চৰকাৰঃ কাৰ্যাৱলী আৰু পৰিসৰ | Chapter 5 | Class 12 Economics Question and Answer Assam | HS 2nd Year Economics Question and Answer Assam | HS 2nd Year Economics Suggestion and Notes Solution Assam |

Chapter 5

চৰকাৰঃ কাৰ্যাৱলী আৰু পৰিসৰ

(The Government: Functions and Scope)

১. অনাকৰ ৰাজহৰ এটা উদাহৰণ দিয়া ।   

উত্তৰঃ মাচুল, জৰিমনা ।

২. মূলধন ব্যয়ৰ এটা উদাহৰণ দিয়া ।

উত্তৰঃ গৃহ নিৰ্মাণ, যন্ত্ৰপাতি আদিত কৰা ব্যয় ।

৩. চৰকাৰৰ কেতিয়া বাজেট ঘাটি হয় ?

উত্তৰঃ চৰকাৰৰ মুঠ ব্যয় মুঠপ্ৰাপ্তিতকৈ বেছি হলে বাজেট ঘাটি হয় ।

৪. ৰাজহ ঘাটি কি ?

উত্তৰঃ চৰকাৰৰ ৰাজহ প্ৰপ্তিতকৈ ৰাজহ ব্যয় অধিক হ’লে তাক ৰাজহ ঘাটি বোলে । অৰ্থাৎ (ৰাজহ ঘাটি = ৰাজহ ব্যয় –ৰাজহ প্ৰাপ্তি)

৫. ৰাজকোষীয় ঘাটি কি ?

উত্তৰঃ চৰকাৰ মুঠ ব্যয় আৰু মুঠ প্ৰাপ্তিৰ (স্ঝনৰ পৰা হোৱা উপাজন বাদ দি) মাজত থকা পাৰ্থক্য কেই ৰাজকোষীয় ঘাটি বোলে । (অৰ্থাৎ মুঠ ৰাজকোষীয় ঘাটি = মুঠ ব্যয় – ৰাজহ প্ৰাপ্তি + স্ঝনসৃষ্টি নকৰা মুলধন প্ৰাপ্তি)

৬. প্ৰাথমিক ঘাটি কি ?

উত্তৰঃ সৰ্বমুঠ বিত্তিয় ঘাটিৰ পৰা স্ঝনৰ বাবদ চৰকাৰে পৰিশোধ কৰিবলগীয়া হোৱা সুদৰ পৰিমান বিয়োগ কৰিলে যিঘাটি ৰৈ যাব তাক প্ৰাথমিক ঘাটি বোলে ।

৭. চৰকাৰী বাজেট কি ? 

উত্তৰঃ বাজেট হ’ল বছেৰীকীয়া বিত্তিয় বিৱৰণ যত আগন্তুক বিত্তীয় বৰ্ষৰ (১ এপ্ৰিলৰ পৰা ৩১ মাচলৈ) বাবে চৰকাৰৰ অনুমানিক আয় (ৰাজহ) আৰু প্ৰস্তাৱিত ব্যয়ৰ বিৱৰণ থাকে ।

৮. ৰাজকোষীয় নীতি কি ?

উত্তৰঃ চৰকাৰৰ ব্যয় ৰাজহ আৰু স্ঝন নিয়ন্ত্ৰন ব্যৱস্থাৰে মাধ্যমত যেতিয়া সম্পদৰ নিয়োগ আৰু পূজিৰ প্ৰবাহ ঘটাই দেশৰ উপাৰ্জন, মুল্যস্তৰ, নিয়োগ আৰু উৎপাদনৰ স্তৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা হয় তাকেই ৰাজকোষীয়নীতি বুলি কোৱা হয় ।

B. Short Answer Questions Types : (Mark-3)

১. ব্যক্তিগত আৰু সামাজিক বা ৰাজহুৱা দ্ৰব্যৰ মাজত পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ 

(১) ব্যক্তিগত দ্ৰব্য বজাৰৰ পৰা সংগ্ৰহ কৰিব পাৰি । যেনে কাপোৰ, মবাইল ফোন ইত্যাদি । আনহাতে ৰাজহুৱা দ্ৰব্য বজাৰৰ পৰা সংগ্ৰহ কৰিব নোৱাৰি যেনে ৰাস্তাঘাট, প্ৰশাসন ইত্যাদি ।

