Class 12 Anthropology Chapter 1 Short Question & Answer | HS 2nd Year Anthropology Book Chapter 1 আবয়বিক নৃতত্ব ( Physical Anthropology) Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

প্ৰথম অধ্যায়

আবয়বিক নৃতত্ব ( Physical Anthropology) 

চমু প্ৰশ্ন উত্তৰঃ

১। পৃথিৱীৰ সকলো গোষ্ঠী লগ হৈ এটা গোষ্ঠী গঠন কৰা মানৱ গোষ্ঠীটোৰ নাম কি ।

উত্তৰঃ  পৃথিৱীৰ সকলো গোষ্ঠী লগ হৈ এটা গোষ্ঠী গঠন কৰা মানৱ গোষ্ঠীটোৰ নাম হল হ’ম’চেপিয়েনচ ।

২। আনুবংশিক বিজ্ঞান বুলি কাক কোৱা হয় ।

উত্তৰঃ  মানুহৰ বংশগত লক্ষণবোৰ কিদৰে বংশানুক্ৰমে চলি থাকে আৰু কি কাৰণে লক্ষণবোৰৰ মাজত বৈচিত্ৰ পৰিলক্ষিত হয় এইবোৰ অধ্যয়নকেই মানৱ আনুবংশিক বিজ্ঞান বুলি কোৱা হয় । 

৩। ৰক্তৰ মাজেৰে বংশগতি এই ধাৰণাটো ভূল বুলি কোনে প্ৰথমে প্ৰমাণ কৰি দেখুৱাইছিল । 

উত্তৰঃ  ৰক্তৰ মাজেৰে বংশগতি এই ধাৰণাটো ভূল বুলি অষ্ট্ৰিয়াৰ খ্ৰিষ্টিয়ান ধৰ্মযাজক গ্ৰেগৰ মেণ্ডেলে প্ৰথমে প্ৰমাণ কৰি দেখুৱাইছিল ।

৪. গ্ৰেগৰ জোহান মেণ্ডেল কোন আছিল ।

উত্তৰঃ গ্ৰেগৰ জোহান মেণ্ডেল আছিল অষ্ট্ৰিয়াৰ এজন খ্ৰিষ্টিয়ান ধৰ্মযাজডক । 

৫. কিমান চনত মেণ্ডেলৰ মৃত্যু হৈছিল ।

উত্তৰঃ ১৮৮৫ চনত মেণ্ডেলৰ মৃত্যু হৈছিল ।

৬. মেণ্ডেলে সূত্ৰৰ পুনৰ আৱিস্কাৰ কৰা তিনিজন বিজ্ঞানীৰ নাম কি কি ।

উত্তৰঃ  মেণ্ডেলৰ সূত্ৰ পুনৰ আৱিস্কাৰ কৰা তিনিজন বিজ্ঞানীৰ নাম হল 

ক) হলেণ্ডৰ ডা ফ্ৰিজা ।

খ) অষ্ট্ৰিয়াৰ ভন চেৰমাক ।

গ) জাৰ্মানীৰ কাৰ্ল কৰেন্স ।

৭. এক সংকৰ অনুপাত কি ।

উত্তৰঃ মেণ্ডেলৰ মটৰ মাহৰ কেতবোৰ বিপৰীত ধৰ্মী লক্ষণৰ ভিত্তিত পৰীক্ষা নিৰীক্ষা চলাইছিল । যেনে-গছৰ উচ্চতাঃ ওখ আৰু চাপৰ, ফুলৰ ৰং-বগা আৰু কজলা, গুটিৰ ৰং হালধীয়া আৰু সেউজীয়া, গুটিৰ আকাৰ শোটোৰা আৰু ঘুৰণীয়া আদি । মেণ্ডেলে প্ৰথমে মাত্ৰ এক প্ৰকাৰ চৰিত্ৰৰ দুটা বিপৰীতধৰ্মী লক্ষণৰ গছৰ মাজত সংকৰণ ঘটাই কি অনুপাতত বিপৰীত ধৰ্মী লক্ষণ দুটা পোৱা যায় সেইটো নিৰ্ধাৰণ কৰিলে । এয়েই হৈছে মেণ্ডেলৰ এক সংকৰ অনুপাত । 

৮.প্ৰভাৱী সূত্ৰ মানে কি ।

উত্তৰঃ  দুটা বিপৰীতধৰ্মী লক্ষণৰ কেৱল এটাহে প্ৰকাশ পালে । মেণ্ডেলে লক্ষণ প্ৰকাশৰ প্ৰৱলতা অনুসৰি ওখ গুণটোক প্ৰভাৱী আৰু চাপৰ গুণটোক অপ্ৰভাৱী আখ্যা দিছিল । প্ৰথম পিৰিৰ সংকৰ গছবোৰত অপ্ৰভাৱী লক্ষণটো আছে যদিও ওখ প্ৰভাৱী লক্ষণৰ লগত সি প্ৰকাশিত হৈ ৰল । প্ৰথম পিৰিত প্ৰকাশিত লক্ষণটোক প্ৰভাৱী সূত্ৰ বুলি কোৱা হয় ।

৯. পৃথকীকৰণ সূত্ৰ মানে কি ।

উত্তৰঃ  মেণ্ডেলৰ প্ৰথম যিটো পৰীক্ষা আছিল সেই পৰীক্ষাত প্ৰথম পিৰি সংকৰ গছৰ মাজত নিষেচন হবলৈ দিয়াত ওখ আৰু চাপৰ দুয়েপ্ৰকাৰ গছ 3:1 অনুপাতত পোৱা গল । প্ৰথম পিৰিত চাপৰ লক্ষণটো অপ্ৰকাশিত অৱস্থাত আছিল যদিও ই সম্পূৰ্ণভাৱে শেষ হৈ যোৱা নাছিল । সেইকাৰণে দ্বিতীয় পিৰিত পুনৰ চাপৰ গছ পোৱা গল । ইয়াৰ দ্বাৰা মেণ্ডেলে লক্ষ্য কৰিলে যে অপ্ৰভাৱী চাপৰ বংশগত লক্ষণ কঢ়িয়াই অনা ক্ষুদ্ৰ পদাৰ্থ প্ৰভাৱী লক্ষণৰ লগত থাকি কোনো ধৰণৰ পৰিৱৰ্তন নহল । 

১০. জননকোষৰ বিশুদ্ধতা ।

উত্তৰঃ এটা জননকোষত বিপৰীত ধৰ্মী লক্ষণৰ মাত্ৰ এটা লক্ষণহে থাকে । মেণ্ডেলৰ এক সাংকৰিক পৰীক্ষাত দেখা এটা জননকোষত এইদৰে ওখ বা চাপৰৰ বাবে এটা লক্ষণ থাকিব । দুয়োপ্ৰকাৰৰ লক্ষণ থাকিব নোৱাৰে । প্ৰত্যেকটো লক্ষণৰ বাবে এটা জননকোষ বিশুদ্ধ । ইয়াকে জননকোষৰ বিশুদ্ধতা বুলি কোৱা হয় ।

