আমি অসুস্থ হওঁ কিয় । অধ্যায় ১৩ । Class 9 General Science Lesson 13 Question and Answer | Assamese Medium Class 9 General Science Chapter 13 Solution | নৱম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৩ আমি অসুস্থ হওঁ কিয় পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

আমি অসুস্থ হওঁ কিয়

1. সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ ব্যৱস্থা দুটা হ’ল-

1) ৰাজহুৱা পৰিস্কাৰ-পৰিস্নতা আৰু

2) টনকিয়াল অৰ্থনৈতিক অৱস্থা আৰু কৰ্ম-সংস্থান।

তাৰোপৰি সামাজিক ক্ষমতা আৰু সমিলমিলও সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়।

2. ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা ।

উত্তৰঃ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা হ’ল

1) ব্যক্তিগত পৰিষ্কাৰ-পৰিস্বন্নতা।

2) সুষম আহাৰ গ্ৰহণ।

3. ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ? কিয়?

উত্তৰঃ ওপৰৰ দুয়োটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নহয় কাৰণ সুস্বাস্থ্য লগত সামাজিক পৰিৱেশটো জড়িত হৈ থাকে। কিন্তু নিজক ৰোগমুক্ত কৰিবলৈ ব্যক্তি এজনৰ ব্যক্তিগত প্ৰচেষ্টা আৰু সজ অভ্যাসৰ প্ৰয়োজন হয়। তেনেদৰে নিজকে ৰোগমুক্ত কৰিবলৈ কৰি ৰাখিও ব্যক্তিজনে সামাজিক পৰিবেশটোৰ কাৰণে সুস্বাস্থ্যৰ অধিকাৰী নহবওপাৰে।

4. যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিঠা কাৰণ উল্লেখ কৰা। যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডাক্তৰৰ ওচৰলৈ যাবা নেকি? কিয় যাবা বা নাযাবা?

উত্তৰঃ যদি আমাৰ সূৰ কামোৰণি, কাহ, জৰ, পায়খানা হোৱা আদি লক্ষণ বোৰে দেখা দিয়ে তেতিয়া আমি অসুস্থ অনুভৱ কৰো আৰু ডাক্তৰৰ ওচৰত যাব লাগে বুলি ভাবো।

   যদি মাত্ৰ এটা লক্ষণে দেখা দিয়ে আমি সাধাৰণতে আমি ডাক্তৰৰ ওচৰত নাযাও কাৰণ ই আমাৰ শৰীৰত বেছি প্ৰভঙাব নেপেলাই। কিন্তু এনে লক্ষণ যদি দীৰ্ঘদিন ধৰি দেখা দিয়ে তেতিয়া আমি ডাক্তৰৰ ওচৰত যাব লাগে কাৰণ ডাক্তৰে লক্ষণৰ ওপৰত ভিত্তি কৰি বা লেব’ৰটৰীত পৰিক্ষা কৰি ৰোগ চিনাক্ত কৰে লগতে উপযুক্ত চিকিৎসাও কৰে।

5. তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে? যদি পাৰে কিয়?

◽ যদি তুমি জন্দিচত ভোগা,

◽ যদি তোমাৰ ওকনি হয়,

◽ যদি তোমাৰ শালমইনা হয়।

উত্তৰঃ জন্দিচ এটা ৰোগ যিয়ে আমাৰ শৰিৰত দীৰ্ঘদিনিয়া প্ৰভাৱ পেলায় ই ক্ৰনিক ৰোগৰ ভিতৰত পৰে। জন্দিচত মানুহৰ যকৃৎত বহুত প্ৰভাৱ পৰে আৰু মানুহৰ খাদ্য হজম হোৱাত বহুত অসুবিধা হয়।

আনহাতে ওকনি আৰু শালমইনা আমি চাফ চিকুন হৈ থাকি নাশ কৰিব পাৰো।

6. আমি অসুস্থ হ’লে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কৰণে পৰামৰ্শ দিয়া হয়?

উত্তৰঃ  যেতিয়া আমি বেমাৰ হঁও তেতীয়া শৰীৰৰ সকলো কাৰ্য ঠিক মতে নচলে ফলত আমাৰ খাদ্য বোৰু হজম নহয়বা বহুত লাহে লাহে হজম হয়। সেইকাৰণে স্বাদহীন আৰু পুষ্টিকৰ খাজদ্য খাবলৈ কোৱা হয় যাতে সেইবোৰ সোনকালে হজম হয় আৰু আমাৰ শৰিৰে লাগতিয়াল পুষ্টি বোৰ পায়। লগতে শক্তিত্ত যাতে পায়।

7. কি কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয়?

