Class 12 Physic (Part 2) | Question And Answer | | Chapter 9 | ৰশ্মি পোহৰ বিজ্ঞান আৰু আলোক যন্ত্ৰ | RAY OPTICS AND OPTICAL INSTRUMENTS | HS 2nd Year Physic Question Answer |

Chapter 9

ৰশ্মি পোহৰ বিজ্ঞান আৰু আলোক যন্ত্ৰ

(Ray Optics and Optical Instruments)

9.135cmভাঁজ ব্যাসাৰ্দ্ধৰ অৱতল দাপোন এখনৰ পৰা 27cmদূৰত্বত 2.5cmউচ্চতাৰ মমবাতি এডাল থিয়কৈ ৰখা হৈছে । দাপোনৰ পৰা কি দূৰত্বত পৰ্দ্দা এখন থ’লে মমবাতিডালৰ এটা স্পষ্ট প্ৰতিবিম্ব পোৱা যাব? গঠন হোৱা প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ বৰ্ণনা কৰা । মমবাতিডালৰ দাপোনৰ ওচৰ চপাই আনিলে পৰ্দ্দাখন কোনফালে স্থানান্তৰ কৰিব লাগিব ?

9.215cmফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 12cm দূৰত 4.5cm উচ্চতাৰ বেজী এটা থিয়কৈ ধৰা হৈছে । বেজীটোৰ প্ৰতিবিম্বৰ অৱস্থান আৰু ইয়াৰ পৰিবৰ্দ্ধন নিৰ্ণয় কৰা । বেজীটো দাপোণখনৰ পৰা আঁতৰাই লৈ গ’লে হ’ব বৰ্ণনা কৰা ।

9.3জলাধাৰ এটা 12.5cmউচ্চতালৈ পানীৰে ভৰাই লোৱা হৈছে । জলাধাৰটোৰ তলিত বেজী এটা পৰি আছে । মাইক্ৰ’স্কপ এটাৰে বেজীটো নিৰীক্ষণ কৰাত তাৰ আপাতত গভীৰতা 9.4cm পোৱা গ’ল । পানীৰ প্ৰতিসৰাংক নিৰ্ণয় কৰা । পানীৰ পৰিৱৰ্তে যদি একে উচ্চতালৈ আধাৰটোত 1.63 প্ৰতিসৰাংকৰ স্বচ্ছ তৰল এটা ভৰাই লোৱা তেন্তে বেজীটো স্পষ্টকৈ দেখিবলৈ মাইক্ৰ’স্ক’পটো কিমান দূৰত্ব স্থানান্তৰিত কৰিব লাগিব?

9.4[(9.34(a)]আৰু [(9.34 (b)] চিত্ৰত ক্ৰমে বায়ু আৰু পানী-বায়ু সন্ধিতলত টনা অভিলম্বৰ সৈতে 600কোণ কৰাকৈ পোহৰৰ ৰশ্মি এটা আপতিত হৈছে । ৰশ্মিটো যদি পানী-কাঁচ মাধ্যমত [(9.34 (c)]450কোণত আপতিত হয় তেন্তে কাঁচ মাধ্যমৰ প্ৰতিসৰণ কোণ কিমান হ’ব নিৰ্ণয় কৰা ।

9.5পানীৰে80cmউচ্চতালৈ ভৰাই ৰখা জলাধাৰ এটাৰ তলিত সৰু বৈদ্যুতিক চাকি এটা ৰখা হৈছে । পানীৰ পৃষ্ঠভাগৰ কিমান কালিৰে বৈদ্যুতিক চাকিটোৰ পৰা নিৰ্গত পোহৰ বায়ুলৈ ওলাই আহিব? পানীৰ প্ৰতিসৰাংক 1.33 । (চাকিটোক এটা বিন্দুপ্ৰভ বুলি ধৰিবা)

9.6 প্ৰিজমে এটা অজ্ঞাত প্ৰতিসৰাংকৰ কাঁচেৰে তৈয়াৰ কৰা হৈছে । প্ৰিজমটোৰ এপিঠিত পোহৰৰ সমান্তৰাল ৰশ্মিপুঞ্জ এটা পৰিবলৈ দিয়া হ’ল । পোহৰৰ বিচ্যুতি 450 কোণ পোৱা গ’ল । প্ৰিজমৰ কাঁচৰ প্ৰতিসৰাংক কিমান? প্ৰিজমটোৰ শীৰ্ষ কোণটো 600 । এই প্ৰিজমটো যদি পানীত (প্ৰতিসৰাংক 1.33) ডুবাই ৰখা হয় তেন্তে সমান্তৰাল ৰশ্মিপুঞ্জৰ বিচ্যুতি কোণ কিমান হ’ব ?

