গছৰ বিভিন্ন অংশ | AJB Class 5 Science Chapter 3 MCQ’s Assamese Medium | Class 5 Science Chapter 3 MCQ’s Type Question Answer |

Chapter- 3

গছৰ বিভিন্ন অংশ 

১। ভ্ৰূণৰ অংশ দুটা কি কি? 

(ক) বীজ আৰু ভ্ৰূণমূল

(খ) শিপা আৰু জন্মকাণ্ড

(গ) ভ্ৰূণমূল আৰু জন্মকাণ্ড

উত্তৰ- (গ) ভ্ৰূণমূল আৰু জন্মকাণ্ড ।

২। পাহিবোৰে ফুলৰ কোন দুটা অংশক আগুৰি থাকে?

(ক) প্ৰস্বেদন আৰু পুংকেশৰ

(খ) গৰ্ভকেশৰ আৰু পৰাগধানী

(গ) পুংকেশৰ আৰু গৰ্ভকেশৰ

উত্তৰ- (গ) পুংকেশৰ আৰু গৰ্ভকেশৰ ।

৩। পুংকেশৰৰ মূৰৰ ওফন্দা অংশটোক কি বুলি কোৱা হয়?

(ক) পৰাগৰেণু

(খ) পৰাগধানী

(গ) গৰ্ভকেশৰ

উত্তৰ- (খ) পৰাগধানী ।

৪। গৰ্ভকেশৰৰ মূৰৰ আঠালেতীয়া অংশটোক কি বোলে?

(ক) গৰ্ভমুণ্ড

(খ) পৰাগৰেণু

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) গৰ্ভমুণ্ড ।

৫। পৰাগযোগ হোৱাৰ পাছত ফুলৰ পাহিবোৰ কি হয়?

(ক) নতুনকৈ গজে

(খ) পাহিবোৰ সৰি পৰে

(গ) ওপৰৰ দুযোটাই শুদ্ধ

উত্তৰ- (খ) পাহিবোৰ সৰি পৰে ।

৬। পৰাগধানীত সাধাৰণতে কি বৰণৰ পৰাগৰেণুবোৰ উৎপন্ন হয়?

(ক) সেউজীয়া

(খ) কলা

(গ) হালধীয়া

উত্তৰ- (গ) হালধীয়া ।

৭। গছ বাঢ়ি পূৰঠ হোৱাৰ পাছত কি হয়?

(ক) পাতবোৰ গজে

(খ) ফুলবোৰ ফুলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ফুলবোৰ ফুলে ।

৮। ফুলৰ কিহে পোক-পৰুৱা, পখিলা, মৌ-মাখি আদিক আকৰ্ষণ কৰে?

(ক) ৰং আৰু পাহিবোৰে

(খ) ৰং আৰু গোন্ধে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ৰং আৰু গোন্ধে ।

৯। কিহৰ ফলত ফুলৰ পৰা ফল হয়?

(ক) পৰাগধানীৰ ফলত

(খ) পৰাগযোগৰ ফলত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) পৰাগযোগৰ ফলত ।

১০। গছক জীয়াই থাকিবৰ কাৰে কিহৰ প্ৰয়োজন?

(ক) পানীৰ

(খ) শক্তিক

(গ) খাদ্য়ৰ

উত্তৰ- (ক) পানীৰ ।

১১। সৰহভাগ গছ কাৰ পৰা হয়?

(ক) গুটিৰ

(খ) ডালৰ

(গ) শিপাৰ

উত্তৰ- (ক) গুটিৰ ।

১২। গুটিৰ ভিতৰত অপৈণত আৰু তেনেই সৰু গছৰ সঁচ থাকে ইয়াক কি বোলে?

(ক) জন্মকাণ্ড

(খ) পত্ৰৰন্ধ্ৰ

(গ) ভ্ৰূণ

উত্তৰ- (গ) ভ্ৰূণ ।

১৩। বীজৰ অংকুৰণ হওঁতে ভ্ৰূণৰ যি অংশ পোহৰৰ ফালে বাঢ়ি যায় এই অংশক কি বোলে?

(ক) জন্মকাণ্ড

(খ) বীজপত্ৰ

(গ) ব্ল’টিং

উত্তৰ- (ক) জন্মকাণ্ড ।

১৪। জন্মকাণ্ডডালত লাগি থকা পাতক  কি বোলে?

(ক) সালোকসংশ্লেষণ

(খ) বীজপত্ৰ

(গ) ব্লটিং

উত্তৰ- (খ) বীজপত্ৰ ।

১৫। কিছুমান গছে শিপাত_________জমা কৰি ৰাখে?

(ক) খাদ্য়বস্তু

(খ) পানী

(গ) ৰস

উত্তৰ- (খ) পানী ।

১৬। বীজপত্ৰত বাঢ়ি অহা গজালিটোৰ বাবে কি জমা হৈ থাকে?

(ক) খাদ্য়বস্তু

(খ) পত্ৰৰন্ধ্ৰ

(গ) গুটি

উত্তৰ- (ক) খাদ্য়বস্তু ।

১৭। গজালিটো বাঢ়ি অহাৰ লগে লগে কাণ্ডৰ পৰা কি ওলায়?

(ক) ফল

(খ) ফুল

(গ) পাত

উত্তৰ- (গ) পাত ।

১৮। বটগছৰ ডালৰ পৰা ওলোৱা এবিধ বিশেষ ধৰণৰ শিপাই ডালবোৰ কি কৰি ৰখাত সহায় কৰে?

(ক) ধৰি

(খ) বান্ধী

(গ) খোলি

উত্তৰ- (ক) ধৰি ।

১৯। পাতত________নামৰ সৰু সৰু বিন্ধা কিছুমান থাকে?

(ক) বীজ

(খ) মুকুলন

(গ) পত্ৰৰন্ধ্ৰ

উত্তৰ- (গ) পত্ৰৰন্ধ্ৰ ।

২০। বিন্ধাবোৰে পাতৰ ভিতৰলৈ কি চলাচল কৰে?

(ক) তেজ

(খ) বায়ু

(গ) পানী

উত্তৰ- (খ) বায়ু ।

Type by- Bikul Mandal