আন্তর্জাতিক মাতৃভাষা দিবস

প্ৰতি বছৰে ২০ ফেব্ৰুৱাৰীৰ দিনটো বিশ্ব সামাজিক ন্যায় দিৱস হিচাপে পালন কৰা হয়। ২০০৭ চনৰ ২৬ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে এক প্ৰস্তাৱযোগে ২০০৯ চনৰ পৰা এই দিৱস পালনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে প্রয়োজনীয় সজাগতা সৃষ্টিয়েই এই দিৱসৰ প্ৰধান উদ্দেশ্য। বিশেষকৈ দৰিদ্ৰতা দূৰীকৰণ, নিবনুৱা সমস্যা সমাধান, সমাজত অব্যাহত থকা বিভিন্ন ধৰণৰ অসমতা দূৰ কৰা, লিংগ বৈষম্য আঁতৰ কৰা আদি বিষয়ক এই দিৱসত বিশেষভাৱে গুৰুত্ব দিয়া হয়। ১৯৯৫ চনত ডেনমাৰ্কৰ ৰাজধানী কোপেনহেগেনত অনুষ্ঠিত হোৱা সমাজ কল্যাণ সম্পৰ্কীয় বিশ্ব সন্মিলনত যিসমূহে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল, সেই লক্ষ্যপ্ৰাপ্তিৰ বাবে ২০ ফেব্ৰুৱাৰীৰ দিনটোত নানা সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয় । সমাজৰ সৰ্বস্তৰৰ ন্যায় প্রতিষ্ঠা হ’লেহে আৰু লগতে মানৱীয় অধিকাৰ আৰু মৌলিক স্বাধীনতাসমূহৰ প্ৰতি শ্ৰদ্ধা পোষণ কৰিলেহে যে ‘সকলোৰে বাবে এখন সমাজ’ সম্ভৱ হৈ উঠিব পাৰে, সেই সম্পৰ্কেও প্ৰচাৰ চলোৱা হয় এই দিৱসৰ যোগেদি।

ভাষিক আৰু সাংস্কৃতিক বৈচিত্র তথা বহুভাষিকতাবাদ সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতি বছৰে ২১ ফেব্ৰুৱাৰীৰ দিনটো আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে উদ্‌্যাপন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোৱে পোন প্ৰথমবাৰৰ বাবে এই দিৱস উদ্যাপনৰ কথা ঘোষণা কৰে। অৱশ্যে ইয়াৰ পূৰ্বৰে পৰা এই দিনটো বাংলাদেশত ভাষা আন্দোলন দিৱস হিচাপে উদযাপিত হৈ আহিছিল ৷ ১৯৯৯ চনত ইউনেস্কোৱে দিৱসটোক আন্তঃৰাষ্ট্ৰীয় মর্যাদা প্ৰদান কৰে। উল্লেখ

যে ১৯৪৮ চনৰ ২১ মাৰ্চত পাকিস্তানৰ গৱৰ্ণৰ জেনেবেল মহম্মদ আলি জিন্নাই ঘোষণা কৰিছিল যে, পূব আৰু পশ্চিম পাকিস্তান উভয়তে একমাত্ৰ চৰকাৰী ভাষা হ’ব উর্দু। কিন্তু বাংলাভাষী প্রধান পূব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) লোকসকলে এই ঘোষণাৰ সৱল প্ৰতিবাদ জনায় আৰু তীব্র আন্দোলন গঢ়ি তোলে। ১৯৫২ চনৰ ২১ ফেব্ৰুৱাৰীত ঢাকা চহৰত আন্দোলনকাৰীৰ ওপৰত জঁপিয়াই পৰিছিল পাকিস্তানী সামৰিক বাহিনী। নিৰাপত্তাৰক্ষীৰ গুলীত সেইদিনা ঢাকা বিশ্ববিদ্যালয়ৰ কেইবাজনো ছাত্র নিহত হৈছিল। তেতিয়াৰে পৰা এই দিনটো বাংলাদেশত ভাষা আন্দোলন দিবস হিচাপে পালন কৰা হৈছিল। ১৯৯৯ চনৰ পৰা এই দিনটোকে ইউনেস্কোৱে আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয়।

Language : Bengali