9.71.55 প্ৰতিসৰাংকৰ কাঁচেৰে এখন দ্বি-উত্তল লেন্স প্ৰস্তুত কৰিব লাগে । লেন্সখনৰ দুয়ো পৃষ্ঠৰ ভাঁজ ব্যাসাৰ্দ্ধ সমান । যদি লেন্সখনৰ ফ’কাছ দৈৰ্ঘ্য 20cm হ’ব লাগে তেন্তে তাৰ ভাঁজ ব্যাসাৰ্দ্ধ কিমান লাগিব?

9.8 পোহৰৰ ৰশ্মিপুঞ্জ এটা বিশেষ বিন্দু P লৈ অভিসাৰী হয় । এতিয়া P বিন্দুটোৰ পৰা 19cmদূৰত্বত, অভিসাৰী ৰশ্মিবোৰ গতিপথত লেন্স এখন স্থাপন কৰা হ’ল । ব্যৱহাৰ কৰা লেন্সখন যদি(a) 20cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল, আৰু (b)16cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স হয় তেন্তে আপতিত ৰশ্মিবোৰ ক’ত অভিসাৰী হ’ব?

9.93.0cm উচ্চতাৰ লক্ষ্যবস্তু এটা 21cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ সন্মুখত ৰখা হৈছে । লেন্সৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব 14cm । লেন্সখনে গঠন কৰা প্ৰতিবিম্বটো কেনেকুৱা হ’ব? লক্ষ্যবস্তুটো লেন্সখনৰ পৰা অধিক আঁতৰলৈ লৈ গ’লে কি হ’ব?

9.1030cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখন 20cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্স এখনৰ সংস্পৰ্শত ৰখা হৈছে । লেন্স প্ৰণালীটোৰ সমতুল্য ফ’কাছ দৈৰ্ঘ্য কিমান? সমতুল্য লেন্সখন উত্তল নে অৱতল? লেন্স দুখনৰ বেধ উপেক্ষা কৰা ।

9.11 যৌগিক মাইক্ৰ’স্ক’প এটাৰ অভিলক্ষ্যৰ ফ’কাছ দৈৰ্ঘ্য 2.0cm আৰু অভিনেত্ৰৰ ফ’কাছ দৈৰ্ঘ্য 6.25cm; আৰু লেন্স দুখনৰ মাজৰ দূৰত্ব 15cm ।মাইক্ৰ’স্ক’পটোৱে গঠন কৰা অন্তিম প্ৰতিবিম্বটো (a)স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্বত (25cm) আৰু (b) অসীমত গঠন হ’বলৈ হ’লে লক্ষ্যবস্তুটো অভিলক্ষ্যৰ পৰা কিমান দূৰত্ব স্থাপন কৰিব লাগিব? দুয়ো ক্ষেত্ৰতে মাইক্ৰ’স্ক’পটোৰ পৰিবৰ্দ্ধন ক্ষমতা কিমান?

9.12 স্বাভাৱিক নিকট বিন্দুৰ (25cm)দৃষ্টি থকা ব্যক্তি এগৰাকীয়ে মাইক্ৰ’স্ক’প এটাৰ অভিলক্ষ্যৰ পৰা 9.0mm নিলগত থোৱা লক্ষ্যবস্তু এটা স্পষ্টকৈ নিৰীক্ষণ কৰিবলৈ সক্ষম হয় । মাইক্ৰ’স্ক’পটোৰ অভিলক্ষ্য আৰু অভিনেত্ৰৰ ফ’কাছ দৈৰ্ঘ্য ক্ৰমে 8.0mm আৰু 2.5mm । লেন্সদুখনৰ মাজৰ দূৰত্ব কিমান? মাইক্ৰ’স্ক’পটোৰ পৰিবৰ্দ্ধ ক্ষমতা গণনা কৰা ।

9.13 সৰু টেলিস্ক’প এটাৰ অভিলক্ষ্য আৰু অভিনেত্ৰৰ ফ’কাছ দৈৰ্ঘ্য ক্ৰমে 144cm আৰু 6.0cm । টেলিস্ক’পটোৰ পৰিবৰ্দ্ধন ক্ষমতা কিমান? অভিলক্ষ্য আৰু অভিনেত্ৰৰ মাজৰ ব্যৱধান কিমান?