(২) ব্যক্তিগত দ্ৰব্য যি সকলে সংগ্ৰহ কৰিব নোৱাৰে সেইসকলে সেই সামগ্ৰীৰ ভোগকাৰ্যৰ পৰা আঁতৰত থাকিবলগীয়া হয় । কিন্তু ৰাজহুৱা দ্ৰব্যৰ ব্যৱহাৰৰ পৰা কোনো আঁতৰি থাকিব নালাগে ।

(৩) ব্যক্তিগত দ্ৰব্য যোগান ধৰিবলৈ বাজেটৰ প্ৰয়োজন নহয় । কিন্তু ৰাজহুৱা দ্ৰব্য যোগান ধৰাত বাজেটৰ প্ৰয়োজন হয় ।

২. চৰকাৰ আবণ্টন কাৰ্য কি ?

উত্তৰঃ ৰাজহুৱা দ্ৰব্য হিচাপে জনা কেতবোৰ দ্ৰব্য যেনে –ৰাষ্টীয় প্ৰতিৰক্ষা, ৰাস্তাঘাট, প্ৰশাসন ইত্যাদি । যিবোৰ ব্যক্তিগত দ্ৰব্য যেনে- কাপোৰ, মটৰ গাড়ী, খাদ্য সামগ্ৰী ইত্যাদিৰ পৰা পৃথক সেই দ্ৰব্য সমূহ ব্যক্তিগত উপভোক্তা বা উৎপাদনকাৰীৰ সংযোগৰ মাধ্যমেৰে অৰ্থাৎ বজাৰ ব্যৱস্থাৰ যোগেদি যোগান ধৰিব পৰা নাযায় ।এই দ্ৰব্য সমূহ নিশ্চিতভাৱে চৰকাৰে যোগান ধৰিব লাগিব ।ইয়াকে চৰকাৰৰ আৱণ্টন কাৰ্য বোলে ।

৩. চৰকাৰৰ ব্তৰণ কাৰ্যটো ব্যাখ্যা কৰা ।

উত্তৰঃ উপযুক্ত কৰ আৰু ব্যয় নীতিৰ যোগেদি চৰকাৰে সমাজৰ দ্বৰা ণ্যায্য হিচাপে বিবেচিত আয় বিতৰণ কাৰ্য সমাধা কৰিবলৈ চেষ্টা কৰে । চৰকাৰে হস্তান্তৰযোগ্য দেনা আৰু কৰ সংগ্ৰহৰ জৰিয়তে ব্যক্তিগত ব্যয়যোগ্য আয়ৰ পৰিবৰ্তন ঘটাই আয় বিতৰণৰ ৰূপান্তৰ ঘটাব পাৰে আৰু ইয়াকে চৰকাৰৰ বিতৰণ কাৰ্য বোলে ।

৪. ৰাহি বাজেট, ঘাটি বাজেট, আৰু সম বা সন্তুলিত বাজেটৰ সংজ্ঞা দিয়া ।

উত্তৰঃ ৰাহি বাজেটঃ চৰকাৰী বাজেটত যদি সৰ্বমুঠ ৰাজহ সৰ্বমুঠ ব্যয়তকৈ অধিক হয় তেনেহলে তাক ৰাহি বাজেট বোলে ।

ঘাটি বাজেটঃ চৰকাৰী বাজেটত সৰ্বমুঠ ব্যয় সৰ্বমুঠ ৰাজহতকৈ অধিক হ’লে তাক ঘাটি বাজেট বোলে ।

সম বা সন্তুলিত বাজেটঃ চৰকাৰী বাজেটত সৰ্বমুঠ ৰাজহ সৰ্বমুঠ ব্যয়ৰ সমান হ‘লে তাক সম বা সন্তুলিত বাজেট বোলে ।

৫. চৰকাৰী বাজেটৰ উপাদান বা উপাংশ সমূহ কি কি ?

