আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি | AJB Class 6 Social Science Chapter 18 | MCQ Question Answer Solution |

 আমাৰ ৰাজ্যখনৰ বতৰ, জলবায়ু আৰু কৃষি

Chapter-18

(১) অসমত কেইটা ঋতু দেখা যায় ?

ক) ৬ টা

খ) ৫টা

গ) ৪ টা

উত্তৰঃ ক) ৬ টা।

(২) অসমৰ কিমান শতাংশ লোক কৃষিৰ লগত জড়িত ?

ক) ৬০ শতাংশ

খ) ৭০ শতাংশ

গ) ৮০ শতাংশ

উত্তৰঃ খ) ৭০ শতাংশ।

(৩) অসমত প্ৰধানকৈ কিহৰ খেতি হয় ?

ক) মাকৈৰ

খ) ধানৰ

গ) ধনিয়াৰ

উত্তৰঃ খ) ধানৰ।

(৪) বতৰ আৰু জলবায়ু একেনে ?

ক) হয়

খ) নহয়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) নহয়।

(৫) আন ৰাজ্য়ৰ তুলনাত অসমখন কৃষিৰ ক্ষেত্ৰত কি হৈ আছে ?

ক) পিছপৰি আছে

খ) আগুৱাব পৰা নাই

গ) আগুৱাই গৈ আছে

উত্তৰঃ ক) পিছপৰি আছে।

(৬) অসমৰ জলবায়ু কি খেতিৰ বাবে উপযোগী ?

ক) মৰাপাটৰ বাবে

খ) জুম খেতিৰ বাবে

গ) ধান খেতিৰ বাবে

উত্তৰঃ গ) ধান খেতিৰ বাবে।

(৭) কৃষিৰ ওপৰত কাৰ অত্য়ধিক হেঁচা পৰে ?

ক) বতৰৰ

খ) জীৱ-জন্তুৰ

গ) জনসংখ্য়াৰ

উত্তৰঃ গ) জনসংখ্য়াৰ।

(৮) বতৰ সদায় একে থাকে নে সলনিও হয় ?

ক) একে থাকে

খ) সলনিও হয়

গ) কেতিয়াবাহে একে থাকে

উত্তৰঃ খ) সলনিও হয়।

(৯) অসমত ভৰ বাৰিষাৰ দিনত কি হয় ?

ক) বানপানী হয়

খ) খৰাং হয়

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) বানপানী হয়।

(১০) খৰাং মানে কি ?

ক) বৰষুণ নোহোৱা

খ) বানপানী হোৱা

গ) অনবৰতে ৰ’দ দি থকা

উত্তৰঃ গ) অনবৰতে ৰ’দ দি থকা।

(১১) অসম এখন কি প্ৰধান ৰাজ্য়

ক )কৃষি।

খ) ধান।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) কৃষি।

(১২) কোনো এখন ঠাইৰ বতৰৰ দীৰ্ঘম্য়াদী পৰিবেশকে ঠাইখনৰ কি বোলে?

ক) জলবায়ু।

খ) কৃষি।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) জলবায়ু।

(১৩) ঋতু কেইটা?

ক) ছটা।

খ) পাঁচ টা।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ছটা।

(১৪) অসমত ছটা ঋতু দেখা যায়। সেইকেইটা কি কি?

ক) তলৰ এটাও নহয়।

খ) গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

গ) বসন্ত, শৰৎ, শীত গ্ৰীষ্ম, ভৰ্ষা, আৰু হেমন্ত।

উত্তৰঃ খ) গ্ৰীষ্ম, বৰ্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত।

(১৫) জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান কি কৰা হ’য়?

ক) খেতি-বাতি হয়।

খ) কৃষি হয়।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) খেতি-বাতি হয়।

(১৬) বৰষুণৰ পৰিমাণ কমি যোৱা মানেই কিহৰ ওপৰত প্ৰভাৱ পৰিবই? 

ক) তলৰ এটাও নহয়।

খ) খেতি-বাতি ওপৰত প্ৰভাৱ পৰিবই।

গ) কৃষিৰ ওপৰত প্ৰভাৱ পৰিবই।

উত্তৰঃ গ) কৃষিৰ ওপৰত প্ৰভাৱ পৰিবই।

(১৭) অসমত প্ৰধানকৈ কি খেতি হয়?

ক) ধানখেতি হয়।

খ) মা’হ খেতি হয়।

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ ক) ধানখেতি হয়।

(১৮) আহু আৰু শালি ধানৰ উপৰিও কি ধানৰ খেতিও হয়।

ক) বৰো ধান।

খ) জহা ধান।

গ) বৰা ধান।

উত্তৰঃ ক) বৰো ধান।

(১৯) অসমৰ জলবায়ু ধানখেতিৰ বাবে কি?

ক) বেয়া।

খ) উপযোগী

গ) ওপৰৰ এটাও নহয়

উত্তৰঃ খ) উপযোগী।

(২০) ধানৰ পিছতে  অসমত মাকৈ, গোমধান, বিভিন্ন শাক-পাচলি ফল-মূল আদি কি?

ক) তলৰ এটাও নহয়।

খ) উৎপন্ন হয়।

গ) উপযোগী হয়।

উত্তৰঃ খ) উৎপন্ন হয়।