১১. জিন কাক বোলে ।

উত্তৰঃ ক্ৰ’ম’জোমত থকা বংশগতি নিয়ন্ত্ৰণ কৰা ক্ষুদ্ৰাতি ক্ষুদ্ৰ পদাৰ্থক জিন বোলা হয় ।

১২. জিনক কি বুলি কোৱা হয় ।

উত্তৰঃ  জিনক বংশগতিৰ বাহক বুলি কোৱা হয় ।

১৩. এলিল বা এলেওমৰ্ফ কাক বোলে ।

উত্তৰঃ ক্ৰ’ম’জোমত এক স্থানত থকা জিনক এলিল বা এলেওমৰ্ফ বুলি কোৱা হয় ।

১৪. মানুহৰ দেহত কিমানডাল ক্ৰ’ম’জোম থাকে ।

উত্তৰঃ মানুহৰ দেহত ৪৬ ডাল ক্ৰ’মটজোম থাকে ।

১৫. জিন’টাইপ কাক বোলে ।

উত্তৰঃ  জিনৰ উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি যি প্ৰকাৰৰ বিভাগ কৰা হয় তাকে জিন’টাইপ বোলে ।

১৬. ফিন’টাইপ কাক বোলে ।

উত্তৰঃ  জীৱৰদেহত প্ৰকাশিত চৰিত্ৰবোৰৰ সমষ্টিকেই ফিন’টাইপ বোলে ।

১৭. সমযুগ্মনজী বা হ’ম’যাইগাছ বুলি কাক কোৱা হয় ।

উত্তৰঃ  এযোৰ এলিলৰ দুয়োটা জিন যদি একে হয় তেতিয়া সমযুগ্মনজী বা হ’ম’যাইগাছ বুলি কোৱা হয় ।

১৮. বিষমযুগ্মনজী বা হেটাৰ’যাইগাছ বুলি কাক কোৱা হয় ।

উত্তৰঃ দুটা এলিলৰ যদি জিন বেলেগ বেলেগ হয় তেতিয়া তাকে বিষমযুগ্মনজী বা হেটাৰ’যাইগাছ বোলে ।

১৯. দ্বি-সংকৰ অনুপাত মানে কি ।

উত্তৰঃ মেণ্ডেলে দুজোপা গছৰ মাজত নিষেচন হবলৈ দিলে । ফলত প্ৰথম পিৰিৰ গছবোৰ ওখ আৰু গুটি ঘুৰণীয়া হল । এইবাৰ প্ৰথম পিৰিৰ গছৰ মাজত সংকৰণ ঘটোৱাত দ্বিতীয় পিৰিৰ গছবোৰ 9:3:3:1 অনুপাতত পোৱা গল । 9 ঘুৰণীয়া ওখ,: 3 শোটোৰা ওখ : 3 ঘুৰণীয়া চাপৰ: 1 শোটোৰা চাপৰ । এইটোৱেই হল মেণ্ডেলৰ দ্বি-সংকৰ অনুপাত । 

২০. প্ৰজাতি মানে কি ।

উত্তৰঃ  সাধাৰণ অৰ্থত প্ৰজাতি মানে হল এটা মানৱ গোট । 

২১. প্ৰজাতি কাক বোলে ।

উত্তৰঃ প্ৰজাতি মানে এনে এটা মানৱ গোট যাক আনুবংশিক লক্ষণৰ দ্বাৰা আন এটা মানৱ গোষ্ঠীৰ পৰা পৃথক কৰিব পাৰি । গতিকে বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত উমৈহতীয়া শাৰীৰিক লক্ষণৰ ভিত্তিত বিভক্ত কৰা মানৱ গোটকে প্ৰজাতি বুলি কোৱা হয় ।

২২. হুটনৰ প্ৰজাতি সংজ্ঞাটো কি আছিল ।

উত্তৰঃ  হুটনৰ মতে প্ৰজাতি হল মানুহৰ এটা ডাঙৰ সমষ্টি, যিটো সমষ্টিৰ মানুহবোৰ যদিও ভিন্ন শাৰীৰিক লক্ষণ বিশিষ্ট তথাপিও সিঁহত কিছুমান আংগিক আৰু জোখ লব পৰা শাৰীৰিক লক্ষণৰ মিশ্ৰণত মানুহৰ এটা সমষ্টি আৰু এই বিশিষ্ট শাৰীৰিক লক্ষণবোৰ প্ৰধানকৈ পাৰিপাৰ্শিকতাৰ প্ৰভাৱহীন আৰু উমৈহতীয়া বংশৰ পৰা লব্ধ । 

২৩. প্ৰজাতীয় নিকষ কাক বোলে ।

উত্তৰঃ  বংশগতিৰ দ্বাৰা নিয়ন্ত্ৰিত যিবোৰ আবয়ৱিক লক্ষণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰজাতিৰ শ্ৰেণীকৰণ কৰা হয়, সেই লক্ষণবোৰকে প্ৰজাতীয় নিকষ বোলে । 

২৪. প্ৰজাতীয় নিকষক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ প্ৰজাতীয় নিকষক ৩টা ভাগত ভগাব পাৰি যেনে 

ক) কেতবোৰ সাধাৰণ আৱয়ৱিক লক্ষণ। এইবোৰৰ বংশগতি সম্বন্ধে ভালকৈ জনা নাযায় । চৰ্মবৰ্ণ, দৈহিক উচ্চতা, মস্তকাকৃতি, মুখমণ্ডল আদি এই ভাগত পৰে । এই লক্ষণবোৰৰ কিছুমান চকুৰে নিৰীক্ষণ কৰি বৰ্ণনা কৰা হয়, যেনে-মুখমণ্ডলীয় প্ৰক্ষিপ্ততা, নেত্ৰচ্ছেদ ভাঁজ আদি । আন কিছুমান লক্ষণ জোখ-মাখ লৈহে বৰ্ণনা কৰিব পাৰি,যেনে-দৈহিক উচ্চতা, নাসিকা দৈৰ্ঘ্য, মস্তক দৈৰ্ঘ্য ।

খ) কিছুমান শৰীৰক্ৰিয়া বিজ্ঞানীয় লক্ষণ যিবোৰৰ বংশগতি সম্বন্ধে ভালদৰে জনা গৈছে । এই লক্ষণবোৰ পৰিৱেশৰ দ্বাৰা প্ৰভাৱান্বিত নহয় । বিভিন্ন প্ৰকাৰৰ ৰক্ত সমষ্টি যেনে এ,বি, ও, এম-এন আদি এই বিধৰ প্ৰধান উদাহৰণ ।

গ) কিছুমান বিৰল আনুবংশিক লক্ষণ যিবোৰৰ বংশগতি সম্বন্ধে জনা আছে । এই লক্ষণবোৰ সকলো মানুহৰ শৰীৰত দেখা নাযায় যদিও তাকৰীয়াভাৱে জনসমষ্টিবোৰৰ মাজত নিহিত হৈ আছে । বৰ্ণান্ধতা , অস্বাভাৱিক হিমগ্লবিন আদিকে ধৰি ৰক্তৰ বিভিন্ন ধৰণৰ অস্বাভাৱিক লক্ষণ এই ভাগৰ অন্তৰ্গত । 