উত্তৰঃ চৰকাৰী বাজেটৰ দুটা উপাদান হ’লঃ

(১) ৰাজহ বাজেট

(২) মুলধনী বাজেট

(১) ৰাজহ বাজেটঃ ৰাজহ বাজেটত চৰকাৰৰ চলিত আয় ব্যয় সমূহ অন্তভূক্ত হয় । অৰ্থৎ চৰকাৰৰ ৰাজহ প্ৰাপ্তি আৰু সেই ৰাজহেৰে কৰা চৰকাৰী ব্যয় ৰাজহ বাজেটৰ অন্তৰ্ভূক্ত হয় ।

(২) মূলধনী বাজেটঃ মূলধনী সা-সম্পত্তি সংগ্ৰহ আৰু বিক্ৰীৰ মাধ্যমত চৰকাৰে সংগ্ৰহ কৰা আয় ব্যয়সমূহ মূলধনী বাজেটৰ অৰ্ন্তভূক্ত হয়। অৰ্থাৎ চৰকাৰৰ মূলধনী প্ৰাপ্তি আৰু ব্যয় মূলধনী বাজেটৰ অৰ্ন্তভূক্ত ।

৬. চৰকাৰী বাজেটৰ মূলধনী প্ৰাপ্তিৰ উপাংশবোৰ কি কি ?

উত্তৰঃ বাজেটত মূলধনী প্ৰাপ্তিৰ উপাংশবোৰ হ’লঃ

(১) স্ঝনৰ পুনৰ প্ৰাপ্তিঃ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক দিয়া স্ঝনৰ পুনৰ প্ৰাপ্তিক এইটো ভাগত অন্তভূক্ত কৰা হৈছে । কাৰণ ই চৰকাৰৰ বিত্তীয় সম্পদ হ্ৰস কৰে ।

(২) স্ঝন আৰু অন্যান্য দেনাঃ স্ঝনে দেনাৰ সৃষ্টি কৰে আৰু সেয়ে স্ঝনৰ জৰিয়তে সংগৃহীত পূঁজিক মূলধনী প্ৰাপ্তি হিচাপে দন্য কৰা হয় । চৰকাৰে বজাৰৰ পৰা কেন্দ্ৰীয় বেংকৰ পৰা আৰু আন্তৰ্জাতিক অনুষ্ঠানৰ পৰা স্ঝন ল’ব পাৰে ।

(৩) অন্যান্য প্ৰাপ্তিঃ ৰাজহুৱা খন্তৰ প্ৰতিষ্ঠানৰ নিৰ্বিনিয়োগকৰণ এনেধৰণৰ প্ৰাপ্তি । ইয়াৰ জৰিয়তে চৰকাৰে বৃহৎ পৰিমানৰ আয় কৰে । নিৰ্বিনিয়োগকৰণ মানে হৈছে ৰাজহুৱা উদ্যোগৰ মালিকাণা ব্যক্তিগত খন্তক প্ৰদান কৰা ।

C. Short Answer Questions I Type(Mark-4)

১. পৰিকল্পনা ব্যয় আৰু পৰিকল্পনা বহিৰ্ভূত ব্যয়ৰ মাজত পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ পৰিকল্পনা ব্যয় বুলিলে বছৰটোত চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ অধীনৰ কাৰ্যসূচীত কৰিবলগীয়া ব্যয়ক বুজায় । ই হৈছে অৰ্থনীতিৰ বিভিন্নখন্তৰলগত জড়িত কেন্দ্ৰীয় পৰিকল্পনাৰ কাৰ্যসূচী ৰূপায়নত কৰা ব্যয় । উদ্যাহৰণস্বৰূপে, ৰাজ্যিক পৰিকল্পনালৈ কেন্দ্ৰীয় চৰকাৰে যি পৰিমানৰ বিত্তীয় সহায় আগবঢ়ায় ইও পৰিকল্পনা ব্যয়ৰ অন্তভূক্ত ।

আনহাতে চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লগত সম্পৰ্কহীন ব্যয়সমুহক পৰিকল্পনা বহিৰ্ভূত ব্যয় বুলি কোৱা হয় । উদ্যাহৰণস্বৰূপে অনুমোদিত পৰিকল্পনা ব্যয়ৰে এটা বজাৰ গৃহ প্ৰতিষ্ঠা কৰা হ’ল । এতিয়া এই বজাৰ গৃহটো ভালদৰে ৰাখিবৰ কাৰণে যি পূঁজিৰ দৰকাৰ হ’ব সি বাজেটৰ পৰিকল্পনা বহিৰ্ভূত ব্যয়ৰ পৰাহে আহিব ।

