Class 12 ECONOMICS Chapter 9 Short Question Answer | Chapter 9 উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু গোলকীয়কৰণঃ এক পর্যালোচনা Short Answer

ক. অতি চমু প্রশ্নোত্তৰ :

১। বিশ্বায়ন বুলিলে কি বুজা ?

উত্তৰঃ ‘বিশ্বায়ন’ বুলিলে দেশীয় অর্থনীতি আৰু ঘৰুৱা অর্থনীতিক বিশ্ব অর্থনীতিৰ লগত একত্ৰীকৰণ কৰাক বুজায় ।

২। কোন চনত ভাৰতবৰ্ষই বাহ্যিক ঋণৰ ক্ষেত্ৰত এক জটিল সমস্যাৰ সন্মুখীন হৈছিল ?

উত্তৰ : ১৯৯১ চনত ।

৩। উদাৰ নীতি বুলিলে কি বুজা ?

উত্তৰ : উদাৰ নীতি বুলিলে ব্যৱসায় বাণিজ্য আৰু শিল্প উদ্যোগ স্থাপনৰ ক্ষেত্ৰত চৰকাৰী নিয়ন্ত্ৰণ আৰু অনুজ্ঞাপত্ৰ আদি উঠাই দি প্ৰতিযোগিতামূলক পৰিবেশ সৃষ্টি কৰাক বুজায় ।

৪। আশীৰ দহকত ভাৰতবৰ্ষত অর্থনৈতিক সংকট দেখা দিয়াৰ মূল কাৰণ কি আছিল ?

উত্তৰ : অদক্ষ পৰিচালনা ।

৫। বেচৰকাৰীকৰণ বুলিলে কি বুজা ?

উত্তৰঃ ৰাজহুৱা প্ৰতিষ্ঠান বা চৰকাৰী প্ৰতিষ্ঠানসমূহ ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াকে ‘বেচৰকাৰীকৰণ’ বুলি কোৱা হয় ৷

৬। ১৯৯৬ চনত চৰকাৰে কিমানটা ৰাজহুৱা খণ্ডৰ অধীনৰ প্ৰতিষ্ঠানক বাছি লৈ ‘নৱৰত্ন’ হিচাপে ঘোষণা কৰিছিল?

উত্তৰ : ৯ টা।

৭। বিশ্ব বাণিজ্য সংগঠন কোন চনত গঠন কৰা হৈছিল ?

উত্তৰ : ১৯৯৫ চনত ।

৮। দশম পাঁচ বছৰীয়া পৰিকল্পনাত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ কিমান আছিল ?

উত্তৰ : ৮ শতাংশ ।

৯। বিশ্ব বাণিজ্য সংস্থাৰ প্ৰথম সদস্য ৰাষ্ট্ৰখনৰ নাম কি ?

উত্তৰ : টংগা।

১০। বিশ্ব বাণিজ্য সংস্থাৰ সদস্য দেশ কেইখন?

উত্তৰ ঃ ১৫১ খন ।

১১। বিদেশী বিনিময়ৰ ভাণ্ডাৰ সঞ্চয়ৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি ?

উত্তৰ : ষষ্ঠ।

১২। পুনর্গঠনৰ সময়ছোৱাত কৃষি আৰু উদ্যোগৰ বিকাশ বৃদ্ধি হৈছিল নে ?

উত্তৰ : নহয়, ই হ্ৰাস পাইছিল।

১৩। বিশ্ব বাণিজ্য সংস্থাৰ উদ্দেশ্য কি ?

উত্তৰ: বিশ্বৰ সম্পদসমূহৰ সৰ্বাধিক ব্যৱহাৰ নিশ্চিত কৰি নীতিগত বাণিজ্যিক ভিত্তি গঢ়ি তোলা।

১৪। ভাৰতীয় ৰিাজৰ্ভ বেংকৰ গুৰুত্বপূৰ্ণ কাৰ্য কি?