২৫. প্ৰধান নিকষ কেইটা আৰু কি কি ।

উত্তৰঃ  প্ৰধান নিকষ দহটা সেইকেইটা তলত উল্লেখ কৰা হল 

ক) চৰ্মবৰ্ণ ।

খ) কেশ

গ) নেত্ৰ 

ঘ) দৈহিক উচ্চতা 

ঙ) মস্তকাকৃতি 

চ). নাসিকা 

ছ) মুখমণ্ডল 

জ) হস্তাংগুলি আৰু কৰতল ছাপ ।

ঝ) ৰক্তপ্ৰকাৰ বা সমষ্টি ।

২৬. চৰ্মবৰ্ণক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ।

উত্তৰঃ চৰ্মবৰ্ণক তিনিটা ভাগত ভাগ কৰিব পাৰি যেনে 

ক) শ্বেতচৰ্মী ।

খ) কৃষ্ণচৰ্মী ।

গ) পীতচৰ্মী ।

২৭. শ্বেতচৰ্মী লোকৰ উল্লেখ থকা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ শ্বেতচৰ্মী লোকৰ উল্লেখ থকা দুখন ঠাইৰ নাম হল 

ক) উত্তৰ আফ্ৰিকা ।

খ) পলিনেছীয়া ।

২৮. কৃষ্ণচৰ্মী লোকৰ প্ৰজাতি কত পোৱা যায় ।

উত্তৰঃ কৃষ্ণচৰ্মী লোকৰ প্ৰজাতি মেলানেছীয় , পাপুৱান, অষ্ট্ৰেলিয়াত পোৱা যায় ।

২৯. পীতচৰ্মৰ প্ৰজাতি উদ্ধাৰ হোৱা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ পীতচৰ্মৰ প্ৰজাতি উদ্ধাৰ হোৱা দুখন ঠাইৰ নাম হল 

ক) আমেৰিকাৰ আমেৰিণ্ড ।

খ) দক্ষিণ আফ্ৰিকাৰ বুছমেন । 

৩০. মানুহৰ গাৰছালৰ স্তৰ কেইটা আৰু কি কি ।

উত্তৰঃ  মানুহৰ গাৰছালৰ স্তৰ দুটা সেইকেইটা হল 

ক) উপচৰ্ম বা মাখিছাল ।

খ) চৰ্ম ।

৩১. মেলানিন কাক বোলে ।

উত্তৰঃ  চৰ্মৰ দুটা স্তৰ থাকে ওপৰৰ স্তৰটোত বৰ্ণকোষ থাকে এই কোষত কলা বা খুব গাঢ় পিংগল বৰ্ণৰ কণিকা থাকে । এই কণিকাবোৰক মেলানিন বোলে । 

৩২. পৃথিৱীৰ লোকসকলক কেইটা প্ৰজাতিত ভাগ কৰিব পাৰি আৰু কি ।

উত্তৰঃ পৃথিৱীৰ লোকসকলক তিনিটা প্ৰজাতিত ভাগ কৰিব পাৰি যেনে 

ক) ককেছীয় ।

খ) মংগোলীয় ।

গ) নিগ্ৰইড ।

৩৩. নেত্ৰবৰ্ণ কাক বোলে ।

উত্তৰঃ চক্ষুমণিৰ ৰঙকেই নেত্ৰবৰ্ণ বুলি কোৱা হয় ।

৩৪. নেত্ৰবৰ্ণ কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ নেত্ৰবৰ্ণ ৮ প্ৰকাৰৰ যেনে 

ক) ক’লা, খ) গাঢ়পিংগল, গ) পিংগল, ঘ) পাতল পিংগল, ঙ) নীলাভ পিংগল, চ) হৰিৎ পিংগল, ছ) ধূসৰ পিংগল, জ) নীলা ধূসৰ ।

৩৫. নেত্ৰবিবৰ কাক বোলে ।

উত্তৰঃ  নেত্ৰৰ অন্তঃ আৰু বহিঃকোণক নেত্ৰবিধৰ বোলে ।

৩৬. নেত্ৰচ্ছেদ ভাজ কাক বোলে । 

উত্তৰঃ মংগোলীয় লোকসকলৰ চকুৰ ওপৰৰ পল্লৱ চকুৰ ওপৰত ওলমি থাকি চকুটো এনেভাৱে ঢাকি ৰাখে , যাৰ ফলত চকু বহলকৈ মেলিব নোৱাৰে । প্ৰায় সকলো মংগোলীয়ৰ চকুত এনেকুৱা ভাঁজ দেখা যায় । সেইকাৰণে এনে ভাজক মংগোলীয় ভাজ বোলে । এই ভাজক নেত্ৰচ্ছেদ ভাজ বুলি কোৱা হয় । 

৩৭. নেত্ৰচ্ছেদ ভাজ কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ  নেত্ৰচ্ছেদ ভাজ ৫ প্ৰকাৰৰ যেনে 

ক) সম্পূৰ্ণ নেত্ৰচ্ছেদ ভাঁজ বা সম্পূৰ্ণ মংগোলীয় ভাজ ।

খ) অন্তঃনেত্ৰচ্ছেদ ভাঁজ ।

গ) নেত্ৰচ্ছেদ ভাঁজ নথকা ।

ঘ) বহিঃনেত্ৰচ্ছেদ ভাঁজ ।

ঙ) মধ্যনেত্ৰচ্ছেদ ভাঁজ । 

৩৮. মস্তকাকৃতি কেইপ্ৰকাৰৰ আৰু কি কি ।

উত্তৰঃ মস্তকাকৃতি চাৰিপ্ৰকাৰৰ যেনে 

ক) বৃত্তাকাৰ ।

খ) উপবৃত্তাকাৰ ।

গ) দীঘলীয়া ।

ঘ) ডিম্বাকৃতি ।

৩৯. তেজৰ সমষ্টি আৱিস্কাৰ কৰা বিজ্ঞানীজনৰ নাম কি ।

উত্তৰঃ তেজৰ সমষ্টি আৱিস্কাৰ কৰা বিজ্ঞানীজনৰ নাম হল কাৰ্ল লেণ্ডষ্টেইনাৰ । 

৪০. কাৰ্ল লেণ্ডষ্টেইনাৰে আৱিস্কাৰ কৰা প্ৰধান চাৰিটা সমষ্টি কি কি ।

উত্তৰঃ কাৰ্ল লেণ্ডষ্টেইনাৰে আৱিস্কাৰ কৰা প্ৰধান চাৰিটা সমষ্টি হল এ, বি, এবি, আৰু ও ।

৪১. সংলগ্নীভৱন কাক বোলে ।

উত্তৰঃ এ এন্টিজেন থকা ৰক্তকোষ প্ৰতি এৰ সংস্পৰ্শলৈ আহিলে তেজ গোট মাৰে । ইয়াকে সংলগ্নীভৱন বুলি কোৱা হয় । 