9.14(a) মানমন্দিৰ এটাত থকা এটা বিশাল প্ৰতিসৰণ টেলিস্ক’পৰ অভিলক্ষ্যৰ ফ’কাছ দৈৰ্ঘ্য হ’ল 15m ।

টেলিস্ক’পটোত যদি 1.0Cmফ’কাছ দৈৰ্ঘ্যৰ অভিনেত্ৰ ব্যৱহাৰ কৰা হয় তেন্তে যন্ত্ৰটোৰ কৌণিক পৰিবৰ্দ্ধন কিমান হ’ব ।

(b)এই টেলিস্ক’পটোৰে যদি চন্দ্ৰটো নিৰীক্ষণ কৰা হয় তেন্তে অভিলক্ষ্যই গঠন কৰা চন্দ্ৰৰ 

প্ৰতিবিম্বটোৰ ব্যাস কিমান হ’ব ? চন্দ্ৰৰ ব্যাস হ’ল 

9.15 গোলাকাৰ দাপোণৰ সমীকৰণ ব্যৱহাৰ কৰি দেখুওৱা যেঃ—

(a)অৱতল দাপোণ এখনৰ পৰা f  আৰু 2fদূৰত্বৰ মাজত থোৱা লক্ষ্যবস্তুৰ সৎ প্ৰতিবিম্ব এটা অসীম আৰু 2f দূৰত্বৰ মাজত গঠন হয় ।

(b)উত্তল দাপোণ এখনৰ যিকোনো দূৰত্বত থোৱা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব সদায় অসৎ হয় ।

(c)উত্তল দাপোণ গঠন কৰা প্ৰতিবিম্বটো সদায় দাপোণখনৰ ফ’কাছ আৰু মেৰুৰ মাজত গঠন হয়, আৰু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুতকৈ সৰু হয় ।

(d)অৱতল দাপোণৰ মেৰু আৰু ফকাছৰ মাজত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব অসৎ আৰু পৰিবৰ্দ্ধিত হয় ।

[মন কৰিবাঃ— এই অনুশীলনীৰে তুমি প্ৰতিবিম্বৰ সেই বৈশিষ্ট্যবোৰ গাণিতিকভাৱে সাব্যষ্ট কৰিব পাৰিবা যিবোৰ সাধাৰণতে ৰশ্মি চিত্ৰ আঁকি প্ৰতিস্থা কৰা হয় ।]

9.16মেজৰ পৃষ্ঠত পুতি থোৱা সৰু গঁজাল এটা মাজৰ পৰা 50cmউলম্ব দূৰত্বৰ পৰা স্পষ্টকৈ দেখা যায় । যদি পৃষ্ঠৰ সমান্তৰালভাৱে গঁজালটোৰ ওপৰত 15cmবেধৰ স্বচ্ছ কাঁচৰ আয়তাকাৰ টুকুৰা এটা ধৰা হয় তেন্তে একেটা পৰ্য্যৱেক্ষণ বিন্দুৰ পৰা নিৰীক্ষণ কৰিলে গঁজালটো আপাতভাৱে কিমান ওপৰলৈ উঠি আহিব? কাঁচৰ প্ৰতিসৰাংক 1.5। প্ৰশ্নটোৰ উত্তৰ গঁজালৰ পৰা কাঁচৰ টুকুৰাটোৰ দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰিব নেকি ?

9.17(a) (9.35)চিত্ৰত ‘পোহৰৰ নলীএডালৰ এক প্ৰস্থচ্ছেদ দেখুওৱা হৈছে । নলীডাল 1.68 প্ৰতিসৰাংকৰ কাঁচৰ আঁহেৰে প্ৰস্তুত । আঁহডালৰ বাহিৰ অংশ 1.44প্ৰতিসৰাংকৰ এবিধ পদাৰ্থৰে আবৃত । চিত্ৰত দেখুওৱা দৰে যদি আপতিত ৰশ্মি এটা নলীৰ এমূৰত আপতিত হোৱাৰ পিচত তাৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটিবলগীয়া হয় তেন্তে আপতিত কোণৰ কি নিম্নতম আৰু উচ্চতম সীমাৰ ভিতৰত এনে প্ৰতিফলন ঘটিব পাৰে নিৰ্ণয় কৰা ।

(b)নলীডাল বাহিৰ ফালেপদাৰ্থৰ আৱৰণ নাথাকিলে তোমাৰ উত্তৰ কি হলহেঁতেনে ?

