জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব | সপ্তম খণ্ড | অধ্য়ায় ১ | Lesson 1 | Class 11 Logic & Philosophy All Question Answer Assamese Medium | HS 1st Year All Question Answer Solution Assamese Medium |

Chapter 1

জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় তত্ত্ব

অনুশীলনী

 1. খালী ঠাই পূৰ কৰাঃ

(a) অভিজ্ঞতাবাদী সকলৰ মতে  অভিজ্ঞতাই  জ্ঞানৰ উৎস।

(b) বুদ্ধিবাদী সকলৰ মতে   বুদ্ধি   জ্ঞানৰ উৎস।

(c) ডেকাৰ্ট এজন   বুদ্ধিবাদী  দাৰ্শনিক।

(d) বাৰ্কলে এজন  অভিজ্ঞতাবাদী  দাৰ্শনিক।

(e) লকৰ মতে জন্মৰ সময়ত আমাৰ মনটোৰ  এখিলা অলিখিত কাগজ  ৰ নিচিনা হৈ থাকে।

(f) অভিজ্ঞতৈবৈদৰ অনিবাৰ্য পৰিণতি হৈছে  সংবেদনবাদ   আৰু  সংশয়বাদ 

(g) বুদ্ধিবাদৰ মতে জ্ঞান উৎপাদনত মনৰ ভূমিকা   নিষ্ক্ৰিয়   ।

(h) ‘অস্তিত্ব প্ৰত্য়ক্ষ নিৰ্ভৰ’ উক্তিটো   বাৰ্কলে  ৰ দৰ্শনত পোৱা যায়।

2. সংজ্ঞা দিয়াঃ

(a) বুদ্ধিবাদ

উত্তৰঃ বুদ্ধিবাদ অনুসৰি যথাৰ্থ জ্ঞানৰ উৎস হৈছে বুদ্ধি। বুদ্ধিয়েই হৈছে যথাৰ্থ জ্ঞান লাভৰ প্ৰধান উপায়।

(b) অভিজ্ঞতাবাদ

উত্তৰঃ অভিজ্ঞতাবাদৰ অনুসৰি অভজ্ঞতাই হৈছে জ্ঞানৰ একমাত্ৰ উৎস। আমাৰ সকলো জ্ঞান ইন্দ্ৰিয় অভিজ্ঞাতাৰ পৰাই লাভ কৰা হয়।

(c) অন্তৰ্জাত ধাৰণা

উত্তৰঃ বুদ্ধিবাদী দাৰ্শনিক সকলৰ মতে বুদ্ধিয়ে আমাৰ মনত কিছুমান অন্তৰ্জাত ধাৰণা দিয়ে। এই ধাৰণাবোৰ অভিজ্ঞতাপূৰ্ব, স্বতঃসিদ্ধ আৰু নিশ্চিত স্বভাৱৰ।

(d) অভিজ্ঞতাপূৰ্ব জ্ঞান

উত্তৰঃ যি জ্ঞান অভিজ্ঞতা লাভৰ পূৰ্বেই ব্যক্তিৰ মনত স্পষ্টভাৱে থাকে, যি জ্ঞান অভিজ্ঞতাৰ পৰা উদ্ভৱ নহয়।

(e) অভিজ্ঞতাপ্ৰসূত জ্ঞান

উত্তৰঃ যি জ্ঞান ইন্দ্ৰিয় প্ৰত্যক্ষ বা অভিজ্ঞতাৰ পৰা উদ্ভৱ হয় তাক অভিজ্ঞতা প্ৰসূত জ্ঞান বোলে।

3. পাৰ্থক্য় নিৰ্ণয় কৰা।

(a) বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদ

উত্তৰঃ বুদ্ধিবাদ অনুসৰি বুদ্ধি হৈছে জ্ঞানৰ প্ৰধান উৎস, কিন্তু অভিজ্ঞতাবাদৰ অনুসৰি অভিজ্ঞতা হৈছে জ্ঞানৰ একমাত্ৰ উৎস।

বুদ্ধিবাদী মতে, জ্ঞান উৎপাদনত মনৰ ভূমিকা নিষ্ক্ৰিয়,  কিন্তু অভিজ্ঞতাবাদৰ মতে জ্ঞান উৎপাদনত মন সক্ৰিয় থাকে।

বুদ্ধিবাদ অনুসৰি মনৰ ধাৰণাবোৰ অভিজ্ঞতাপূৰ্ণ অন্তৰ্জাত ধাৰণা, কিন্তু অভিজ্ঞতাবাদ অনুসৰি মনৰ ধাৰণাবোৰ অভিজ্ঞতাপ্ৰসূত।

