পৃথিৱীৰ ভূগোল | Class 10 Social Science Question Paper | Class 10 Social Science All Question | 2010 to 2020 All Class 10 Question in Social Science Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ প্ৰশ্ন | Class 10 Social Science Book Question Bank |

পৃথিৱীৰ ভূগোল

অধ্য়ায়- 3 

A. অতি চমু প্রশ্নাৱলী : মূল্যাংক : 1

1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

(i) উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ প্ৰধান নদীবিলাকৰ এখন হৈছে— [HSLC ’10]

(a) হোৱাং হো

(b) উৰাল

(c) ইনিছি

(d) মেকং

(ii) এছিয়া মহাদেশৰ তলত উল্লিখিত নদীসমূহৰ অন্তৰ্বাহী নদীখন হ’ল [HSLC ’11]

(a) আমুৰ

(b) টাইগ্ৰিছ

(c) মেকং

(d) হেলমেণ্ড।

(iii) এছিয়া মহাদেশৰ মাটিকালি হ’ল – [HSLC ’13]

(a) ৬৪.২ নিযুত বর্গ কিঃমিঃ

(b) ২৪.২ নিযুত বর্গ কিঃমিঃ

(c) ৪৪.২ নিযুত বর্গ কিঃমিঃ

(d) ৫৪.২ নিযুত বর্গ কিঃমিঃ

(iv) কোনখন মালভূমি ‘পৃথিৱীৰ মূধচ’ হিচাপে জনাজাত ? [HSLC ’14]

(a) আর্মেনিয়া মালভূমি

(b) এনাতলীয়া মালভূমি

(c) পামিৰ মালভূমি

(d) কুৰদিস্তান মালভূমি

(v) উত্তৰ মহাসাগৰলৈ বৈ যোৱা এছিয়াৰ এখন প্ৰধান নদী— [HSLC’16]

(a) উৰাল

(b) য়েনেছি

(c) মেকং

(d) হোৱাং-হো

(vi) কোনখন সাগৰে এছিয়া আৰু আফ্ৰিকা মহাদেশক পৃথক কৰিছে? [HSLC ’17]

(a) ভূমধ্য সাগৰ

(b) লোহিত সাগৰে

(c) কাস্পিয়ান সাগৰে

(d) আৰব সাগৰ

(vii) প্রাকৃতিকভাৱে ইউৰোপ মহাদেশক এছিয়া মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে [HSLC ’18]

(ক) কাৰাকোৰাম পৰ্বতমালা আৰু কৃষ্ণ সাগে

(খ) হিমালয় পর্বতমালা আৰু আমুৰ নদীয়ে

(গ) উৰাল পর্বতমালা আৰু উৰাল নদীয়ে (ঘ) ৰকি পর্বতমালা আৰু লেনা নদীয়ে (viii) পৃথিৱীৰ দীৰ্ঘতম পর্বতশ্রেণীটো হ’ল— [HSLC’19](ক) হিমালয় পর্বতমালা

(খ) এণ্ডিজ পর্বতমালা (গ) ৰ’কি পর্বতমালা

(ঘ) ইউৰাল পর্বতমালা

(ix) কোনখন সাগৰে এছিয়া মহাদেশক আফ্রিকা মহাদেশৰ পৰা পৃথক কৰিছে? [HSLC ’20]

(i) লোহিত সাগৰ

(ii) ভূমধ্য সাগৰ

(iii) কাস্পিয়ান সাগৰ

(iv) এড্রিয়াটিক সাগৰ

B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3

1. এছিয়া মহাদেশৰ মাটিকালি আৰু ইয়াৰ অৱস্থানৰ বৈশিষ্ট্য লিখা । [HSLC ’11]

2. পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত ? [HSLC 18]

3. ইউৰোপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত দুখন দেশৰ নাম লিখা । [HSLC ’18]

4. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পৰ্বতশ্রেণীটোৰ নাম কি? ই মহাদেশখনৰ কোন অংশত অৱস্থিত? [HSLC 19]

5. ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা ৷ [HSLC 20]

C. ৰচনাধর্মী প্রশ্নাবলী : মূল্যাংক : 4/5/6

1. এছিয়া মহাদেশৰ প্ৰধান ভূ-প্রাকৃতিক বিভাগসমূহ বর্ণনা কৰা। [HSLC 10]

2. এছিয়া মহাদেশত জলবায়ুৰ তাৰতম্যৰ লগত জড়িত কাৰকবোৰ আলোচনা কৰা। [HSLC 13]3. পৃথিৱীৰ বৃহত্তম মহাসাগৰখন কি? এই মহাসাগৰখনৰ মুঠ কালি কিমান উল্লেখ কৰা। [HSLC ’17]

4. পৃথিৱীত সৰ্ব্বমুঠ কিমানখন দেশ আছে? মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশ দুখনৰ নাম লিখা । [HSLC ’17]

5. এচিয়া মহাদেশৰ জলবায়ু ভিন্ন হোৱাৰ কাৰকবোৰ আলোচনা কৰা । [HSLC 17]

6. ইউৰোপ মহাদেশৰ পাঁচখন দেশ আৰু তাৰ ৰাজধানীসহ নাম লিখা । [HSLC ’17]

7. মহাদেশীয় বিস্থাপন বা সঞ্চাৰণৰ সূত্ৰটো চমুকৈ বৰ্ণনা কৰা । [HSLC ’18]

8. উত্তৰ আমেৰিকা মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ চমুকৈ আলোচনা কৰা । [HSLC ’19]

9. এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা ৷ [HSLC 20]

10. মহাসাগৰসমূহৰ বিতৰণ আৰু বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা ৷ [HSLC 20]

Type by- Bikul Mandal