Class 12 Assamese Book Chapter 2 (Part 1) | অধ্যায় ২ মগনিয়াৰ | Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 2

মগনিয়াৰ

১) অসমীয়া সাহিত্য়ত প্ৰথম কথা- কবিতা ৰচনা কৰা কবিগৰাকী কোন ?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰা ।

২) টুৰ্গেনিভ আৰু অলিভ শ্ৰাইনাৰ ক’ৰ সাহিত্য়িক ?

উত্তৰঃ টুৰ্গেনিভ ৰুছ দেশৰ আৰু অলিভ শ্ৰাইনাৰ আফ্ৰিকাৰ সাহিত্য়িক ।

৩) কবি যতীন্দ্ৰ নাথ দুৱাৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ কবি যতীন্দ্ৰ নাথ দুৱাৰাৰ জন্ম ১৮৯২ চনত ।

৪) মগনিয়াৰ শব্দ অৰ্থ কি?

উত্তৰঃ মগনিয়াৰ শব্দ অৰ্থ মাগি খাওঁতা।

৫) ‘মগনিয়াৰ’ পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?

উত্তৰঃমগনিয়াৰ পাঠটি ‘কথা-কবিতাৰ’ পৰা সংগ্ৰহ কৰা হৈছে ।

৬) কবিক দৰিদ্ৰ মগনিয়াজনে হাত মেলি কি বিচাৰিলে। 

উত্তৰঃ কবিক দৰিদ্ৰ মগনিয়াজনে হাত মেলিসহায় বিচাৰিলে।

৭) মগনিয়া পাঠটিত দুহাতে সাবটি কোনে ক্ষমা খুজিলে?

উত্তৰঃ মগনিয়া পাঠটিত দুহাতে সাবটি কবিয়ে ক্ষমা খুজিলে।

৮) শেতা পৰা মানে কি?

উত্তৰঃ  শেতা পৰা মানে হ’ল-তেজ নথকাৰ হেতু বগা।

৯)  অসম সাহিত্য় সভাৰ অধিৱেশনত দুৱৰাই সভাপতিত্ৱ কৰা ঠাইখনৰ নাম কি?

উত্তৰঃ অসম সাহিত্য় সভাৰ অধিৱেশনত দুৱৰাই সভাপতিত্ৱ কৰা ঠাইখনৰ নাম গুৱাহাটী।

১০) ‘মগনিয়াৰ’ পাঠটিৰ লিখক কোন?

উত্তৰঃ যতীন্দ্ৰনাথ দুৱৰা। 

১১) যতীন্দ্ৰ নাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাক বনফুল‘ কবি বুলি কোৱা হয় ।

১২) যতন্দ্ৰ নাথ দুৱাৰাই কোনখন কাব্য়গ্ৰন্থৰ বাবে সাহিত্য় অকাদেমি বঁটা লাভ কৰিছিল ?

উত্তৰঃ যতন্দ্ৰ নাথ দুৱাৰাই ‘বনফুল‘ কাব্য়গ্ৰন্থৰ বাবে সাহিত্য় অকাদেমি বঁটা লাভ কৰিছিল।

১৩) ‘ওমৰ তীৰ্থ’ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ?

উত্তৰঃ  ‘ওমৰ তীৰ্থ’ পুথিখনি ফাৰ্চী ‘ৰুবায়ত’ পুথিৰ ভাবানুবাদ ।

১৪) ‘বনফুল কবি’ বুলি কাক কোৱা হয় ?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাক ‘বনফুল কবি’ বুলি কোৱা হয় ।

১৫) কোনটো ৰুছ কথা-কবিতাৰ লগত ‘মগনিয়াৰ’ কবিতাটোৰ সাদৃশ্য় দেশা যায়।

উত্তৰঃ ‘The Beggar’ নামৰ ৰুছ কথা-কবিতাটোৰ লগত মগনিয়াৰ কবিতাটোৰ সাদৃশ্য় দেখা যায়।

Type By- Mandira Saha