মহাকৰ্ষণ । অধ্যায় ১০ । Class 9 General Science Lesson 10 Question and Answer | Assamese Medium Class 9 General Science Chapter 10 Solution | নৱম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০ মহকৰ্ষণ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মহাকৰ্ষণ

1. মহাকৰ্ষণৰ বিশ্বজনীন সুত্ৰটো লিখা ।

উত্তৰঃ বিশ্বব্ৰক্ষ্মণ্ডৰ প্ৰতিটো বস্তুৱেই আন প্ৰতিটো বস্তুকে আকৰ্ষণ কৰে এই আকৰ্ষণী বল দুটাৰ ভৰৰ গুণফলৰ সমানু পাতিক আৰু বস্তু দুটাৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক ।

3. মুক্ত অধোগমন মানে কি বুজা ?

উত্তৰঃ পৃথিৱীৰ যিকোনো বস্তুক ইয়াৰ কেন্দ্ৰৰ দিশত আকৰ্ষণ কৰে । ইয়াৰ কাৰণ হ’ল মহাকৰ্ষণিক বল । বস্তু এটাও কেৱল এই বলৰ প্ৰভাৱত পৃথিৱীৰ দিশলৈ পৰিলে সেই গতিকে মুক্ত অধোগমন বুলি কোৱা হয় ।

4. মাধ্যাকৰ্ষণিক ত্বৰণ মানে কি বুজা ?

উত্তৰঃ পৃথিবীৰ মহাকৰ্ষণিক বলৰ ফলত সৃষ্টি হোৱা ত্বৰণক মহাকৰ্ষণিক ত্বৰণ বোলা হয় ।

ইয়াক g আখৰেৰে সূচোৱা হয় । 

5. বস্তুএটাৰ ভৰ আৰু ওজনক মাজৰ পাৰ্থক্যসমূহ কি কি ? 

উত্তৰঃ বস্তু এটাৰ ভৰ আৰু ওজনৰ মাজৰ পাৰ্থক্যসমূহ তলত উল্লেখ কৰা হ’ল-

ভৰওজন
I) ভৰ হ’ল কোনো এটা বস্তুত থকা মুঠ পদাৰ্থৰ পৰিমান ।I) ওজন হ’ল কোনো এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰা পৃথিৱীৰ আকৰ্ষণী বলৰ পৰিমান ।
II) ভৰ সকলো স্থানকে একে থাকে ।II) ওজন সকলো স্থানত একে নহয় । স্থানৰ পৰিৱৰ্তনৰ লগত ওজনো পৰিৱৰ্তন হয় ।
III) ভৰ এটা স্কেলাৰ ৰাশিIII) ওজন এটা ভেক্টৰ ৰাশি
IV) সাধাৰণ তুলাৰ সহায়ত জোখা হয় ।IV) স্প্ৰীং তুলাৰ সহায়ত জোখা হয় ।
V) ভৰৰ S1 একক কিলগ্ৰামV) ওজনৰ SI একক নিউটন

6. চন্দ্ৰপৃষ্ঠাত বস্ত্ত এটাৰ ওজনে ভূ-পৃষ্ঠৰ ওজনৰ 1/6 অংশ হয় কিয়?

উত্তৰঃ চন্দ্ৰৰ ভৰ পৃথিৱীৰ ভৰৰ 1/100 গুণ আৰু চন্দ্ৰ ব্য়াসাৰ্ধ পৃথিৱীৰ ব্য়াসাৰ্ধ 1/4 গুণ। সেইবাবে চন্দ্ৰৰ মহাকৰ্ষণ বল পৃথিৱীৰ মহাকৰ্ষণ বলৰ 1/6 গুণ হয়। সেয়েহে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন ভূ-পৃষ্ঠৰ ওজনৰ 1/6 অংশ হয়।

7. মিহি কিন্তু মজবুত ৰচিৰ ফিটা লগোৱা স্কুল বেগ এটা লৈ ফুৰাত অসুবিধা হয় কিয় ?

উত্তৰঃ  মিহি কিন্তু মজবুত ৰচিৰ ফিটা লগোৱা স্কুল বেগ এটাই কম ক্ষেত্ৰ ফলত হেচাঁ প্ৰয়োগ কৰে বাবে চাপ বেছি হয় সেয়েহে লৈ ফুৰাত অসুবিধা হয় । 

8. প্লাবিত মানে কি বুজা ?