(২) চৰকাৰী ৰাজহৰ উৎসসমূহ কি কি ? চমূকৈ ব্যাখ্যা কৰা ।

উত্তৰঃ চৰকাৰীৰ ৰাজহৰ প্ৰধান উৎস চাৰিটাঃ

(১) কৰ

(২) বানিজ্যিক ৰাজহ

(৩) প্ৰশাসনীয় ৰাজহ

(৪) দান অনুদান

(১)কৰঃ কৰ হ’ল দেশৰ জনসাধাৰণে চৰকাৰলৈ আগবঢ়োৱা এক বাধ্যতামুলক বৰঙনি যাৰ বিনিময়ত চৰকাৰে কৰদাতাক কোনো প্ৰতিদান কৰি শেষ সুবিধা আগ বঢ়ায় । কৰ ৰাজহ প্ৰত্যক্ষকৰ আৰু পৰোক্ষ কৰ আৰোপ কৰি সংগ্ৰহ কৰিব পৰা যায় ।

(২) বানিজ্যিক ৰাজহঃ চৰকাৰে উৎপাদন কৰা সামগ্ৰী তথা সেৱা কাৰ্য ব্যৱহাৰৰ বাবদ দিবলগীয়া দামেই বানিজ্যিক ৰাজহ । চৰকাৰী শিক্ষানুষ্ঠানৰমাচুল ডাক টিকেটৰ দাম, চৰকাৰী বিত্তীয় অনুষ্ঠানৰ পৰা লোৱা স্ঝনৰ সুদ ইত্যাদি বানিজ্যিক ৰাজহৰ অন্তভূক্ত ।

(৩) প্ৰশাসনীয় ৰাজহঃ চৰকাৰৰ বিভিন্নধৰণৰ প্ৰশাসনীয় কাম কাজ টলোৱাৰ সময়তে মাচুল, জৰিমনা, বিশেষ খাজানা আদিৰ জৰিয়তে যথেষ্ট পৰিমানে প্ৰশাসনীয় ৰাজহ সংগ্ৰহ কৰে ।

(৪) দান অনুদানঃ বেচৰকাৰী দাতাই স্ব ইচ্ছাই কোনো বিশেষ উদ্দেশ্যেৰে দিয়া অৰিহনাই দান । যুদ্ধকালীন সময়ত বা স্বাভাৱিক সময়তো কোনো দেশপ্ৰেমী বা বিবেকবান লোকে কোনো কাৰণত দান আগবঢ়াব পৰে । দান উৎসৰ পৰা পোৱা ৰাজহ তেনেই নগন্য ।

(৩) কৰ ৰাজহ আৰু অনাকৰ ৰাজহৰ মাজত পাৰ্থক্য দেখুওৱা ।

উত্তৰঃ(১) কৰ ৰাজহ হল এবিধ বাধ্যতামূলক বৰঙণি অনাকৰ ৰজহ বাধ্যতামূলক নহয় ।

(২) কৰ দিয়াৰ বিনিময়ত কৰদাতাই চৰকাৰৰ পৰা কোনো সুবিধা দাবী কৰিব নোৱাৰে । কিন্তু অনাকৰ ৰাজহ আদায় দিয়াৰ বিনিময়ত টৰকাৰৰ পৰা বিশেষ সুবিধা দাবী কৰিব পাৰে ।

(৩) কৰ ৰাজহ স্থিতিস্থাপক । অনাকৰ ৰাজহ কৰ ৰাজহতকৈ বেছি স্থিতিস্থাপক ।

(৪) কৰ ৰাজহত কৰদাতাৰ ত্যাগ জড়িত হৈ থাকে । কিন্তু অনাকৰ ৰাজহক এনে ত্যাগ জড়িত হৈ  নাথাকে ।

(৪) চৰকাৰী বাজেটৰ মুখ্য উদ্দেশ্য সমূহ কি কি ? চমুকৈ ব্যাখ্যা কৰা ।

উত্তৰঃ বাজেটৰ মুখ্য উদ্দেশ্যসমুহ তলত উল্লেখ কৰা হ’লঃ

১) অৰ্থনৈতিক বিকাশঃ দ্ৰুত অৰ্থনৈতিক  বিকাশ লাভ কৰাটো বৰ্তমান চৰকাৰী বাজেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্য । অৰ্থনৈতিক বিকাশ মানে হ’ল প্ৰকৃত জনমূৰী আয় বৃদ্ধি হোৱা । ই বিনিয়োগৰ ওপৰত নিৰ্ভৰ কৰে ।

