প্ৰাণী আৰু উদ্ভিদত দ্ৰৱ্যৰ পৰিবহণ | AJB Class 7 General Science Chapter 4 | MCQ’s Assamese Medium | Class7 Chapter 4 MCQ’s Type Question Answer |AJB Class 7 General Science Chapter 4 MCQ’s Assamese Medium | Class7 Chapter 4 MCQ’s Type Question Answer |

Chapter- 4

প্ৰাণী আৰু উদ্ভিদত দ্ৰৱ্যৰ পৰিবহণ

১। ৰক্তবাহিকা কেই ধৰণৰ ?

(ক) বহুধৰণৰ

(খ) তিনিধৰণৰ

(গ) দুইধৰণৰ

উত্তৰ- (খ) তিনিধৰণৰ ।

২। মানুহৰ ক্ষেত্ৰত প্ৰধান ৰেচনদ্ৰব্য হ’ল ?

(ক) গ্লুক’জ

(খ) ইউৰিয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ইউৰিয়া ।

৩। পাত হ’ল উদ্ভিদৰ ?

(ক) ঊৰ্দ্ধগামী অংগ

(খ) সালোকসংশ্লেষণ অংগ

(গ) ওপৰৰ এটও নহয়

উত্তৰ- (খ) সালোকসংশ্লেষণ অংগ ।

৪। মানুহৰ হৃদযন্ত্ৰত কেইটা কোঠালি আছে ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰ- (গ) চাৰিটা ।

৫। ধমনীৰ ভিতৰত কিহেৰে অশুদ্ধ তেজ কঢ়িয়ায় ?

(ক) কোশিকায়ে

(খ) ক্লোমধমনীয়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ক্লোমধমনীয়ে ।

৬। তেজৰ প্ৰধান অংশ কেইটা ?

(ক) দুটা

(খ) তিনিটা

(গ) চাৰিটা

উত্তৰ- (ক) দুটা ।

৭। মানুহৰ প্ৰধান ৰেচন অংগ হ’ল ?

(ক) শৰ্কৰা

(খ) বৃক্ক

(গ) ইউৰিয়া

উত্তৰ- (খ) বৃক্ক

৮। আমাৰ দেহৰ পৰিবহণ তন্ত্ৰৰ প্ৰধান উপাদান কেইটা ?

(ক) চাৰিটা

(খ) তিনিটা

(গ) পাঁচটা

উত্তৰ- (খ) তিনিটা ।

৯। তেজৰ জুলীয়া দ্ৰৱক কি বোলে ?

(ক) অনুচক্ৰিকা

(খ) প্লাজমা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) প্লাজমা ।

১০। এজন সুস্থ মানুহৰ প্ৰতি মিনিটত প্ৰায় কিমান বাৰ হৃদস্পন্দন হয় ?

(ক) 64

(খ) 58

(গ) 72

উত্তৰ- (গ) 72 ।

১১। lতলৰ ছবিখনৰ নাম কি ?

(ক) ষ্টেথ’স্ক’প

(খ) ক্লোম

(গ) কৃত্ৰিম বৃক্ক

উত্তৰ- (ক) ষ্টেথ’স্ক’প ।

১২। এবিধ স্থলচৰ প্ৰাণীৰ নাম লিখা ।

(ক) চৰাই

(খ) মাছ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) চৰাই ।

১৩। গছৰ শিপাই মাটিৰপৰা কি শোষণ কৰে ?

(ক) পানী

(খ) উদ্ভিদ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) পানী ।

১৪। উচ্চস্তৰৰ প্ৰাণীসমূহৰ ক্ষেত্ৰত নিৰ্দিষ্ট বিশেষ কি থাকে ?

(ক) জীৱন প্ৰক্ৰিয়া

(খ) পৰিবহন তন্ত্ৰ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পৰিবহন তন্ত্ৰ ।

১৫। কোশিকাবোৰ এটা মাত্ৰ কোষৰ কিহেৰে গঠিত? 

(ক) শিৰেৰে

(খ) ধমনী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

১৬। স্তন্যপায়ী প্ৰাণীৰ বৃক্ক দুটাই প্ৰতি 24 ঘন্টাত প্ৰায় কিমান লিটাৰ তৰল পদাৰ্থ পৰিশ্ৰুত কৰে ?

(ক) 150

(খ) 180

(গ) 200

উত্তৰ- (খ) 180 ।

১৭।তাঁৰবোৰে কি পৰিবহণ কৰে ?

(ক) বিদ্যুৎ

(খ) চুইচ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বিদ্যুৎ ।

১৮। এমিবা কি প্ৰাণী ?

(ক) বহুকোষী

(খ) একোকোষী

(গ) উদ্ভিদ

উত্তৰ- (খ) একোকোষী ।

১৯। তেজৰ ‘ৰক্তকণিকা’বোৰ ক’ত ওপঙি থাকে ?

(ক) হি’মগ্ল’বিনত

(খ) ধমনীত

(গ) প্লাজমাত

উত্তৰ- (গ) প্লাজমাত ।

২০। ধমনীৰ ভিতৰত ক্লোমধমনীয়ে কি তেজ কঢ়িয়াই আনে ?

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।

Type by- Bikul Mandal