9.18তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়াঃ—


(a) আমি জানো যে সমতল আৰু উত্তল দাপোণত লক্ষ্যবস্তুৰ অসৎ প্ৰতিবিম্ব গঠন হয় । এই দুই ধৰণৰ দাপোণে কেতিয়াবা সৎ প্ৰতিবিম্ব গঠন কৰে নেকি ?ব্যাখ্যা কৰা ।

(b)আমি সাধাৰণতে কঁও যে অসৎ প্ৰতিবিম্ব পৰ্দ্দাত পেলাব নোৱাৰি । সেয়ে হলেও আমি যেতিয়া অসৎ প্ৰতিবিম্ব এটা দেখো তাক আমি আমাৰ চকুৰ ৰেটিনাত (ৰেটিনাও এখন পৰ্দ্দা) ‘পেলাও’। এই দুটা মন্তব্যৰ মাজত বিৰোধ আছে নেকি ?

(c) পানীৰ তলত থাকি ডুবাৰু এজনে পাৰত থিয় হৈ থকা মাছমৰীয়া এজনলৈ কোণীয়াকৈ চাই পঠিয়ালে । ডুবাৰুৰ বাবে মাছমৰীয়াৰ শৰীৰৰ উচ্চতা তেওঁৰ প্ৰকৃত উচ্চতাতকৈ কম নে বেছি যেন লাগিব ?

(d) পানীপূৰ্ণ পাত্ৰ এটাৰ তলিখন উলম্ব দিশে নাচাই তীৰ্য্যক দিশত পৰ্যৱেক্ষণ কৰিলে তাৰ আপাত গভীৰতা উলম্ব দিশে কৰা পৰ্য্যৱেক্ষণৰ তুলনাত ভিন্ন যেন দেখা যাব নেকি ? যদি তেনে হয়, এই আপাত গভীৰতা উলম্ব দিশৰ তুলনাত বেছি যেন লাগিব নে কম যেন লাগিব ?

(e) সাধাৰণ কাঁচৰ তুলনাত হীৰাৰ প্ৰতিসৰাংক বহু বেছি । হীৰা কটা কাৰিকৰে হীৰাৰ এই বৈশিষ্ট্যটো তেওঁৰ কামৰ কৰবাত ব্যৱহাৰ কৰে নেকি ?

9.19 কোঠা এটাৰ এখন বেৰত এটা সৰু বৈদ্যুতিক চাকি জ্বলি আছে । এখন বৃহৎ আকাৰৰ উত্তল লেন্স ব্যৱবাৰ কৰি চাকিটোৰ প্ৰতিবিম্ব 3cmআঁতৰত থকা বিপৰীত বেৰখনত স্পষ্টকৈ পেলাব লাগে । উত্তল লেন্সখনৰ ফ’কাছ দৈৰ্ঘ্য সৰ্বোচ্চ কিমান হ’ব পাৰে ?

9.20 লক্ষ্যবস্তু এটাৰ পৰা 90cm আঁতৰত পৰ্দ্দা এখন স্থাপন কৰা হ’ল । উত্তল লেন্স এখনৰ দুটা অৱস্থানৰ সহায়ত পৰ্দ্দাত লক্ষ্যবস্তুটোৰ স্পষ্ট প্ৰতিবিম্ব পৰ্দ্দাট পোৱা গ’ল । লেন্সৰ এই দুই অৱস্থানৰ মাজৰ ব্যৱধান 20cm । লেন্সখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা ।

