Class 11 Chemistry Assamese medium | Chapter 4 (Part 1) | অধ্যায় ৪ | ৰাসায়নিক বান্ধনি আৰু আণৱিক গঠন CHEMICAL BONDING AND MOLECULAR STRUCTURE | HS 1st Year Chemistry Suggestion Assam |

Chapter 4

ৰাসায়নিক বান্ধনি আৰু আণৱিক গঠন

(CHEMICAL BONDING AND MOLECULAR STRUCTURE)

4.1ৰাসায়নিক বান্ধনিৰ গঠন ব্যাখ্যা কৰা৷

4.2 তলত উল্লেখ কৰা মৌলসমূহৰ পৰমাণুবোৰৰ লিৱিছ ইলেকট্রন ফুট সংকেত লিখা।

Mg, Na, B, O, N, Br

4.3 তলত উল্লেখ কৰা পৰমাণু আৰু আয়নবোৰৰ লিৱিছৰ ইলেকট্রনফুট সংকেত লিখা।

S আৰু S2-; A1আৰু A13+; H আৰু H

4.4 তলত উল্লেখ কৰা অণু আৰু আয়নবোৰৰ লিৱিছৰ গঠন চিত্র অংকণ কৰা।

H2S, SiC1 ,BeF2, CO32-, HCOOH.

4.5 অষ্টক নিয়মৰ সংজ্ঞা দিয়া। ইয়াৰ বৈশিষ্ট্য আৰু সীমাৱদ্ধতা উল্লেখ কৰা।

4.6 আয়নীয় বান্ধনি গঠনৰ অনুকূল কাৰকসমূহ লিখা।

4.7VSEPR আৰ্হি ব্যৱহাৰ কৰি তলত উল্লেখ কৰা অণুসমূহৰ আকৃতি আলোচনা কৰা। BeC1 , BCI3, Sic1 , AsF5, H2S, PH3.

4.8 যদিও NH3আৰু H2O অণুৰ জ্যামিতিক আকৃতি বিকৃত চতুৰ্ফলকীয়, কিন্তু পানীৰ বান্ধনি কোণৰ মান NH3ৰ বান্ধনি কোণৰ মানতকৈ কম। আলোচনা কৰা।

4.9 বান্ধনি মাত্ৰাৰ ধাৰণাৰে তুমি কেনেকৈ বান্ধনি শক্তি প্ৰকাশ কৰিবা?

4.10 বান্ধনি দৈর্ঘ্যৰ সংজ্ঞা দিয়া।

4.11 আয়ন উদাহৰণ হিচাপে লৈ সংস্পন্দনৰ বিভিন্ন দিশ আলোচনা কৰা। 4.12 তলত উল্লেখ কৰা (1) আৰু (2) নং গঠনেৰেH3PO4ক প্রকাশ কৰিব পাৰি। এই দুটা গঠনক H3PO4, ৰ সংস্পন্দন সংকৰৰ কেন’নিকেল গঠন হিচাপে ধৰি ল’ব পাৰিনে? যদি নোৱাৰি, কাৰণ দর্শোৱা।

4.13 SO3, NO2আৰু NO3ৰ বাবে সংস্পন্দন গঠনবোৰ লিখা।

4.14 তলত দিয়া পৰমাণুবোৰৰ মাজত ইলেকট্ৰনৰ স্থানন্তৰৰ দ্বাৰা কেটায়ন আৰু এনায়ন গঠছন দেখুৱাবলৈ লিৱিছৰ সংকেত ব্যৱহাৰ কৰা।

(a) K আৰু S

(b) Ca আৰু O

(c) A1 আৰু N

4.15 যদিও CO2আৰু H2O ত্ৰিপাৰমাণৱিক অণু কিন্তু পাণী অণুৰ আকৃতি কোণিক আৰু CO2সৰলৰৈখিক। দ্বিমেৰু ভ্ৰামকৰ আধাৰত এইটো ব্যখ্যা কৰা।

4.16 দ্বিমেৰু ভ্ৰামকৰ বৈশিষ্ট্য আৰু প্ৰয়োগ উল্লেখ কৰা।

4.17 বিদুৎঋণাত্মক সংজ্ঞা দিয়া ইলেকট্ৰন গ্ৰহণ এনথালপিৰ সৈতে ইয়াৰ পাৰ্থক্য কি?

4.18 উপযুক্ত উদাহণেৰে সৈতে ধ্ৰুৱীয় সহযোজী বান্ধনি ব্যাখ্যা কৰা.

4.19 LiF, K2O, N2, SO2আৰু CIF3অণুবোৰৰ বান্ধনিবোৰ সিহঁতৰ আয়নীয় ধৰ্মৰ বৰ্ধিত ক্ৰমত সজোৱা।

4.20 তলত উল্লেখ কৰা CH3COOH  অণুৰ আন্তঃগাঠনিটো শুদ্ধ। কিন্তু কিছুমান বান্ধনি ভুলকৈ দিয়া হৈছে। এছটিক এঠিডৰ শুদ্ধ লিৱিছৰ গঠনটো লিখা।

4.21 চতুৰ্ফলকীয় জ্যামিতিক গঠনৰ বাহিৰে, CH4অণুৰ আৰু এটা সম্ভাৱ্য জ্যমিতিক গঠন হ’ল সমতলীয়া বৰ্গাকাৰ, য’ত 4টা H পৰমাণু বৰ্গটোৰ চাৰিটা চুকত আৰু C পৰমাণুটো ইয়াৰ কেন্দ্ৰত অৱস্থান কৰে। CH4– ৰ জ্যমিতিক গঠন সমতলীয় বৰ্গাকাৰ নহয় কিয়া ব্যাখ্যা কৰা।

