প্ৰাকৃতিক দুৰ্য্য়োগ আৰু ব্য়ৱস্থাপনা  | AJB Class 5 Science | ষষ্ঠ অধ্যায়- নৱম পাঠ MCQ’s Assamese Medium | পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ ষষ্ঠ অধ্যায়- নৱম পাঠ MCQ’s Type Question Answer |

Chapter- 9

প্ৰাকৃতিক দুৰ্য্য়োগ আৰু ব্য়ৱস্থাপনা 

১। ভূমিকম্প আহিলে কি কৰিব লাগে?

(ক) সোনকালে ওচৰৰ মুকলি ঠাইলৈ ওলাই যাব লাগে

(খ) ঘৰৰ ভিতৰতে সোমাই থাকিব লাগে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) সোনকালে ওচৰৰ মুকলি ঠাইলৈ ওলাই যাব লাগে ।

২। ভূমিকম্পৰ ফলত কি হয়?

(ক) কোনো ঠাই তললৈ বহি যায়, দ ঠাই ওখ হয়

(খ) ঘৰবোৰ ভালে থাকে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) কোনো ঠাই তললৈ বহি যায়, দ ঠাই ওখ হয় ।

৩। কিমান চনত বৰভূইকঁপৰ ফলত ব্ৰহ্মপুত্ৰ তলি বাম হৈছিল? 

(ক) ১৯৪০ চনত

(খ) ১৯৫০ চনত

(গ) ১৯০৯ চনত

উত্তৰ- (খ) ১৯৫০ চনত ।

৪। আমাৰ পৃথিৱীখনৰ কেন্দ্ৰভাগৰ  পদাৰ্থবোৰ কি অৱস্থাত আছে?

(ক) গোটা

(খ) জুলীয়া

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) জুলীয়া ।

৫। দেশ-মহাদেশ, সাগৰ-মহাসাগৰ আদিৰ তলত থকা প্লেটবোৰৰ নাম কি? 

(ক) মেগমাৰ

(খ) টেক’টনিক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) টেক’টনিক ।

৬। দক্ষিণ কামৰূপত মাটি তললৈ বহি গৈ কি নামৰ বিলৰ সৃষ্টি হৈছিল?

(ক) চান্দডুবি বিল

(খ) চাৰন বিল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) চান্দডুবি বিল ।

৭। ভূমিস্খলনৰ পোনপটীয়া অৰ্থ কি ?

(ক) মাটি খহি নপৰা বা মাটি খহি অহা

(খ) মাটি খহি পৰা

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মাটি খহি পৰা ।

৮। ভূমিকম্প হ’লে কি হয় ?

(খ) ঘৰবোৰ ভালে থকা

(খ) মাটিবোৰ ফাট মেলা

(গ) ওপৰৰ দুয়োটায়ে শুদ্ধ

উত্তৰ- (খ) মাটিবোৰ ফাট মেলা ।

৯। পানীয়ে মাটি খহাই নিয়াকে কি বোলে?

(ক) ভূমিকম্প

(খ) গড়া খহনীয়া

(গ) বনজুই

উত্তৰ- (খ) গড়া খহনীয়া ।

১০। আমাৰ ইয়াত ছুনামি কিয় নহয়?

(ক) ওচৰত সাগৰ থকাৰ কাৰণে

(খ) চাইক্ল’ন নোহোৱাৰ কাৰণে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।

১১। বানপানী হোৱা ৰাস্তাৰে গাড়ী চলাই যাব লাগে/নালাগে?

(ক) লাগে

(খ) নালাগে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) নালাগে ।

১২। বানপানী হলে হাতত জমা ধন ৰাখিব লাগে/নালাগে? 

(ক) লাগে

(খ) নালাগে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) লাগে ।

১৩। খোৱাপানী, খাদ্য় আদি যোগাৰ কৰি ৰাখিব লাগে/নালাগে?

(ক) নালাগে

(খ) লাগে

(গ) এটাও নহয়

উত্তৰ- (খ) লাগে ।

১৪। বানপানী অহাৰ আগজাননী পালে পানী বঢ়ালৈ ৰৈ থাকিব লাগে/নালাগে?

(ক) লাগে

(খ) নালাগে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) নালাগে ।

১৫। নিৰাপদ ওখ ঠাইলৈ যাব লাগে/নালাগে?

(ক) লাগে

(খ) নালাগে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) লাগে ।

১৬। কিহে ৰাস্তা-ঘাট আদি ছিগি পেলায়?

(ক) ভূমিকম্পই

(খ) বানপানীয়ে

(গ) চাইক্ল’নে

উত্তৰ- (খ) বানপানীয়ে ।

১৭। ভূমিকম্পৰ কোনো আগজাননী পোৱা যায়/নাযায়?

(ক) যায়

(খ) নাযায়

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) নাযায় ।

১৮।ভূমিকম্প হ’লে মাটিত________মেলে?

(ক) পাখি মেলে

(খ) ভূখণ্ড মেলে

(গ) ফাট মেলে

উত্তৰ- (গ) ফাট মেলে ।

১৯। ভূমিকম্প হ’লে দ’ ঠাই কি হয়?

(ক) চাপৰ হয়

(খ) ওখ হয়

(গ) সমান হয়

উত্তৰ- (খ) ওখ হয় ।

২০। ঘৰৰ ভিতৰত থাকোতে হঠাতে ভূমিস্খলন হ’লে কোনো ডাঙৰ মজবুত বস্তুৰ তলত আশ্ৰয় ল’ব লাগে/নালাগে ।

(ক) লাগে

(খ) নালাগে

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) লাগে ।

Type by- Bikul Mandal