SEBA Class 12 Education Book Chapter 6 মনোযোগ আৰু আগ্ৰহ Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

মনোযোগ আৰু আগ্ৰহ

(Attention and Interest)

Chapter 5 (B)

১। বৃ্দ্ধ বসয়ত এজন ব্যক্তিয়ে অধিক পাহৰে কিয়?

উত্তৰঃ ক্লান্তি, অৱসাদ আৰু স্নায়ুৱিক দুৰ্বলতা আদিৰ বাবে সোনকালে পাহৰে।

২। ‘আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা।’ 一উক্তিটো তলৰ কোনগৰাকী ব্যক্তিৰ?

উত্তৰঃ মেকডুগাল।

৩। দুই প্ৰকাৰৰ আগ্ৰহ উল্লেখ কৰা।

উত্তৰঃ দুই প্ৰকাৰৰ আগ্ৰহ হ’ল一 প্ৰত্যক্ষ আগ্ৰহ বা স্বাভাৱিক আগ্ৰহ আৰু আৰ্জিত আগ্ৰহ।

৪। পৰীক্ষাগৃহত পৰীক্ষাৰ্থীয়ে প্ৰথম অৱস্থাত স্মৃতি প্ৰয়োগত অসুবিধা অনুভৱ কৰে। কাৰণ কি?

উত্তৰঃ পৰিৱৰ্তিত পৰিৱেশ।

৫। মনোযোগৰ দুটা চৰ্ত উল্লেখ কৰা।

উত্তৰঃ মনোযোগৰ দুটা চৰ্ত হ’ল一 ব্যক্তিনিষ্ঠ চৰ্ত আৰু বস্তুনিষ্ঠ চৰ্ত।

৬। ‘শিক্ষণ হৈছে অভিজ্ঞতা আৰু প্ৰতিক্ষণৰ যোগেদি কৰা আচৰণ সংশোধন কাৰ্য। 一উক্তিটো কাৰ? 

উত্তৰঃ গেইটচ।

(a) খালী ঠাই পূৰ কৰায।

1. ______ হৈছে মানসিক প্ৰস্তুতি।

উত্তৰঃ মনোযোগ।

2. মনোযোগ হৈছে মানসিক প্ৰক্ৰিয়া, আনহাতে, আগ্ৰহ হৈছে মানসিক _________ ।

উত্তৰঃ সংগঠন। 

3. যি আগ্ৰহ প্ৰবৃত্তিৰ পৰা উদ্ভৱ হ’ব তাকেই _____ অগ্ৰহ বোলে।

উত্তৰঃজন্মগত আগ্ৰহ।

4. মাকৰ শিশুৰ প্ৰতি থকা আগ্ৰহ হৈছে ______ আগ্ৰহ।

উত্তৰঃ সুপ্ত।

5. চিন্তা-ভাবনাৰ ওপৰত দিয়া মনোযোগক _______ বোলা হয়।

উত্তৰঃ  তাবাত্মক মনোযোগ।

5. মনোযোগৰ আগ্ৰহৰ ________ অৱস্থা।

উত্তৰঃ সক্ৰিয়।

7. মনোযোগৰ হৈছে কোনো এটা বস্তুৰ ওপৰত ________ৰ নিবদ্ধকৰণ।

উত্তৰঃ মনৰ।

8. যি মনোযোগৰ উদ্দীপকৰ আকৰ্ষণীয়তাৰ বাবে দিয়া হয় তাক _________ মনোযোগ বোলে।

উত্তৰঃ ইচ্ছাবিৰোধী। 

9. যি মনোযোগৰ বাহ্যিক কোনো বাধাৰ অবিহনে দিয়া যায় তাক ________ মনোযোগ বোলে।

উত্তৰঃ ইচ্ছাকৃত।

10. এজন কিশোৰৰ বিপৰীত লিংগৰ প্ৰতি থকা আগ্ৰহক, ________আগ্ৰহ বোলে।

উত্তৰঃ সুপ্ত।

11. ‘আগ্ৰহ মনোযোগৰ পুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা।’ এই উক্তিটো আগবঢ়াইছিল________ ।

উত্তৰঃ মেকডুগেল।

12. ৰাতিপুৱাৰ দৈনিক বাতৰি কাকতৰ প্ৰতি আমাৰ থকা আগ্ৰহ ________।

উত্তৰঃ ক্ষণস্থায়ী।

13. উদ্দীপকৰ তীব্ৰতা মনোযোগৰ ______ কাৰণ।

উত্তৰঃ বস্তুনিষ্ঠ।

14. আগ্ৰহ মনোযোগৰ _______অৱস্থা আৰু মনোযোগ আগ্ৰহৰ ______ অৱস্থা।

উত্তৰঃ সুপ্ত, সক্ৰিয়।

(b) তলৰ উক্তিসমূহ সত্য নে অসত্য লিখা।

1. মনোযোগ হৈছে ”কোনো চিন্তনীয় বস্তু মনৰ মাজত স্পষ্টভাৱে দাঙি ধৰা এক প্ৰক্ৰিয়া।”

উত্তৰঃ সত্য।

2. ”আগ্ৰৰ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয়া অৱস্থা” 一উক্তিটো কৈছিল মেকডুগেলে।