২) দৰিদ্ৰতা আৰু নিৱনুৱা দূৰীকৰণৰ জৰিয়তে সামাজিক ন্যায় প্ৰতিষ্ঠা কৰাঃ উন্নয়নশীল অৰ্থনীতিত বিকাশৰ হাৰ উচ্চ হোৱাটোৱেই সামাজিক ন্যায় প্ৰতিষ্ঠা হোৱাটো নুবুজায় । আয় আৰু সম্পদৰ বিতৰণৰ ক্ষেত্ৰত থকা অসমতা হ্ৰাস কৰাৰ লগতে দৰিদ্ৰতা আৰু নিবনুৱা দূৰ কৰিব পাৰিলেহে সামাজিক ন্যায় প্ৰতিষ্ঠা হয় ।

৩) দৰ সুস্থিৰতাঃ মুদ্ৰাস্ফিতি হ’ল সামাজিক ন্যায় আৰু অৰ্থনৈতিক বিকাশ উভয়ৰে এক ডাঙৰ শত্ৰু । গতিকে মুদ্ৰাস্ফিতি নিয়ন্ত্ৰনৰ জৰিয়তে দৰ সুস্থিৰতা নিশ্চিত কৰাটোও বাজেটৰ এক উদ্দেশ্য ।

৪) ৰাজহুৱা প্ৰতিষ্ঠানৰ পৰিচলনাঃ ৰাজহুৱা প্ৰতিষ্ঠানৰ জৰিয়তে বিকাশৰ হাৰ বৃদ্ধি কৰাটোও চৰকাৰৰ বাজেট নাতিত গুৰুত্ব প্ৰদান কৰা হয় । ৰেল’সেৱা, ডাকসেৱা, জলপৰিবহন ইত্যাদিৰ দৰে যিবিলাক ক্ষেত্ৰত এজন মাত্ৰ উৎপাদন কাৰী থকাটো সুবিধাজনক সেইক্ষেত্ৰ সমূহত ৰাজহুৱা খন্তৰ প্ৰতিষ্ঠানক উৎসাহিত কৰা হয় ।

(৫) চৰকাৰী ঘাটি আৰু চৰকাৰী স্ঝনৰ মাজত সম্পৰ্ক দেখুওৱা ।

উত্তৰঃ চৰকাৰী ঘাটি আৰু চৰকাৰী স্ঝনৰ মাজত ঘনিষ্ট সম্পৰ্ক আছে । ঘাটিক প্ৰবাহ বুলি গণ্য কৰিব পাৰি যি চৰকাৰী স্ঝনৰ মজুত মজুত বৃদ্ধি কৰে । যদি চৰকাৰে বছৰৰ পাছত বছৰ স্ঝন লৈ থাকে তেন্তে তাৰ লগতে সুদ হিচাপে পৰিশোধ কৰিব লগীয়া পূঁজিৰ পৰিমানো বাঢ়ি গৈ থাকে । আকৌ কেতিয়াবা সুদ পৰিশোধ কৰিবৰ কাৰণেই স্ঝন লবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়গৈ । গতিকে চৰকাৰী ঘাটিয়েই হ’ল চৰকাৰী স্ঝনৰ কাৰণ আৰু ফল ।

(৬) চৰকাৰী বাজেটৰ উপাদান বা উপাংশবোৰ চমূকৈ ব্যাখ্যা কৰা ।

উত্তৰঃ চৰকাৰী বাজেটক দুটা অংশত বিভক্ত কৰিব পাৰি । যেনেঃ 

১) ৰাজহ বাজেট 

২) মূলধনী বাজেট

ৰাজহ বাজেটৰ দুটা অংশ আছেঃ ৰাজহ প্ৰাপ্তি আৰু ৰাজহ ব্যয় ।

    চৰকাৰৰ ৰাজহ প্ৰাপ্তিৰ উৎস সমূহক কৰ ৰাজহ আৰু অনাকৰ ৰাজহ এই দুটা ভাগত বিভক্ত কৰিব পাৰি । কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা আৰোপিত কৰ আৰু শুল্কসমূহ কৰ ৰাজহে সামৰি লয় ।