(b) অভিজ্ঞতাপূৰ্ব জ্ঞান আৰু অভিজ্ঞতাপ্ৰসূত জ্ঞান

উত্তৰঃ অভিজ্ঞতাপূৰ্ব জ্ঞান ব্যক্তিৰ মনত অভিজ্ঞতা লাভৰ পূৰ্বেই উদ্ভৱ হয়।অভিজ্ঞতাপ্ৰসূত জ্ঞান ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰা উদ্ভৱ হয়।

বুদ্ধিবাদীসকলে অভিজ্ঞতাপূৰ্ণ জ্ঞানত বিশ্বাস কৰে, অভিজ্ঞতাবাদী সকলে অভিজ্ঞতা প্ৰসূত জ্ঞানত বিশ্বাস কৰে।

4. চমুটোকা লিখাঃ

(a) বুদ্ধিবাদ

উত্তৰঃ বুদ্ধিবাদ অনুসৰি যথাৰ্থ জ্ঞানৰ উৎস হৈছে বুদ্ধি। বুদ্ধিয়েই হৈছে যথাৰ্থ জ্ঞান লাভৰ প্ৰধান উপায়। বুদ্ধিবাদী দাৰ্শনিক সকলৰ মতে ইন্দ্ৰিয়ৰ সহায়ত যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান অসম্পূৰ্ণ আৰু অনিশ্চিত। ইন্দ্ৰিয়-প্ৰত্যক্ষৰ সহায়ত যি জ্ঞান লাভ কৰা যায় সেই জ্ঞান হৈছে বস্তুৰ বাহ্যৰুপৰ জ্ঞান,বস্তুৰ অন্তনিৰ্হিত স্বৰুপ সম্বন্ধে জ্ঞান নহয়।

(b) অভিজ্ঞতাবাদ

উত্তৰঃ অভিজ্ঞতাবাদৰ অনুসৰি অভজ্ঞতাই হৈছে জ্ঞানৰ একমাত্ৰ উৎস। আমাৰ সকলো জ্ঞান ইন্দ্ৰিয় অভিজ্ঞাতাৰ পৰাই লাভ কৰা হয়। গতিকে ইন্দ্ৰিয় অভিজ্ঞতাই জ্ঞানৰ একমাত্ৰ উৎস। প্ৰাচীন কালত গ্ৰীক পৰমাণুবাদী আৰু চফিষ্টসকলে সৰ্বপ্ৰথমে এই মতবাদৰ প্ৰৱৰ্তন কৰে। তেওঁলোকৰ মতে অভিজ্ঞতাৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। চফিষ্ট সকলৰ মতে, ব্যক্তিৰ অভিজ্ঞতাই হল সত্য মিথ্যা বিচাৰৰ মাপকাঠি।

(c) অস্তিত্ব প্ৰত্য়ক্ষ নিৰ্ভৰ

উত্তৰঃ জৰ্জ বাৰ্কলেও এজন অভিজ্ঞতাবাদী দাৰ্শনিক। তেওঁৰ মতেও অভিজ্ঞতা বা প্ৰত্যক্ষই জ্ঞানৰ একমাত্ৰ উৎস। যি প্ৰত্যক্ষ কৰা যায় কেৱল সেই বস্তুৰহে অস্তিত্ব আছে। বস্তুৰ অস্তিত্ব প্ৰত্যক্ষ নিৰ্ভৰ। অৰ্থাৎ যাক প্ৰত্যক্ষ কৰিব নোৱাৰি তাৰ অস্তিত্ব থাকিব নোৱাৰে। বাৰ্কলেৰ মতে মনৰ অস্তিত্ব থাকিব নোৱাৰে। বাৰ্কলেৰ মতে মনৰ অস্তিত্ব নোহোৱাকৈ প্ৰত্যক্ষৰ অস্তিত্ব থাকিব নোৱাৰে। তেওঁৰ মতে প্ৰত্যক্ষৰ দ্বাৰা মাত্ৰ ধাৰণাৰ জ্ঞান পোৱা যায় আৰু ধাৰণা যিহেতু মনৰ বিষয় সেইকাৰণে মাত্ৰ মনৰহে অস্তিত্ব আছে। বাৰ্কলেৰ মনৰ বাহিৰে গুণৰ আধাৰৰুপে বস্তুৰ স্বতন্ত্ৰ সত্তাৰ অস্তিত্ব অস্বীকাৰ কৰে।

(d) অন্তৰ্জাত ধাৰণা

উত্তৰঃ বুদ্ধিবাদী দাৰ্শনিক সকলৰ মতে বুদ্ধিয়ে আমাৰ মনত কিছুমান অন্তৰ্জাত ধাৰণা দিয়ে। এই ধাৰণাবোৰ অভিজ্ঞতাপূৰ্ব, স্বতঃসিদ্ধ আৰু নিশ্চিত স্বভাৱৰ। অন্তৰ্জাত ধাৰণাবোৰ নিজে নিজেই মনত উদ্ভৱ হয় বাবে এই ধাৰণাবোৰক অন্তৰ্জাত ধাৰণা বুলি কোৱা হয়।

