বাযু, ইয়াৰ উপাদান আৰু ধৰ্ম | AJB Class 5 Science | দ্বিতীয় অধ্যায়- তৃতীয় পাঠ MCQ’s Assamese Medium | পঞ্চম শ্ৰেণীৰ বিজ্ঞানৰ দ্বিতীয় অধ্যায়- তৃতীয় পাঠ MCQ’s Type Question Answer |

Chapter- 3

বাযু, ইয়াৰ উপাদান আৰু ধৰ্ম

১। বায়ুৰ পাতল আৱৰণে পৃথিৱীৰ চাৰিওফালে আগুৰি থকা আৱৰণটোক কি বোলে? 

(ক) বতাহ

(খ) বাষ্প

(গ) বায়ুমণ্ডল

উত্তৰ- (গ) বায়ুমণ্ডল ।

২। বায়ু এবিধ কি?

(ক) ধূলিকণা

(খ) গেছীয় পদাৰ্থৰ মিশ্ৰণ

(গ) নিয়ৰ

উত্তৰ- (খ) গেছীয় পদাৰ্থৰ মিশ্ৰণ ।

৩। শুকান বায়ুত এশ ভাগৰ ভিতৰত প্ৰায় কিমান ভাগ নাইট্ৰ’জেন আছে? 

(ক) ৭৮

(খ) ১০

(গ) ৯০

উত্তৰ- (ক) ৭৮ ।

৪। জলীয় বাষ্প চেচাঁ কৰিলে কি হয়? 

(ক) জুলীয়া

(খ) ঠাণ্ডা

(গ) পানী

উত্তৰ- (গ) পানী ।

৫। বায়ু বৰ কি?

(ক) চেচাঁ

(খ) সেৰেঙা

(গ) পাতল

উত্তৰ- (খ) সেৰেঙা ।

৬। বায়ু মাজেৰে পোহৰ পাৰ হৈ যাব পাৰেনে?

(ক) পাৰে

(খ) নোৱাৰে

(গ) ওপৰৰএটাও নহয়

উত্তৰ- (ক) পাৰে ।

৭। শক্তি কেতিয়াবা বায়ুৰ মাজেৰে পৃথিৱীত পৰেহি ইয়াক  কি বোলে?

(ক) বিদ্য়ুত শক্তি

(খ) বায়ু

(গ) বজ্ৰপাত

উত্তৰ- (গ) বজ্ৰপাত ।

৮। বায়ুৱে চাৰিওফালে কি দিয়ে?

(ক) হেচাঁ বা চাপ দিয়ে

(খ) শক্তি দিয়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) হেচাঁ বা চাপ দিয়ে ।

৯। বায়ুৰ উপাদানবোৰ কিহেৰে গঠিত?

(ক) কনিকাবোৰে গঠিত

(খ) অতি ক্ষুদ্ৰ কণিকাৰে গঠিত

(গ) জেকেৰে গঠিত

উত্তৰ- (খ) অতি ক্ষুদ্ৰ কণিকাৰে গঠিত ।

১০। বায়ুৰ ওজন আছেনে?

(ক) নাই

(খ) আছে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) আছে ।

১১। বায়ুত কি উৰি ফুৰে?

(ক) ধূলিকণা

(খ) পুক-পতংগ

(গ) কণিকা

উত্তৰ- (ক) ধূলিকণা ।

১২।  বায়ুত আটাইতকৈ বেছি পৰিমাণে থকা গেছবিধ হ’ল?

(ক) অক্সিজেন

(খ) নাইট্ৰ’জেন

(গ) পানীৰ ভাপ

উত্তৰ- (খ) নাইট্ৰ’জেন ।

১৩।  গছত লাগি থকা আমটোৰ ওপৰত বায়ুৰ হেঁচা সকলো দিশত?

(ক) পৰে

(খ) নপৰে

(গ) অনবৰতে নপৰে

উত্তৰ- (ক) পৰে ।

১৪।  পাত্ৰত আবদ্ধ গেছীয় পদাৰ্থৰ অণুবোৰ গতিশীল অৱস্থাত?

(ক) কিছুমান থাকে

(খ) নাথাকে

(গ) থাকে

উত্তৰ- (গ) থাকে ।

১৫।  বাহিৰৰ পৰা প্ৰভাৱ নেপেলালে এটা পাত্ৰত আবদ্ধ থকা বায়ুখিনিৰ চাপ সদায়?

(ক) একে থাকিব

(খ) লাহে লাহে কমিব

(গ) লাহে লাহে বাঢ়িব

উত্তৰ- (ক) একে থাকিব ।

১৬। জনসংখ্যা বৃদ্ধি লগে লগে মাটিত থকা নাইট্ৰ’জেনৰ পৰিমাণ?

(ক) কমিব

(খ) বাঢ়িব

(গ) একে থাকিব

উত্তৰ- (গ) একে থাকিব ।

১৭। বায়ুৰ মাজেদি বিদ্যুৎ শক্তি পাৰ হৈ নাযায়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) শুদ্ধ ।

১৮। প্ৰাণীয়ে বায়ুৰ পৰা পোনে পোনে নাইট্ৰ’জেন লয়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) অশুদ্ধ ।

১৯। কোঠাৰ ভিতৰত থকা বেলুন এটা নি ৰ’দত থ’লে বায়ুখিনিৰ চাপ কমিব।

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) ওপৰৰ দুয়োটা

উত্তৰ- (ক) অশুদ্ধ ।

২০। আবদ্ধ হৈ থকা পাত্ৰটোৰ বেৰত গেছীয় পদাৰ্থৰ অণুবোৰৰ হেঁচাই চাপ সৃষ্টি কৰে।

(ক) অশুদ্ধ

(খ) শুদ্ধ

(গ) এটাও নহয়

উত্তৰ- (খ) শুদ্ধ ।

Type by- Bikul Mandal