উত্তৰ : ভাৰতৰ বিত্তীয় খণ্ড নিয়ন্ত্ৰণ কৰা।

১৫। শুল্ক কিয় আৰোপ কৰা হয় ?

উত্তৰ : ঘৰুৱা উদ্যোগসমূহক ৰক্ষণাবেক্ষণ দিবলৈ শুল্ক আৰোপ কৰা হয়।

১৬। কোন চনত ভাৰতবৰ্ষই অর্থনৈতিক সংস্কাৰ গ্ৰহণ কৰিছিল ?

উত্তৰ: ১৯৯১ চনত।

১৭। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি ?

উত্তৰ : Federal Reserve System |

১৮। নব্বৈ দহকত ভাৰত বৰ্ষত অর্থনৈতিক সংকটৰ পৰা ৰক্ষা কৰিবলৈ বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্রা নিধিয়ে ভাৰত বৰ্ষক কিমান পৰিমাণৰ ঋণ প্রদান কৰিছিল ?

উত্তৰ : ৭ বিলিয়ন ডলাৰ । ১৯। Gulf Crisis (গালফ ক্রাইছিছ) কেতিয়া উদ্ভৱ হৈছিল। উত্তৰঃ ১৯৯০-৯১ চনত।

২০। ক্ষুদ্র উদ্যোগৰ বিনিয়োগ সীমা কিমান ?

উত্তৰ : ১ কোটি।

২১। WTO – ৰ সদৰ ঠাই কত ?

উত্তৰ: জেনেভাত ।

২২। ভাৰতৰ এটা ৰাষ্ট্ৰীয়কৃত বেংকৰ নাম লিখা।

উত্তৰঃ ষ্টেট বেংক অৱ ইণ্ডিয়া।

২৩। ভাৰতৰ বেংক আৰু বিত্তীয় অনুষ্ঠানসমূহ কাৰ দ্বাৰা নিয়ন্ত্ৰিত কৰা হয় ?

উত্তৰ : ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ দ্বাৰা ৷

২৪। কৰ পুনর্গঠন বুলিলে কি বুজা ?

উত্তৰঃ কৰ পুনর্গঠন হৈছে চৰকাৰৰ কৰ আৰু ৰাজহুৱা ব্যয়ৰ পুনর্গঠন। ইয়াক সামগ্ৰীকভাৱে ৰাজহ কৌশল হিচাপে ‘জনা যায়।

২৫। ১৯৯১ চনত ভাৰতত লেন-দেনৰ ভাৰসাম্যতাৰ সংকট দূৰ কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল ?

উত্তৰ : বিদেশী মুদ্ৰাৰ তুলনাত ভাৰতীয় মুদ্ৰাৰ তৎকালীনভাৱে অবমূল্যায়ন ঘটোৱা হৈছিল।

২৬। কৰ ফাকি দিয়াৰ এটি গুৰুত্বপূৰ্ণ কাৰণ উল্লে কৰা ।

উত্তৰ : উচ্চ হাৰৰ আয় কৰ।

২৭। প্ৰত্যক্ষ কৰ কাক বোলে ?

উত্তৰ : যি কৰৰ বোজা যি গৰাকী ব্যক্তিৰ ওপৰত পৰে, মাত্ৰ তেৱেই বহন কৰিব লাগে তাকে প্রত্যক্ষ কৰ বোলে।

২৮। ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ কেনেদৰে ব্যক্তিগতকৰণ কৰিব পৰা যায় ?

উত্তৰ : ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ দুই ধৰণে ব্যক্তিগতকৰণ কৰিব পৰা যায়। প্রথম, ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহ কোনো ব্যক্তি বা প্ৰতিষ্ঠানলৈ বিক্ৰী কৰি দিয়া । দ্বিতীয়, ৰাজহুৱা খণ্ডৰ কোম্পানীসমূহৰ মালিকীস্বত্ব আৰু পৰিচালনাৰ পৰা চৰকাৰক আঁতৰাই ৰখা ।

২৯। বহিঃউৎস গ্রহণ মানে কি ?