৪২. সাৰ্বিকদাতা কাক বোলে ।

উত্তৰঃ  একে  ৰক্ত সমষ্টিৰ মানুহৰ পৰস্পৰৰ মাজত ৰক্ত বিনিময় কৰাত একো বাধা নাই । তাৰোপৰি এ ৰক্ত সমষ্টিৰ মানুহৰ পৰা যিকোনো ৰক্ত সমষ্টি সম্পন্ন মানুহে ৰক্ত গ্ৰহণ কৰিব পাৰে । সেইকাৰণে ইয়াক সাৰ্বিকদাতা বুলি কোৱা হয় ।

৪৩. সাৰ্বিকগ্ৰাহিতা কাক বোলে ।

উত্তৰঃ  এ,বি ৰক্ত সম্পন্ন মানুহে যিকোনো মানুহৰ পৰা ৰক্ত গ্ৰহণ কৰিব পাৰে । সেইকাৰণে এ,বি ৰক্ত সমষ্টি সম্পন্ন লোকক সাৰ্বিকগ্ৰাহিতা বোলে । 

৪৪. ৰক্ত সমষ্টিক কি হিচাপে গণ্য কৰা হয় ।

উত্তৰঃ ৰক্ত সমষ্টিক এটা গুৰুত্বপূৰ্ণ প্ৰজাতীয় নিকষ হিচাপে গণয কৰা হয় ।

৪৫. ককেছীয়সকলৰ দুটা শাৰীৰিক লক্ষণৰ বিষয়ে লিখা ।

উত্তৰঃ ককেছীয়সকলৰ দুটা শাৰীৰিক লক্ষণ হল 

ক) এওলোকৰ চৰ্মবৰ্ণ সাধাৰণতে পিংগল শ্বেত । 

খ) কেশ সাধাৰণতে নিম্ন তৰংগায়িত, কিছুমান বক্ৰ । 

৪৬. ভূ-মধ্যসাগৰীয় লোকসকলক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ ভূ-মধ্যসাগৰীয় লোকসকলক তিনিটা ভাগত ভগাব পাৰি যেনে

ক) প্ৰকৃত ভূ-মধ্যসাগৰীয়, খ) আটলান্টিক ভূ-মধ্যসাগৰীয়, গ) ইৰাণো-আফগান ভূ-মধ্যসাগৰীয় । 

৪৭. প্ৰকৃত ভূমধ্যসাগৰীয় লোকসকলৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ প্ৰকৃত  ভূমধ্যসাগৰীয় লোকসকলৰ দুটা বৈশিষ্ট্য হল 

ক) পাতল পিংগল ৰঙৰ দেহ ।

খ) মূৰ দীঘলীয়াৰ পৰা মধ্যমীয়া । 

৪৮. প্ৰকৃত ভূমধ্যসাগৰীয় লোকসকলৰ উচ্চতা কিমান ।

উত্তৰঃ  ভূমধ্য সাগৰীয় লোকসকলৰ উচ্চতা ১৬৫ চেঃমিঃ 

৪৯. আটলান্টিক ভূমধ্যসাগৰীয় লোকসকলৰ দুটা বৈশিষ্ট্য লিখা । 

উত্তৰঃ  আটলান্টিক ভূমধ্যসাগৰীয় লোকসকলৰ দুটা বৈশিষ্ট্য হল 

ক) চৰ্মবৰ্ণ কৃষ্ণ 

খ) মুখমণ্ডল দীঘল ।

৫০. ইৰাণো আফগান ভূমধ্যসাগৰীয় লোকসকলৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  ইৰাণো আফগান ভূমধ্যসাগৰীয় লোকসকলৰ দুটা বৈশিষ্ট্য হল 

ক) এওঁলোকৰ চৰ্মবৰ্ণ পাতল পিংগল ।

খ) নাসিকা দণ্ড ভাটৌ চৰাই ঠোটৰ দৰে ।

৫১. নৰ্ডিকৰ প্ৰকৃত প্ৰতিনিধি বুলি কাক কোৱা হয় ।

উত্তৰঃ  স্কেণ্ডিনেভিয়াৰ অধিবাসীসকলক নৰ্ডিকৰ প্ৰকৃত প্ৰতিনিধি বুলি কোৱা হয় । 

৫২. নৰ্ডিকৰ কেইটামান বৈশিষ্ট্য লিখা ।

উত্তৰঃ নৰ্ডিকৰ কেইটামান বৈশিষ্ট্য হল 

ক) নৰ্ডিকৰ চৰ্মবৰ্ণ ৰঙচুৱা বগা ।

খ) কেশবৰ্ণ বিভিন্ন প্ৰকাৰৰ যেনে ৰক্তাক্ত পিংগল, ছাইবৰণীয়া, সোণালী আদি ।

গ) নেত্ৰবৰ্ণ নীলা বা ছাই ৰঙৰ ।

ঘ) মুখমণ্ডল দীঘলীয়া আৰু সুগঠিত ।

ঙ) নাসিকা ঠেক আৰু দীঘল ।

৫৩. নৰ্ডিক লোকে বাস কৰা দুখন ঠাইৰ নাম লিখা । 

উত্তৰঃ নৰ্ডিক লোকে বাস কৰা দুখন ঠাইৰ নাম হল 

ক) বাল্টিক অঞ্চল ।

খ) উত্তৰ জাৰ্মানী । 

৫৪. আলপাইন লোকসকলৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  আলপাইন লোকসকলৰ তিনিটা বৈশিষ্ট্য হল 

ক) আলপাইন লোকসকলৰ চৰ্মবৰ্ণ জলপাই ৰঙৰ নাইবা পিংগল শ্বেত ।

খ) কেশবৰ্ণ পিংগল বা বাদামী ৰঙৰ ।

গ) মুখমণ্ডল ঘুৰণীয়া বা ডিম্বাকৃতিৰ আৰু অপ্ৰক্ষিপ্ত ।

৫৫. ডিনাৰিকসকলে বাস কৰা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ  ডিনাৰিকসকলে বাস কৰা দুখন ঠাইৰ নাম হল 

ক) পূৱ চুইজাৰলেণ্ডৰ পৰা অষ্ট্ৰিয়ান টাইৰললৈ ।

খ) দক্ষিণ যুগশ্লোভিয়াৰ পৰা আলবেনিয়ালৈ । 

৫৬. আৰ্মেনীয়সকলৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  আৰ্মেনীয়সকলৰ দুটা বৈশিষ্ট্য হল 

ক) এওলোকৰ চৰ্মবৰ্ণ তাম্ৰ-শ্বেত বা জলপাই ৰঙৰ ।

খ) কেশবৰ্ণ গাঢ় পিংগলৰ পৰা কলা ।

৫৭. পূব বাল্টিকসকলৰ এটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  পূব বাল্টিকসকলৰ এটা বৈশিষ্ট্য হল 

ক) নেত্ৰবৰ্ণ পাতল নীলা বা ধূসৰ ।

৫৮. পূব বাল্টিক লোকৰ প্ৰজাতি কত পোৱা যায় ।

উত্তৰঃ পূব বাল্টিক লোকৰ প্ৰজাতি  ৰাছিয়া, ফিনলেণ্ড, পোলেণ্ড উত্তৰ পূব জাৰ্মানীত পোৱা যায় ।

