বায়ু প্ৰদূষণ | AJB Class 5 Science | দ্বিতীয় অধ্যায়- চতুৰ্থ পাঠ MCQ’s Assamese Medium | পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায়- চতুৰ্থ পাঠ MCQ’s Type Question Answer |

Chapter- 4

বায়ু প্ৰদূষণ

১। বায়ু প্ৰদূষণৰ প্ৰধান কাৰক কেইটা?

(ক) তিনিটা

(খ) পাচটা

(গ) দুটা

উত্তৰ- (ক) তিনিটা ।

২। সূৰ্যৰ পৰা ওলোৱা বিশেষ ৰশ্মি বিধৰ নাম কি?

(ক) অ’জ’ন

(খ) অতিবেঙুনীয়া

(গ) সৌৰ শক্তি

উত্তৰ- (খ) অতিবেঙুনীয়া ।

৩। বায়ুত কাৰ্বন-ডাই-অক্সাইড কি হ’লে জীৱ-জন্তুৰ উশাহ-নিশাহত কষ্ট হয়?

(ক) বাঢ়িলে

(খ) কমিলে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) বাঢ়িলে ।

৪। অতিবেঙুনীয়া দৃশ্য়মান পোহৰতকৈ কি?

(ক) দুৰ্বল

(খ) শক্তিশালী

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) শক্তিশালী ।

৫। বায়ুমণ্ডলৰ একেবাৰে ওপৰত কি গেছৰ তৰপ আছে?

(ক) নাইট্ৰজেন

(খ) অ’জ’ন

(গ) অক্সিজেন

উত্তৰ- (খ) অ’জ’ন ।

৬। প্ৰদূষণৰ ফলত অ’জ’নৰ পৰিমাণ কি হয়?

(ক) বাঢ়ে

(খ) কমে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) কমে ।

৭। গছ-গছনি, হাবি-বননি ধ্বংস কৰিব লাগে? 

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।

৮। কি নামৰ পদাৰ্থবিধে বায়ুমণ্ডলত অ’জ’নৰ পৰিমান কমায়?

(ক) অতিবেঙুনীয়া

(খ) ক্লৰ’ফ্লৰ’কাৰ্বন

(গ) ওপৰৰএটাও নহয়

উত্তৰ- (খ) ক্লৰ’ফ্লৰ’কাৰ্বন ।

৯। গছ-গছনিৰ সংখ্য়া বেছি হ’লে কি হয়?

(ক) অক্সিজেনৰ পৰিমাণ বাঢ়ে

(খ) কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ বাঢ়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) অক্সিজেনৰ পৰিমাণ বাঢ়ে ।

১০। কল-কাৰখানাৰ ছিমনিবোৰ কি হোৱা উচিত?

(ক) চাপৰ হোৱা উচিত

(খ) ওখ হোৱা উচিত

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ওখ হোৱা উচিত ।

১১। তলৰ ছবিখনে কি বুজাইছে?

Captionless Image

(ক) বায়ু প্ৰদূষণ

(খ) বায়ু ৰোধ কৰা

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) বায়ু প্ৰদূষণ ।

১২। বিভিন্ন যান-বানৰ পৰা ওলোৱা ধোঁৱাই কি কৰে?

(ক) বায়ু ৰোধ কৰে

(খ) বায়ু প্ৰদূষণ কৰে

(গ) বায়ু সেমেকা কৰে

উত্তৰ- (খ) বায়ু প্ৰদূষণ কৰে ।

১৩। উশাহত শৰীৰৰ ভিতৰলৈ সোমোৱা কাৰ্বন মন’-অক্সাইডে তেজৰ চলাচলত কি দিয়ে?

(ক) শক্তি

(খ) বাধা

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) বাধা ।

১৪। ছালফাৰ ডাই-অক্সাইডে কিহৰ বৃদ্ধিত বাধা দিয়ে?

(ক) মানুহৰ

(খ) উদ্ভিদৰ

(গ) জীৱ-জন্তুৰ

উত্তৰ- (খ) উদ্ভিদৰ ।

১৫। আমি খোৱা টেঙাজাতীয় বস্তুত কি থাকে?

(ক) বায়ু

(খ) অণুজীৱ

(গ) এছিড

উত্তৰ- (গ) এছিড ।

১৬। ধোঁৱাহীন চৌকা ব্যৱহাৰ কৰিলে ইন্ধন ৰাহি হয়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

১৭। ছালফাৰ ডাই – অক্সাইডে এছিড বৰষুণ সৃষ্টি কৰে।

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰ- (খ) শুদ্ধ ।

১৮। প্লাষ্টিক জ্বলালে বায়ু প্ৰদূষণ হয়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) শুদ্ধ ।

১৯। বায়ুত থকা এবিধ অপকাৰী গেছ হ’ল অক্সিজেন।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) অশুদ্ধ ।

২০। সৌৰশক্তি ব্যৱহাৰ কৰা সঁজুলিবােৰৰ পৰা বায়ু প্ৰদূষণ বেছি হয়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (খ) অশুদ্ধ ।

Type by- Bikul Mandal