Class 11 logic & Philosophy Book Unit 8 Chapter- 1 Short Answer | HS 1st Year logic & Philosophy Book বাস্তৱবাদ Unit 8 Chapter- 1 Short Question Answer| চমু প্ৰশ্ন উত্তৰ ||

Chapter 1

বাস্তৱবাদ

১। কিহৰ পৰা জ্ঞানৰ উৎপত্তি হয় ?

উত্তৰঃ জ্ঞাতা আৰু জ্ঞেয়ৰ সম্পৰ্ক ফলশ্ৰুতিত জ্ঞানৰ উৎপত্তি হয়।

২। জ্ঞান আৰু জ্ঞেয় কাক কয় ?

উত্তৰঃ যিজনে জ্ঞান আহৰণ কৰে তেওঁ হ’ল জ্ঞাতা। আকৌ জ্ঞাতাই যি বস্তুক জানে সেয়া হ’ল জ্ঞেয়।

৩। বাস্তৱবাদ কাক বোলে ?

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ প্ৰকৃতি সম্বন্ধীয় যি মতবাদ অনুসৰি জ্ঞানৰ বিষয়বস্তুৰ স্বতন্ত্ৰ মন নিৰপেক্ষ অস্তিত্ব আছে বুলি সাব্য়স্ত কৰা হয় তাকে বাস্তৱবাদ বোলে।

৪। জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কিহৰ দ্বাৰা নিৰূপিত হয় ?

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ দ্বাৰা নিৰবপিত হয়।

৫। বাস্তৱবাদৰ সমৰ্থক দাৰ্শনিক কেইগৰাকীৰ নাম লিখা।

উত্তৰঃ বাস্তৱবাদৰ সমৰ্থক দাৰ্শনিক কেইগাৰাকী হ’ল– জন লক, হোল্ট, পেৰী, আলেকজেণ্ডাৰ, জি ই মুৰ, ৰাছেল আদি।

৬। এওঁলোকৰ মতে কোনে কাৰ ওপৰত নিৰ্ভৰ কৰে ?

উত্তৰঃ এওঁলোকৰ মতে, জ্ঞানৰ ওপৰত জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰ কৰে।

৭। জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব কিহৰ ওপৰত নিৰ্ভৰ নকৰে ?

উত্তৰঃ জ্ঞানৰ বিষয়বস্তুৰ অস্তিত্ব মনৰ ওপৰত নিৰ্ভৰ নকৰে।

৮। কাৰ মতে মনৰ বাহিৰত এখন স্বতন্ত্ৰ জগত আছে ?

উত্তৰঃ বাস্তৱবাদীসকলৰ মতে মনৰ বাহিৰত এখন স্বতন্ত্ৰ জগত আছে।

৯। সকলো বছৰে কেইটা দিশ থাকে আৰু কি কি ?

উত্তৰঃ সকলো বছৰে দুটা দিশ থাকে। সেয়া হ’ল ক্ৰমে দ্ৰব্য়ত্ব আৰু গুণ।

১০। বাস্তৱবাদৰ দুটা প্ৰকাৰৰ নাম লিখা।

উত্তৰঃ বাস্তৱবাদৰ দুটা প্ৰকাৰ হ’ল-

(i) সৰল বাস্তৱবাদ (Naive Realism)

(ii) বিজ্ঞানসন্মত বাস্তৱবাদ (Scientific Realism)