৫৯. কেল্টিক প্ৰজাতিৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  কেল্টিক প্ৰজাতিৰ তিনিটা বৈশিষ্ট্য হল 

ক) কেশ সাধাৰণতে তৰংগায়িত বা বক্ৰ ।

খ) নেত্ৰবৰ্ণ নীলা বা ধুসৰ ।

গ) মুখমণ্ডল ঠেক আৰু দীঘল । 

৬০. পূব বাল্টিক লোকৰ অৱস্থিতি কত দেখা যায় ।

উত্তৰঃ বাল্টিক অঞ্চল, ৰাছিয়া, ফিনলেণ়্, উত্তৰ-পূব-জাৰ্মানীত এই লোকৰ অৱস্থিতি দেখা যায় । 

৬১. কেল্টিকসকলৰ বিষয়ে লিখা ।

উত্তৰঃ  কেল্টিকৰ চৰ্মবৰ্ণ শেঁতা বগা । কেশবৰ্ণ গাঢ় পিংগল বা ৰঙচুৱা । কেশ সাধাৰণতে তৰংগায়িত বা বক্ৰ । নেত্ৰ বৰ্ণ নীলা বা ধূসৰ । মুখমণ্ডল ঠেক আৰু দীঘল । দীৰ্ঘনাসিকী । নাসিকাদণ্ড ঋজু ।  এওঁলোক মধ্য মস্তকী ।

বিস্তৃতি ঃ ৱেলচ, স্কটলেণ্ড, আৰু আইচলেণ্ডত এওঁলোকৰ প্ৰাধান্য দেখা যায় । ইংলেণ্ড আৰু পশ্চিম ইউৰোপৰ কোনো কোনো অঞ্চলতো দেখা যায় । 

৬২. লাপ প্ৰজাতিৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  লাপ প্ৰজাতিৰ দুটা বৈশিষ্ট্য হল 

ক) কেশ ঋজু বা নিম্ন তৰংগায়িত ।

খঋ কপাল ঠেক ।

৬৩.পিৰেনীয় প্ৰজাতিৰ বিষয়ে লিখা ।

উত্তৰঃ  এওঁলোকৰ চৰ্মবৰ্ণ ৰক্তিমাত । কেশবৰ্ণ পিংগল । কেশ তৰংগায়িত । নেত্ৰবৰ্ণ পিংগল বা সেউজীয়া । মুখমণ্ডল দীঘল আৰু অপ্ৰক্ষিপ্ত । তেওঁলোক দীৰ্ঘনাসিকী মধ্যমস্তকী । শৰীৰৰ উচ্চতা মধ্যমীয়া । 

বিস্তৃতি ঃ স্পেইনৰ উত্তৰ অঞ্চলত এই প্ৰকাৰৰ লোকক দেখা যায় ।

৬৪.  ইণ্ডদ্ৰাবিড় প্ৰজাতিৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  ইণ্ডদ্ৰাবিড় প্ৰজাতিৰ দুটা বৈশিষ্ট্য হল 

ক) কেশাকৃতি সাধাৰণতে তৰংগায়িত ।

খ) চৰ্মবৰ্ণ পাতল পিংগলৰ পৰা গাঢ় পিংগল । 

৬৫.  ইণ্ডদ্ৰাবিড় প্ৰজাতিয়ে বাস কৰা কেইখনমান ঠাইৰ নাম লিখা ।

উত্তৰঃ  ইণ্ডদ্ৰাবিড় প্ৰজাতিয়ে বাস কৰা কেইখনমান ঠাইৰ নাম হল 

ক) দক্ষিণ আৰু মধ্যভাৰত আৰু সিংহল । 

৬৬. পলিনেছীয় কি ।

উত্তৰঃ  পলিনেছীয় হল  এটা মিশ্ৰিত প্ৰজাতি । 

৬৭. পলিনেছীয়সকলৰ আৱয়ৱিক লক্ষণসমূহ বৰ্ণনা কৰা ।

উত্তৰঃ  চৰ্মবৰ্ণ পাতল পিংগলৰ পৰা পীতাভ পিংগল । কেশ বৰ্ণ গাঢ় পিংগল পৰা ক’লা । কেশ সাধাৰণতে তৰংগায়িত আৰু পোন । ডঢ়ি-গোফ  আৰু গাৰ নোম কম । নেত্ৰবৰ্ণ গাঢ় পিংগল । মুখমণ্ডল দীঘলীয়া আৰু প্ৰশস্ত । নাক বহল । নাসিকাদণ্ড পোন আৰু উত্তল । এওঁলোকে প্ৰধানকৈ প্ৰশস্তমস্তকী । দৈহিক উচ্চতা প্ৰায় ১৭৫ চেঃমিঃ । 

৬৮. আইনু কি ।

উত্তৰঃ আইনু হল জাপানৰ এটা প্ৰাচীন প্ৰজাতি । 

৬৯. নোমাল আইনু বুলি কাক কোৱা হয় ।

উত্তৰঃ  আইনুৰ চৰ্মবৰ্ণ পাতল পিংগলৰ পৰা শ্বেত । কেশ গাঢ় পিংগলৰ পৰা কৃষ্ণবৰ্ণৰ । কেশ তৰংগায়িত । ডাঢ়ি-গোঁফ আৰু শৰীৰৰ নোম ইমান বেছি হয় সেইকাৰণে এওঁলোকক নোমাল আইনু বুলি কোৱা হয় । 

৭০. আইনু প্ৰজাতিৰ কেইটামান বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ নেত্ৰচ্ছেদ ভাঁজ নাই । নেত্ৰবৰ্ণ মধ্যমীয়াৰ পৰা গাঢ় পিংগল । মুখমণ্ডল মধ্যমীয়া প্ৰশস্তৰ । প্ৰক্ষিপ্ততা নাই । নাসিকা খৰ্ব । মধ্য নাসিকীৰ পৰা প্ৰশস্তনাসিকী । নাসিকাদণ্ড পোন বা উত্তল । এওঁলোক মধ্যমস্তকী । মস্তকৰ আনুপাতিক সূচনা ৭৬.৫ । শৰীৰ নোদোকা 

৭১. আইনু প্ৰজাতিয়ে বসবাস কৰা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ আইনু প্ৰজাতিয়ে বসবাস কৰা দুখন ঠাইৰ নাম হল 