5. উত্তৰ দিয়াঃ

(a) দুজন বুদ্ধিবাদী গ্ৰীক দাৰ্শনিকৰ নাম লিখা।

উত্তৰঃ দুজন বুদ্ধিবাদী গ্ৰীক দাৰ্শনিক হল- ডেকাৰ্ট আৰু স্পিনোজা।

(b) তিনিজন আধুনিক বুদ্ধিবাদী দাৰ্শনিকৰ নাম লিখা।

উত্তৰঃ তিনিজন আধুনিক বুদ্ধিবাদী দাৰ্শনিক হল- ডেকাৰ্ট, স্পিনোজা আৰু লাইব্নিজ।

(c) অভিজ্ঞতাবাদ মতবাদটো সৰ্বপ্ৰথমে কোনে প্ৰৱৰ্তন কৰিছিল?

উত্তৰঃ অভিজ্ঞতাবাদ মতবাদটো সৰ্বপ্ৰথমে গ্ৰীক পৰমাণুবাদী আৰু চফিষ্টসকলে সৰ্বপ্ৰথমে প্ৰৱৰ্তন কৰিছিল।

(d) তিনিজন অভিজ্ঞতাবাদী দাৰ্শনিকৰ নাম লিখা। 

উত্তৰঃ তিনিজন অভিজ্ঞতাবাদী দাৰ্শনিক হল- জন লক, বাৰ্কলে আৰু হিউমৰ।

(e) হিউমক কিয় চৰমপন্থী অভিজ্ঞতাবাদী দাৰ্শনিক বুলি অভিহিত কৰা হয়?

উত্তৰঃ জ্ঞানৰ উৎস হিচাপে অভিজ্ঞতাৰ প্ৰতি থকা এই আনুগত্যৰ বাবে হিউমক পাশ্চাত্য দৰ্শনত চৰমপন্থী অভিজ্ঞতাবাদী বুলি অভিহিত কৰা হয়।

(f) হিউমক কিয় সংশয়বাদী দাৰ্শনিক বুলি অভিহিত কৰা হয়?

উত্তৰঃ হিউমৰ মতে সাৰ্বিক আৰু অনিবাৰ্য সত্যৰ কোনো অস্তিত্ব নাই। কোনো জ্ঞানেই সুনিশ্চিত নহয়। সকলো জ্ঞানেই সম্ভাব্য। সেইকাৰণে হিউমক সংশয়বাদী দাৰ্শনিক বুলি কোৱা হয়।

(g) আধুনিক পাশ্চাত্য় দৰ্শনৰ জনক বুলি কাক কোৱা হয়?

উত্তৰঃ আধুনিক পাশ্চাত্য় দৰ্শনৰ জনক বুলি ডেকাৰ্টক কোৱা হয়।

(h) ‘জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ দৰে’ বুলি কোনে কৈছিল? কথাষাৰ ব্য়ক্ত কৰা সিদ্ধান্তটো কি?

উত্তৰঃ ‘জন্মৰ সময়ত মানুহৰ মন এখিলা অলিখিত কাগজৰ দৰে’ বুলি লকে কৈছিল।

(i) ‘পূৰ্বতে ইন্দ্ৰিয়ত নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে’- এই উক্তিটো কাৰ? তেওঁ জ্ঞান উৎপত্তি সম্পৰ্কীয় কোনটো মতবাদৰ লগত জড়িত?

উত্তৰঃ ‘পূৰ্বতে ইন্দ্ৰিয়ত নথকা কোনো কথাই বুদ্ধিত থাকিব নোৱাৰে’- এই উক্তিটো জন লকৰ। তেওঁ অভিজ্ঞতাবাদ মতবাদৰ লগত জড়িত।

(j) অন্তৰ্জাত ধাৰণা কি? জ্ঞান উৎপত্তিৰ সম্পৰ্কীয় কোনটো তত্বৰ লগত অন্তৰ্জাত ধাৰণা তত্বটো জড়িত?

