আহাৰ আৰু স্বাস্থ্য় | AJB Class 5 Science | দ্বিতীয় অধ্যায়- প্ৰথম পাঠ MCQ’s Assamese Medium | পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায়- প্ৰথম পাঠ MCQ’s Type Question Answer |

Chapter- 1

আহাৰ আৰু স্বাস্থ্য়

১। কাৰ্ব’হাইড্ৰেট আৰু চৰ্বীয়ে আমাক কি দিয়ে?

(ক) শক্তি

(খ) বল

(গ) ভটামিন

উত্তৰ- (ক) শক্তি ।

২। চেনি, গ্লুক’জ আদিবোৰ কি?

(ক) শ্বেতসাৰ

(খ) কাৰ্ব’হাইড্ৰেট

(গ) প্ৰটিন

উত্তৰ- (খ) কাৰ্ব’হাইড্ৰেট ।

৩। ঘিঁ, মাখন, কণী, বাদাম আদিবোৰত কি থাকে?

(ক) তেল

(খ) শক্তি

(গ) চৰ্বী

উত্তৰ- (গ) চৰ্বী ।

৪। কিছুমান গছৰ গুটিৰ পৰা কি তৈয়াৰ কৰা হয়?

(ক) সৰিয়হ

(খ) বনস্পতি ঘিঁ

(গ) ঘিঁ

উত্তৰ- (খ) বনস্পতি ঘিঁ ।

৫। গাখীৰ, মাংস, কণী, মাছ আৰু পনিৰত কি থাকে?

(ক) প্ৰ’টিন

(খ) চৰ্বী

(গ) শক্তি

উত্তৰ- (ক) প্ৰ’টিন ।

৬। দাইল, মটৰ, বিন, উৰহী, আদি কি জাতীয় উদ্ভিদ?

(ক) শাকজাতীয় উদ্ভিদ

(খ) মাহজাতীয় উদ্ভিদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মাহজাতীয় উদ্ভিদ ।

৭। কণীৰ কুহুম, মাখন আৰু মাংসত কি ভিটামিন থাকে?

(ক) এ

(খ) ডি

(গ) বি

উত্তৰ- (খ) ডি ।

৮। আমলখি, মধুৰীআম, কমলা, টেঙাজাতীয় ফল, বন্ধা কবি, মৰিছা, ফুলকবি আদিত কি ভিটামিন থাকে? 

(ক) ডি

(খ) ছি

(গ) এ

উত্তৰ- (খ) ছি ।

৯। শৰীৰত কি ভিটামিনৰ অভাৱ হ’লে স্কাৰ্ভি ৰোগ হয়?

(ক) ই

(খ) ছি

(গ) ডি

উত্তৰ- (খ) ছি ।

১০। তেজৰ প্ৰধান অংশটো কি?

(ক) পানী

(খ) শক্তি

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) পানী ।

১১। আমাৰ আহাৰত থকা দুবিধ প্ৰধান পুষ্টিকৰ বস্তু হ’ল__________ আৰু __________?

(ক) প্ৰ’টিন আৰু ভিটামিন

() শ্বেতসাৰ আৰু ষ্টাৰ্চ

(গ) কাৰ্ব’হাইড্ৰেট আৰু চৰ্বী

উত্তৰ- (গ) কাৰ্ব’হাইড্ৰেট আৰু চৰ্বী ।

১২। এই দুবিধ বস্তুৰ পৰা আমি শৰীৰত কি পাওঁ?

(ক) শক্তি

(খ) প্ৰ’টিন

(গ) খনিজ পদাৰ্থ

উত্তৰ- (গ) খনিজ পদাৰ্থ ।

১৩। বাঢ়ি অহা ল’ৰা ছোৱালীয়ে কি থকা আহাৰ খাব লাগে?

(ক) শস্য়

(খ) প্ৰ’টিন

(গ) ভিটামিন

উত্তৰ- (খ) প্ৰ’টিন ।

১৪। শৰীৰত কেতিয়াবা দুখ পালে, আঘাত পোৱা অংশবোৰ কিহৰ সহায়ত পুনৰ গঠিত হয়?

(ক) হাড়ৰ সহায়ত

(খ) প্ৰ’টিনৰ সহায়ত

(গ) ভিটামিন ডিৰ সহায়ত

উত্তৰ- (খ) প্ৰ’টিনৰ সহায়ত ।

১৫। প্ৰ’টিনে শৰীৰক বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ________ দিয়ে?

(ক) ক্ষমতা

(খ) পুষ্টিকৰ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) ক্ষমতা ।

১৬। বয়সস্থ মানুহে কি থকা আহাৰ কমাই খাব লাগে?

(ক) চৰ্বী

(খ) প্ৰ’টিন

(গ) ভিটামিন

উত্তৰ- (ক) চৰ্বী ।

১৭। কি ৰোগত দাঁতৰ আলু ওখহে আৰু ইয়াৰ পৰা তেজ ওলায়?

(ক) স্কাৰ্ভি

(খ) ৰিকেট

(গ) বেৰীবেৰী

উত্তৰ- (ক) স্কাৰ্ভি ।

১৮। কি ভিটামিনৰ অভাৱৰ ফলত বেৰীবেৰী নামৰ এবিধ ৰোগ হয়?

(ক) ভিটামিন ছি

(খ) ভিটামিন বি

(গ) ভিটামিন ডি

উত্তৰ- (খ) ভিটামিন বি ।

১৯। প্ৰাপ্তবয়স্ক পুৰুষৰ দেহত গড়ে প্ৰায় কিমান লিটাৰ পানী থাকে?

(ক) ৪১

(খ) ৪২

(গ) ৫৬

উত্তৰ- (খ) ৪২ ।

২০। প্ৰাপ্তবয়স্ক মহিলাৰ দেহত কিমান লিটাৰ পানী থাকে?

(ক) ২৫

(খ) ৩৬

(গ) ৩৫.৫

উত্তৰ- (গ) ৩৫.৫ ।

Type by- Bikul Mandal