উত্তৰঃ বিভন্ন ধৰণৰ প্ৰক্ৰিয়াৰ ৰোগসমূহ সঞ্চাৰিত হয়-

1. বায়ুৰ দ্বাৰা সঞাৰিত হয়, যেনে পানীলগা, নিউম’নিয়া আৰু আৰু যক্ষ্মা আদি ৰোগসমূহ আক্ৰান্ত ব্যক্তিৰ থু বা কাহৰ লগত অহা বীজাণু বায়ু কনিকাত মিহলিহৈ সুস্থ মানুহক অসুস্থ কৰব পাৰে।

2. দূষিত পানী আৰু দূষিত খাদ্যৰ দ্বাৰা সঞ্চাৰিত হয়। যেনেঃ কেলেৰা ৰোগ

3. অসুৰক্ষিত যৌন সম্পৰ্ক, ৰক্তদান আদিৰ পৰাও সঞ্চাৰিত হয়। যেনেঃ চিফলিছ, এইডচ ইত্যাদি।

4.  মহ বা অন্য কিছুমান জীৱৰ দ্বাৰাও বেমাৰ বিয়পে যেনে- জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া ইত্যাদি।

8. তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহব’ৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছা?

উত্তৰঃ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহব’ৰ বাবে আমি বহুতো প্ৰদক্ষেপ হাতত লব পাৰো যেনে-

1. সংক্ৰামিত ছাত্ৰ-ছাত্ৰীৰ পৰা দূৰত থাকিব লাগিব।

2. জৰ, পানিলগা আদি হলে মুখ আৰু নাক ঢাকি ৰাখিব লাগে।

3. স্কুলৰ চাৰিওফালৰ পৰিবেশ চাফ-চিকুন, পৰিস্কাৰ কৰি ৰাখিব লাগিব।

4. বিশুদ্ধ পানি খাব লাগিব।

5. স্কুলৰ চৌহদত কতো পানী জমা হব দিব নালাগিব যাতে তাত ম’হে কণী পাৰিব নোৱাৰে।

9. অসংক্ৰাম্যকৰণ কি?

উত্তৰঃ আমাৰ শৰীৰত কোনো অনুজীব নীইবা ছিটাৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বা অসংক্ৰম্যতাৰ সৃষ্টি কৰাকে অসংক্ৰম্যকৰণ বোলে। ছিটা বা অনুজীৱৰ দ্বাৰা প্ৰাণী দেহত অসেংক্ৰাম্যতাৰ সৃষ্টি কৰাৰ ফলত দেহত থকা ৰোগ প্ৰতিৰোধতক কোষবোৰে ৰোগৰ বীজাণু ধ্বংস কৰি দেহক প্ৰতচিৰক্ষা দিয়ে আৰু ভবিষ্যতে যাতে এই ধৰণৰ বীজানুসমূহে ৰোগ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কিছুমান কোষ সঞ্চিত হৈ ৰৈ যায়

10. তোমালোকৰ অঞ্চলৰ স্বাস্থ্যকেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি কি ব্যৱস্থা আছে?তোমালোকৰ অঞ্চলত কি কি ৰোগৰ প্ৰভুত্ব বেছি?

উত্তৰঃ আমাৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত থকা অসংক্ৰাম্য কৰণৰ ব্যৱস্থাবোৰ হ’ল-বিভিন্ন প্ৰকাৰৰ ৰোগ যেনে টিটেনাছ, ডিপথেৰিয়া, হোপিংকাহ, সৰু আই, পলিঅ আদি প্ৰতিৰোধৰ ছিতা পোৱা যায়, তাৰোপৰি হেপাটাই টিছ- A ভাইৰাছৰ প্ৰতিৰোধী ছিটাকৰণৰ ভ্যৱস্থা আছে।

কিন্তু বৰ্তমান সময়ৰ স্থিতি চাই এতিয়া Covid 19, মানে কৰোণা মহামাৰীও ছিটাকৰণৰ ব্যৱস্থা কৰা হৈছে।

    বৰ্তমান সময়তটো সকলো অঞ্চলত কৰোণা মানে Covid 19 মহামাৰীৰে প্ৰভূত্ব বেছি।

অনুশীলনী

1. যোৱা এবছৰ ধৰি তুমি কিমানবাৰ অসুস্থ হৈছা? সেই বেমাৰবোৰ কি কি আছিল?

a) বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি কি পৰিবৰ্তন হৈছিল?

b) বেমাৰৰ পৰিহাৰৰ কৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি সলনি হোৱাতো বিচাৰা?

