Class 12 Education Chapter 3 | Short Question and Answer | শিক্ষাৰ সাম্প্ৰতিক ধাৰণাসমূহ | Class 12 Education | Short Question and Answer Assamese Medium Education | চমু প্ৰশ্ন উত্তৰ |

 Chapter 3 

শিক্ষাৰ সম্প্ৰতিক ধাৰণাসমূহ

চমু প্ৰশ্ন উত্তৰঃ

(a) খালী ঠাই পূৰণ কৰা? 

1. ৰাষ্ট্ৰসংঘৰ উদ্যোগত মানৱ পৰিবেশ সম্বন্ধীয় সন্মিলন ১৯৭২ চনত_______ অনুষ্ঠিত হৈছিল।

উত্তৰঃ ছুইডেনৰ ষ্টকহমত। 

2. প্রথম পৰিবেশ শিক্ষা সম্বন্ধীয় সন্মিলনখন _______ চনত _____ অনুষ্ঠিত কৰা হৈছিল।

উত্তৰঃ ১৯৭৭ চনত ৰাছিয়াৰ বিলিচিত ( Bilisit ) । 

3. “ মহিলা সংৰক্ষণ বিল” অনুযায়ী ৰাজ্যসভা আৰু লােকসভাত ______ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত হৈছে।

উত্তৰঃ ৩৩ % । 

4. আন্তঃৰাষ্ট্ৰীয় পৰিবেশ শিক্ষা সন্মিলন অনুষ্ঠিত হৈছিল ______ চনত য়ুগোশ্লভিয়াৰ বেলেগ্ৰডত।

উত্তৰঃ ১৯৭৫ চনত। 

5. দৈহিক বিকাশ সাধনৰ বাবে _______ এক প্রণালীবদ্ধ ব্যবস্থা যিয়ে শৰীৰৰ অংগীভংগী , দৈহিক সঞ্চালনত গুৰুত্ব দিয়ে ।  

উত্তৰঃ শাৰীৰিক শিক্ষা ।

6. আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস _______তাৰিখে উদ্যাপন কৰা হয় । 

উত্তৰঃ ৮ মার্চ । 

7. ভাৰতৰ বর্তমান সাক্ষৰতাৰ হাৰ ________।

উত্তৰঃ ৭৪.৪ শতাংশ । অনুষ্ঠিত কৰা হৈছিল ।

8. বিশ্ব জনসংখ্যা দিৱস _______তাৰিখে পালন কৰা হয় । 

উত্তৰঃ ১১ জুলাই ।

9. বর্তমান ভাৰতৰ জনসংখ্যা _________।

উত্তৰঃ ১,০২৮।

10. বিশ্ব পৰিবেশৰ দিৱস প্রতি বছৰে ________উদযাপন কৰা হয় ।

উত্তৰঃ ৫ জুন । 

11. বিশ্ব শীর্ষ সন্মিলন ১৯৯২_______ চহৰত অনুষ্ঠিত হৈছিল। 

উত্তৰঃ ব্রাজিলৰ ৰিউ-দি-জেনেৰিঅ’ত। 

(b) চমু উত্তৰ দিয়া (এটা বাক্যৰ ভিতৰত)।

1. পৃথিৱীৰ আটাইতৈ জনবহুল দেশ কোনখন? 

উত্তৰঃ চীন।

2. কোন চনত ভাৰত চৰকাৰে মহিলা সবলীকৰণৰ ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰে?

উত্তৰঃ ২০০১ চনত।

3. কোন চনত ষ্টকহম সন্মিলন অনুষ্ঠিত কৰা হয় ? 

উত্তৰঃ ১৯৭২ চনত ।