পেঁপা | AJB Class 5 Assamese Chapter 16 MCQ’s Assamese Medium | Class 5 Assamese Chapter 16 MCQ’s Type Question Answer |

Chapter- 16

পেঁপা

১। পেঁপা কবিতাটোৰ কবি কোন?

(ক) নবীন চন্দ্ৰ বৰদলৈ

(খ) দুৰ্গেশ্বৰ শৰ্মা

(গ) এটাও নহয়

উত্তৰ- (খ) দুৰ্গেশ্বৰ শৰ্মা ।

২। পথাৰৰপৰা কি মাত শুনা গৈছিল?

(ক) পেঁপাৰ মাত

(খ) ঢোলৰ মাত

(গ) এটাও নহয়

উত্তৰ- (ক) পেঁপাৰ মাত ।

৩। যিয়ে গৰু ৰখে = …..

(ক) গৰখীয়া

(খ) গোৱাল

(গ) এটাও নহয়

উত্তৰ- (ক) গৰখীয়া ।

৪। ভোল শব্দৰ অৰ্থ কি?

(ক) নোৱৰা

(খ) মোহিত, বিস্মৃত, অপোন পাহৰা

(গ) এটাও নহ়য়

উত্তৰ- (খ) মোহিত, বিস্মৃত, অপোন পাহৰা ।

৫। পেঁপা কবিতাটোৰ কবিজনৰ কিমান চনত জন্ম হৈছিল?

(ক) ১৮৮৪ খ্ৰী.ত

(খ) ১৮৮৫ খ্ৰী.ত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৮৮৪ খ্ৰী.ত ।

৬। তেওঁৰ ৰচিত কবিতা পুথি কেইখন কি কি?

(ক) সাধু চৰিত আৰু কদমকলি

(খ) অঞ্জলী আৰু নিবেদন

(গ) এটাও নহয়

উত্তৰ- (খ) অঞ্জলী আৰু নিবেদন ।

৭। কবিজনৰ কিমান চনত মৃত্য়ু হৈছিল?

(ক) ১৯৬১ চনত

(খ) ১৯৭০ চনত

(গ) এটাও নহয়

উত্তৰ- (ক) ১৯৬১ চনত ।

৮। নাম বুজোৱা পদক কি পদ বুলি কোৱা হয়?

(ক) বিশেষণ পদ

(খ) বিশেষ্য় পদ

(গ) এটাও নহয়

উত্তৰ- (খ) বিশেষ্য় পদ ।

৯। বিশেষ্য় পদৰ সলনি ব্য়ৱহাৰ হোৱা পদক কি পদ বোলে?

(ক) সৰ্বনাম পদ

(খ) অব্য়য় পদ

(গ) এটাও নহয়

উত্তৰ- (ক) সৰ্বনাম পদ ।

১০। যিবোৰ পদৰ ৰূপ কোনো অৱস্থাতে সলনি নহয় তেনে পদক কি পদ বুলি কোৱা হয়?

(ক) অব্য়য় পদ

(খ) বিশেষণ পদ

(গ) এটাও নহয়

উত্তৰ- (ক) অব্য়য় পদ ।

Type by- Bikul Mandal