Class 11 Political Science Book Chapter 8 | অধ্যায় ৮ স্থানীয় চৰকাৰ | MCQs Short Question Answer |

Chapter 8

স্থানীয় চৰকাৰ

1। গীতা ৰাথোড় কোন জিলাৰ বাসিন্দা আছিল। 

(ক) মধ্যপ্ৰদেশৰ চেহো জিলা

(খ) শোণিতপুৰ জিলা

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) মধ্যপ্ৰদেশৰ চেহো জিলা

2। গীতা ৰাথোড় কিমান চনত পঞ্চায়তৰ সভানেত্ৰী আছিল। 

(ক) ১৯৮৫

(খ) ১৯৬৫

(গ) ১৯৯৫

উত্তৰঃ (গ) ১৯৯৫

3। কিমান চনত গাঁওবাসীয়ে গীতা ৰাথোড় প্ৰশংসনীয় কাৰ্যৰ বাবে পুনৰ এটা অসংৰক্ষিত সমষ্টিৰ পৰা নিৰ্বাচিত কৰি পুৰস্কৃত কৰিছিল। 

(ক) ২০০০ চনত

(খ) ২০০৫ চনত

(গ) ২০০৭ চনত।

উত্তৰঃ (ক) ২০০০ চনত

4। ১৯৯৭ চনত তামিলনাডু চৰকাৰে কেইজন চৰকাৰী কৰ্মচাৰীৰ মাজত মাটি ভাগ কৰিছিল। 

(ক) ৬৭ জন

(খ) ৭১ জন

(গ) ৭৫ জন।

উত্তৰঃ (খ) ৭১ জন

5। কিমান চনত স্থানীয় প্ৰশাসনে সাংবিধানিক মৰ্যাদা প্ৰদান কৰিছিল। 

(ক) ১৯৮৩

(খ) ১৯৯৩

(গ) ১৯৭৫

উত্তৰঃ (খ) ১৯৯৩

6। স্থানীয় চৰকাৰৰ গুণ কি?

(ক) জনসাধাৰণৰ একেবাৰে ওচৰত থকা।

(খ) ব্যক্তিৰ একেবাৰে ওচৰত থকা।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) জনসাধাৰণৰ একেবাৰে ওচৰত থকা।

7। কোনখন গাঁওবাসীয়ে তেওঁলোকৰ মাটি নিজৰ হাতত ৰাখিবলৈ সক্ষম হৈছিল। 

(ক) মধ্যপ্ৰদেশৰ গাওঁবাসীয়ে।

(খ) তামিলনাডুৰ গাওঁবাসীয়ে।

(গ) ভেংগাই বাচাল গাওঁবাসীয়ে।

উত্তৰঃ (গ) ভেংগাই বাচাল গাওঁবাসীয়ে।

8। প্ৰাচীন কালত ভাৰতত স্ব-শাসিত গ্ৰামীন সম্প্ৰদায়বিলাকক কি নামেৰে প্ৰশাসনৰ গোট বুলি বিশ্বাস কৰা হয়। 

(ক) ‘সভা নামেৰে

(খ) বৈঠক নামেৰে

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) ‘সভা নামেৰে

9। গাঁৱলীয়া নিকায়সমূহ পঞ্চায়তৰ কেইজন সদস্যৰে গঠিত হৈছিল। 

(ক) ৩ জন

(খ) ৫ জন

(গ) ৬ জন।

উত্তৰঃ (খ) ৫ জন

10। কিমান চনৰ পিছৰ পৰা স্থানীয় চৰকাৰৰ নিৰ্বাচিত গোটবিলাক সৃষ্টি কৰা হৈছিল।  

(ক) ১৮৬২

(খ) ১৮৮২

(গ) ১৮৬৩

উত্তৰঃ (খ) ১৮৮২

11। স্থানীয় চৰকাৰৰ সময়ত কোনে  নিকায়সমূহ সৃষ্টি কৰাত আগভাগ লৈছিল। 

(ক) ভাৰতৰ লৰ্ড কাৰ্জনে

(খ) ভাৰতৰ ভাইচৰয় লৰ্ড ৰিপনে

(গ) গীতা ৰাথোড়ে।

উত্তৰঃ (খ) ভাৰতৰ ভাইচৰয় লৰ্ড ৰিপনে

12। স্বাধীনতা আন্দোলন কোনে কৰিছিল। 

(ক) ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালা

(খ) গোপীনাথ বৰদলৈ

(গ) মহাত্মা গান্ধী

উত্তৰঃ (গ) মহাত্মা গান্ধী

13। ১৯৮৯ চনত কোনখন কমিটিয়ে স্থানীয় প্ৰশাসনক সাংবিধানিক স্বীকৃতি দিয়াৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। 

(ক) পি.কে.থাংগন কমিটিয়ে

(খ) এ.জি.পি. পৰিষদে।

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) পি.কে.থাংগন কমিটিয়ে

14। কেন্দ্ৰীয় চৰকাৰে ১৯৮৯ চনত কেইখন সংবিধান সংশোধনী বিধেয় উথঠাপন কৰিছিল।  

(ক) ২খন

(খ) ৪ খন

(গ) ৬খন

উত্তৰঃ (ক) ২খন

15। কোনখন সংবিধানে ৰাজ্যিক যুক্তৰাষ্ট্ৰীয় জিলা আৰু পৌৰসভা গঠন কৰিছিল। 

(ক) চীন

(খ) বৃটেইন

(গ) ব্ৰাজিল।

উত্তৰঃ (গ) ব্ৰাজিল।