Class 11 Logic & Philosophy Book Chapter 1 | অধ্যায় ১ | পদ | MCQs Short Question And Answer |

Chapter 1

পদ

1. এটা বচনত কেইটা পদ থাকে ?

(ক) এটা

(খ) দুটা

(গ) তিনিটা

উত্তৰঃ (খ) দুটা

2. পদৰ বাচ্যাৰ্থই গুণক বুজাই নে ?

(ক) বুজাই

(খ) নুবুজাই

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) নুবুজাই

3. অৰ্থযুক্ত বিশিষ্ট পদৰ উদাহৰণ হ’ল ,

(ক) মূখ্য মন্ত্ৰী

(খ) প্ৰধান মন্ত্ৰী

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) প্ৰধান মন্ত্ৰী

4. নিম্নলিখিত কোনটো উক্তি শুদ্ধ ?

(ক) সকলো পদেই শব্দ

(খ) সকলো শব্দই পদ

(গ) কিছুমান শব্দ পদ নহয় ।

উত্তৰঃ (গ) কিছুমান শব্দ পদ নহয় ।

5. বচনৰ সংযোজকটো পদ হয়নে ?

(ক) হয়

(খ) নহয়

(গ) হয়ো আৰু নহয়ো

উত্তৰঃ (খ) নহয়

6.মানুহ পদটোৰ বাচ্যাৰ্থ কি ?

(ক) মানুহ

(খ) সকলো মানুহ

(গ) জীৱ-জন্তু

উত্তৰঃ (খ) সকলো মানুহ

7. মানুহ পদটোৰ লক্ষণাৰ্থ কি ? 

(ক) জীৱবৃত্তি

(খ) প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) প্ৰাণীবৃত্তি আৰু বুদ্ধিবৃত্তি

8. সামান্য পদৰ এটা উদাহৰণ হ’ল,

(ক) জন্তু

(খ) মানুহ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) মানুহ

9. অৰ্থহীন বিশিষ্ট পদৰ এটা উদাহৰণ হ’ল,

(ক) নগাঁও

(খ) গুৱাহাটী

(গ) দুলিয়াজান

উত্তৰঃ (খ) গুৱাহাটী

10. সাপেক্ষ পদৰ এটা উদাৰণ হ’ল,

(ক) দেউতাক-জীয়েক

(খ) মাক-জীয়েক

(গ) ককায়েক-ভনিয়েক

উত্তৰঃ (খ) মাক-জীয়েক

11. এটা ন্যায়ত কেইটা পদ থাকে ?

(ক) দুটা

(খ) সাতটা

(গ) তিনিটা

উত্তৰঃ (গ) তিনিটা

12. সাৰ্বিক বচনত কোন পদ ব্যাপ্ত ?

(ক) ক্ৰিয়া পদ

(খ) উদ্দেশ্য পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) উদ্দেশ্য পদ

13. বিশেষণীয় পদ কোনটো ?

(ক) মৰণশীল

(খ) চুটি

(গ) দীঘল

উত্তৰঃ (গ) দীঘল

14. বস্তুবাচক সামান্য পদ কোনটো ?

(ক) জন্তু

(খ) মানুহ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) মানুহ

15. গুণবাচক সামান্য় পদ কোনটো ?

(ক) ধাৰ্মিক

(খ) বৰ্ণ, গুণ

(গ) মানুহ

উত্তৰঃ (খ) বৰ্ণ, গুণ

16. গুণবাচক বিশিষ্ট পদ কোনটো ?

(ক) শুভ্ৰতা

(খ) নম্ৰতা

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) শুভ্ৰতা