কৰ হ’ল এবিধ বাধ্যতামুলক বৰঘনি যাৰ বিনিময়ত কৰদাতাই চৰকাৰৰ পৰা কোনো সুবিধা দাবী কৰিব নোৱাৰে । এনে কৰ দুই প্ৰকাৰৰ প্ৰত্যক্ষ কৰ আৰু পৰোক্ষ কৰ । প্ৰত্যক্ষ কৰৰ উদ্যাহৰণ হ’ল বিক্ৰীকৰ ।

কৰৰ বাহিৰে অন্যান্য উৎসৰ পৰা যি ৰাজহ সংগৃহীত হয়, তাকেই অনাকৰ ৰাজহ বোলে । অনাকৰ ৰাজহৰ ভিতৰত পৰে মাচুল, বানিজ্যিক ৰাজহ, জৰিমনা, চৰকাৰী সম্পত্তিৰ আয়, দান আৰু অনুদান, স্ঝন গ্ৰহণ, ঘাটি বিত্ত আদি ।

মূলধনী বাজেটৰ দুটা অংশ আছে – মূলধনী প্ৰাপ্তি আৰু মূলধনী ব্যয় ।

মূলধনী হিচাপে বা মুলধনী বাজেটৰ অন্ত গতি প্ৰাপ্তিসমুহেই হ’ল মুলধনী প্ৰাপ্তি । চৰকাৰে বজাৰৰ পৰা সংগ্ৰহ কৰা স্ঝন, কেন্দ্ৰীয় বেংকৰ পৰা গ্ৰহণ কৰা স্ঝন, বিদেশী চৰকাৰে আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সংগ্ৰহ কৰা স্ঝন, চৰকাৰে প্ৰদান কৰা স্ঝনৰ পুনৰ প্ৰাপ্তি ইত্যাদি মুলধনী প্ৰাপ্তিৰ অন্তৰ্গত ।

মুলধনী ব্যয় বা বাজেট ব্যয় বুলিলে চৰকাৰে নিজৰ দৈনন্দিন কাম কাজ চলিবৰ বাবে আৰু সামাজিক কল্যান সাধন আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে যিখিনি ব্যয় কৰে তাকে বুজায় । কেন্দ্ৰীয় ৰাজ্যিক আৰু স্থানীয় চৰকাৰে বিভিন্ন সামাজিক অৰ্থ নৈতিক আৰু ৰাজনৈতিক কাম কাজত কৰা ব্যয়েই বাজেট ব্যয় । সামাজিক কল্যাণ হৈছে এনে ধৰণৰ ব্যয়ৰ উদ্দেশ্য ।

(৭) চৰকাৰী স্ঝনে বোজাৰ সৃষ্টি কাৰণে ? ব্যাখ্যা কৰা ।

উত্তৰঃ বাজেট ঘাটি পুৰাবলৈ চৰকাৰে স্ঝন সংগ্ৰহ কৰে । এইদৰে স্ঝন সংগ্ৰহ কৰাৰ ফলত চৰকাৰে দিবলগীয়া সুদৰ পৰিমানো বাঢ়ি যায় । আৰু স্ঝনৰ বোজা গধুৰ হয় । চৰকাৰে স্ঝন প্ৰত্ৰ বিক্ৰী কৰি জনসাধাৰণৰ পৰা স্ঝন লয় । স্ঝনপত্ৰৰ ম্যাদ দীঘলীয়া হ’লে ভবিষ্যতে স্ঝন উভতাই দিবলৈ অধিক পৰিমানে কৰ সংগ্ৰহ কৰিব লাগিব । ভবিষ্যত প্ৰজন্মই এইদৰে কিছু পৰিমানে ভোগকাৰ্য ত্যাগ কৰিব লাগিব তেনে অৱস্থাত ৰাষ্টীয় সঞ্চয়ৰ পৰিমানো কমি যাব । তদুপৰি চৰকাৰে স্ঝন সংগ্ৰহ কৰা বাবে ব্যক্তিগত খন্তলৈ সঞ্চয়ৰ পৰিমান কমি যাব । গতিকে ভৱিষ্যত প্ৰজন্মৰ বাবে চৰকাৰে সংগ্ৰহ কৰা স্ঝন এক বোজা স্বৰূপ হৈ পৰিব ।