উত্তৰঃ ওপৰৰ প্ৰশ্নটোৰ উত্তৰ সকলোৰে বাবে বেলেগ বেলেগ হৱ। সাধাৰণতে হোৱা বেমাৰবোৰ পানীলগা, জৰ, কাহ, পেটবেয়া হোৱা ইত্যাদি।

a) সদায় বিশুদ্ধ পানি খোৱা যিকোনো আহাৰ গ্ৰহণ কৰাৰ আগত আৰু পিছত ভালকৈ ধোৱা। ছৌপাশৰ পৰিবেশ সদায় পৰিস্কাৰ কৰি ৰাখা।পুষ্টিকৰ খাদ্য খোৱা।

b) সদায় পৰিবেশ পৰিষ্কাৰ পৰিচন্ন হৈ থকাটো বিছাৰো। লগতে সমাজৰ মানুহে যাতে বিশুদ্ধ পানী আৰু খাদ্য খাব পাৰে তাৰ সু-ব্যৱস্থা হোৱাটো বিছাৰো।

2. এজন চিকিৎসক/নাৰ্চ/স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে। নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহৰ পাইছে?

উত্তৰঃ এজন চিকিৎসক/নাৰ্চ/স্বাস্থ্যকৰ্মীয়ে স্বাস্থ্য সম্পৰ্কীয় যিখিনি সাৱধানতা সেইখিনি সৱলম্বন কৰে বাবে অসুস্থ ব্যক্তিৰ লগত মিলামিছা কৰিলেও ৰোগৰ পৰা হাত সাৰি থাকে। যেনে নিদিষ্ট পোছাক হাত মোজা, মুখা আদি ব্যৱহাৰ কৰি সংক্ৰামক অনুজীৱৰ পৰা ৰক্ষা কৰে।

3. তোমাৰ অঞ্চলত সঘনাই ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা। ৰোগসমূহ নিবাৰণৰ কৰণে কৃৰ্তপক্ষলৈ তিনিটা পৰামৰ্শ আগবঢ়োৱা।

উত্তৰঃ সাধাৰণতে সঘনাই হোৱা ৰোগ হ’ল

* ডায়োৰিয়া

* মেলেৰিয়া

* জণ্ডিছ

* ভাইৰেলজৰ

নিবাৰণ ব্যৱস্থাঃ

1. চৌপাশৰ পৰিবেশ চাফ চিকুন কৰি ৰখা।

2. বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা কৰা

3. অঞ্চলৰ নলা-নৰ্দমাবোৰ বা পানীজমা হোৱা ঠাই বোৰ পৰিষ্কাৰ কৰি ৰখা যাতে মহে কণী পাৰিবনোৱাৰে

4. এটা শিশুৱে তাৰ পৰিচাৰ্য্যাক অসুস্থতাৰ বিষয়ে একো কব নোৱাৰে। এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে-

(a) শিশুটো অসুস্থ হৈছে?

(b) কি কাৰণে অসুস্থ হৈছে?

উত্তৰঃ (a) শিশুটোৱে কৰা আচৰণ চাই কব পৰা যাব যে শিশুটো অসুষ্ঠ যেনেঃ ভালকে খোৱা লোৱা নকৰা, গাটো গৰম হোৱা, বমি হোৱা, কান্দি থকা ইত্যাদি।

(b) শিশু এটাৰ অসুস্থতাৰ কাৰণ বিভিন্ন হব পাৰে। তাৰ ভিতৰত অসুস্থতাৰ কাৰণ জৰ, ডায়ৰিয়া, পানীলগা ইত্যাদি।

5. তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব-

(a) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে।

(b) যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আই (Chicken Pox)ত ভোগা ৰোগীৰ পৰিচায্যা কৰে।

(c) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত চাৰিদিনৰ বাবে লঘোন থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচাৰ্য কৰে।

উত্তৰঃ (c) মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পিছত চাৰিদিনৰ বাবে লঘোণ থকা অৱস্থাত মাজু আইট আক্ৰান্ত ৰোগীক পৰিৰচৰ্য্যা কৰে।

6. তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা-

(a) যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ণ কৰা

(b) যেতিয়া তুমি বাছ আৰু ৰেলৰে দুদিন একেৰাহে যাত্ৰা কৰা।

(c) যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। কিয়?

উত্তৰঃ যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। কাৰ সৰু আই সংক্ৰামক ৰোগ আৰু ই বায়ুৰ যোগেদি হব পাৰে।

Answer Type – Boby Bora