উত্তৰ : সাধাৰণতে অন্যদেশৰ পৰা বহিঃ উৎস গ্ৰহণৰ ক্ষেত্ৰত এটা কোম্পানীয়ে নিয়মিতভাৱে বহিঃউৎসৰ পৰা আৰু বিদেশৰ পৰা সেৱা ভাড়ালৈ লোৱাক বুজায় ।

খ. চমু প্রশ্নোত্তৰ ঃ

১। টকাৰ অৱমূল্যায়ন বুলিলে কি বুজা ?

উত্তৰ : বৈদেশিক মুদ্ৰাৰ সাপেক্ষে টকাৰ মূল্য হ্রাস কৰাকে টকাৰ অৱমূল্যায়ন’ বুলি কোৱা হয় ৷ টকাৰ অৱমূল্যায়নে ৰপ্তানি বৃদ্ধিত সহায় কৰে। টকাৰ অৱমূল্যায়নৰ ফলত ৰপ্তানিজাত দ্রব্যসমূহৰ বাবে তুলনামূলকভাৱে কম বৈদেশিক মুদ্রা দিব লগা হয় ।

২। কৌশল সম্বন্ধীয় বিক্ৰী আৰু লঘু বিক্ৰী পার্থক্য নির্ণয় কৰা ৷

উত্তৰ : কৌশল সম্বন্ধীয় বিক্ৰী দীৰ্ঘকালৰ লগত সম্পর্কিত। আনহাতে, লঘু বিক্ৰী হ্ৰস্বকালৰ লগত জড়িত । লঘু বিক্ৰী কৌশল সম্পর্কীয় বিক্রীতকৈ বেছি পৰিৱৰ্তনশীল।

৩। শুল্ক কিয় আৰোপ কৰা হয় ?

উত্তৰ : শুল্ক সাধাৰণতে বৈদেশিক বাণিজ্যৰ প্রতিবন্ধকৰূপে আৰোপ কৰা হয়। শুল্কৰ জৰিয়তে আমদানিকৃত সামগ্ৰীৰ পৰা চৰকাৰৰ আয় হয়। শুল্ক আৰোপ কৰিলে বৈদেশিক সামগ্ৰীৰ দাম দেশীয় সামগ্ৰীৰ দামতকৈ তুলনামূলকভাৱে বৃদ্ধি পায়। ফলত দেশীয় সামগ্ৰীৰ বজাৰ অক্ষুন্ন থাকে। এক কথাত ক’বলৈ গ’লে, শুল্কই ঘৰুৱা বাণিজ্যক ৰক্ষণাবেক্ষণ দিয়ে।

৪। দ্বিপাক্ষিক বাণিজ্য আৰু বহুপাক্ষিক বাণিজ্য পার্থক্য নির্ণয় কৰা।

হোৱা বাণিজ্যক বহুপাক্ষিক বাণিজ্য বোলে ।

৫। ৰাজহুৱা খণ্ডৰ অধীনৰ যিবোৰ উদ্যোগে লাভ অৰ্জন কৰি আছে সেইবোৰক ব্যক্তিগতকৰণ কৰিব লাগে বুলি তুমি ভাবানে ?

উত্তৰ : হয়, ৰাজহুৱা খণ্ডৰ যিবোৰ উদ্যোগে লাভ অর্জন কৰি আছে সেইবোৰক ব্যক্তিগতকৰণ কৰিব লাগে। কাৰণ ব্যক্তিগতকৰণ কৰিলে উদ্যোগসমূহে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰিব, উদ্যোগসমূহৰ উৎপাদন বৃদ্ধি পাব আৰু প্ৰতিযোগিতামূলক হৈ উঠিব।

৬। পৰিমাণগত প্ৰতিবন্ধকতাৰ অৰ্থ কি ?