উত্তৰঃ সত্য। 

3.  সৰু শিশুৱে ইচ্ছাকৃত মনোযোগ দিব নোৱাৰে।

উত্তৰঃ অসত্য।

4. শিশুৰ মনোযোগ সাধাৰণতে ইচ্ছাবিৰোধী প্ৰকৃতিৰ হয়।

উত্তৰঃ সত্য।

5. আগ্ৰহ হৈছে মানসিক কাৰ্য লগতে আগ্ৰহ হৈছে মানসিক সংগঠন।

উত্তৰঃ সত্য।

6. মনোযোগ আৰু সচেতন একে।

উত্তৰঃ সত্য।

7. আমি এটা সময়ত এটাতকৈ বেছি বস্তুত মনোযোগ দিব পাৰোঁ।

উত্তৰঃ অসত্য।

8. বিভ্ৰমে সদায়ে মনোযোগক বাধা দিয়ে।

উত্তৰঃ সত্য।

9. আগ্ৰহ স্থানী বা অস্থায়ী বিধৰ হ’ব পাৰে।

উত্তৰঃ সত্য।

10. যি মনোযোগত ইচ্ছা প্ৰকাশ কৰাৰ প্ৰয়োজন নাথাকে তাক ইচ্ছা বিৰোধী মনোযোগ বোলে।

উত্তৰঃ সত্য। 

11. অমনোযোগিতাই মনোযোগৰ অনুপস্থিতিকেই সূচায়।

উত্তৰঃ সত্য।

12. পুনৰাবৃত্তিয়ে আগ্ৰহ বৃদ্ধি কৰে।

উত্তৰঃ সত্য।

13. আগ্ৰহ সদায় জন্মগত।

উত্তৰঃ অসত্য।

14. মনোযোগ হৈছে মানসিক প্ৰক্ৰিয়া।

উত্তৰঃ সত্য।

15. মনোযোগৰ আভ্যন্তৰীণ উপাদানসমূহ হৈছে ব্যক্তিনিষ্ঠ।

উত্তঃ সত্য।

16. মানসিক স্বাস্থ্য মনোযোগৰ এটা চৰ্ত।

উত্তৰঃ সত্য।

17. আমি একে সময়তে দুটা বস্তুত মনোযোগ দিব নোৱাৰোঁ

উত্তৰঃ সত্য।

18. বৈসাদৃশ্য হৈছে মানোযোগৰ এটা এটা বস্তুনিষ্ঠ কাৰণ।

উত্তৰঃ সত্য।

19. খোজকঢ়াৰ সময়ত আমি সম্পূৰ্ণৰূপে অসমনোযোগী হোৱাটো সম্ভৱ নহয়।

উত্তৰঃ সত্য।

20. আমাৰ মনোযোগৰ ক্ষেত্ৰত আৱেগৰ কোনো প্ৰভাৱ নাই।

উত্তৰঃ অসত্য। 

21. আগ্ৰহে মনোযোগৰ সৃষ্টি কৰে, কিন্তু মনোযোগে আগ্ৰহ সৃষ্টি কৰিব নোৱাৰে।

উত্তৰঃ সত্য।

22. আগ্ৰহ হৈছে গতিশীল মানসিক প্ৰক্ৰিয়া।

উত্তৰঃ সত্য। 

23. আগ্ৰহ হৈছে স্থায়ী মানসিক সংগঠন।

উত্তৰঃ অসত্য।

24. মনোযোগ হৈছে উদ্দেশ্যধৰ্মী কাৰ্য।

উত্তৰঃ সত্য।

25. কোনোৱে এটা বস্তুৰ ওপৰত অধিক সময় ধৰি মনোযোগ দিব নোৱাৰে।

উত্তৰঃ সত্য।

26. আগ্ৰহ সামৰিক প্ৰভাৱৰ পৰা মুক্ত।

উত্তৰঃ অসত্য।

27. আৰ্জিত আগ্ৰহ সাৰ্বজনীন প্ৰকৃতিৰ। 

উত্তৰঃ অসত্য।

(c) চমু উত্তৰ দিয়া (এটা বাক্যৰ ভিতৰত)

1. ”মনোযোগৰ আৰু আগ্ৰহ দুটাই  এটা মুদ্ৰাৰ ইপিঠি-সপিঠি।” কোনে কৈছিল? 

উত্তৰঃ জে. এছ. ৰচে কৈছিল।

2. আগ্ৰহৰ ইংৰাজী লেটিন প্ৰতিশব্দ ”Interest” ৰ অৰ্থ কি?

উত্তৰঃ ‘আগ্ৰহ’ শব্দটোৰ লেটিন শব্দৰ অৰ্থ হ’ল ”It concerns” or ”it matters” অৰ্থাৎ কিবা ক্ষেত্ৰত গুৰুত্ব থকা বা কোনো বিষয়ৰ লগত সম্বন্ধ ঘটা।

3. মনোযোগ এটা ব্যক্তিনিষ্ঠ কাৰণ লিখা? 

উত্তৰঃ মনোযোগৰ এটা ব্যক্তিনিষ্ঠ কাৰণ হ’ল আগ্ৰহ।

4. ইচ্ছাকৃত মনোযোগৰ ভাগ দুটা কি কি?

উত্তৰঃ ইচ্ছাকৃত মনোযোগৰ ভাগ দুটা হ’ল ম্পষ্ট মনোযোগ আৰু অস্পষ্ট মনোযোগ।

Type : Priyam Jyoti Patar