Class 12 Assamese Book Chapter 8 (Part 1) | অধ্যায় ৮ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 8

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

১)  ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক পাটিৰ লেখক কোন?

উত্তৰঃ ড° দীনেশ চন্দ্ৰ গোস্ৱামী ।

২) আমৰ বিশ্ৱব্ৰহ্মাণ্ডখনৰ ৰহস্য় উদঘাটনৰ ব্য়ৱস্থাটক কি বুলি কোৱা হয়?

উত্তৰঃ বিজ্ঞান ।

৩) যাদু-মন্ত বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ নোৱাৰি ।

৪ ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম কি?

উত্তৰঃ ‘দৃষ্টি’ ।

৫) দৃষিত খোৱা পানী  আৰু অস্ৱাস্থ্যকৰ পৰিৱেশৰ বাবে আমাৰ শৰীৰত কি ৰোগ হ’ব পাৰে?

উত্তৰঃ মেলেৰিয়া ।

৬) পোকে ধৰা দাঁতৰ পোকবোৰ খালী চকুৰে দেখা যায়নে?

উত্তৰঃ নাযায় ।

৭) কিমান চনত  ড° দীনেশ চন্দ্ৰ গোস্ৱামী জন্ম গ্ৰহণ কৰিছিল?

উত্তৰঃ ১৯৪৯ চনত ।

৮)  ড° দীনেশ চন্দ্ৰ গোস্ৱামীৰ কিমান চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল?

উত্তৰঃ ১৯৬৩ চনত ।

৯) ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে অনুবাদ কৰা এতিয়ালৈ কিমানখন গ্ৰন্থ প্ৰকাশ হৈছে? 

উত্তৰঃ ১৭ খন ।

১০) ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰপৰা লোৱা হৈছে?

উত্তৰঃ ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’।

১১) আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?

উত্তৰঃ শিলত শিল দলিয়াই ।

১২) বিজ্ঞানীসকলে পৰীক্ষা আৰু পৰ্যবেক্ষণ কাৰ্যত ব্য়ৱহাৰ কৰা  যন্ত্ৰৰ নাম কি? 

উত্তৰঃ লেজাৰ ৰশ্মি বা অণুবীক্ষণ যন্ত্ৰ ।

১৩)  আই ওলালে কি ধৰ্মীয় অনুষ্ঠান পতা হয়?

উত্তৰঃ গোসাঁনীৰ নাম বা গোপিনী সবাহ ।

১৪) শিশুক দিয়া বেজী-ছিটাৰ কাম কি?

উত্তৰঃ নানা ৰোগ প্ৰতিৰোধ কৰা ।

১৫) ভূত-প্ৰেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে?

উত্তৰঃ নাই ।

১৬) বসন্ত ৰোগ কি কাৰনৰ ফলত হয়?

উত্তৰঃ ভাইৰাছৰ আক্ৰমণ ফলত ।

১৭) ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে গৱেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে কিমান চনত অৱসৰ গ্ৰহণ কৰিছিল?

উত্তৰঃ ২০০৯ চনত ।

১৮) ড° দীনেশ চন্দ্ৰ গোস্ৱামীয়ে কৰ পৰা স্নাতক ডিগ্ৰী লৈছল?

উত্তৰঃ কটন কলেজৰ পৰা ।

১৯) কিমান চনত ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লয়?

উত্তৰঃ ১৯৪৯ চনত ।

২০) উপকল্পৰ অৰ্থ কি?

উত্তৰঃ উপ-বিধি বা নিয়মৰ লেখিয়া ।

Type by- Mandira Saha