উত্তৰ : পৰিমাণগত প্ৰতিবন্ধকৰ ক্ষেত্ৰত চৰকাৰে এটা আমদানি আৰু ৰপ্তানিৰ সৰ্বোচ্চ সীমা ধাৰ্য কৰি দিয়ে। ফলত বাণিজ্যৰ আকাৰ স্থিৰে থাকে। পৰিমাণগত প্রতিবন্ধকতা সামগ্ৰীৰ মূল্যৰ ওপৰত ধাৰ্য কৰা হয় ।

৭। শুল্ক আৰু অনা-শুল্ক প্রতিবন্ধকতাৰ মাজত পাৰ্থক্য নিৰ্ণয় কৰা ৷

উত্তৰ : আমদানিৰ ওপৰত ধাৰ্য কৰা আবকাৰী কৰক শুল্ক বোলে। আনহাতে, বাণিজ্যত আমদানি-ৰপ্তানি কৰা পণ্যসমূহৰ ওপৰত থকা বাধাসমূহক অনা-শুল্ক প্রতিবন্ধকতা বুলি কোৱা হয় ৷

গ. মজলীয়া উত্তৰৰ প্ৰশ্ন :

১। নতুন অর্থনৈতিক নীতিৰ সপক্ষে যুক্তি আগবঢ়োৱা উত্তৰঃ ভাৰত চৰকাৰে ১৯৯১ চনত নতুন অর্থনৈতিক নীতি গ্ৰহণ কৰে ৷ এই অৰ্থনৈতিক নীতিৰ সপক্ষে তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰি –

(ক) ই অর্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি কৰে।

(খ) ঔদ্যোগিক খণ্ডত প্ৰতিযোগিতাৰ সৃষ্টি হয় ।

(গ) ই দৰ নিয়ন্ত্ৰণ কৰে ।

(ঘ) ই ৰাজকোষৰ ঘাটি হ্ৰাস কৰে ।

(ঙ) ই বিনিয়োগ বৃদ্ধি কৰে ।

২। নতুন অর্থনৈতিক নীতিৰ বিপক্ষে যুক্তি আগবঢ়োৱা ।

উত্তৰঃ ভাৰত চৰকাৰে ১৯৯১ চনত নতুন অর্থনৈতিক নীতি গ্ৰহণ কৰে। এই অৰ্থনৈতিক নীতিৰ বিপক্ষে তলত দিয়া যুক্তিবোৰ আগবঢ়াব পাৰিঃ

(ক) নতুন অর্থনৈতিক নীতিয়ে কৃষিৰ ক্ষেত্ৰত কম গুৰুত্ব প্ৰদান কৰিছে।

(খ) বৈদেশিক কলা-কৌশল আৰু বিনিয়োগ বৃদ্ধি পাইছে।

(গ) ঔদ্যোগিক খণ্ডই যথাযথ গুৰুত্ব পোৱা নাই।

(ঘ) বৈদেশিক ঋণৰ ওপৰত গুৰুত্ব বৃদ্ধি পাইছে।

(ঙ) আন্তর্জাতিক মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ হেঁচা বৃদ্ধি পাইছে।

৩। শুল্ক কিয় আৰোপ কৰা হয় ?

উত্তৰ : শুল্ক হ’ল আমদানিকৃত সামগ্ৰীৰ ওপৰত চৰকাৰে লগোৱা কৰ। সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰাৰ প্ৰধান কাৰণ হ’ল

(ক) ই চৰকাৰী ৰাজহ বৃদ্ধি কৰে ।

(খ) ই দেশীয় নিয়োগ বৃদ্ধি কৰে ৷

(গ) ঘৰুৱা সামগ্ৰীক প্ৰতিযোগিতাৰ পৰা ৰক্ষা কৰি ইয়াৰ বিকাশক ৰক্ষণাবেক্ষণ দিয়ে।

৪। বাণিজ্যিক কৌশলৰ পুনর্গঠনৰ উদ্দেশ্যসমূহ কি কি ?

