Class 11 Political Science Book Chapter 9 Short Answer | HS 1st Year Political Science Book শান্তি Chapter 9 Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

নৱম অধ্যায়

শান্তি

চমু প্ৰশ্ন উত্তৰঃ

১) ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠাৰ মূল লক্ষ্য় কি আছিল?

উত্তৰঃ পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰা।

২) কেতিয়া ছোভিয়েট সমাজবাদী ব্য়ৱস্থাৰ পতন ঘটিল?

উত্তৰঃ ১৯৯০-ৰ আৰম্ভণিতে ছোভিয়েট সমাজবাদী ব্য়ৱস্থাৰ পতন ঘটিল।

৩) চমু কথাত যুদ্ধৰ সুত্ৰপাত হ’লে কি হয়?

উত্তৰঃ শান্তি ব্যাঘাত হয়।

৪) কিউবা লেটিন কি?

উত্তৰঃ কিউবা লেটিন আমেৰিকাৰ এখন সৰু দ্বীপৰাষ্ট্ৰ।

৫) পৃথিৱীত সংঘটিত হৈ থকা সংঘাত বা অশান্তিৰ অন্য়তম ভিত্তি কি?

উত্তৰঃ শ্ৰেণী অসমতা বা শ্ৰেণী বৈষম্য়।

৬) কিহৰ আধাৰত কিছুমান জাতিক উচ্চ আৰু কিছুমান জাতিক নিম্ন বা নীচ জাতি বুলি গণ্য় কৰা হয়?

উত্তৰঃ জাতি ব্য়ৱস্থাৰ আধাৰত।

৭) সংঘাতৰ দুটা গুৰুত্বপূৰ্ণ উৎসৰ নাম লিখা।

উত্তৰঃ সংঘাতৰ দুটা গুৰুুত্বপূৰ্ণ উৎসৰ নাম হ’ল- বৰ্ণবাদ াৰু সাম্প্ৰদায়িকতাবাদ।

৮) কিহৰ ফালৰ পৰা উত্তৰ-পূব-ভাৰত অত্য়ন্ত বৈচিত্ৰ্য়ৰে পৰিপূৰ্ণ?

উত্তৰঃ জনগাঁথনি, সংস্কৃতি আৰু ভাষাৰ ফালৰ পৰা উত্তৰ-পূব ভাৰত অত্য়ন্ত বৈচিত্ৰ্য়ৰে পৰিপূৰ্ণ।

৯) “দ্য়া ফ্লাৱাৰছ্ অৱ হিৰোছিমা” গ্ৰন্থত কিহৰ বিষয়ে আলোকপাত কৰিছে?

উত্তৰঃ “দ্য়া ফ্লাৱাৰছ্ অৱ হিৰোছিমা” গ্ৰন্থত আণৱিক আক্ৰমণত আক্ৰান্তসকলৰ জীৱন দুৰ্দশাৰ ওপৰত গবীৰ আলোকপাত কৰিছে।

১০) হিংসা পন্থাৰে যে শান্তি প্ৰতিষ্ঠা কৰিব নোৱাৰি- ইয়াৰ এটা জ্বলন্ত উদাহৰণ দিয়া?

উত্তৰঃ উত্তৰ-পূব ভাৰত। 

১১) ম্য়ানমাৰত কিমান চনত সামৰিক শাসন প্ৰতিষ্ঠা হয়?

উত্তৰঃ ম্য়ানমাৰত ১৯৬২ চনত সামৰিক শাসন প্ৰতিষ্ঠা হয়।

১২) ক্ষমতাৰ ভাৰসাম্য় নীতিৰ অৰ্থ কি?

উত্তৰঃ কোনো ৰাষ্ট্ৰকে অথবা ৰাষ্ট্ৰগোটকে অন্য় কোনো ৰাষ্ট্ৰ বা ৰাষ্ট্ৰগোটৰ ওপৰত নিজৰ ইচ্ছা জাপি দিব পৰা শক্তি  আহৰণৰ পৰা বিৰত ৰখা।

১২) শান্তি প্ৰতিষ্ঠাৰ এক  ডাঙৰ প্ৰত্য়াহ্বানৰ নাম লিখা।

উত্তৰঃ ক্ষুদ্ৰ অস্ত্ৰৰ ক্ৰমবৰ্ধিত প্ৰসাৰণ।

১৩) কিমান চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদী শাসন ওৰ পৰে?

উত্তৰঃ ১৯৯৪ চনত দক্ষিণ আফ্ৰিকাত বৰ্ণবাদী শাসন ওৰ পৰে।

১৪) পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ কাৰণে অশেষ যত্ন আৰু ত্য়াগ কৰা এগৰাকী মহিলাৰ নাম লিখা।

উত্তৰঃ মহীয়সী মাদাৰ টেৰেছা।

১৫) দ্বিতীয় বিশ্বযুদ্ধৰ পাছত পৃথিৱীখন কেইটা শিবিৰত ভাগ হৈ পৰিল আৰু কি কি?

