Class 12 Physic (Part 2) | Question And Answer | Chapter 14 | অৰ্ধপৰিবাহী ইলেক্টনিক্সঃ– পদাৰ্থ, কৌশল আৰু সৰল বৰ্তনী | Semiconductor Electronics : Materials Devices And Simple Circuits | HS 2nd Year Physic Question |

Chapter 14

অৰ্ধপৰিবাহী ইলেক্টনিক্সঃ- পদাৰ্থ, কৌশল আৰু সৰল বৰ্তনী

অনুশীলনী

14.1n- জাতীয় চিলিকনত, নিম্ন উল্লেখিত কোনটো উক্তি সত্যঃ—

(a)ইলেকট্ৰন সমূহ মুখ্য বাহক আৰু ত্ৰিযোজী পৰমাণু হৈছে ডোপেণ্ট ।

(b)ইলেকট্ৰন সমূহ গৌণ বাহক পঞ্চযোজী পৰমাণু হৈছে ডোপেণ্ট ।

(c)হ’ল সমূহ গৌণ বাহক আৰু পঞ্চযোজী পৰমাণু হৈছে ডোপেণ্ট ।

(d)হ’ল সমূহ মুখ্য বাহক আৰু ত্ৰিযোজী পৰমাণু হৈছে ডোপেণ্ট ।

14.2p- জাতীয় অৰ্ধপৰিবাহীৰ কাৰণে অনুশীলনী 14.1 ৰ কোনটো উক্তি সত্য ।

14.4বায়াছ নিদিয়া p-nজাংছন এটাত, p- অঞ্চলৰ পৰা n-অঞ্চললৈ হলৰ ব্যাপন ঘটিছে কাৰণ

(a)n-অঞ্চলৰ মুক্ত ইলেকট্ৰন সিহঁতক আৰ্কষণ কৰিছে

(b)বিভৱ ভেদৰ দ্বাৰা সিহঁত জাংছন পাৰ হৈ গৈছে ।

(c)p- অঞ্চলত হলৰ গাঢ়তা n- অঞ্চলত তুলনা বেছি ।

(d)ওপৰৰ সকলো ।

14.5যেতিয়া p-nজাংছন এটাত অগ্ৰবৰ্তী বায়াছ প্ৰয়োগ কৰা হয়, ই

(a)বিভব প্ৰাচীৰ বৃদ্ধি কৰিব ।

(b)মুখ্য বাহকৰ প্ৰবাহ হ্ৰাস হৈ শূন্য হব ।

(c)বিভব প্ৰাচীৰ কমিব ।

(d)ওপৰৰ এটাও নহয় ।

14.6ট্ৰেঞ্জিষ্টৰৰ ক্ৰিয়াৰ ক্ষেত্ৰত, তলৰ কোনটো উক্তি শুদ্ধঃ

(a)বেছ, এমিটাৰ আৰু কালেক্টৰ অঞ্চল একে আকাৰ আৰু ডোপিং গাঢ়তাৰ ।

(b)বেছ অঞ্চল অতি পাতল আৰু কম পৰিমাণত ডোপ কৰা ।

(c)এমিটাৰ জাংছন অগ্ৰবৰ্তী বায়াছত আৰু কালেক্টৰ জাংছন পশ্চাৎবৰ্তী বায়াছত থাকিব ।

(d)এমিটাৰ জাংছন আৰু কালেক্টৰ জাংছন উভয়কে অগ্ৰবৰ্তী বায়াছ দিয়া হয় ।

14.7ট্ৰেঞ্জিষ্টৰ পৰিবৰ্ধকৰ ক্ষেত্ৰত, বিভব পৰিবৰ্ধন

(a)সকলো কম্পনাংকৰ বাবে ধ্ৰুৱক হয় ।

(b)উচ্চ আৰু নিম্ন কম্পনাংকত উচ্চ মানৰ আৰু মধ্য কম্পনাংক পৰিসৰত স্থিৰ হয় ।

(c)উচ্চ আৰু নিম্ন কম্পনাংকত নিম্ন মানৰ আৰু মধ্য কম্পনাংকত স্থিৰ হয় ।

(d)ওপৰৰ এটাও নহয় ।

14.8অৰ্দ্ধ তৰংগ সংদিশকত, যদি ইনপুট কম্পনাংক 50 Hzহয়, আউটপুট কম্পনাংক কিমান হব ?

