সম্পূৰ্ণতা বেছি গুৰুত্বপূৰ্ণ ইয়াৰ ______।

উত্তৰঃ অংশবোৰতকৈ। 

19. ________ শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি সমৰ্থক আছিল।

উত্তৰঃ থৰ্ণডাইক।

20.পেছাগতভাৱে পেভলভ আছিল এজন ________।

উত্তৰঃ শৰীৰতত্ত্ববিদ।

তলত উল্লিখিত ঘটনা অনুযায়ী শিক্ষণৰ নীতি, পদ্ধতিৰ নাম লিখা一 (প্ৰতিটোতে ১ নম্বৰকৈ) 

1. গাড়ীচালকে যান-বাহন নিয়ন্ত্ৰণ কক্ষত ৰক্ষা সংকেত দেশি গাড়ীখন ৰখাই দিয়ে।

উত্তৰঃ সংযোগবাদ তত্ত্ব।

2. চাৰিবদুৰীয়া বৰুণৰ বাবে শিক্ষাত ব্যাকৰণৰ ব্যৱহাৰ নাই।

উত্তৰঃ প্ৰচেষ্টা আৰু ভুল পদ্ধতি।

3. গণিতত মীৰাৰ ভাল প্ৰদৰ্শনৰ শ্ৰেণীত শিক্ষকে তাইক প্ৰশংসা কৰে। তাই আকৌ নিজৰ মতে সমস্য সমাধান কৰিবলৈ লয়।

উত্তৰঃ ফলাফল নীতি।

4. অনুশীলনে এজন ব্যক্তিক পৈণত কৰে।

উত্তৰঃ অনুশীলন নীতি।

42. A আৰু B মিলোৱা।

(a) থৰ্ণডাইক (a) গেষ্টাল্ট তত্ত্ব

(b) ক’ফকা     (b) অনুবন্ধন

(c) পেভলভ (c) প্ৰচেষ্টা আৰু ভুল।

উত্তৰঃ (b) থৰ্ণডাইক 一 (b) প্ৰচেষ্টা আৰু ভুল

 (a) ক’ফাক 一 (a) গেষ্টাল্ট তত্ত্ব 

(c) পেভলভ 一   (c) অনুবন্ধন তত্ত্ব।

d. চমু উত্তৰ দিয়া (এটা বাক্যৰ ভিতৰত)ঃ

1.. শিক্ষণৰ অন্তৰ্দৰ্শন পদ্ধতি কোনটো তত্ত্বৰ লগত জড়িত?

উত্তৰঃ সামগ্ৰিকতাবাদ তত্ত্ব।

2. কোনজন মনোবিজ্ঞানীয়ে শিশণৰ এক অৰ্থ হিচাপে ‘অন্তৰ্দৰ্শন’ৰ উদ্ভাৱন কৰিছিল?

উত্তৰঃ ক’হলাৰ। 

3. ৰুছেদেশৰ কোনজন ডাক্তৰে ‘অনুবন্ধনবাদৰ দ্বাৰা শিক্ষণ’ ধাৰণাটো উদ্ভাৱন কৰিছিল?

উত্তৰঃ আইভান পেভলভ।

4. শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি কোনটো তত্ত্বৰ লগত জড়িত? 

উত্তৰঃ সংযোগবাদৰ তত্ত্ব।

5. অনুবন্ধবাদৰ ফলাফল হিচাবে এটা আচৰণৰ উদাহৰণ দিয়া।

উত্তৰঃ ভাল অভ্যাস গঠন।

Type : Priyam Jyoti Patar