9.21 (a)(9.10) অনুশীলনীত উল্লেখ কৰা লেন্স দুখনৰ মাজৰ ব্যৱধান যদি 8.0cm হয় তেন্তে লেন্স প্ৰণালীটোৰ ‘কাৰ্য্যকৰী ফ’কাছ দৈৰ্ঘ্য’ নিৰ্ণয় কৰা । লেন্স দুখনৰ মুখ্য অক্ষ পৰস্পৰৰ সৈতে একে সৰলৰেখাত থাকে বুলি ধৰিবা । লেন্সযুগলৰ কোনটো প্ৰান্তত সমান্তৰাল ৰশ্মিপুঞ্জ এটা আপতিত হয় তাৰ ওপৰত তুমি পোৱা উত্তৰটো নিৰ্ভৰ কৰিব নেকি ? কাৰ্য্যকৰী ফ’কাছ দৈৰ্ঘ্যৰ ধাৰণাটো বাস্তৱ ক্ষেত্ৰত কিবা গুৰুত্ব আছে নেকি ?

(b) ওপৰৰ (a)প্ৰশ্নটোত উল্লেখ কৰা লেন্স প্ৰণালীটোৰ উত্তল লেন্স থকা ফালটোৰ সন্মুখত 1.5cm উচ্চতাৰ লক্ষ্যবস্তু এটা ৰখা হ’ল । লক্ষ্যবস্তু আৰু উত্তল লেন্সখনৰ মাজৰ ব্যৱধান 40cm । লেন্স-প্ৰণালীটোৱে সৃষ্টি কৰা পৰিবৰ্দ্ধন আৰু লগতে প্ৰতিবিম্বৰ আকাৰ নিৰ্ণয় কৰা ।

9.22 প্ৰিজম এটাৰ এখন পৃষ্ঠত পোহৰৰ ৰশ্মি এটা আপতিত হৈছে । প্ৰিজমটোৰ শীৰ্ষ কোণ 600আৰু তাৰ পদাৰ্থৰ প্ৰতিসৰাংক 1.524 । ৰশ্মিটো পৃষ্ঠখনত কি কোণত আপতিত হ’লে বিপৰীত পৃষ্ঠখনত ইয়াৰ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন ঘটিব ?

9.23ভিন ভিন শীৰ্ষ কোণৰ ক্ৰাউন কাঁচ আৰু ফ্লিণ্ট কাঁচেৰে তৈয়াৰী এক বৃহৎ সংখ্যক প্ৰিজম তোমাক যোগান ধৰা হৈছে । প্ৰিজমৰ কেনে ধৰণৰ প্ৰণালী এটা ল’লে প্ৰণালীটোত আপতিত বগা পোহৰৰ ৰশ্মিপুঞ্জ এটাৰ

(a) বিচ্যুতি ঘটিব অথচ তাৰ বিশেষ বিচ্ছুৰণ নঘটে,

(b) বিচ্ছুৰণ ঘটিব অথচ বিশেষ বিচ্যুতি নঘটে ?

9.24 স্বাভাৱিক চকু এটাৰ বাবে দূৰৱৰ্তী বিন্দুটো অসীমত আৰু স্পষ্ট দৃষ্টিৰ বাবে নূন্যতম দূৰত্বটো চকুৰ পৰা 25cmত অৱস্থিত । চকুৰ কৰ্ণিয়া অংশই প্ৰায় 40 ডায়প্টৰ অভিসাৰী ক্ষমতা চকুক প্ৰদান কৰে ।আনহাতে কৰ্ণিয়াৰ পিচফালে থকা চকু-লেন্সে নিম্নতম প্ৰায় 20 ডায়প্টৰৰ অভিসাৰী ক্ষমতা যোগান ধৰাত সক্ষম । দিয়া তথ্যখিনিৰ সহায়ত স্বাভাৱিক চকু এটাৰ উপযোজনৰ (অৰ্থাৎ চকু-লেন্সৰ অভিসাৰী ক্ষমতাৰ) উৰ্দ্ধতম আৰু নিম্নতম সীমা নিৰ্দ্ধাৰণ কৰা ।

9.25 চকুত হোৱা হ্ৰস্বদৃষ্টি দোষ(মায়পিয়া)আৰু দীৰ্ঘদৃষ্টি দোষ(হাইপাৰমেট্ৰ’পিয়া)মানে চকুৱে আংশিকভাৱে উপযোজনৰ ক্ষমতা হেৰুৱাইছে বুলি ক’ব পাৰি নেকি ? যদি নেৱাৰি তেন্তে এই দুই বিকাৰৰ সম্ভাব্য কাৰণ কি ?