অৱশ্যে এই মুক্তিত আগবঢ়োৱা হৈছে যে জনসাধাৰণৰ ভোগকাৰ্যৰ পৰিমান চলিত আয়ৰ ওপৰতেই নিৰ্ভৰ নকৰি প্ৰত্যাশিত আয়ৰ ওপৰতো নিৰ্ভৰ কৰিব । চৰকাৰে স্ঝন পৰিশোধ কৰিবলৈ ভবিষ্যতে যি কৰ আৰোপ কৰিব সেই কৰৰ প্ৰতি লক্ষ্য ৰাখি জনসাধৰণে বৰ্তমান অধিক সঞ্চয় কৰিব । ফলস্বৰূপে জাতীয় সঞ্চয়ৰ পৰিবৰিতন নহব । ইয়াকেই ৰিকতীয় সমতুল্যতা বুলি কোৱা হয় । ইয়াৰ পৰা স্ঝন লৈ চৰকাৰে বৰ্তমান ব্যয়ৰ পৰিমান বৃদ্ধি কৰিছে । বৰ্তমান অধিক কৰ আৰোপ কৰি চৰকাৰী ব্যয়ৰ পৰিমান বৃদ্ধি হলেও অৰ্থনীতিৰ ওপৰত একে ধৰণৰ প্ৰভাৱেই পৰিব ।

উল্লেখযোগ্য যে আভ্যন্তৰীন স্ঝনে বোজাৰ সৃষ্টি নকৰে । দুটা প্ৰজন্মৰ মাজত সম্পদৰ হস্তান্তৰ হয় যদিও ক্ৰয়ক্ষমতা দোশখনৰ ভিতৰতে থাকে কিন্তু বাহ্যিক স্ঝনে যথাৰ্যতে বোজাৰ সৃষ্টি কৰে কাৰণ সুদ পৰিশোধ কৰিবৰ নিমিত্তে আমি দ্ৰব্য দেশৰ বাহিৰলৈ পঠাব লাগে । ড

(১০) ধৰি লোৱা হ’ল উপভোগ C = 80 + 0.9Y, চৰকাৰী ব্যয়ৰ পৰিমান (G) = 120 আৰু মুঠ কৰ ৰাজহৰ পৰিমান T=0.10 Y .

এই তথ্য সমূহৰ পৰা –

1) ভাৰসাম্য আয়ৰ স্তৰ নিৰ্ণয় কৰা 

২) ভাৰসাম্য আয়ৰ স্তৰতকৰ ৰাজহৰ পৰিমান কিমান ?

3) এই ক্ষেত্ৰত চৰকাৰৰ বাজেটখন ভাৰসাম্য নে ?

উত্তৰঃ

3) যিহেতুকে কৰ ৰাজহৰ পৰিমান 105.26 আৰু চৰকাৰী ব্য়য়ৰ পৰিমান 120, গতিকে চৰকাৰৰ বাজেটখন ভাৰসাম্য বাজেট নহয় । ভাৰসাম্য বাজেট হবলৈ হলে চৰকাৰী ৰাজহ চৰকাৰী ব্যয়ৰসমান হব লাগে ।

(১১) ধৰি লোৱা হ’ল এখন অৰ্থনীতিৰ উপভোগ C= 100+ 0.80Y. বিনিয়োগ (।) হ’ল 50, চৰকাৰী ব্যয় (G) হ’ল 100 আৰু মুঠ কৰ ৰাজহৰ পৰিমান (TR) হ’ল 150. তেন্তে

1) ভাৰসাম্য আয়ৰ স্তৰ আৰু আয় গুনক নিৰ্ণয় কৰা । 

2) যদি চৰকাৰী ব্যয় 50 লৈ বৃদ্ধি হয় তেন্তে ভাৰসাম্য আয়ৰস্তুৰৰ ওপৰত ইয়াৰ প্ৰভাৱ কিমান ?

3) চৰকাৰী ব্যয় বৃদ্ধি পোৱাৰ ফলত যদি থূলমূল কৰ 50 হয় তেন্তে ভাৰসাম্য আয়স্তৰ কেনেকৈ পৰিবৰ্তন হ’ব ? 

উত্তৰঃ