SEBA Class 9 Science Chapter 7 জীৱৰ বিচিত্ৰতা Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

 জীৱৰ বিচিত্ৰতা

Chapter 7

১) গুপ্তবীজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে?

উত্তৰ ঃ গ্ৰীক ভাষাৰ পৰা ।

২) জৈৱ বৈচিত্ৰতাৰ অৰ্থ হ’ল-
উত্তৰ ঃ জীৱবিলাকৰ মাজত বিৰাজমান হৈ থকা বিচিত্ৰতা ।

৩) গ্ৰীক ভাষাত Angio ৰ অৰ্থ কি?

উত্তৰ ঃ আবৃত ।

৪) পেৰিফেৰা শব্দৰ অৰ্থ কি?
উত্তৰ ঃ ৰন্ধ্ৰযুক্ত প্ৰাণী ।

৫) তলৰ কোনবিধ সৰীপসৃপ প্ৰাণী?
উত্তৰ ঃ কাছ ।

৬) কেৰোলাচ লিনিয়াচ্ ক’ত জন্ম হৈছিল?
উত্তৰ ঃ ছুইডেন ।

৭) কেৰোলাচ লিনিয়াচ্ ৰ জন্ম কিমান চনত হৈছিল?
উত্তৰ ঃ 1707 ।

8) তলৰ কোনবিধ মৎস্য় প্ৰাণী?
উত্তৰ ঃ মিছামাছ ।

৯) পক্ষী শ্ৰেণীৰ প্ৰাণীবোৰ কেনেধৰণৰ?
উত্তৰ ঃ উষ্ণৰক্তী ।

১০) প্ৰট’কৰডেটসমূহ কি প্ৰাণী?
উত্তৰ ঃ সামুদ্ৰিক প্ৰাণী । 

১১) তলৰ কোনবিধ প্ৰাণীয়ে পৰিপক্ক পোৱালী জন্ম দিয়ে?
উত্তৰ ঃ কাঙ্গাৰো ।

১২) একনলদেহী প্ৰাণীসমূহৰ দেহত কেইটা গহ্বৰ থাকে?
উত্তৰ ঃ এটা ।

১৩) নগ্নবীজী শব্দটো কি ভাষাৰ পৰা উৎপত্তি হৈছে?
উত্তৰ ঃ গ্ৰীক ভাষাৰ পৰা ।

১৪) সমাঙ্গদেহী উদ্ঊভিদখিনিক সাধাৰণতে কি বুলি কোৱা হয়?
উত্তৰ ঃ শেলাই ।

১৫) গ্ৰীক ভাষাত Sperma ৰ অৰ্থ কি?
উত্তৰ ঃ বীজ ।

১৬) তলৰ কোনবিধ মচ জাতীয় উদ্ভিদ?
উত্তৰ ঃ মাৰ্কেনশ্বিয়া’ ।

১৭) যিবিলাক উদ্ভিদৰ দেহ বিভিন্ন উপাংগত পৃথক কৰিব নোৱাৰি সেই উদ্ভিদখিনি কি শ্ৰেণীত অন্তৰ্ভুক্ত?
উত্তৰ ঃ সমাঙ্গদেহী উদ্ভিদ । 

১৮) জীৱবিলাকক কিহৰ কিহৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়?
উত্তৰ ঃ সিহঁতৰ আকাৰ আকৃতিৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয় ।

১৯) 1859 চনত কোনজন মহান বিজ্ঞানীয়ে নিজৰ গ্ৰন্থত ক্ৰমবিকাশৰ ধাৰণাৰ বিষয়ে অৱতাৰণা কৰিছিল?
উত্তৰ ঃ চাৰ্লচ ডাৰউইন ।

২০) 1859 চনত ক্ৰমবিকাশৰ বিষয়ে অৱতাৰণা কৰা গ্ৰন্থখনৰ নাম কি?
উত্তৰ ঃ অৰিজিন অফ স্পেচিছ্ ।

Type : Dimpi Bora