উত্তৰঃ তৰলত কোনো বস্তু ডবালে বস্তুটোৰ ওপৰত প্ৰয়োগ কৰা ঊৰ্ধমুখী হলকে প্ৰাৱিতা বোলে । অৰ্থাৎ ঊৰ্ধমুখী চাপকে প্লাৱিতা বোলে । 

9. বস্তু এটা পানীৰ পৃষ্ঠত থলে ই উপঙা বা ডুৱাৰ কাৰণ কি ? 

উত্তৰঃ বস্তু এটা পাৱীৰ পৃষ্ঠত থলে উপঙা বা ডুৱাৰ কাৰণ হ’ল-

(I) বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ বেছি হলে বস্তুটো ডুবিব, কাৰণ বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা মধ্যাকৰ্ষণিক বলৰ মান প্লাবিতাৰ মানতকৈ বেছি । 

(II) বস্তুটোৰ ঘনত্ব পানীৰ ঘনত্বতকৈ কম হলে বস্তুটো ওপঙিব ।কাৰণ ইয়াত বস্তুটোৰ ওপৰত প্ৰয়োগ হোৱা মধ্যাকৰ্ষনিক বলৰ মান প্লাবিতাৰ মানতকৈ কম । 

10. ওজন জোখা যন্ত্ৰ এটাৰ পাঠ অনুসৰি তোমাৰ ভৰ 42kg । তোমাৰ ভৰ 42kg তকৈ কম নে বেছি । 

উত্তৰঃ 42kg তকৈ সামান্য বেছি হব । 

কাৰণ, বায়ুৰ ঊৰ্ধমুখী হেচাঁৰ বাবে ওজন জোখা সজুলিটোৰ সামান্য কম ওজন নিৰ্দেশ কৰিব । 

11. তোমাৰ হাতত কপাহৰ মোনা এটা আৰু লোৰ দস্ত এডাল আছে । ওজন জোখা যন্ত্ৰত প্ৰত্যেকৰে ভৰ 100kg পোৱা গ’ল । বাস্তৱ ক্ষেত্ৰত এটা আওনটোতকৈ গধুৰ কোনটো বেছি গধূৰ আৰু সি কিয় বেছি গধুৰ ক’ব পৰিবানে ? 

উত্তৰঃ দুয়োতাৰ ওজন 100kg যদিও ক্ষেত্ৰত 

   কপাহৰ মোনাটোৰ প্ৰকৃত ওজন বেছি ।

কাৰণ কপাহৰ মোনাটোৰ আয়তন লোৰ দণ্ড ডালতকৈ বেছি হোৱাৰ বাবে বায়ুৰ ঊৰ্ধমুখী হেচাঁৰ পৰিমান কপাহৰ মোনাটোত বেছি হব যাৰ ফলত একে ভৰ নিৰ্দেশ কৰিলেও কপাহৰ মোনাটো প্ৰকৃততে গধুৰ হব ।

12. চন্দ্ৰপৃষ্ঠত মহাকৰ্ষণিক বল ভূ-পৃষ্ঠৰ মহাকৰ্ষণিক বলৰ 1/6 অংশ। 10 kg ভৰৰ বস্ত্ত এটাৰ চন্দ্ৰপৃষ্ঠত আৰু ভূ-পৃষ্ঠত নিউটন এককত ওজন কিমান হব?

উত্তৰঃ

19. তৰলত  নিমজ্জিত বস্তুৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্রিয়া কৰে ?

উত্তৰঃ সদায় ঊৰ্ধমুখী বলে ক্ৰিয়া কৰে । 

 20.  পনীৰ তলত এৰি দিয়া প্লাষ্টিকৰ টুকুৰা এটা পানীৰ পৃষ্ঠলৈ কিয় ঘুৰি আহে ?

উত্তৰঃ এই ক্ষেত্ৰত প্ৰাষ্টিকৰ টুকুৰাৰ ওজন, পানীয়ে টুকুৰাটোৰ ওপৰত ক্ৰিয়া কৰা ঊৰ্ধমুখী বল বা প্লাৱিতা বলতকৈ কম হয় । সেইকাৰণে প্লাষ্টিকত টুকুৰাটো পানী পৃষ্ঠলৈ ঘূৰি আহে ।

Answer Type – Boby Bora