Class 11 Logic & Philosophy Book Chapter 4 | অধ্যায় 4 | পদৰ ব্যাপ্ততা | MCQs Short Question And Answer |

Chapter 4

পদৰ ব্যাপ্ততা

1. সামান্য বচনত কি পদ ব্য়াপ্ত ?

(ক) বিধেয় পদ

(খ) উদ্দেশ্য পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) উদ্দেশ্য পদ

2. কোন প্ৰকাৰ বচনত উদ্দেশ্য আৰু বিধেয়ক উভয়ে ব্যাপ্ত ?

(ক) ‘A’

(খ) ‘I’

(গ) ‘E’

উত্তৰঃ (গ) ‘E’

3. ‘O’ বচনত কি পদ ব্যাপ্ত ?

(ক) উদ্দেশ্য

(খ) বিধেয়

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) বিধেয়

4. ‘A’ বচনত কি পদ ব্যাপ্ত ?

(ক) উদ্দেশ্য

(খ) বিধেয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উদ্দেশ্য

5. এটা বিশেষ সদৰ্থক বচনত কোন পদ ব্যাপ্ত ?

(ক) বিধেয়

(খ) উদ্দেশ্য

(গ) কোনো পদেই ব্যাপ্ত নহয়

উত্তৰঃ (গ) কোনো পদেই ব্যাপ্ত নহয়

6. বচন এটা সদৰ্থক হ’লে কি পদ অব্যাপ্ত হয় ?

(ক) উদ্দেশ্য

(খ) বিধেয়

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) বিধেয়

7. নঞৰ্থক বচনত দুয়োটা পদেই ব্যাপ্ত হয় । উক্তিটো সঁচা নে —

(ক) সত্য

(খ) অসত্য

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (খ) অসত্য

8. উদ্দেশ্য পদ কি বচনত ব্যাপ্ত হয় ?

(ক) বিশেষ বচনত

(খ) সাৰ্বিক বচনত

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (খ) সাৰ্বিক বচনত

9. সামান্য নঞৰ্থক বচনত কি কি পদ ব্যাপ্ত ?

(ক) উদ্দেশ্য

(খ) বিধেয়

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

10. বিশিষ্ট বচনৰ ক্ষেত্ৰত কোন  পদ ব্যাপ্ত ?

(ক) বিধেয়

(খ) উদ্দেশ্য

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (গ) ওপৰৰ দুয়োটা

11. পদৰ ব্যাপ্তৰ বিষয়বস্তু কি ?

(ক) ব্যাচাৰ্থ

(খ) বচন

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) ব্যাচাৰ্থ

12. কিছুমান মানুহ নহয় পৰিশ্ৰমী । কি বচন হব —

(ক) ‘A’

(খ) ‘I’

(গ) ‘O’

উত্তৰঃ (গ) ‘O’

13. সকলো মানুহ হয় মৰণশীল – A , ইয়াত কি পদ ব্যাপ্ত হব–

(ক) উদ্দেশ্য পদ

(খ) বিধেয় পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উদ্দেশ্য পদ

14. কিছুমান মানুহ নহয় সুখী – ‘O’, এই বাক্য শাৰীত কি পদ ব্যাপ্ত ?

(ক) বিধেয় পদ

(খ) উদ্দেশ্য পদ

(গ) ওপৰৰ দুয়োটা

উত্তৰঃ (ক) বিধেয় পদ

15. শান্তি হয় এনে যি সকলোৰে কাম্য – A, এই বাক্য শাৰীত কি পদ ব্যাপ্ত ?

(ক) উদ্দেশ্য পদ

(খ) বিধেয় পদ

(গ) ওপৰৰ এটাও নহয়

উত্তৰঃ (ক) উদ্দেশ্য পদ