9.26 দূৰৈৰ বস্তু মণিবলৈ মায়পিয়াত ভোগা ব্যক্তি এগৰাকীয়ে 10 ডায়প্টৰ ক্ষমতাৰ বিতচকু ব্যৱহাৰে কৰি আহিছে । বৃদ্ধ বয়সত এগৰাকী ব্যক্তিয়ে পঢ়াশুনা কৰিবলৈ +2.0 ডায়প্টৰৰ বিতচকু ব্যৱহাৰ কৰিবলগীয়া হ’ল । ব্যক্তিগৰাকীৰ ক্ষেত্ৰত কি হৈছে বুজাই লিখা ।

9.27 মানুহ এজনে পিন্ধি থকা চোলাটোত থকা নক্সাটো কিছুমান সমান্তৰাল উলম্ব আৰু আনুভূমিক ৰেখাৰে কৰা । এগৰাকী ব্যক্তিয়ে চোলাটোলৈ লক্ষ্য কৰোতে তেওঁ আনুভূনিক ৰেখাবোৰতকৈ উলম্ব ৰেখাবোৰ অধিক স্পষ্টভাৱে দেখিলে । ব্যক্তিগৰাকীৰ এই দোষটো কিহৰ বাবে হৈছে ? দৃষ্টিৰ এই দোষটো কেনেকৈ সংশোধন কৰিব পাৰি ?

9.28 স্বাভাৱিক দৃষ্টিৰ(নিকট বিন্দু 25cm দূৰত্ব)ব্যক্তি এগৰাকীয়ে সৰু-সৰু আখৰেৰে ছপা কৰা পুথি এখন পঢ়িবলৈ বিবৰ্ধক কাঁচ(magnifying glass)এখন ব্যৱহাৰ কৰিবলগীয়া হ’ল । বিবৰ্ধক কাঁচখন হ’ল প্ৰকৃততে 5cm ফ’কাছ দৈৰ্ঘ্যৰ এখন উল্লেখ লেন্স ।

(a)আখৰবোৰ অসুবিধা নোহোৱাকৈ পঢ়িবলৈ তেওঁ লেন্সখন পুথিৰ কিমান নিম্নতম আৰু সৰ্বোচ্চ দূৰত্বত ধৰিব পাৰে?

(b)ওপৰোক্ত সৰল মাইক্ৰ’স্ক’পটোৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চ কৌণিক পৰিবৰ্দ্ধন ক্ষমতা কিমান হ’ব পাৰে ?

9.29 ডাঠ কাগজ এটুকুৰাত 1mm2 কালিৰ কিছুমান বৰ্গ অঁকা হৈছে আৰু এই নক্সাটো বিবৰ্ধক কাঁচ(9cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স এখন)এখনেৰে পৰ্য্যৱেক্ষণ কৰা হৈছে । কাঁচখন চকুৰ নিচেই ওচৰত আৰু কাগজখনৰ পৰা 9cm দূৰত্ব ৰখা হৈছে ।

(a)লেন্সখনে সৃষ্টি কৰা পৰিবৰ্দ্ধন কিমান ? অসৎ প্ৰতিবিম্বত বৰ্গবোৰৰ প্ৰত্যেকৰে কালি কিমান হ’ব ?

(b)লেন্সখনৰ কৌণিক পৰিবৰ্দ্ধন(পৰিবৰ্দ্ধন ক্ষমতা)কিমান ?

(c)(a)প্ৰশ্নটোত লেন্সৰ পৰিবৰ্দ্ধন (b)প্ৰশ্নৰ পৰিবৰ্দ্ধন ক্ষমতাৰ সমান নেকি ? ব্যাখ্যা কৰা ।

9.30 (a)(9.29) অনুশীলনীত বৰ্গবোৰ আটাইতকৈ স্পষ্টকৈ আৰু সিহঁতক সৰ্বোচ্চ সম্ভৱপৰ পৰিবৰ্দ্ধনেৰে দেখিবলৈ হ’লে কাগজ টুকুৰাৰ পৰা লেন্সখন কিমান আঁতৰত থ’ব লাগিব ?

(b)এই ক্ষেত্ৰত পৰিবৰ্দ্ধন কিমান ?