উত্তৰঃ যিবোৰ ধাৰণা ঈশ্বৰে জন্মৰ সময়তেই আমাৰ মনত ৰোপণ কৰি দিয়েসেইবোৰ ধাৰণাকে অন্তৰ্জাত ধাৰণা বোলে। এই ধাৰণাবোৰ নিজে নিজেই মনত উদ্ভৱ হয় বাবে এই ধাৰণাবোৰক অন্তৰ্জাত ধাৰণা বুলি কোৱা হয়।

    অন্তৰ্জাত ধাৰণাসমূহ অভিজ্ঞতাপূৰ্ণ ধাৰণা। এইবোৰ স্বতঃ সিদ্ধ আৰু নিশ্চিত ধাৰণা। সেইকাৰণে এই ধাৰণাবোৰ সকলো মানুহৰ মনত একে হব, কোনো পৰিস্থিতিতেই পৰিবৰ্তিত হব নোৱাৰে। জন্মৰ সময়ত এই ধাৰণাবোৰ সুপ্ত অৱস্থাত থাকে। বুদ্ধিৰ জৰিয়তেই এই ধাৰণাবোৰৰ পৰা যথাৰ্থ জ্ঞানৰ জ্ঞানৰ উৎপত্তি হয়।

6. লকে কি কি যুক্তিিৰ দ্বাৰা অন্তৰ্জাত ধাৰণাবোৰ খণ্ডন কৰিছে।

উত্তৰঃ লকে দিয়া যুক্তিবোৰ হল- 

(1) অন্তৰ্জাত ধাৰণাৰ যদি প্ৰকৃততে কোনো অস্তিত্ব থাকে তেনেহলে প্ৰত্যেকজন মানুহৰ মনতেই এই ধাৰণা থাকিব লাগিব। কিন্তু শিশু, নিৰ্বোধ, অশিক্ষিত আদি ব্যক্তিৰ মনত এই ধাৰণাবোৰ নাথাকে। কাৰ্যকাৰণ সম্বন্ধ, অসীমতা, নিত্যতা, ঈশ্বৰ প্ৰভূতিৰ ধাৰণা সম্পৰ্কে এওঁলোক সচেতন নহয়।

(2) অন্তৰ্জাত ধাৰণাৰ যদি প্ৰকৃততে অস্তিত্ব থাকে তেনেহলে এই ধাৰণাবোৰৰ সম্পৰ্কে সকলোৱে একমত হব লাগিব। কিন্তু ঈশ্বৰ নৈতিক নিয়ম আদি ধাৰণা সম্পৰ্কে মানুহৰ মাজত মতভেদ দেখা যায়।

(৩) আকৌ কিছুমান ধাৰণা সকলোৰে মনত সমভাৱে উপস্থিত থাকিলেও সেইবোৰ ধাৰণা অন্তজাত নহবও পাৰে। যেনে- জুই, তাপ, সূৰ্য আদি সম্পৰ্কে সকলোৰে ধাৰণা একেই। কিন্তু এই ধাৰণাবোৰ অন্তজাত নহয়।

7. জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হিচাপে বুদ্ধিবাদ তত্বটো আলোচনা কৰা।

উত্তৰঃ বুদ্ধিবাদ অনুসৰি যথাৰ্থ জ্ঞানৰ উৎস হৈছে বুদ্ধি। বুদ্ধিয়েই হৈছে যথাৰ্থ জ্ঞান লাভৰ প্ৰধান উপায়। বুদ্ধিবাদী দাৰ্শনিক সকলে বাহ্য অভিজ্ঞতাক বৰ্জন কৰি বুদ্ধিকেই যথাৰ্থ জ্ঞান লাভৰ উৎস বুলি কৈছে।

8. জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ হিচাপে অভিজ্ঞতাবাদ তত্বটো আলোচনা কৰা।

উত্তৰঃ অভিজ্ঞতাবাদ মতে অভিজ্ঞতাই হৈছে জ্ঞানৰ একমাত্ৰ উৎস। অভিজ্ঞতা শব্দটোৰ দ্বাৰা অভিজ্ঞতাবাদী দাৰ্শনিক সকলে ইন্দ্ৰীয় প্ৰত্যক্ষৰ জৰিয়তে লাভ কৰা জ্ঞানৰ কথা বুজাইছে। আমাৰ সকলো জ্ঞান ইন্দ্ৰিয় অভিজ্ঞতাৰ পৰাই লাভ কৰা যায়। গতিকে ইন্দ্ৰিয় অভিজ্ঞতাই জ্ঞানৰ একমাত্ৰ উৎস।

    প্ৰাচীন কালত গ্ৰীক পৰমাণুবাদী আৰু চফিষ্টসকলে সৰ্বপ্ৰথমে এই মতবাদৰ প্ৰৱতন কৰে। তেওঁলোকৰ মতে অভিজ্ঞতাৰ পৰাই জ্ঞানৰ উৎপত্তি হয়। চফিষ্ট সকলৰ মতে, ব্যক্তিৰ অভিজ্ঞতাই হল সত্য বিচাৰৰ মাপকাঠি।