জীৱ আৰু পৰিৱেশ | AJB Class 5 Science Chapter 2 MCQ’s Assamese Medium | Class 5 Science Chapter 2 MCQ’s Type Question Answer |

Chapter- 2

জীৱ আৰু পৰিৱেশ

১। কপৌ ফুল কি নামৰ এবিধ উদ্ভিদ?

(ক) ক্ল’ৰ’ফিল

(খ) অৰ্কিড

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অৰ্কিড ।

২। উদ্ভিদ আৰু প্ৰাণী থকা ঠাইক কি বোলে?

(ক) সমান

(খ) হাবি

(গ) আৱাস

উত্তৰ- (গ) আৱাস ।

৩। পুখুৰীৰ পানীৰ বৰণ সেউজীয়া আৰু কি হয়?

(ক) নীলা

(খ) ৰঙচুৱা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ৰঙচুৱা ।

৪। মেটেকা পাতৰ ঠাৰি ওফন্দা আৰু কি?

(ক) পাতল

(খ) কোমল

(গ) মিহি

উত্তৰ- (খ) কোমল ।

৫। মাছৰ গাটো চেপেটা আৰু কি?

(ক) গোটা

(খ) মাজভাগ বহল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মাজভাগ বহল ।

৬। ফিছাৰ সহায়ত মাছে পানীত কি কৰিব পাৰে?

(ক) সাঁতুৰিব

(খ) চিঞৰিব

(গ) জোকাৰিব

উত্তৰ- (ক) সাঁতুৰিব ।

৭। লালুকীয়ে ফুলৰ সহায়ত পানীৰ পৰা কি শুহি লয়?

(ক) কাৰ্বন-ডাই-অক্সাইড

(খ) হাইড্ৰজেন

(গ) অক্সিজেন

উত্তৰ- (গ) অক্সিজেন ।

৮। ভেকুলীৰ আগৰ ঠেংকেইখন পিছৰ ঠেং দুখনতকৈ চুটি হয় নে?

(ক) নহয়

(খ) হয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) হয় ।

৯। সাগৰফেনাৰ গাত কি থাকে?

(ক) পানী

(খ) বালি

(গ) অসংখ্য় কাঁইট

উত্তৰ- (গ) অসংখ্য় কাঁইট ।

১০। মৰুভূমিৰ পৰিৱেশ অতিশয় কি হয়?

(ক) ঠাণ্ডা

(খ) গৰম

(গ) শুকান

উত্তৰ- (গ) শুকান ।

১১। কাৰ গাত পত্ৰহৰিৎ বা ক্ল’ৰ’ফিল নামৰ পদাৰ্থবিধ নাথাকে?

(ক) ভেঁকুৰৰ

(খ) শেলাইৰ

(গ) মানুহৰ

উত্তৰ- (ক) ভেঁকুৰৰ ।

১২। আৱাসৰ চাৰিওফালৰ অৱস্থাক কি বোলে?

(ক) চাৰিআলি

(খ) পৰিৱেশ

(গ) মাছৰ ফুল

উত্তৰ- (খ) পৰিৱেশ ।

১৩। সাগৰফেনা ক’ত হোৱা এবিধ উদ্ভিদ?

(ক) মালভূমিত

(খ) সমভূমিত

(গ) মৰুভূমিত

উত্তৰ- (গ) মৰুভূমিত ।

১৪। মৰুভূমিত কি সহজে নাপায়?

(ক) খাদ্য়,পানী

(খ) কাপোৰ,কানি

(গ) ফল, মূল

উত্তৰ- (ক) খাদ্য়,পানী ।

১৫। উটৰ ঠেংকেইখনৰ খুড়াকেইটা_______মেলা?

(ক) ফাঁট

(খ) পাখি

(গ) সৰুকৈ

উত্তৰ- (ক) ফাঁট ।

১৬। পাতে কাৰ কাৰণে খাদ্য় প্ৰস্তুত কৰে?

(ক) মানুহৰ

(খ) প্ৰাণীৰ

(গ) গছৰ

উত্তৰ- (গ) গছৰ ।

১৭। সৰল গছৰ পাতবোৰ কেনেকোৱা?

(ক) দীঘল আৰু বহল

(খ) চুটি আৰু পাতল

(গ) দীঘল আৰু জোঙা

উত্তৰ- (গ) দীঘল আৰু জোঙা ।

১৮। মৰুভূমিত থকা প্ৰাণী হ’ল?

(ক) উট

(খ) সাপ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (গ) ওপৰৰ দুয়োটা ।

১৯। কাক মৰুভূমিৰ জাহাজ বোলে?

(ক) সাপক

(খ) উটক

(গ) মকৰাক

উত্তৰ- (খ) উটক ।

২০। কাৰ ডিঙিটো বৰ দীঘল?

(ক) জিৰাফৰ

(খ) হাতীৰ

(গ) বান্দৰ

উত্তৰ- (ক) জিৰাফৰ ।

Type by- Bikul Mandal