(c)এই ক্ষেত্ৰত পৰিবৰ্দ্ধন আৰু পৰিবৰ্দ্ধন ক্ষমতা সমান নেকি ? ব্যাখ্যা কৰা ।

9.31 (9.30)অনুশীলনীত যদি একোটা বৰ্গৰ প্ৰতিবিম্বৰ 6.25mm2 ক্ষেত্ৰফল পাবলৈ কাগজ আৰু লেন্সৰ মাজৰ ব্যৱধান কিমান হ’ব লাগিব ? বিৱৰ্ধক কাঁচখন চকুৰ নিচেই ওচৰত ল’লে বৰ্গবোৰ স্পষ্টভাৱে দেখা যাব নেকি ?

মন কৰিবাঃ— (9.29)আৰু(9.31)অনুশীলনী দুটাৰ দ্বাৰা তুমি পৰম আকাৰৰ পৰিবৰ্দ্ধন আৰু যন্ত্ৰ এটাৰ কৌণিক পৰিবৰ্দ্ধনৰ(বা পৰিবৰ্দ্ধন ক্ষমতা)মাজৰ পাৰ্থক্যটো বুজাত তোমাৰ সুবিধা হ’ব ।

9.32. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ—

(a)লক্ষ্যবস্তুই এটাই চকুত স্থাপন কৰা কোণটো আৰু বিবৰ্ধক কাঁচে গঠন কৰা অসৎ প্ৰতিবিম্বই চকুত স্থাপন কৰা কোণটো পৰস্পৰ সমান । তেন্তে বিবৰ্ধক কাঁচে কি অৰ্থত কৌণিক পৰিবৰ্দ্ধনৰ সৃষ্টি কৰে ?

(b)বিবৰ্ধক কাঁচেৰে সূক্ষ্ম আকাৰৰ বস্তু নিৰীক্ষণ কৰোঁতে আমি সাধাৰণতে লেন্সখন চকুৰ নিচেই ওচৰত ধৰো । লেন্সৰ পৰা চকুটো দূৰলৈ আনিলে কৰিলে কৌণিক পৰিবৰ্দ্ধন সলনি হয় নেকি ?

(c)সৰল মাইক্ৰ’স্ক’প এটাৰ পৰিবৰ্দ্ধন ক্ষমতা লেন্সখনৰ ফ’কাছ দৈৰ্ঘ্যৰ ব্যস্তানুপাতিক । তেন্তে অধিকতকৈ অধিকতৰ পৰিবৰ্দ্ধন ক্ষমতা পাবলৈ আমি অধিকতকৈ অধিকতৰ চুটি ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্স ব্যৱহাৰ নকৰো কিয় ?

(d)যৌগিক মাইক্ৰ’স্কপ এটাৰ অভিলক্ষ্য আৰু অভিনেত্ৰ উভয়ৰে ফ’কাছ দৈৰ্ঘ্য কিয় সৰু হ’ব লাগে ?

(e)লক্ষ্যবস্তু এটা ভালদৰে দেখা পাবলৈ মাইক্ৰ’স্ক’প এটাৰ অভিনেত্ৰৰ পৰা কিছু আঁতৰলৈ চকুটো আনি বস্তুটো নিৰীক্ষণ কৰো, অভিনেত্ৰত একেবাৰে লগাই লৈ নহয় । কিয় ? অভিনেত্ৰ আৰু চকুৰ মাজৰ সেই নূন্যতম ব্যৱধানটো কিমান হ’ব লাগে ?

9.33 যৌগিক মাইক্ৰ’স্কপ এটাৰ সহায়ত 30x পৰিমাণৰ কৌণিক পৰিবৰ্দ্ধন ক্ষমতা পাব লাগে । যদি অভিলক্ষ্যৰ ফ’কাছ দৈৰ্ঘ্য 1.25cm হয় আৰু অভিনেত্ৰৰ ফ’কাছ দৈৰ্ঘ্য 5cm হয় তেন্তে তুমি মাইক্ৰ’স্ক’পটো কিদৰে সাজিবা ?

9.34 সৰু টেলিস্ক’প এটাৰ অভিলক্ষ্য আৰু অভিনেত্ৰৰ ফ’কাছ দৈৰ্ঘ্য ক্ৰমে 140cm আৰু 5.0cm ।

(a)টেলিস্ক’পটো স্বাভাৱিক দৰ্শনৰ (normal adjustment)বাবে (স্বাভাৱিক দৰ্শনৰ অৰ্থ হ’ল প্ৰতিবিম্ব অসীমত) আৰু

(b)প্ৰতিবিম্বটো স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্বত(25cm)পাবলৈ হ’লে টেলিস্ক’পটোৰ পৰিবৰ্দ্ধন ক্ষমতা কিমান হ’ব লাগিব ?