উত্তৰ : বাণিজ্যিক কৌশলৰ পনর্গঠনৰ উদ্দেশ্যসমূহ হ’ল

(ক) আমদানি আৰু ৰপ্তানিৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আঁতৰ কৰা ।

(খ) বাণিজ্য শুল্কৰ হাৰ কম কৰা ।

(গ) আমদানিৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ নিয়ম বাতিল কৰা ।

৫। ১৯৯১ চনৰ পৰা আৰম্ভ হোৱা নতুন অর্থনৈতিক নীতিত কোন কোন উদ্যোগৰ নিয়ন্ত্ৰণ বাতিল কৰা হোৱা নাছিল?

উত্তৰঃ ১৯৯১ চনত নতুন অর্থনৈতিক নীতিত তলত উল্লেখ কৰা উদ্যোগৰ ওপৰত নিয়ন্ত্ৰণ বাতিল কৰা হোৱা নাছিল –

(ক) ধঁপাত

(খ) মদ

(গ) ইলেকট্রনিকছ

(ঘ) স্বাস্থ্যৰ ক্ষতিকাৰক ৰাসায়নিক দ্ৰব্য

(ঙ) ঔষধ জাতীয় সামগ্রী উৎপাদন কৰা উদ্যোগসমূহ।

৬। নৱৰত্ন কোম্পানীসমূহ কি কি ?

উত্তৰ ঃ নৱৰত্ন কোম্পানীসমূহ হ’ল-

(ক) ভাৰত পেট্ৰ’লিয়াম কৰ্পৰেশ্বন লিমিটেড।

(খ) ইণ্ডিয়ান অইল কৰ্পৰেশ্বন লিমিটেড।

(গ) হিন্দুস্থান পেট্ৰ’লিয়াম কৰ্পৰেশ্বন লিমিটেড।

(ঘ) অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্বন লিমিটেড।

(ঙ) বিদেশ সঞ্চাৰ নিগম লিমিটেড।

(চ) নেচনেল থাৰ্মেল পাৱাৰ কৰ্পৰেশ্বন ।

(ছ) ভাৰত হেভি ইলেকট্রিকেল লিমিটেড।

(জ) ইণ্ডিয়ান পেট্ৰ’কেমিলেক কৰ্পৰেশ্বন লিমিটেড।

(ঝ) ষ্টীল অথ’ৰিটি অৱ ইণ্ডিয়া লিমিটেড।

ঘ. মজলীয়া উত্তৰৰ প্ৰশ্ন ঃ

১। গোলকীকৰণৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা।

উত্তৰ: গোলকীকৰণৰ সুবিধাসমূহ নিম্নরূপ ——

(ক) গোলকীকৰণৰ বাবে বহুজাতিক সস্থাসমূহৰ প্ৰবেশ ঘটে ফলত উন্নয়নশীল দেশত কাৰিকৰী কৌশলৰ বিকাশ সাধন হয়।

(খ) বিদেশী পুঁজিৰ প্ৰত্যক্ষ বিনিয়োগ হয় ।

(গ) প্রতিযোগিতাৰ ফলত উৎপাদিত দ্ৰব্যৰ মান উন্নত হয়।

(ঘ) উৎপাদন বৃদ্ধি পায় ফলত জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত হয় ।

(ঙ) গোলকীকৰণৰ ফলত সংশ্লিষ্ট দেশসমূহলৈ বিদেশী পুঁজিৰ আগমন ঘটে। ফলত আন্তর্জাতিক তাৰল্য বৃদ্ধি পায়।

গোলকীকৰণৰ সুবিধাৰ লগতে কিছু অসুবিধাও আছে। যেনেঃ

(ক) গোলকীকৰণৰ ফলত আন্তর্জাতিক প্ৰেক্ষাপটতত প্ৰতিযোগিতাৰ সৃষ্টি হয়। ফলত দুৰ্বল ব্যাৱসায়িক সন্থাবোৰে দুর্যোগ ভূগিব লগা হয় ।