ক) উত্তৰ জাপান ।

খ) ইয়েজো ।

৭২. মংগোলীয় লোকসকলৰ আৱয়ৱিক লক্ষণসমূহ কেনেধৰণৰ আছিল লিখা ।

উত্তৰঃ মংগোলীয় লোকসকলৰ আবয়ৱিক লক্ষণসমূহ তলত উল্লেখ কৰা হল 

ক) চৰ্মবৰ্ণঃ পীত বা পীত পিংগল ।

খ) কেশঃ ঋজু, আৰু খহটা। ডাঢ়ি-গোফ আৰু গাৰ নোম কম ।

গ) মুখমণ্ডল ঃ বহল আৰু চেপেটা । কপোলাস্থি স্পষ্ট ।

ঘ) মস্তকঃ প্ৰশস্ত ।

ঙ) নেত্ৰঃ বক্ৰ। নেত্ৰকোণ ঠেক । সম্পূৰ্ণ মংগোলীয় নেত্ৰচ্ছেদ ভাঁজ দেখা যায় ।

৭৩. মংগোলীয়সকলক কেইটা ভাগত ভাগ কৰিব পাৰি আৰু কি কি ।

উত্তৰঃ মংগোলীয়সকলক চাৰিটা প্ৰধান ভাগত ভাগ কৰা হৈছে যেনে 

ক) প্ৰকৃত মংগোলীয় ।

খ) উত্তৰ মেৰুৰ মংগোলীয় বা এস্কিম ” ।

গ) আমেৰিকান ইণ্ডিয়ান বা আমেৰিণ্ডিয়ান ।

ঘ) ইণ্ডোনেছীয়-মালয়ী মংগোলীয় । 

৭৪. প্ৰকৃত মংগোলীয়সকলৰ শাাৰীৰিক বৈশিষ্ট্য কেইটামান লিখা ।

উত্তৰঃ  প্ৰকৃত মংগোলীয়ৰ চৰ্মবৰ্ণ পীত বা পীত পিংগল । কেশ ঋজু, ক’লা আৰু খহটা । ডাঢ়ি-গোফ আৰু গাৰ নোম কম । নেত্ৰ বক্ৰ । নেত্ৰ সম্পূৰ্ণ মংগোলীয় নেত্ৰচ্ছেদ ভাজযুক্ত । নাসিকা দম্ড ঋজু বা অৱতল । সাধাৰণতে প্ৰশস্ত মস্তকী । কপোলাস্থি স্পষ্ট ।কপাল ঘোৰ খোৱা । 

৭৫. প্ৰকৃত মংগোলীয়ৰ বিস্তৃত হৈ থকা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ প্ৰকৃত মংগোলীয়ৰ বিস্তৃত হৈ থকা দুখন ঠাইৰ নাম হল 

ক) ছাইবেৰীয়া ।

খ) আমূৰ নদীৰ উপত্যকা । 

৭৬. উত্তৰ মেৰুৰ মংগোলীয় বা এস্কিমোসকলৰ বিষয়ে লিখা ।

উত্তৰঃ এই প্ৰকাৰ লোকৰ চৰ্মবৰ্ণ পীতাভ । কেশ ঋজু আৰু কৃষ্ণবৰ্ণৰ । ডাঢ়ি-গোঁফ আৰু গাৰ নোম কম । নেত্ৰ ক’লা ৰঙৰ । নেত্ৰত সম্পূৰ্ণ মংগোলীয় ভাঁজ আছে । নাসিকা ঠেক আৰু দীঘল । মুখমণ্ডল বহল আৰু চেপেটা । কপোলাস্থি লক্ষণীয় । হাত-ভৰি চুটি । মস্তকাকৃতি বিভিন্ন ধৰণৰ -কিছুমান প্ৰশস্ত মস্তকী আৰু কিছুমান মধ্য মস্তকী । 

৭৭. উত্তৰ মেৰুৰ মংগোলীয় বা এস্কিমোসকলে বাস কৰা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ  উত্তৰ মেৰুৰ মংগোলীয় বা এস্কিমোসলে বাস কৰা দুখন ঠাইৰ নাম হল 

ক) উত্তৰ এছিয়া ।

খ) উত্তৰ আমেৰিকাৰ মেৰু অঞ্চল । 

৭৮. আমেৰিকান ইণ্ডিয়ান বা আমেৰিণ্ডিয়ানসকলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ  আমেৰিকান ইণ্ডিয়ান বা আমেৰিণ্ডিয়ানসকলৰ দুটা বৈশিষ্ট্য হল 

ক) চৰ্মবৰ্ণৰ পীত পিংগলৰ পৰা লোহিত পিংগল ।

খ) কপাল এঢলীয়া ।

৭৯. আমেৰিণ্ডিয়ানসকলে বসবাস কৰা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ  আমেৰিণ্ডিয়ানসকলে বসবাস কৰা দুখন ঠাইৰ নাম হল 

ক) উত্তৰ ।

খ) মধ্য আৰু দক্ষিণ আমেৰিকা । 

৮০. ইণ্ডোনেছীয় -মালয়ী মংগোলীয়সকলৰ বাসভূমি কত অৱস্থিত ।

উত্তৰঃ  ইণ্ডোনেছীয়-মালয়ী মংগোলীয়সকলৰ বাসভূমি দক্ষিণ-পূব-এছিয়াত অৱস্থিত । 

৮১. মংগোলীয় প্ৰজাতিক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ।

উত্তৰঃ মংগোলীয় প্ৰজাতিক দুটা ভাগত ভাগ কৰা হৈছে যেনে 

ক) ইণ্ডোনেছীয় ।

খ) মালয়ী ।

৮২. ইণ্ডোনেছীয় প্ৰকাৰটোক কি নামেৰে জনা যায় ।

উত্তৰঃ  ইণ্ডোনেছীয় প্ৰকাৰটোক নেছিয়ট নামেৰে জনা যায় ।

৮৩.ইণ্ডোনেছীয়  প্ৰকাৰ বা নেছিয়েটৰ বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ  এওঁলোকৰ চৰ্মবৰ্ণ পাতল ৰঙচুৱা পিংগলৰ পৰা মধ্যমীয়া পিংগল ।

কেশ সামান্যভাৱে তৰংগায়িত । কেশ কৃষ্ণ বৰ্ণৰ যদিও ৰঙচুৱা ভাভা দেখা যায় । এই প্ৰকাৰত মালয়ী প্ৰকাৰতকৈ অন্তঃনেত্ৰচ্ছেদৰ ভাঁজ কমকৈ দেখা যায় । মালয়ী প্ৰকাৰতকৈ এই প্ৰকাৰৰ মুখমণ্ডল ঠেক, দীঘল আৰু ডিম্বাকৃতিৰ । তেনেকৈও নাসিকাও ঠেক, উন্নত আৰু দীঘলীয়া । তেওঁলোক মধ্যমস্তকী যদিও দীৰ্ঘমস্তকী যদিও দীৰ্ঘমস্তকী লোকো আছে । ইণ্ডোনেছীয়সকল অলপ চাপৰ ।  তেওঁলোকৰ দৈহিক উচ্চতা প্ৰায় ১৫৫ চেঃমিঃ । ইণ্ডোনেছীয়াতকৈ মালয়ী প্ৰকাৰ কিছু ওখ । 

৮৪, মালয়ী প্ৰজাতিৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ মালয়ী প্ৰজাতিৰ তিনিটা বৈশিষ্ট্য হল 

