সকলো জীৱই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল | AJB Class 5 Science Chapter 6 MCQ’s Assamese Medium | Class 5 Science Chapter 6 MCQ’s Type Question Answer |

Chapter- 6

সকলো জীৱই পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল

১। জীৱই খাদ্য়ৰ পৰা কি পায়?

(ক) শক্তি

(খ) কাৰ্বন-ডাই অক্সাইড

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শক্তি ।

২। শক্তি নাপালে জীৱ জীয়াই থাকিব পাৰেনে?

(ক) নোৱাৰে

(খ) পাৰে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) নোৱাৰে ।

৩। সেউজীয়া উদ্ভিদে নিজৰ শৰীৰত খাদ্য় প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোক কি বোলে?

(ক) শক্তি বোলে

(খ) সালোক-সংশ্লেষণ বোলে

(গ) ওপৰৰ এটাওনহয়

উত্তৰ- (খ) সালোক-সংশ্লেষণ বোলে ।

৪। গৰু, ছাগলী, ম’হ আদিয়ে কি খায় জীয়াই থাকে?

(ক) গছ-বন আৰু মাংস

(খ) মাংস আৰু ফল-মূল

(গ) গছ-বন আৰু ফল-মূল

উত্তৰ- (গ) গছ-বন আৰু ফল-মূল ।

৫। মানুহে শাক-পাচলিৰ বাহিৰে আৰু কি খাই জীয়াই থাকে?

(ক) মাছ, ছাগলী, গৰু-গাহৰি আদি

(খ) ঔষধ

(গ) পানী

উত্তৰ- (ক) মাছ, ছাগলী, গৰু-গাহৰি আদি ।

৬। জন্তুৱে যিবোৰ প্ৰাণীৰ মাংস খায় সেই প্ৰাণীবোৰৰ খাদ্য় কি?

(ক) মাংস

(খ) উদ্ভিদ

(গ) পানী

উত্তৰ- (খ) উদ্ভিদ ।

৭। উদ্ভিদ নহ’লে প্ৰাণীয়ে জীয়াই থাকিবলৈ শক্তি নাপায়।

(ক) শুদ্ধ

(খ) অশুদ্ধ

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (ক) শুদ্ধ ।

৮। হাবি-বন ধ্বংস কৰিলে কি হ’ব?

(ক) ভাল হ’ব

(খ) বনৰীয়া জীৱ-জন্তুবোৰ থাকিবলৈ ঠাই নোহোৱা হ’ব

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) বনৰীয়া জীৱ-জন্তুবোৰ থাকিবলৈ ঠাই নোহোৱা হ’ব ।

৯। উদ্ভিদ আৰু প্ৰাণী পৰস্পৰে পৰস্পৰৰ ওপৰত কি হয়?

(ক) ব্য়াঘাত জন্মে

(খ) নিৰ্ভৰশীল

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) নিৰ্ভৰশীল ।

১০। প্ৰাণীয়ে নিশাহত কি এৰি দিয়ে?

(ক) অক্সিজেন

(খ) কাৰ্বন-ডাই-অক্সাইড

(গ) নাইট্ৰজেন

উত্তৰ- (খ) কাৰ্বন-ডাই-অক্সাইড ।

১১। জীৱক কি লাগে?

(ক) শক্তি

(খ) দুৰ্বল

(গ) আহাৰ

উত্তৰ- (ক) শক্তি ।

১২। সকলো জীৱই কৰ পৰা শক্তি পায়?

(ক) মাংসৰ

(খ) খাদ্য়ৰ

(গ) ঔষধৰ

উত্তৰ- (খ) খাদ্য়ৰ ।

১৩। কি উদ্ভিদে পাতৰ সহায়ত নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰি ল’ব পাৰে?

(ক) হালধীয়া উদ্ভিদে

(খ) সেউজীয়া উদ্ভিদে

(গ) বেঙুনীয়া উদ্ভিদে

উত্তৰ- (খ) সেউজীয়া উদ্ভিদে ।

১৪। ইয়াৰ বাবে কি আৱশ্য়ক?

(ক) সূৰ্য্য়ৰ পোহৰ

(খ) সূৰ্য্য়ৰ তাপ

(গ) বায়ুৰ চাপ

উত্তৰ- (ক) সূৰ্য্য়ৰ পোহৰ ।

১৫। ফুলৰ পৰা ফল হ’বলৈ ফুলৰ______নামৰ এটা প্ৰক্ৰিয়া থাকে?

(ক) পৰাগযোগ

(খ) সালোক-সংশ্লেষণ

(গ) ৰাসায়নিক

উত্তৰ- (ক) পৰাগযোগ ।

১৬। হৰিণা পহুৱে কি খাাই জীয়াই থাকে?

(ক) মাংস

(খ) ঘাঁহ

(গ) পানী

উত্তৰ- (খ) ঘাঁহ ।

১৭। প্ৰাণীয়ে উশাহত বায়ুৰ পৰা কি গেছ লয়?

(ক) কাৰ্বন-ডাই-অক্সাইড

(খ) অক্সিজেন

(গ) নাইট্ৰজেন

উত্তৰ- (খ) অক্সিজেন ।

১৮। নিশাহত কি গেছ এৰি দিয়ে?

(ক) হাইড্ৰজেন

(খ) নাইট্ৰজেন

(গ) কাৰ্বন-ডাই-অক্সাইড

উত্তৰ- (গ) কাৰ্বন-ডাই-অক্সাইড ।

১৯। গৰম দিনত গছৰ ছাঁই আমাক কিহৰ পৰা সকাহ দিয়ে?

(ক) ৰ’দৰ পৰা

(খ) ঠাণ্ডৰ পৰা

(গ) বৰষুণৰ পৰা

উত্তৰ- (ক) ৰ’দৰ পৰা ।

২০। চৰাই-চিৰিকটি আমাৰ বাবে কি?

(ক) অপকাৰী

(খ) উপকাৰী

(গ) দৰকাৰী

উত্তৰ- (খ) উপকাৰী ।

Type by- Bikul Mandal