(খ) গোলকীকৰণৰ ফলত উন্নত প্ৰযুক্তিৰ প্ৰয়োগ হয়। ফলত নিৱনুৱা সমস্যাৰ সৃষ্টি হয় ।

(গ) গোলকীকৰণৰ ফলত উন্নতদেশবোৰে বেছি বিনিয়োগ কৰিব পাৰে বাবে দুখীয়া দেশবোৰৰ স্বাৰ্থ নষ্ট হয়।

২। ব্যক্তিগতকৰণ কৰাৰ বাবে ভাৰতীয় অর্থনীতিত কি কি পদক্ষেপ গ্রহণ কৰা হৈছে আলোচনা কৰা ।

উত্তৰ : ব্যক্তিগতকৰণ বুলিলে ৰাজহুৱা খণ্ডৰ উদ্যোগিক গোটবোৰ বেচৰকাৰী মালিকীস্বত্বৰ অধীনলৈ অনাক বুজায়। ভাৰতৰ অৰ্থনীতি ব্যক্তিগতকৰণ কৰাৰ বাবে তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। যেনে

(ক) ৰাজহুৱা খণ্ডৰ বাবে সংৰক্ষিত উদ্যোগৰ সংখ্যা ১৭ খনৰ পৰা ৮ খনলৈ হ্ৰাস কৰা হৈছে।

(খ) বেচৰকাৰী খণ্ডত মুঠ বিনিয়োগৰ পৰিমাণ বৃদ্ধি কৰা হৈছে।

(গ) ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰত উৎপাদন বৃদ্ধিৰ বাবে বেচৰকাৰী খণ্ডলৈ আনুষ্ঠানিক বিত্তীয় সাহাৰ্য আগবঢ়োৱা হৈছে।

৩। গোলকীকৰণ কৰাৰ উদ্দেশ্যে ভাৰতীয় অৰ্থনীতিত লোৱা পদক্ষেপসমূহ উল্লেখ কৰা ।

উত্তৰঃ গোলকীকৰণ কৰাৰ বাবে ভাৰতীয় অর্থনীতিত তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে-

(ক) উচ্চ প্রযুক্তিযুক্ত উদ্যোগবোৰত এক কোটি টকা মূল্যৰ বৈদেশিক প্ৰযুক্তিবিদ্যাৰ লগত জড়িত চুক্তিৰ ক্ষেত্ৰত আপোনা-আপুনি অনুমতি প্রদান ।

(খ) প্রত্যক্ষ বৈদেশিক বিনিয়োগ ৫১ শতাংশ সমাংশলৈ অনুমতি প্রদান।

(গ) ভাৰতীয় মুদ্ৰাৰ আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত নিষ্পত্তি কৰিবলৈ মুদ্ৰাৰ অৱমূল্যায়ন । টকাৰ

(ঘ) আংশিক ৰূপান্তৰ যোগ্যতা অর্জন।

(ঙ) বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত সকলো নিয়ন্ত্ৰণ আৰু বাধা নিষেধৰ অবলুপ্তি ঘটাই বজাৰ শক্তিক ক্ষমতা প্রদান।

(চ) বৈদেশিক বাণিজ্য নীতিৰ জৰিয়তে বৈদেশিক বাণিজ্যক নিয়ন্ত্ৰণ মুক্ত কৰা ।

৪। ভাৰতীয় অর্থনীতিত প্ৰৱৰ্তন কৰা নতুন অর্থনৈতিক সংস্কাৰৰ নীতিবোৰ আলোচনা কৰা ।

উত্তৰ : ১৯৯১ চনত ভাৰতত নতুন অর্থনৈতিক সংস্কাৰ নীতি প্ৰৱৰ্তন কৰা হয় ৷ এই নীতিৰ প্ৰধান দিশবোৰ হ’ল