ক) কেশ ঋজু আৰু কৃষ্ণবৰ্ণৰ ।

খ) নেত্ৰ মধ্যমীয়াৰ পৰা গাত পিংগল বা প্ৰায় কৃষ্ণবৰ্ণৰ ।

গ) কপোলাস্থি বাহিৰলৈ ওলোৱা । 

৮৫. মালয়ী প্ৰকাৰৰ লোকে বাস কৰা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ মালয়ী প্ৰকাৰৰ লোকে বাস কৰা দুখন ঠাইৰ নাম হল 

ক) ব্ৰহ্মদেশ ।

খ) থাইলেণ্ড । 

৮৬. নিগ্ৰ প্ৰজাতিৰ আৱয়ৱিক লক্ষণবোৰ বৰ্ণনা কৰা ।

উত্তৰঃ   নিগ্ৰ প্ৰজাতিৰ আবয়ৱিক লক্ষণবোৰ হল 

ক) চৰ্মবৰ্ণঃ সাধাৰণতে ক’লা । গাঢ় পিংগল নাইবা পীত-পিংগল লোকো দেখা যায় ।

খ) কেশঃ কৃষ্ণ বৰ্ণৰ । উলকেশ বা কুঞ্চিত কেশ নিগ্ৰৰ প্ৰধান লক্ষণ ।

গ) নেত্ৰঃ নেত্ৰবৰ্ণ গাঢ়পিংগলৰ পৰা ক’লা ।

ঘ) নাসিকাঃ বহল আৰু চেপেটা । নাসিকা দণ্ড আৰু নাসিকামূল নিম্ন আৰু প্ৰশস্ত ।

ঙ) মুখমণ্ডলঃ মুখমণ্ডলৰ প্ৰক্ষিপ্ততা প্ৰায়েই দেখা যায় । 

চ) ওঠঃ শকত আৰু ঘোৰখোৱা ।

ছ) কৰ্ণঃ কাণৰ লতি খুব সৰু ।

জ) ললাটঃ ঘোৰখোৱা ।

ঝ) মস্তকঃ দীঘলীয়া 

৮৭. নিগ্ৰসকলক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ  নিগ্ৰসকলক দুটা প্ৰধান ভাগত ভগাব পাৰি যেনে 

ক) আফ্ৰিকাৰ নিগ্ৰ 

খ) মহাসাগৰীয় নিগ্ৰ 

৮৮. আফ্ৰিকাৰ নিগ্ৰসকলক কেইটা ভাগত ভগাব পাৰি আৰু কি কি ।

উত্তৰঃ     আফ্ৰিকাৰ নিগ্ৰসকলক পাচটা ভাগত ভগাব পাৰি যেনে 

ক   প্ৰকৃত নিগ্ৰ। 

খ) বান্টু ভাষা-ভাষী নিগ্ৰ বা বান্টূ ।

গ)  নাইলটিক নিগ্ৰ বা নাইলট ।  

ঘ) বুছমেন হটেনটট ।

ঙ) নেগ্ৰিল’ বা আফ্ৰিকাৰ পিগমি ।

৮৯. প্ৰকৃত নিগ্ৰসকলৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  প্ৰকৃত নিগ্ৰসকলৰ দুটা বৈশিষ্ট্য হল 

ক) . চৰ্মবৰ্ণ গাঢ় পিংগল বা ক’লা ।

খ) ওঁঠ শকত আৰু ঘোৰ খোৱা । 

৯০. নাইল”টিক নিগ্ৰ বা নাইলটৰ বাসস্থান কত আছিল  ।

উত্তৰঃ  নাইল’টিক নিগ্ৰ’ বা নাইলটৰ বাসস্থান আছিল 

ক) পূৱ ছুদান ।

খ) নীল নদীৰ উপত্যকা ।

৯১. বান্টূ ভাষা-ভাষী নিগ্ৰ’ বা বান্টূসকলৰ চৰ্মবৰ্ণ কেনেধৰণৰ আছিল ।

উত্তৰঃ  বান্টূ ভাষা-ভাষী নিগ্ৰ’ বা বান্টূসকলৰ চৰ্মবৰ্ণ প্ৰধানকৈ গাঢ় চকলেট ।

৯২. বুছমেন হটেনটটসকলে বাস কৰা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ   বুছমেন হটেনটটসকলে বাস কৰা দুখন ঠাইৰ নাম হল 

ক) কালাহৰি মৰুভূমি ।

খ) দক্ষিণ-পশ্চিম আফ্ৰিকা । 

৯৩. ষ্টিয়াট’পাইজিয়া কাক বোলে ।

উত্তৰঃ  নিতম্বত খুব বেছি জমা হোৱাৰ ফলত নিতম্ব বৰ বেছিকৈ বাহিৰলৈ ওলায় । এনেকুৱা অৱস্থাক ষ্টিয়াট’পাইজিয়া বুলি কোৱা হয় । 

৯৪. নেগ্ৰিট’সকলক কি নামেৰে জনা যায় ।

উত্তৰঃ  নেগ্ৰিট’সকলক আফ্ৰিকাৰ পিগমি নামেৰে জনা যায় । 

৯৫. নেগ্ৰিল’ জনসমষ্টিৰ দুটা উদাহৰণ দিয়া ।

উত্তৰঃ  নেগ্ৰিল’ জনসমষ্টিৰ দুটা উদাহৰণ হল 

ক) বাটোৱা ।

খ) বামবুটি । 

৯৬. নেগ্ৰিল’ জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ  নেগ্ৰিল’ জনগোষ্ঠীৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল 

ক) চৰ্মবৰ্ণ বেছিভাগৰে খুব ক’লা ।

খ) মস্তক মধ্যমীয়া ।

গ) মুখমণ্ডল বহল আৰু চুটি ।

ঘ) ওঁঠ মোটা কিন্তু ঘোৰখোৱা নহয় ।

ঙ) নাসিকা বৰ বহল আৰু চেপেটা ।

চ) কেশবৰ্ণ গাঢ় ৰঙচুৱা পিংগল ।

ছ) হাত দুখন ভৰিৰ তুলনাত দীঘল ।

৯৭. নেগ্ৰিল’ জনগোষ্ঠীৰ লোক কোন দেশত পোৱা যায় ।

উত্তৰঃ সুমাত্ৰা, ফিলিপাইন, নিউগিনি, আৰু আন্দামান দ্বীপপুঞ্জত নেগ্ৰিল’ জনগোষ্ঠীৰ লোক পোৱা যায় ।

৯৮. পিগমি লোকসকলক কেইটা ভাগত ভাগ কৰা হৈছে আৰু কি কি ।

উত্তৰঃ  পিগমি লোকসকলক দুটা ভাগত ভাগ কৰা হৈছে যেনে 

ক) আফ্ৰিকাৰ পিগমি ।

খ) মহাসাগৰীয় পিগমি ।

৯৯. আফ্ৰিকাৰ পিগমিক কি বুলি কোৱা হয় ।

উত্তৰঃ আফ্ৰিকাৰ পিগমিক নেগ্ৰিল’ বুলি কোৱা হয় ।

১০০. এছিয়াৰ পিগমিক কি বুলি কোৱা হয় ।

উত্তৰঃ এছিয়াৰ পিগমিক নেগ্ৰিট’ বুলি কোৱা হয় ।

১০১. আন্দামানীয় প্ৰজাতিৰ দুটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  আন্দামানীয় প্ৰজাতিৰ দুটা বৈশিষ্ট্য হল 

