বুদ্ধ আৰু মহাবীৰ | AJB Class 5  Social Science Chapter 6 MCQ’s Assamese Medium | Class 5  Social Science Chapter 6 MCQ’s Type Question Answer |

Chapter- 6

বুদ্ধ আৰু মহাবীৰ

(১) কিমান খ্ৰিষ্টপূৰ্বত লুম্বিনীত বুদ্ধদেৱৰ জন্ম হৈছিল ?

(ক) ৫৬০ খ্ৰিষ্টপূৰ্বত

(খ) ৫৬৩ খ্ৰিষ্টপূৰ্বত

(গ) ৫৬৬ খ্ৰিষ্টপূৰ

উত্তৰ- (খ) ৫৬৩ খ্ৰিষ্টপূৰ্বত ।

(২) শুদ্ধোদনৰ পুত্ৰ বুদ্ধদেৱক সৰুৰে পৰা তুলি-তালি কোনে ডাঙৰ-দীঘল কৰিছিল ?

(ক) মায়াদেৱীয়ে

(খ) গৌতমীয়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) গৌতমীয়ে ।

(৩) বুদ্ধদেৱে জীৱনৰ প্ৰায় কিমান বছৰ কাল বিভিন্ন ঠাইত ধৰ্ম প্ৰচাৰ কৰিছিল ?

(ক) ২০ বছৰ

(খ) ৩০ বছৰ

(গ) ৪০ বছৰ

উত্তৰ- (গ) ৪০ বছৰ ।

(৪) কিমান বছৰ বয়সত বুদ্ধদেৱৰ মৃত্যু হৈছিল ?

(ক) ৬০ বছৰ

(খ) ৮০ বছৰ

(গ) ৮৫ বছৰ

উত্তৰ- (খ) ৮০ বছৰ ।

(৫) বৌদ্ধ ধৰ্মৰ মূল পুথিখনৰ নাম কি আছিল ?

(ক) ভাগৱত

(খ) ত্ৰিপিটক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) ত্ৰিপিটক ।

(৬) কিমান বছৰ বয়সত বৰ্দ্ধমানে সংসাৰ ত্যাগ কৰি জৈন ধৰ্মৰ গুৰু পাৰ্শ্বনাথৰ ওচৰত ধৰ্মৰ দীক্ষা লৈছিল ?

(ক) ৩০ বছৰ বয়সত

(খ) ৩৫ বছৰ বয়সত

(গ) ৪০ বছৰ বয়সত

উত্তৰ- (ক) ৩০ বছৰ বয়সত ।

(৭)  কিমান বছৰ বয়সত পাটনাৰ পাৱাপুৰ নামে ঠাইত মহাবীৰৰ মৃত্যু হৈছিল ?

(ক) ৬০ বছৰ বয়সত

(খ) ৭২ বছৰ বয়সত

(গ) ৭৫ বছৰ বয়সত

উত্তৰ- (খ) ৭২ বছৰ বয়সত ।

(৮) জৈন ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ খনৰ নাম কি ?

(ক) ‘অংগ’

(খ) ত্ৰিপিটক

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) ‘অংগ’ ।

(৯) জৈনধৰ্মৰ প্ৰচাৰকসকলক কি নামেৰে জনা যায় ?

(ক) শাক্যসিংহ

(খ) শাক্যমুনি

(গ) তীৰ্থংকৰ

উত্তৰ- (গ) তীৰ্থংকৰ ।

(১০) কোনজন জৈন ধৰ্মগুৰুৰ ওচৰত বুৰ্দ্ধমানে ধৰ্মৰ দীক্ষা গ্ৰহণ কৰিছিল ?

(ক) পৰেশনাথ

(খ) পাৰ্শ্বনাথ

(গ) মহাবীৰ

উত্তৰ- (খ) পাৰ্শ্বনাথ ।

(১১) বুদ্ধদেৱৰ কোন ঠাইত মৃত্যু হৈছিল ?

(ক) কুশী নগৰত

(খ) পাটনাত

(গ) কপিলাবস্তু

উত্তৰ- কুশী নগৰত ।

(১২)  খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত শাক্যসকল বা শাক্যবংশই শাসন কৰা ঠাইখন বা ৰাজ্যখনৰ নাম কি ?

(ক) পাটনা

(খ) কুশী

(গ) কপিলাবস্তু

উত্তৰ- কপিলাবস্তু ।

(১৩) কপিলাবস্তু ৰাজ্যত এসময়ত কোন ৰজাই শাসন কৰিছিল ?

(ক) ৰজা ভাস্কৰবৰ্মনে

(খ) ৰজা শুদ্ধোদনে

(গ) ৰজা নৰনাৰায়ণ

উত্তৰ- ৰজা শুদ্ধোদনে ।

(১৪)  শুদ্ধোদন আৰু মায়াদেৱীৰ পুত্ৰ সন্তানটি কোন ঠাইত জন্ম হৈছিল ?

(ক) লুম্বিনী নামৰ এখন ঠাইত

(খ) পাটনাত

(গ) এটাও নহয়

উত্তৰ- লুম্বিনী নামৰ এখন ঠাইত ।

(১৫) শুদ্ধোদন আৰু মায়াদেৱীৰ সন্তানটিৰ নাম কি ?

(ক) মাধৱদেৱ

(খ) গুৰুনানক

(গ) সিদ্ধাৰ্থ

উত্তৰ- সিদ্ধাৰ্থ ।

(১৬) গৌতমে কিমান বছৰ বয়সত বিয়া কৰাই গৃহস্থী হৈছিল ?

(ক) ১৮ বছৰ বয়সত

(খ) ২০ বছৰ বয়সত

(গ) ২৭ বছৰ বয়সত

উত্তৰ- ১৮ বছৰ বয়সত ।

(১৭) বুদ্ধদেৱে জ্ঞান লাভ কৰাৰ পাছত যি ধৰ্ম মানুহৰ মাজত প্ৰচাৰ কৰিছিল সেই ধৰ্মক কি নামেৰে জনা যায় ?

(ক) বৌদ্ধ পুথি

(খ) বৌদ্ধ ধৰ্ম

(গ) বৌদ্ধ নীতি

উত্তৰ- বৌদ্ধ ধৰ্ম ।

(১৮) বৰ্দ্ধমানৰ পত্নীৰ নাম কি আছিল ?

(ক) যশোদা

(খ) ৰুক্মিণী

(গ) এটাও নহয়

উত্তৰ- যশোদা ।

(১৯) জৈন ধৰ্মৰ ধৰ্মপুথিখন কি ভাযাত লিখা হৈছিল ?

(ক) প্ৰাকৃত

(খ) বৌদ্ধ

(গ) ব্ৰজাৱলী

উত্তৰ- প্ৰাকৃত ।

(২০) কোন ঠাইত মহাবীৰৰ মৃত্যু হৈছিল ?

(ক) কুশী নগৰত

(খ) পাটনাৰ পাৱাপুৰত

(গ) কপিলাবস্তুৰ ওচৰৰ লুম্বিনী নামৰ ঠাইত

উত্তৰ- পাটনাৰ পাৱাপুৰত ।

Type by- Bikul Mandal