Class 12 Economics Book Chapter 2 | অধ্যায় ২ | উপভোক্তাৰ আচৰণৰ তত্ত্ব | MCQs Short Question And Answer |

Chapter 2

উপভোক্তাৰ আচৰণৰ তত্ত্ব

১) সামগ্ৰীৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতাক কি বোলে ?

(ক) উপযোগিতা।

(খ) উপভোগ।

(গ) এটাও নহয়।

উত্তৰঃ (ক) উপযোগিতা।

২) বাজেট ৰেখাডালৰ আকৃতি হ’ল –  

ক) সোঁ- ফালৰ পৰা বাওঁ-ফাললৈ ঢাল খোৱা।

খ) বাওঁ ফালৰ পৰা সোঁ ফাললৈ ঢাল খোৱা।

গ) এটাও নহয়।

উত্তৰঃ খ) বাওঁ ফালৰ পৰা সোঁ ফাললৈ ঢাল খোৱা।

৩) এজন উপভোক্তাৰ আয় বৃদ্ধি হোৱাৰ ফলত বাজেট ৰেখা কোনফালে গতি কৰিব ?

ক) বাজেট ৰেখাডাল সমান্তৰালভাৱে বাহিৰ ফাললৈ স্থানান্তৰিত হ’ব।

খ) বাজেট ৰেখাডাল সমান্তৰালভাৱে ভিতৰলৈ স্থানান্তৰিত হ’ব।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) বাজেট ৰেখাডাল সমান্তৰালভাৱে বাহিৰ ফাললৈ স্থানান্তৰিত হ’ব।

৪)  এজন উপভোক্তাৰ আয় হ্ৰাস হোৱাৰ ফলত বাজেট ৰেখা কোনফালে গতি কৰিব ?

ক) বাজেট ৰেখাডাল সমান্তৰালভাৱে ভিতৰলৈ স্থানান্তৰিত হ’ব।

খ) বাজেট ৰেখাডাল সমান্তৰালভাৱে বাহিৰ ফাললৈ স্থানান্তৰিত হ’ব।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) বাজেট ৰেখাডাল সমান্তৰালভাৱে ভিতৰলৈ স্থানান্তৰিত হ’ব।

৫) নিৰপেক্ষ ৰেখাডালৰ আকৃতি সাধাৰণতে –

(ক) উত্তল। (convex)

(খ) অবতল। (concave)

(গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) উত্তল। (convex)

৬) অৰ্থনীতিত সাধাৰণতে ধৰি হোৱা হয় যে উপভোক্তাগৰাকী এগৰাকী______ব্য়ক্তি।

ক) যুক্তিসংগত।

খ) অযুক্তিসংগত।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ ক) যুক্তিসংগত।

৭) উপভোক্তাৰ  অগ্ৰাধিকাৰৰ শীৰ্ষ বিন্দুটো ____স্থাপন কৰিব পাৰি।

ক) বাজেট ৰেখাৰ তলত।

খ) বাজেট ৰেখাৰ ওপৰত।

গ) বাজেট ৰেখাত।

উত্তৰঃ খ) বাজেট ৰেখাৰ ওপৰত।

৮) ধৰি লোৱা হ’ওক x আৰু y দুটা চলক আৰু y -ৰ মূল্য় নিৰ্ভৰ কৰে x ৰ মূল্য়ৰ ওপৰত। এতেকে y চলকটো হৈছে –

ক) স্বতন্ত্ৰ।

খ) নিৰ্ভৰশীল।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) নিৰ্ভৰশীল।

৯) পৰিপূৰক দ্ৰব্য়ৰ এটা উদাহৰণ হৈছে –

ক) চিয়াহী আৰু কলম।

খ) পেট্ৰল আৰু গাড়ী।

গ) ওপৰৰ দুয়োটা।

উত্তৰঃ গ) ওপৰৰ দুয়োটা।

১০) এটা দ্ৰব্য়ৰ চাহিদা তাৰ _______ দ্ৰব্য়ৰ দামৰ বিপৰীত দিশত সাধাৰণতে গতি কৰে।

ক) বিকল্প ।

খ) পৰিপূৰক।

গ) ওপৰৰ এটাও নহয়।

উত্তৰঃ খ) পৰিপূৰক।