(ক) উদাৰীকৰণ ঃ ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ প্ৰধান দিশটো হৈছে উদাৰীকৰণ। উদাৰীকৰণৰ জৰিয়তে দেশৰ বাণিজ্য আৰু উদ্যোগক নিয়ন্ত্রণ মুক্ত কৰা হৈছে।

(খ) ব্যক্তিগতকৰণ : এই নীতি অনুসৰি ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগিক গোটসমূহক বেচৰকাৰী মালিকানাৰ অধীনস্থ কৰা হৈছে।

(গ) বিশ্বায়ন : এই নীতি মতে আন্তর্জাতিক প্রতিদ্বন্দ্বিতামূলক ক্ষমতা অৰ্জন কৰিবলৈ দেশৰ অৰ্থনীতিক বিশ্বৰ বজাৰৰ বাবে মুকলি কৰি দিয়া হৈছে।

(ঘ) নতুন ৰাজহুৱা খণ্ডৰ নীতি : নতুন আর্থিক নীতিয়ে ৰাজহুৱা খণ্ডৰ নীতিৰ পৰিৱৰ্তন কৰি ৰাজহুৱা খণ্ডৰ পৰা বেচৰকাৰী খণ্ডলৈ বেছি গুৰুত্ব প্ৰদান কৰা হৈছে। ৰাজহুৱা খণ্ডৰ সংৰক্ষণ ১৭ খনৰ পৰা ৮ খনলৈ হ্ৰাস কৰা হৈছে।

(ঙ) আধুনিকীকৰণ : আধুনিক উৎপাদন পদ্ধতি প্ৰয়োগৰ ওপৰত জোৰ দিয়া হৈছে।

(চ) বিত্তীয় সংস্কাৰ ঃ এই নীতি অনুসৰি সুন্দৰ হাৰৰ মুক্ত নিৰ্ধাৰণ, তাৰল্য অনুপাত কমোৱা, বেংকবোৰক অধিক স্বাধীনতা প্রদান আদি সংস্কাৰমূলক কাৰ্য হাতত লোৱা হৈছে।

৫। নিৰ্বিনিয়োজনৰ অৰ্থ কি ? নিৰ্বিনিয়োজনৰ উদ্দেশ্য উল্লেখ কৰা।

উত্তৰ : নিৰ্বিনিয়োজনৰ অৰ্থ হ’ল ৰাজহুৱা খণ্ডৰ প্রতিষ্ঠানসমূহৰ অংশ পত্ৰৰ এটা নিৰ্ধাৰিত অংশ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ ক্ষুদ্র বিনিয়োগকাৰী, পাৰস্পৰিক নিধি আৰু অন্যান্য ব্যক্তি বিশেষৰ মাজত বিক্ৰীৰ ব্যৱস্থা কৰা । নিৰ্বিনিয়োজনৰ প্ৰধান উদ্দেশ্যসমূহ হ’ল

(ক) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহৰ পৰা স্বেচ্ছাই অৱসৰ লোৱা কৰ্মচাৰীসকলৰ দৰমহা আৰু বকেয়া ধন আদায় দিয়া ।

(খ) প্রতিষ্ঠানবোৰৰ পৰা স্থানান্তৰিত হোৱা কৰ্মচাৰীসকলৰ পুনৰ সংস্থাপনৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰা ।

(গ) ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰক পুনৰ উজ্জীৱিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা ।

(ঘ) ৰাজহুৱা প্ৰতিষ্ঠানবোৰৰ অংশপত্ৰৰ গৰাকীসকলৰ দায়বদ্ধতা বৃদ্ধি কৰা, প্ৰতিষ্ঠানটোৰ কাৰ্য ক্ষমতা বৃদ্ধি কৰা আৰু আৰ্থিক অৱস্থা উন্নত কৰা । ০ ০ ০

Type By Suman Bora