SEBA Class 9 Science Chapter 8 গতি Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

 গতি

Chapter 8

১) গতি কি?
উত্তৰ ঃ
 স্থানৰ পৰিৱৰ্তন।

২) তলৰ কোনটো সৰল ৰৈখিক গতি?
উত্তৰ ঃ
 ওপৰৰ পৰা শিলগুটি এটা পেলাই দিলে।

৩) সৰলতম গতি কি?
উত্তৰ ঃ
 স্থিতিশীল গতি।

৪) বস্তুৰ দ্ৰুতি কাক বোলে?
উত্তৰ ঃ প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক।

৫) তলৰ কোনটো বৃত্তিয় গতি?
উত্তৰ ঃ
 বাইচাইকেলৰ চকাৰ  গতিটো।

৬) বস্তুৰ ত্বৰণ কি?
উত্তৰ ঃ
 প্ৰতি একক সময়ৰ বেগৰ পৰিবৰ্তন।

৭) বস্তু এটাৰ গতি বুলিলে কি বুজা?
উত্তৰ ঃ
 সময়ৰ লগত বস্তু এটাৰ অৱস্থান সলনি হোৱাকে গতি বুলি কোৱা হয়।

৮) মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ ব্য়ৱহাৰ কৰা সঁজুলিবিধক কি বুলি কোৱা হয়?
উত্তৰ ঃ অড’মিটাৰ।

৯) সময়ৰ পূৰণফলে বস্তুৰ কি নিৰ্দেশ কৰে?
উত্তৰ ঃ সৰণ।

১০) দ্ৰুতিৰ S.I. একক কি ?
উত্তৰ ঃ
 মিটাৰ প্ৰতি ছেকেণ্ড।

১১) কোনো বস্তুৱে বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক-
উত্তৰ ঃ
 সুষম বৃত্তীয় গতি বুলি কোৱা হয়।।

১২) সুষম বৃত্তীয় গতি বুলিলে কি বুজা ?
উত্তৰ ঃ 
বস্তু এটাই সুষম দ্ৰুতিৰে বৃত্তাকাৰ পথেদি গতি কৰিলে তাৰ গতিক সুষম গতি বোলে ।

১৩) বস্তু এটাৰ বেগৰ পৰিৱৰ্তন ঘটিলে অমি বস্তুটোৰ কি বোৱা বুলি কওঁ ?
উত্তৰ ঃ ত্বৰণ।

১৪) দ্ৰুতিৰ অন্যান একক কি ?
উত্তৰ ঃ ছেন্টিমিটাৰ প্ৰতি ছেকেণ্ড । 

১৫) সুষম বুলিলে কি বুজা ?
উত্তৰ ঃ যদি বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সময়ৰ অন্তৰালত সমান সমান পৰিমানে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণক সুষম বুলি কোৱা হয় ।

১৬) সৰলতম গতিক কি গতি বুলি কোৱা হয় ?
উত্তৰ ঃ
 ৰৈখিক গতি বুলি কোৱা হয় ।

১৭) সুযম গতি বুলি কাক কোৱা হয় ?
উত্তৰ ঃ
 কোনো বস্তুটোৱে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে তেতিয়া সেই গতিক সুষম গতি বুলি কোৱা হয় ।

Type by : Dimpi Bora 

Edit by- Mandira Saha