9.35 (a)[(9.34(a)] অনুশীলনীত বৰ্ণোৱা টেলিস্ক’পটোৰ বাবে অভিলক্ষ্য আৰু অভিনেত্ৰৰ মাজৰ ব্যৱধান কিমান হ’ব লাগিব ?

(b)যদি এই টেলিস্ক’পটোৰে 3km দূৰত অৱস্থিত 100cm উচ্চতাৰ স্তম্ভ এটা নিৰীক্ষণ কৰা হয় তেন্তে টেলিস্ক’পৰ অভিলক্ষ্য লেন্সে গঠন কৰা স্তম্ভটোৰ প্ৰতিবিম্বৰ উচ্চতা কিমান হ’ব ?

(c)যদি স্তম্ভৰ অন্তিম প্ৰতিবিম্বটো চকুৰ পৰা 25cm দূৰত্বত গঠন হয় তেন্তে প্ৰতিবিম্বটোৰ উচ্চতা কিমান হ’ব ?

9.36 (9.33)চিত্ৰত দেখুওৱাৰ দৰে কাছেগ্ৰেইন টেলিস্ক’প এটাত দুখন দাপোণ ব্যৱহাৰ কৰা হৈছে । দাপোণ দুখনৰ মাজৰ ব্যৱধান 20mm । যদি ডাঙৰ দাপোণখন আৰু সৰু দাপোণখনৰ ভাঁজ ব্যাসাৰ্দ্ধ ক্ৰমে 220mm আৰু 140mm হয় তেন্তে অসীমত থকা লক্ষ্যবস্তু এটাৰ অন্তিম প্ৰতিবিম্বটো ক’ত গঠন হ’ব ?

9.37 (9.36)চিত্ৰত দেখুওৱাৰ দৰে গেলভেন’মিটাৰ এটাৰ সৈতে সংলগ্ন সমতল দাপোণ এখনত পোহৰ লম্বভাৱে আপতিত হয় আৰু ৰশ্মিটোৱে পুনৰ অহা বাটে প্ৰতিফলিত হৈ উভতি যায় । গেল’ভেল মিটাৰটোৰে প্ৰৱাহিত বিদ্যুতৰ বাবে গেলভেন’ মিটাৰৰ কুণ্ডলীটোৰ বিক্ষেপণ ঘটে । ইয়াৰ ফলত দাপোণত হোৱা বিক্ষেপণটো হ’ল 3.50 । দাপোণৰ পৰা 1.5m আঁতৰত থোৱা পৰ্দ্দা এখনত যদি প্ৰতিফলিত ৰশ্মিটো পৰে তেন্তে দাপোণৰ বিক্ষেপণৰ বাবে পৰ্দ্দাৰে ৰশ্মিটোৰ বিচ্যুতি কিমান হ’ব ?


9.38 সমতল দাপোণ এখনৰ ওপৰ পৃষ্ঠত এবিধ স্বচ্ছ তৰল ৰখা হৈছে; আৰু তৰলৰ ওপৰত 1.50 প্ৰতিসৰাংকৰ দ্বি-উত্তল লেন্স এখন স্থাপন কৰা হৈছে । চিত্ৰ (9.37) । বেজী এটাৰ জোঙা অক্ষটো লেন্সৰ মুখ্য অক্ষক চুই থকাকৈ ধৰা হৈছে । জোঙা অংশটোক উলম্ব দিশে অনা নিয়া কৰি এনে এটা স্থান পোৱা গ’ল য’ত বেজীৰ জোঙটোৰ এটা সৎ আৰু ওলোটা প্ৰতিবিম্ব জোঙাটোৰ সৈতে একে স্থানতে মিলিত হয় । সেই অৱস্থাত লেন্সৰ পৰা বেজীৰ উচ্চতা 45.0Cm পোৱা গ’ল । এইবাৰ তৰলখিনি আঁতৰাই পৰীক্ষাটো পুনৰ কৰা হ’ল । এইবাৰ পোৱা উচ্চতাটো হ’ল 30.Cm । তৰলবিধৰ প্ৰতিসৰাংক কিমান ?