14.9CE-ট্ৰেঞ্জিষ্টৰ পৰিবৰ্ধক এটাৰ ক্ষেত্ৰত, 2kWৰ কালেক্টৰ ৰোধত দিয়া শ্ৰব্য সংকেত বিভব 2V। ধৰা ট্ৰেঞ্জিষ্টৰৰ প্ৰবাহ পৰিবৰ্ধন গুণাংক 100, ইনপুট সংকেট বিভব আৰু বেছ প্ৰবাহ নিৰ্ণয় কৰা যদি বেছৰোধ 1 kWহয় ।

14.10 দুটা পৰিবৰ্ধক শ্ৰেণীবদ্ধভাবে সংযোগ কৰা হৈছে । প্ৰথমটো পৰিবৰ্ধকৰ বিভব পৰিবৰ্ধন 10আৰু দ্বিতীয়টোৰ বিভব পৰিবৰ্ধন 2 0। যদি ইনপুট সংকেত 0.01ভল্ট হয় তেন্তে এ.চি আউটপুট সংকেত নিৰ্ণয় কৰা ।

14.112.8 e Vপটি অন্তৰালৰ অৰ্ধপৰিবাহীৰ পৰা p-nফটডায়ড এটা নিৰ্মাণ কৰা হৈছে । ই 6000 n mৰ তৰংগ দৈৰ্ঘ্য ধৰা পেলাব পাৰিবনে ?

অতিৰিক্ত অনুশীলনী

14.15 চিত্ৰ 14.44 ত দেখুওৱাৰ দৰে তোমাক দুটা বৰ্তনী দিয়া হৈছে । দেখুওৱা (a) বৰ্তনীটোৱে OR গেট ৰূপে আৰু (b) বৰ্তনীয়ে AND গেটৰূপে কাম কৰিছে ।

14.16 চিত্ৰ 14.45 ত দিয়া NAND গেটৰ সংযোগৰ বাবে ট্ৰুথটেবল লিখা ।

এই বৰ্তনীয়ে বহনকৰা আচল লজিক ক্ৰিয়া চিনাক্ত কৰা ।

14.17NAND গেট থকা দুটা বৰ্তনী (চিত্ৰ 14.46 ত দেখুওৱাৰ দৰে) তোমাক দিয়া হৈছে । দুয়োটা বৰ্তনীয়ে বহন কৰা লজিক ক্ৰিয়া চিনাক্ত কৰা ।

14.18NOR গেটেৰে গঠিত, তলৰ চিত্ৰ 14.47 ত দিয়া বৰ্তনীৰ ট্ৰুথটেবল লিখা আৰু এই বৰ্তনীত সম্পাদন হোৱা লজিক ক্ৰিয়া (OR, AND, NOT) চিনাক্ত কৰা ।

[ইংগিত (Hin)ঃ— A = 0, B = 1 তেতিয়া দ্বিতীয় NOR গেটৰ ইনপুট A আৰু B, 0 হ’ব আৰু সেয়ে Y = 1, একেদৰে সংযোগ A আৰু Bৰ আন সংযোগৰ বাবে Y ৰ মান উলুওৱা । OR, AND, NOT গেটৰ ট্ৰুথটেবলৰ লগত তুলনা কৰা । আৰু শুদ্ধটো নিৰ্ণয় কৰা ।]

14.19 কেৱল NOR গেটেৰে গঠন কৰা, চিত্ৰ 14.48 ত দিয়া, বৰ্তনীৰ ট্ৰুথটেবল লিখা আৰু দুয়োটা বৰ্তনীত সম্পাদন হোৱা সজিক ক্ৰিয়া (OR, AND, NOT) চিনাক্ত কৰা ।