উত্তৰঃ দুটা শিবিৰত ভাগ হৈ পৰিল। পুঁজিবাদী শিবিৰ আৰু সমজবাদী শিবিৰ।

১৬) ভাৰতীয় সমাজত অশান্তি আৰু সংঘাতৰ অন্য়তম গাঁথনি কি?

উত্তৰঃ জাতিভেদ প্ৰথা।

১৭) কিমান চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ প্ৰতি হাজাৰ পুৰুষৰ বিপৰীতে নাৰীৰ সংখ্য়া ৯৩৩?

 উত্তৰঃ ২০০১ চনৰ লোকপিয়ল অনুসৰি।

১৮) কিমান চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত বৰ্ণবাদ নিষিদ্ধ কৰা হয়?

উত্তৰঃ ১৮৮৫ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰত বৰ্ণবাদ নিষিদ্ধ কৰা হয়।

১৯) ছিকিমকে ধৰি বৰ্তমান আঠখন ৰাজ্য়ক লৈ গঠিত উত্তৰ-পূব ভাৰতৰ মুঠ জনসংখ্য়া কিমান?

উত্তৰঃ প্ৰায় চাৰি কোটি।

২০) ম্য়ানমাৰ বৰ্তমান সময়ত কি বুলি পৰিচিত?

উত্তৰঃ ম্য়ানমাৰ বৰ্তমান সময়ত মানৱ অধিকাৰৰ বধ্য়ভূমি বুলি পৰিচিত।

২১) পুঁজিবাদী শিবিৰক কোনে নেতৃত্ব দিছিল?

উত্তৰঃ মাৰ্কিন যুক্তৰাষ্ট্ৰই।

২২) সমাজবাদী শিবিৰক কোনে নেতৃত্ব দিছিল?

উত্তৰঃ পূৰ্বৰ ছোভিয়েট ইউনিয়নে।

২৩) ১৯৭০-ৰ দশকত ‘Don’t make a Wane Committee’ হিচাপে আৰম্ভ হোৱা সংঘৰ্ষই পৰৱৰ্তী সময়ত কি গ্ৰহণ কৰে?

উত্তৰঃ গ্ৰীন্ পীচ্ নামটো গ্ৰহণ কৰে।

২৪) দ্বিতীয় বিশ্বযুদ্ধৰ পাছত কিমান দশক ধৰি গোটেই বিশ্ব যুদ্ধৰ আতংকত বন্দী হৈ ৰ’ল?

উত্তৰঃ প্ৰায় চাৰিটা দশক ধৰি।

২৫) ডাঃ সান্তনা বৰদলৈৰ নিৰ্মিত অদাহ্য় ছবিখনত কিহৰ ৰূপ প্ৰতিফলিত হৈছে?

উত্তৰঃ পূৰুষতন্ত্ৰৰ ৰূপ প্ৰতিফলিত হৈছে।

২৬) প্ৰাচীন ভাৰতৰ কূটনীতিবিদ চাণক্য়ই উল্লেখ কৰা নীতি চাৰিটাৰ নাম লিখা।

উত্তৰঃ মিত্ৰতা বা মোকাবিলা, অৰ্থ প্ৰলোভন, শক্তি প্ৰয়োগ আৰু বিভাজন।

২৭) সংঘাতৰ অন্য় এক প্ৰধান উৎসৰ নাম লিখা।

উত্তৰঃ  সংঘাতৰ অন্য় এক প্ৰধান উৎসৰ নাম হ’ল- উপনিৱেশবাদ।

২৮) বৰ্ণবাদৰ বিৰুদ্ধে চলোৱা প্ৰতিবাদৰ শাস্তি স্বৰূপে নেলছন মেণ্ডেলাক কিমান বছৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল?

উত্তৰঃ ২৭ বছৰ।

২৯) মাৰ্কিন যুক্তৰাষ্ট্ৰত বৰ্ণবাদী ব্য়ৱস্থাৰ অধীনত নিগ্ৰোসকলক কি কৰা হৈছিল?

উত্তৰঃ দাস হিচাপে ব্যৱহাৰ কৰা হৈছিল।

৩০) চিড্নি বি. ফে. -ৰ মতে ক্ষমতাৰ ভাৰসাম্য়তাৰ অৰ্থ কি?

উত্তৰঃ জাতিসমূহক লৈ গঠিত পৰিয়ালটোৰ সদস্য়সকলৰ মাজৰ ক্ষমতাৰ এনে এক সংহত সমতা য’ত কোনো এটা জাতিয়ে অন্য়ৰ ওপৰত নিজৰ ইচ্ছা জাপি দিব পৰাকৈ শক্তি আহৰণ কৰিব নোৱাৰে।