পৃথিৱীৰ আকৃতি | AJB Class 5  Social Science Chapter 14 MCQ’s Assamese Medium | Class 5  Social Science Chapter 14 MCQ’s Type Question Answer |

Chapter- 14

পৃথিৱীৰ আকৃতি

(১) পৃথিৱী খনৰ আকৃতি কেনেকুৱা ?

(ক) চেপেটা

(খ) গোল

(গ) কোণীয়া

উত্তৰ- (খ) গোল ।

(২) গোলক বা বৃত্ত এটাৰ চাৰিফালৰ সীমাক কি বোলে ?

(ক) বেৰ

(খ) পৰিধি

(গ) ওপৰৰ দুয়োটাই

উত্তৰ- (গ) ওপৰৰ দুয়োটাই ।

(৩) কোন জন মানুহে পৃথিৱীখন গোল বুলি প্ৰত্যক্ষভাৱে প্ৰমাণ কৰিছিল ?

(ক) পাইথগোৰাছে

(খ) মেগলান নামৰ পৰ্তুগীজ নাবিকগৰাকীয়ে

(গ) ওপৰৰ এটাও নহয়

উত্তৰ- (খ) মেগলান নামৰ পৰ্তুগীজ নাবিকগৰাকীয়ে ।

(৪) কিমান খ্ৰীষ্টপূৰ্বত গ্ৰীক পণ্ডিত পাইথাগোৰাছে সৰ্বপ্ৰথমে পৃথিৱীৰ পৰিধি জুখি উলিয়াইছিল ?

(ক) ৫৩২ খ্ৰীষ্টপূৰ্বত

(খ) ৫৩০ খ্ৰীষ্টপূৰ্বত

(গ) ৫৪০ খ্ৰীষ্টপূৰ্বত

উত্তৰ- (ক) ৫৩২ খ্ৰীষ্টপূৰ্বত ।

(৫) পাইথাগোৰাছে পৃথিৱীৰ পৰিধিৰ জোখ কিমান কিল’মিটাৰ বুলি প্ৰমান কৰিছিল ?

(ক) ৪৫,৮০৫ কিল’মিটাৰ

(খ) ৪২,৯০৫ কিল’মিটাৰ

(গ) ৪৬,৮০৪ কিল’মিটাৰ

উত্তৰ- (খ) ৪২,৯০৫ কিল’মিটাৰ ।

(৬) উত্তৰ আৰু দক্ষিণ মেৰু বিন্দু  দুটা সংযোগ কৰি কল্পনা কৰা ৰেখাডালক কি বুলি কোৱা হয় ?

(ক) বিষুব ৰেখা

(খ) সৰল ৰেখা

(গ) মেৰুদণ্ড

উত্তৰ- (গ) মেৰুদণ্ড ।

(৭) পৃথিৱীৰ দুই মেৰুৰপৰা সমান দূৰত্বত পূবা-পশ্চিমাকৈ পৃথিৱীৰ মাজেদি কল্পনা কৰা ৰেখাডালক কি বুলি কোৱা হয় ?

(ক) বিষুব ৰেখা

(খ) সৰল ৰেখা

(গ) মেৰুদণ্ড

উত্তৰ- (ক) বিষুব ৰেখা ।

(৮) পৃথিৱীৰ দুই মেৰুবিন্দু সংযোগ কৰি কল্পনা কৰা ৰেখাবোৰক কি ৰেখা বোলে ?

(ক) অক্ষৰেখা

(খ) দ্ৰাঘিমাৰেখা

(গ) বিষুব ৰেখা

উত্তৰ- (খ) দ্ৰাঘিমাৰেখা ।

(৯) বিষুব ৰেখাডালে পৃথিৱীখনক সমানে কেইটা ভাগত ভাগ কৰিছে ?

(ক) ২টা

(খ) ৪টা

(গ) ৬টা

উত্তৰ- (ক) ২টা ।

(১০) পৃথিৱীত মুঠ দ্ৰাঘিমা ৰেখা কিমান ডাল আছে ?

(ক) ৩৬৫ ডাল

(খ) ২৫০ ডাল

(গ) ৩৬০ ডাল

উত্তৰ- (গ) ৩৬০ ডাল ।

(১১) বিষুৱৰেখাৰ আনটো নাম কি ?

(ক) অক্ষৰেখা

(খ) নিৰক্ষৰেখা

(গ) এটাও নহয়

উত্তৰ- (খ) নিৰক্ষৰেখা ।

(১২) পৃথিৱীৰ মেৰু ব্যাসৰ দৈৰ্ঘ্য কিমান ?

(ক) ১২,৭১৪

(খ) ১২,৭৫৭

(গ) ১২,৭৭৫

উত্তৰ- (ক) ১২,৭১৪ ।

(১৩) মেৰু আৰু বিষুবীয় ব্যাসৰ পাৰ্থক্য কিমান ?

(ক) ৩৪ কি.মি

(খ) ৪৩ কি.মি

(গ) ৫৪ কি.মি

উত্তৰ- (খ) ৪৩ কি.মি ।

(১৪) বিষুৱৰেখাৰ উত্তৰ অংশটোক কি বুলি কোৱা হয় ?

(ক) উত্তৰ গোলাৰ্ধ

(খ) উত্তৰ মেৰু

(গ) সুমেৰু

উত্তৰ- (ক) উত্তৰ গোলাৰ্ধ ।

(১৫) বিষুৱৰেখাৰ সমান্তৰালকৈ ১° সমান্তৰালকৈ থকা ৰেখাবোৰক কি বুলি কোৱা হয় ?

(ক) দ্ৰাঘিমাৰেখা

(খ) অক্ষৰেখা

(গ) বিষুৱ ৰেখা

উত্তৰ- (খ) অক্ষৰেখা ।

(১৬) দ্ৰাঘিমাৰেখা কি আকৃতিৰ ?

(ক) অৰ্ধবৃত্তাকাৰ

(খ) বৃত্তাকাৰ

(গ) চেপেটা

উত্তৰ- (ক) অৰ্ধবৃত্তাকাৰ ।

(১৭) তলৰ ছবিখন কিহৰ ছবি ?

Captionless Image

(ক) গোলক

(খ) পৃথিৱীৰ ছবি

(গ) জাহাজৰ সৰু আকৃতি

উত্তৰ- (ক) গোলক ।

(১৮) জিয়ইড শব্দৰ অৰ্থ কি ?

(ক) পৃথিৱী

(খ) সূৰ্য

(গ) পৃথিৱীসদৃশ

উত্তৰ- (গ) পৃথিৱীসদৃশ ।

(১৯) পোনপ্ৰথমে পৃথিৱীৰ পৰিধি কোনে জুখি উলিয়াইছিল ? 

(ক) ছাৰ আইজাক নিউটনে

(খ) পাইথাগোৰাছে

(গ) টমাছ আলভা এডিছনে

উত্তৰ- (খ) পাইথাগোৰাছে ।

(২০) বৰ্তমান পৃথিৱীৰ পৰিধি কিমান ?

(ক) ৪০,২৩৩.৫ কিমি.

(খ) ৪২,৯০৫ কিমি.

(গ) ৪০,৩২২.৯ কিমি.

উত্তৰ- (ক) ৪০,২৩৩.৫ কিমি. ।

Type by- Bikul Mandal