4.22 BeF2ৰ দ্বিমেৰু ভ্ৰামক শূন্য, যদিও B – F বান্ধনিবোৰ ধ্ৰুৱীয়, কাৰণ ব্যাখ্যা কৰা।

4.23 NH3আৰু NF3অণু দুটাৰ মাজত কোনটোৰ দ্বিমেৰু ভ্ৰামকৰ মান বেছি আৰু কিয়?

4.25 তলৰ বিক্রিয়াটোত A1পৰমাণুৰ সংকৰণৰ পৰিৱৰ্তন (যদি আছে) আলোচনা কৰা।

4.26 তলৰ বিক্রিয়াৰ ফলত B আৰু N পৰমাণু দুটাৰ সংকৰণত কিবা পৰিৱৰ্তন হৈছে নে?

4.27C2 H4আৰু C2 H2অণুত কার্বন পৰমাণুবোৰৰ মাজত দ্বিবান্ধনি আৰু ত্রিবান্ধনিৰ গঠন চিত্র আঁকি দেখুওৱা।

4.28 তলত উল্লেখ কৰা অণু দুটাত থকা ছিগমা বান্ধনি আৰু পাই বান্ধনিৰ সংখ্যা কিমান?

(a) C2 H2       ( b ) C2 H2

4.29x-অক্ষক আন্তঃনিউক্লীয় অক্ষ হিচাপে ধৰিলে তলৰ কোন দুটা অৰবিটেলে ছিগমা বান্ধনি গঠন নকৰিব আৰু কিয়?

(a) 

(b) 

(c) 

(d) 

4.30 তলত উল্লেখ কৰা অণুবোৰত থকা কার্বন পৰমাণুবোৰে কোন প্রকাৰ সংকৰণ ব্যৱহাৰ কৰে?

(a) CH3-CH3

(b) CH3-CH2=CH2

(c) CH3-CH2=OH

(d) CH3CHO

(e) CH3COOH

4.31 বান্ধনি যুগ্ম ইলেকট্রন আৰু একাকী যুগ্ম ইলেকট্রন বুলিলে কি বুজা?প্ৰতিটোৰে একোটাকৈ উদাহৰণ দি ব্যাখ্যা কৰা।

4.32 ছিগমা বান্ধনি আৰু পাই বান্ধনিৰ পার্থক্য লিখা।

4.33 যোজ্যতা বন্ধন তত্ত্বৰ সহায়ত H2অণুৰ গঠন ব্যাখ্যা কৰা।

4.34 পাৰমাণৱিক অৰবিটেলসমূহৰ সৰলৰৈখিক মিলনৰ উল্লেখযোগ্য চর্তসমূহ লিখা।

4.35 আণৱিক অৰবিটেল নীতি ব্যৱহাৰ কৰি দেখুওৱা যে Be2অণুৰ অস্তিত্ব নাই।

4.36 তলত উল্লেখ কৰা কণাবোৰৰ আপেক্ষিক সুস্থিৰতা তুলনা কৰা আৰু কণাবোৰৰ চুম্বকীয় ধর্ম উল্লেখ কৰা।

02, 02+, 02– (চুপাৰ অক্সাইড), 022- (পেৰক্সাইড)

4.37 অৰবিটেলৰ চিত্র বর্ণনা কৰিবলৈ ব্যৱহাৰ কৰা যোগ চিহ্ন (+) আৰু বিয়োগ চিহ্ন (-) বৈশিষ্ট্য কি?

4.38PCI5অণুত সংকৰণ বর্ণনা কৰা। অক্ষীয় বান্ধনিবোৰ নিৰক্ষীয় বান্ধনিবোৰতকৈ দীঘলীয়া হয় কিয়?

4.39 হাইড্র’জেন বান্ধনিৰ সংজ্ঞা লিখা। ভেন ডাৰ ৱালৰ বলতকৈ ই দুর্বল নে তীব্র?

4.40 বান্ধনি মাত্রা বুলিলে কি বুজা? N2, 02, 02+, আৰু 02ৰ বান্ধনি মাত্রা গণনা কৰা।

4.41p –হাইড্র’ক্সিবেনজ’য়িক এছিডতকৈ o-হাইড্র’ক্সিবেনজ’য়িক এছিডৰ গলনাংক , উতলাংক আৰু পানীত দ্রাব্যতা কম, কিন্তু উদ্বায়িতা বেছি, কিয়?

4.42CO, আৰু NO দুয়োটা সৰলৰৈখিক । কিন্তু CO2অধ্ৰুৱীয় আৰু NO ধ্ৰুৱীয়। কাৰণ দর্শোৱা।

4.43 ইথাইন () অণু অধ্ৰুৱীয়। তথাপিও ই HF ৰ সৈতে H বান্ধনি গঠন কৰে কিয়?

4.44 আণৱিক অৰবিটেল তত্ত্বৰ সহায়ত N2অণুৰ ইলেকট্রনীয় সজ্জা, বান্ধনি মাত্রা আৰু চুম্বকীয় ধর্ম ব্যাখ্যা কৰা।

4.45 দেখুওৱা যে C2অণুৰ দুয়োটা বান্ধনি পাই (r) বান্ধনি।