Class 11 Advanced Assamese Book Chapter 1 | অধ্যায় ১ (গোট ৪) যীশুখ্ৰীষ্টৰ ছবি | MCQs Short Question Answer |

Chapter 1

যীশুখ্ৰীষ্টৰ ছবি

1.যীশুখৃষ্টৰ ছবি পাঠটি কোনে লিখিছিল ?

ক) চৈয়দ আব্দুল মালিক

খ) হেমচন্দ বৰুৱা

গ) নিৰুপমা বৰগোহাঞি

উত্তৰঃ ক) চৈয়দ আব্দুল মালিক

2. চৈয়দ আব্দুল মালিক কিমান চনত জন্ম হৈছিল ?

ক) ১৯৬৭ চনত

খ) ১৯৭৬ চনত

গ) ১৯১৯ চনত

উত্তৰঃ গ) ১৯১৯ চনত

3.  তেওঁ ক’ত জন্ম গ্ৰহণ কৰিছিল ?

ক) কাজিৰঙা

খ) গোলাঘাট

গ) তেজপুৰ

উত্তৰঃ খ) গোলাঘাট

4. কিমান চনত ফাৰ্চী বিষয়ত লেটাৰসহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা লাভাৰ্থে কটন কলেজত ভৰ্তি হয় ?

ক) ১৯৩৪ চনত

খ) ১৯৩৬ চনত

গ) ১৯৩৭ চনত

উত্তৰঃ গ) ১৯৩৭ চনত

5.  কিমান চনত তেওঁ ইংৰাজীত অনাৰ্ছসহ বি এ পৰীক্ষা পাছ কৰে ?

ক) ১৯৪১ চনত

খ) ১৯৪২ চনত

গ) ১৯৪৩ চনত

উত্তৰঃ ক) ১৯৪১ চনত

6. কিমান চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম এ  ডিগ্ৰী লাভ কৰে ?

ক) ১৯৫৪ চনত

খ) ১৮৪৫ চনত

গ) ১৯৫১ চনত

উত্তৰঃ গ) ১৯৫১ চনত

7. মালিক কি চৰকাৰ ‘পদ্মশ্ৰী’ , ‘পদ্মভূষণ’ উপাধি আৰু অসম চৰকাৰ শংকৰদেৱ বঁটাৰে সন্মানিত হয় ?

ক) বি.জে.পি চৰকাৰ

খ) ভাৰত চৰকাৰ

গ) কংগ্ৰেছ চৰকাৰ

উত্তৰঃ খ) ভাৰত চৰকাৰ

8.  কিমান চনত মালিকে অসম সাহিত্য সভাৰ  চতুশ্চত্বাৰিংশ অভয়াপুৰী অধিৱেশনত সভাৱতিৰ পদ অলংকৃত কৰে ?

ক) ১৯৭৭ চনত

খ) ১৯৮৮ চনত

গ) ১৯৯৯ চনত

উত্তৰঃ ক) ১৯৭৭ চনত

9. মালিক ৰাজ্যসভাৰ কি আছিল ?

ক) সভাপতি

খ) সভানেত্তী

গ) সদস্য

উত্তৰঃ গ) সদস্য

10. তেওঁৰ প্ৰকাশিত উপন্যাসৰ সংখ্যা  কিমানৰ অধিক ?

ক) একুৰিৰ অধিক

খ) তিনিকুৰিৰ অধিক

গ) দুকুৰিৰ অধিক

উত্তৰঃ খ) তিনিকুৰিৰ অধিক

11. তেওঁৰ কেইখন উল্লেখযোগ্য উপন্যাস ?

ক) দুখন

খ) এখন

গ) তিনিখন

উত্তৰঃ ক) দুখন

12. ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসৰ বাবে কিমান চনত তেওঁ সাহিত্য অকাগেমী বঁটা লাভ কৰে ?

ক) ১৯৮৬ চনত

খ) ১৯৬৫ চনত

গ) ১৯৭৪ চনত

উত্তৰঃ গ) ১৯৭৪ চনত

13. তেওঁৰ প্ৰকাশিত চুটিগল্প সংকলন কিমানৰ অধিক ?

ক) একুৰিৰো অধিক

খ) দুকুৰিৰো অধিক

গ) তিনিকুৰিৰো অধিক

উত্তৰঃ ক) একুৰিৰো অধিক

14. তেওঁৰ প্ৰথম প্ৰকাশিত চুটিগল্প সংকলনখনৰ নাম ?

ক) সুৰ্যমূখী স্বপ্ন

খ) পৰশমণি

গ) ওপৰৰ এটাও শুদ্ধ নহয়

উত্তৰঃ খ) পৰশমণি

15. তেওঁ কিমান চনত দেহাৱসান ঘটে?

ক) ২০০০ চনত

খ) ১৯৭৮ চনত

গ) ১৯৮৯ চনত

উত্তৰঃ ক) ২০০০ চনত