ক) মুখমণ্ডল বহল ।

খ) কপোলাস্থি ওলোৱা ।

১০২. ছেমাং প্ৰজাতিৰ শাৰীৰিক গড় উচ্চতা কিমান ।

উত্তৰঃ  ছেমাং প্ৰজাতিৰ শাৰীৰিক গড় উচ্চতা প্ৰায় ১৫২ চেঃমিঃ ।

১০৩. এটাৰ বাসভূমি কত আছিল ।

উত্তৰঃ এটাৰ বাসভূমি আছিল ফিলিপাইন দ্বীপপুঞ্দ ।

১০৪. নিউগিনিত বাস কৰা পিগমিসকলক কি নামেৰে জনা যায় ।

উত্তৰঃ  নিউগিনিত বাস কৰা পিগমিসকলক টেপিৰ’নামেৰে জনা যায় ।

১০৫. মহাসাগৰীয় নিগ্ৰসকলে কত বাস কৰে ।

উত্তৰঃ নিউগিনি আৰু পূৱ পিনে ফিজিলৈকে দ্বীপসমূহত মহাসাগৰীয় নিগ্ৰসকলে বাস কৰে ।

১০৬. নিউগিনিত বাস কৰা নিগ্ৰসকলক কি নামেৰে জনা যায় ।

উত্তৰঃ  নিউগিনিত বাস কৰা নিগ্ৰসকলক পাপুৱান নামেৰে জনা যায় । 

১০৭. আন দ্বীপত বাস কৰা মহাসাগৰীয় নিগ্ৰসকলক কি বুলি কোৱা হয় ।

উত্তৰঃ আন দ্বীপত বাস কৰা মহাসাগৰীয় নিগ্ৰসকলক মেলানেছীয় বুলি কোৱা হয় । 

১০৮. পাপুৱানসকলৰ আৱয়ৱিক লক্ষণসমূহ বৰ্ণনা কৰা । 

উত্তৰঃ  পাপুৱানসকলৰ আবয়ৱিক লক্ষণসমূহ তলত উল্লেখ কৰা হল 

ক) চৰ্মবৰ্ণ গাঢ় চকলেট বা ক’লা পিংগল ।

খ) কেশ গাঢ় পিংগল বা ৰক্তাভ পিংগল ।

গ) কপাল উন্নত ।

ঘ) মুখমণ্ডল ঠেক এঢ়লীয়া আৰু প্ৰক্ষিপ্ত ।

ঙ) দৈহিক গড় উচ্চতা প্ৰায় ১৬৮ চেঃমিঃ ।

চ) মগজু দীৰ্ঘমস্তকী ।

ছ) নাসিকা বহল ।

১০৯. মেলানেছীয়সকলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।

উত্তৰঃ মেলানেছীয়সকলৰ দুটা বৈশিষ্ট্য হল 

ক) চৰ্মবৰ্ণ গাঢ় পিংগল ।

খ) কেশ সাধাৰণতে কুঞ্চিত, তৰংগায়িত আৰু বক্ৰকেশো দেখা যায় । 

১১০. অষ্ট্ৰেলীয়ক কি ভাগ হিচাপে গণ্য কৰা হয় ।

উত্তৰঃ  অষ্ট্ৰেলীয়ক ককেছীয়ৰ এটা প্ৰধান ভাগ হিচাপে গণ্য কৰে ।

১১১. অষ্ট্ৰেলীয়ৰ ভাগটোৰ নাম কি আছিল ।

উত্তৰঃ অষ্ট্ৰেলীয়ৰ ভাগটোৰ নাম আছিল প্ৰত্ন বা প্ৰাচীন ককেছীয় ।

১১২. অষ্ট্ৰেলীয়াৰ আদিবাসীসকলৰ প্ৰধান বাসভূমিৰ নাম কি আছিল ।

উত্তৰঃ  অষ্ট্ৰেলীয়াৰ আদিবাসীসকলৰ প্ৰধান বাসভূমিৰ নাম হল অষ্ট্ৰেলীয়া ।

১১৩. অষ্ট্ৰেলীয়াৰ আদিবাসীসকলৰ কেইটামান বৈশিষ্ট্য লিখা । 

উত্তৰঃ অষ্ট্ৰেলীয়াৰ আদিবাসীসকলৰ কেইটামান বৈশিষ্ট্য হল 

ক) কেশ তৰংগায়িত কিন্তু বক্ৰ ।

খ) কেশবৰ্ণ পাতল পিংগলৰ পৰা ক’লা ।

গ) মুখমণ্ডল চুটি ।

ঘ) ওঁঠ ডাঠ ।

ঙ) নেত্ৰবৰ্ণ মধ্যমীয়াৰ পৰা গাঢ়পিংগল ।

চ) ডাঢ়ি-গোফ আৰু গাৰ নোম প্ৰচুৰ কম । 

১১৪. প্ৰাক-দ্ৰাবিড় লোকসকলে বসবাস কৰা দুখন ঠাইৰ নাম লিখা ।

উত্তৰঃ প্ৰাক-দ্ৰাবিড় লোকসকলে বসবাস কৰা দুখন ঠাইৰ নাম হল 

ক) দাক্ষিণাত্যৰ কাদিৰ ।

খ) কুৰুম্বা । 

১১৫. ভেড্ডাসকল কোন আছিল ।

উত্তৰঃ   ভেড্ডাসকল সিংহলৰ অধিবাসী আছিল । 

১১৬. ভেড্ডাসকলৰ শাৰীৰিক বৈশিষ্ট্যসমূহ হল ।

উত্তৰঃ ভেড্ডাসকলৰ শাৰীৰিক বৈশিষ্ট্যসমূহ হল 

ক) চৰ্মবৰ্ণ গাঢ়পিংগল ।

খ) কেশ কৃষ্ণবৰ্ণৰ ।

গ) কেশ তৰংগায়িত বা সামান্য বক্ৰ ।

ঘ) মুখমণ্ডল চুটি আৰু প্ৰশস্ত ।

ঙ) নাসিকা বৰ বহল । 

১১৭. ছাকাই বা ছেনয়সকলৰ বাসস্থান কত আছিল ।

উত্তৰঃ  ছানাই বা ছেনয়সকলৰ বাসস্থান আছিল মালয় উপদ্বীপ ।

১১৮. ছাকাই বা ছেনয় প্ৰজাতিৰ তিনিটা বৈশিষ্ট্য লিখা ।

উত্তৰঃ  ছাকাই বা ছেনয় প্ৰজাতিৰ তিনিটা বৈশিষ্ট্য হল 

ক) চৰ্মবৰ্ণ পীতাভ পিংগলৰ পৰা গাঢ় পিংগল ।

খ) কেশ ৰঙছুৱা আভাযুক্ত ক’লা ।

গ) কেশাকৃতি তৰংগায়িত বা বক্ৰ ।